ধোলাভীড়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ধোলাভীড়া
কটাড়া টিম্বা
DHOLAVIRA SITE (24).jpg
খননস্থলীৰ একাংশ
অৱস্থিতি খাদিৰবেট, কচ্ছ জিলা, গুজৰাট  ভাৰত
প্ৰকাৰ আবাসিক ক্ষেত্ৰ
বিস্তৃতি ৪৭ হেক্টৰ (১২০ একৰ)
ইতিহাস
সময়সীমা খ্ৰীষ্টপূৰ্ব ৩৫০০-১৮০০
সভ্যতা সিন্ধু সভ্যতা
অতিৰিক্ত তথ্য
বৰ্তমানৰ অৱস্থা ধ্বংসপ্ৰাপ্ত
সৰ্বসাধাৰণৰ প্ৰৱেশাধিকাৰ উপলব্ধ

ধোলাভীড়া (গুজৰাটী: ધોળાવીરા) গুজৰাটৰ কচ্ছ জিলাত অৱস্থিত এক পুৰাতাত্বিক ক্ষেত্ৰ। ক্ষেত্ৰখনৰ নামটো ১ কি:মি: দূৰত্বত অৱস্থিত একে নামৰ গাঁওখনৰ পৰা লোৱা হৈছে। স্থানীয়ভাৱে কটাড়া টিম্বা নামেৰে জনাজাত ধোলাভীড়াত সিন্ধু সভ্যতাৰ নগৰৰ ভগ্নাৱশেষ আছে।[1] এই অঞ্চলটো সিন্ধু সভ্যতাৰ পাঁচখন বৃহত্তম ক্ষেত্ৰৰ অন্যতম আৰু ভাৰতত অৱস্থিত আটাইতকৈ গুৰুত্বপূৰ্ণ পুৰাতাত্বিক ক্ষেত্ৰসমূহৰ ভিতৰত এখন।[2][3] বৰ্তমান ধ্বংসপ্ৰাপ্ত এই নগৰখনক সেই সময়ৰ এখন সৰ্বশ্ৰেষ্ঠ নগৰ হিচাপে গণ্য কৰা হয়।[4] ধোলাভীড়া কচ্ছৰ ৰাণ অঞ্চলৰ কচ্ছ মৰুভূমি বণ্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত খাদিৰ বেট দ্বীপত অৱস্থিত। এই ঐতিহাসিক চতুৰ্ভূজাকাৰ নগৰখন উত্তৰে মানচৰ আৰু দক্ষিণে মানহাৰ নামৰ দুটা সুঁতিৰ মাজত প্ৰায় ৪৭ হেক্টৰ (১২০ একৰ) অঞ্চল জুৰি বিস্তৃত হৈ আছে।[5] পূৰ্বতে অনুমান কৰা মতে এই ঠাইখণ্ডত খ্ৰী:পূ: ২৬৫০-ৰ পৰা খ্ৰী:পূ:১৪৫০-লৈকে মানৱ অধিকৃত নগৰ আছিল[6] যদিও শেহতীয়া গৱেষণা অনুযায়ী এই সময়সীমা খ্ৰী:পূ: ৩৫০০-ৰ পৰা (প্ৰাক হৰপ্পা) খ্ৰী:পূ:১৮০০ (শেষ হৰপ্পাৰ প্ৰথমভাগ) হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।[7]

১৯৬৭-৬৮ চনত ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণৰ জে পি যোশীয়ে এই ঠাইখণ্ড আৱিষ্কাৰ কৰে। আকাৰৰ ভিত্তিত ই সিন্ধু সভ্যতা বা হৰপ্পা সভ্যতাৰ ৮খন প্ৰধান ক্ষেত্ৰৰ মাজত পঞ্চম। ১৯৯০ চনৰ পৰাই ধোলাভীড়াত ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণৰ দ্বাৰা খননকাৰ্য চলাই থকা হৈছে। ধোলাভীড়াই সিন্ধু সভ্যতাৰ বৈশিষ্ট্যত এক নতুন দিশ প্ৰদান কৰিছে বুলি সংস্থাটোৱে মত প্ৰকাশ কৰে[8] হৰপ্পা সভ্যতাৰ এতিয়ালৈকে আৱিষ্কৃত প্ৰধান ক্ষেত্ৰসমূহৰ ভিতৰত হৰপ্পা, মহেঞ্জোদাৰো, গনেৰিৱালা, ৰাখীগাঢ়ী, কালিবংগন, ৰূপনগৰ আৰু লোথালেই প্ৰধান।

সময়ৰেখা[সম্পাদনা কৰক]

