পৰিয়াল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাৰি প্ৰজন্ম: নৱজাতক, মাক, আইতাক আৰু আজো আইতাক (বাঁওফালৰ পৰা সোঁফাললৈ)
মাতৃ-পিতৃ আৰু সন্তান জেনেভাৰ পেলেস অফ নেচনছ ৰ বাগানত পৰিয়াল (Family)ৰ ভাস্কৰ্য।

পৰিয়াল হৈছে সমাজৰ এটা সৰু গোট। পিতৃ, মাতৃ আৰু তেওঁলোকৰ সন্তান-সন্ততিসকলক কেন্দ্ৰ কৰি পৰিয়াল গঠন হ'ব পাৰে, দ্বিতীয়তে একলগে বসবাস কৰা আত্মীয়-স্বজন সমবায়ে ই প্ৰসাৰিত পৰিয়ালো হ'ব পাৰে। তৃতীয় ধৰণৰ পৰিয়াল হল এক বৃহৎ সংসাৰ, য'ত অন্যান্য আত্মীয় আৰু ল'ৰাকণ্যাসকলৰ লগতে তেওঁলোকৰ অনাত্মীয়ও একেলগে থাকে। পৰিয়াল প্ৰায় সন্তানসহ বা সন্তানবিহীন এক বা একাধিক দম্পতীৰ সৰু সংসাৰলৈ গঠিত। পৰিয়ালৰ আৰ্থিক ভিত্তি আছে। এই ভিত্তিকে কেন্দ্ৰ কৰি আত্মীয়, সামাজিক সম্পৰ্ক আৰু প্ৰতিষ্ঠান গঢ়ি উঠে আৰু ঐক্যবদ্ধ কাৰ্মৰ মাধ্যমেৰে ৰূপায়িত হয়। পৰিয়ালৰ বিকাশে সন্ধানযোগ্য বংশগত সম্পৰ্ক সাধাৰণ জ্ঞাতি সম্পৰ্কতকৈ অগ্ৰাধিকাৰ পায়। এই শৃঙ্খলাৰ মাজেৰে সদস্যলকলে সমাজৰ আৰ্থিক আৰু সামাজিক উপ-প্ৰথাবোৰ গঢ়ি তোলে।

বিশ্বৰ পৰিয়ালো তেজৰ সম্পৰ্ককেই কেন্দ্ৰ কৰি গঢ়ি উঠেছে। বিশ্বৰ যিকোন পৰিয়ালৰ অধিকাংশই স্বামী-স্ত্ৰী আৰু তেওঁকলৰ অবিবাহিত ল'ৰা-ছোৱালীক লৈয়ে গঠিত। স্বামী আৰু স্ত্ৰী, অথবা বিবাহিত জীৱনত এই দুই অংশীদাৰৰ যিকোনো এজন সংসাৰৰ নিত্যনৈমিত্তিক কাম-কাজৰ চালক। পৰিয়াল প্ৰধানৰ দিশৰ পৰা বংশানুক্ৰমিক সদস্যসকলৰ মাজত ককা, আইতা, দেউতা, মা, স্ত্ৰী, ল'ৰা, ছোৱালী, ল'ৰাৰ স্ত্ৰী, নাতি, নাতি বোৱাৰী আৰু নাতিনী আদি অন্তৰ্ভুক্ত। অনুৰূপভাবে, জ্ঞাতি সদস্যসকলৰ মাজত আছে দদাই আৰু খুৰী, দদাইৰ ল'ৰা আৰু ছোৱালী, ভাই আৰু ভাইৰ স্ত্ৰী, ভাইৰ ল'ৰা-কণ্যা আৰু এই ধাৰাবাহিকতাৰ অন্যান্যসকল। বংশীয় আৰু জ্ঞাতিগত উভয় শ্ৰেণীতে পৰিয়াল প্ৰধানৰ সকলো সন্ধানযোগ্য পূৰ্ব-পুৰুষ আৰু উত্তৰপুৰুষ বিগত দিনৰ অব্যাহত সদস্যতা আৰু ঘনিষ্ঠতাৰ পাৰস্পৰিক অনুভৱৰ ভিত্তিত পৰিয়ালৰ সদস্য হোৱাৰ স্বীকৃতি লাভ কৰিব পাৰে।

