ড'পলাৰ প্ৰভাৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
উৎসৰ গতিৰ ববে সলনি হোৱা তৰংগ দৈৰ্ঘ্য
ড'পলাৰ প্ৰভাৱ বাবে কেনেকৈ আহি থকা গাড়ীৰ ইঞ্জিন বা চাইৰেনৰ শব্দ গৈ থকাতকৈ বেছি শুনা যায় সেয়া এই এনিমেচনৰ জৰিয়তে দেখুওৱা হৈছে। ৰঙা বৃত্তবোৰে শব্দৰ তৰংগ বুজাইছে।

ড'পলাৰ প্ৰভাৱ (Doppler effect বা Doppler shift) বুলিলে এক তৰংগৰ উৎসৰ সাপেক্ষে গতি কৰি থকা এগৰাকী পৰ্যবেক্ষকৰ বাবে তৰংগকম্পনাংক সলনি হোৱা পৰিঘটনাক বুজায়।[1] অষ্ট্ৰিয়ান পদাৰ্থবিদ ক্ৰিষ্টিয়ান ড'পলাৰ-এ ১৮৪২ চনত পোনপ্ৰথমবাৰৰ বাবে এই পৰিঘটনাৰ কথা প্ৰকাশ কৰিছিল।

এগৰাকী পৰ্যক্ষেকৰ দিশে আহি থকা আৰু আঁতৰি যোৱা গাড়ী এখনৰ শব্দৰ তীব্ৰতাৰ পৰিৱৰ্তন ড'পলাৰ প্ৰভাৱৰ এক সাধাৰণ উদাহৰণ। অহাৰ সময়ত নিৰ্গত কম্পনাংকতকৈ শুনা যোৱা কম্পনাংক বেছি, ঠিক পাৰ হৈ যোৱা সময়ত একেই আৰু পাৰ হৈ যোৱাৰ পাছত কম।[2]

যেতিয়া তৰংগৰ উৎসটো পৰ্যবেক্ষকৰ দিশে আহি থাকে, প্ৰতিটো ক্ৰমিক তৰংগৰ চূড়া আগৰ তৰংগটোৰ চূড়াতকৈ পৰ্যবেক্ষকজনৰ ওচৰৰ পৰা নিৰ্গত হয়। থোৰতে ড'পলাৰ প্ৰভাৱৰ কাৰণ এয়েই।[2][3] গতিকে প্ৰতিটো তৰংগ আগৰ তৰংগটোতকৈ পৰ্যবেক্ষকজনৰ ওচৰ পাওঁতে কম সময় লাগে। তেতিয়া পৰ্যবেক্ষকজনৰ কাষ চপা ধাৰাবাহিক তৰংগ চূড়াৰ সময় কমি আহি থাকে আৰু কম্পনাংক বাঢ়ি যায়। গতি কৰোঁতে ধাৰাবাহিক তৰংগৰ শিখৰৰ ব্যৱধান কমি কমি সেইবোৰ একগোট হৈ পৰে। ইয়াৰ বিপৰীতে তৰংগৰ উৎসটো পৰ্যবেক্ষকজনৰ পৰা আঁতৰলৈ গৈ থাকিলে প্ৰতিটো তৰংগ আগৰ তৰংগটোতকৈ আঁতৰৰ পৰা নিৰ্গত হয়। গতিকে ধাৰাবাহিক তৰংগ মাজৰ সময় ব্যৱধান বাঢ়ি যায়। ধাৰাবাহিক তৰংগৰ চূড়াৰ মাজৰ দূৰত্ব বাঢ়ি যোৱা বাবে সেইবোৰ ইটোৱে সিটোৰ পৰা আঁতৰি পৰে।

কোনো মাধ্যমত গতি কৰা তৰংগ যেনে শব্দ তৰংগৰ বাবে পৰ্যবেক্ষক আৰু উৎসৰ গতি তৰংগ সঞ্চাৰণ হোৱা মাধ্যমৰ বাবে আপেক্ষিক।[1] গতিকে উৎসৰ গতি, পৰ্যবেক্ষকৰ গতি আৰু মাধ্যমৰ গতিৰ বাবে পূৰ্ণ ড'পলাৰ প্ৰভাৱ দেখা যাব পাৰে। মাধ্যম নলগা তৰংগ যেনে পোহৰ আৰু সাধাৰণ আপেক্ষিকতাবাদমধ্যাকৰ্ষণৰ বাবে কেৱল পৰ্যবেক্ষক আৰু উৎসৰ গতিৰ আপেক্ষিক পাৰ্থক্য বিবেচনা কৰিব লাগে।

ড'পলাৰ প্ৰভাৱ ব্যৱহাৰ কৰি কোনো বস্তুৰ গতি নিৰূপণ কৰা কিছুমান ৰাডাৰ সজা হয়। চিকিৎসা বিজ্ঞান ক্ষেত্ৰত ইক'কাৰ্ডিঅ'গ্ৰাফী, ড'পলাৰ ভেল'চিমিটাৰ, প্ৰসূতিৰ আল্ট্ৰাছ'ন'গ্ৰাফী আদি কামত এই প্ৰভাৱ খটোৱা হয়। তৰা আৰু নক্ষত্ৰমণ্ডলৰ পোহৰৰ কম্পনাংকৰ তাৰতম্য চাই জ্যোতিৰ্বিজ্ঞানত এইবোৰৰ গতি নিৰ্ণয় কৰা হয়।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Giordano, Nicholas (2009). College Physics: Reasoning and Relationships. Cengage Learning. পৃষ্ঠা. 421–424. ISBN 978-0534424718. https://books.google.com/books?id=BwistUlpZ7cC&pg=PA424. 
  2. 2.0 2.1 Possel, Markus (2017). "Waves, motion and frequency: the Doppler effect". Max Planck Institute for Gravitational Physics, Potsdam, GermanyEinstein Online, Vol. 5. http://www.einstein-online.info/spotlights/doppler। আহৰণ কৰা হৈছে: September 4, 2017. 
  3. Henderson, Tom (2017). "The Doppler Effect – Lesson 3, Waves". The Physics ClassroomPhysics tutorial. http://www.physicsclassroom.com/class/waves/Lesson-3/The-Doppler-Effect। আহৰণ কৰা হৈছে: September 4, 2017. 
  4. Britannica Reference encyclopaedia. প্ৰকাশক Singapore: Encyclopaedia Britannica Inc.. 2013. পৃষ্ঠা. 206.