পিতৃতান্ত্ৰিক সমাজত নববিবাহিত দম্পতীক স্বামীৰ ঘৰ আৰু সংসাৰত বসবাসৰ প্ৰথাৰ লগত সংযুক্ত কৰে। এই উপ-প্ৰথাসমূহ অনেক খণ্ডৰূপে প্ৰতিফলিত, যেনে ঘৰ, চুবুৰী (ওচৰা ওচৰিকৈ থকা কেইবা ঘৰো লগ লাগি গঠিত প্ৰতিবেশ) আৰু সমাজ (ক্ষুদ্ৰ মানৱগোষ্ঠী যত সাধাৰণভাবে সামাজিক, আৰ্থিক আৰু ধৰ্মীয় সুবিধাদি লভ্য)। স্বামী-স্ত্ৰী দুজনৰ যিকোনো এজনে আত্মীয়সকলৰ দায়-দায়িত্ব বহন কৰে।

বিশ্ব পৰিয়ালৰ লোকসকলৰ চিনা যায় একে খাদ্য বা পাকঘৰৰ অংশীদাৰ হিচাবে। এক বিবাহিত পুৰুষ আৰু নাৰী হৈছে সমাজক এক একক। তেওঁলোকৰ সংহতি, অভিন্ন স্বাৰ্থ আৰু কৰ্তব্য তেওঁলোকৰ যিকোনো এজনৰ অন্যবিধ সম্পৰ্কজাত দায় আৰু স্বাৰ্থতকৈ অধিক পূৰ্বাধিকাৰ পায়। তেওঁলোকৰ বংশধৰসকলৰ পাৰস্পৰিক স্বাৰ্থ যুক্ত আৰু বিবাদৰত। পৰিয়ালৰ সদস্যলকল এজনে আনজনৰ ওপৰ নিৰ্ভৰশীল আৰু সম্পদ, শ্ৰম আৰু আবেগ-অনুভূতিত অংশগ্ৰহণৰ মাধ্যমদি জীৱনৰ সামাজিক, আৰ্থিক আৰু ৰাজনৈতিক দিশবোৰ পৰিচালনা কৰে।

নিৰ্দিষ্ট বংশধাৰাত সাধাৰণতে এগৰাকী নাৰী অন্য বংশৰ কোনো এজন পুৰুষৰ লগে বিবাহসূত্ৰে আবদ্ধ হয়। বিয়াৰ পিছত তেওঁ নিজেৰ দউতাকৰ ঘৰ ত্যাগ কৰি স্বামীৰ পৰিয়ালৰ সৈতে সংযুক্ত হয় আৰু সন্তান লাভ কৰে। শিশুটি পিতৃ-মাতৃ উভয়ৰ বংশানুগতিৰ অংশী হয়। উভয় দিশৰ পৰা পৰিজাত বলে পিতৃ-মাতৃৰ এই সন্তান মামাৰ ঘৰলৈ গৈ ঘনিষ্ঠ সম্পৰ্ক বজায় ৰাখে। পিতৃসম্পত্তিত অধিকাৰ আৰু প্ৰধানকৈ প্ৰথম সন্তানৰ জন্ম, ঘৰলৈ ধান অনা, ভাই-ভগ্নীৰ বিয়া আৰু প্ৰধান প্ৰধান নৈমিত্তিক উৎসৱ-অনুষ্ঠান উপলক্ষে পিতৃৰ গৃহলৈ আগমন আদিত বিবাহিত কন্যাৰ বংশ-পৰিচিতি অভিব্যক্ত হয়।

প্ৰকাৰভেদ[সম্পাদনা কৰক]

পৰিয়াল প্ৰধানকৈ ৬ প্ৰকাৰ। যেনে:

  1. স্বামী-স্ত্ৰীৰ সংখ্যাৰ ভিত্তিত পৰিয়াল।
  2. কৰ্তৃত্বৰ ভিত্তিত পৰিয়াল।
  3. আকাৰৰ ভিত্তিত পৰিয়াল।
  4. বংশ মৰ্যাদা আৰু সম্পত্তিৰ উত্তৰাধিকাৰৰ ভিত্তিত পৰিয়াল।
  5. বিবাহোত্তৰ স্বামী -স্ত্ৰীৰ বসবাসৰ ভিত্তিত পৰিয়াল।
  6. পাত্ৰ-পাত্ৰী নিৰ্বাচনৰ ভিত্তিত পৰিয়াল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

আৰু পঢ়ক[সম্পাদনা কৰক]

বহিঃসংযোগ[সম্পাদনা কৰক]