ধোলাভীড়াৰ নক্সা
স্তৰ ৰ্খ্ৰীষ্টপূৰ্ব যুগ
প্ৰথম স্তৰ ২৬৫০-২৫৫০ প্ৰাক হৰপ্পা – পূৰ্ণ হৰপ্পা পৰিৱৰ্তনৰ যুগ ক
দ্বিতীয় স্তৰ ২৫৫০-২৫০০ প্ৰাক হৰপ্পা – পূৰ্ণ হৰপ্পা পৰিৱৰ্তনৰ যুগ খ
তৃতীয় স্তৰ ২৫০০-২২০০ পূৰ্ণ হৰপ্পা ক
চতুৰ্থ স্তৰ ২২০০-২০০০ পূৰ্ণ হৰপ্পা খ
পঞ্চম স্তৰ ২০০০-১৯০০ পূৰ্ণ হৰপ্পা গ
১৯০০-১৮৫০ পৰিত্যাগৰ যুগ
ষষ্ঠ স্তৰ ১৮৫০-১৭৫০ পৰৱৰ্তীকালীন নগৰীয়া হৰপ্পা ক
১৭৫০-১৬৫০ পৰিত্যাগৰ যুগ
সপ্তম স্তৰ ১৬৫০-১৪৫০ পৰৱৰ্তীকালীন নগৰীয়া হৰপ্পা খ

শেহতীয়াকৈ গৱেষণাৰ পৰা পোৱা তথ্য অনুযায়ী প্ৰথম দুটা স্তৰক প্ৰাক-হৰপ্পান ধোলাভীড়াৰ সংস্কৃতি বুলি কোৱা হৈছে আৰু সময়ৰেখাডালক নতুনকৈ সজোৱা হৈছে।[9]

স্তৰ ৰ্খ্ৰীষ্টপূৰ্ব
প্ৰথম স্তৰ ৩৫০০-৩২০০
দ্বিতীয় স্তৰ ৩২০০-২৬০০

খননকাৰ্য[সম্পাদনা কৰক]

১৯৮৯ চনত ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণে ধোলাভীড়াৰ খননকাৰ্য আৰম্ভ কৰে আৰু ১৯৯০ চনৰ পৰা ২০০৫ চনলৈকে ১৩টা ক্ষেত্ৰ খনন চলোৱা হয়।[2] এই খননসমূহে প্ৰাচীন ভাৰতৰ নগৰ পৰিকল্পনা আৰু স্থাপত্যশৈলীক উন্মোচন কৰাৰ লগতে সোণ-ৰূপ, জন্তুৰ হাড় আৰু পোৰামাটিৰ অলংকাৰ, মাটি আৰু ব্ৰঞ্জৰ পাত্ৰ আদি সামগ্ৰী উদ্ধাৰ কৰে। পুৰাতত্ত্ববিদসকলৰ মতে এই অঞ্চলটো এক গুৰুত্বপূৰ্ণ বাণিজ্য কেন্দ্ৰ আছিল।[10][11]

সভ্যতা আৰু সংস্কৃতি[সম্পাদনা কৰক]

স্থাপত্য আৰু অন্য কাৰুকাৰ্য[সম্পাদনা কৰক]

আনুমানিক বন্দৰ-নগৰী লোথালতকৈ পুৰণি[12] ধোলাভীড়া চতুৰ্ভূজ আকৃতিৰ আৰু ই ২২ একৰ (৫৪ একৰ) জুৰি বিস্তৃত। এই অঞ্চলটো দীঘলে ৭৭.১ মিটাৰ (২,৫৩০ ফুট) আৰু বহলে ৬১৬.৮৫ মিটাৰ (২,০২৩.৮ ফুট)।[8] হৰপ্পা আৰু মহেঞ্জোদাৰোৰ স্থাপত্যশৈলীৰ বিপৰীতে ধোলাভীড়া এক পূৰ্ব-প্ৰতিষ্ঠিত জ্যমিত্যিক নক্সাৰ ওপৰত নিৰ্মিত। এই তিনিখলপীয়া নক্সাখন দুৰ্গ, মধ্যৱৰ্তী নগৰাঞ্চল আৰু নামনি নগৰাঞ্চলত ভাগ কৰা হৈছে।[13] দুৰ্গ আৰু মধ্যৱৰ্তী নগৰাঞ্চলৰ নিজস্ব সুৰক্ষা ব্যৱস্থা, তোৰণ, ঘৰ-দুৱাৰ, বাটপথ, নাদ আৰু মুকলি ঠাই আছিল। দুৰ্গৰ এলেকাটোৱেই আছিল নগৰখনৰ আটাইতকৈ সুৰক্ষিত আৰু জটিল ঠাই[8] আৰু ই নগৰৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত আছিল। সুউচ্চ দুৰ্গটো দুতৰপীয়া প্ৰাচীৰেৰে ঘেৰা আছিল।[14] ইয়াৰ পিছতে উচ্চপদস্থ বিষয়াসকলৰ আবাস আছিল আৰু এই অঞ্চলক কোৱা হৈছিল 'বেইলী'।[15] সাধাৰণ সুৰক্ষা বেষ্টনীৰে আৱৰা অঞ্চলৰ মাটিকালি আছিল ৪৮ হেক্টৰ (১২০ একৰ)। ইয়াৰ উপৰিও বেষ্টনীৰ বাহিৰত অতিৰিক্ত কিছুমান স্থাপত্য থকা অঞ্চল আছিল যিবোৰ মূল নগৰৰ অবিচ্ছেদ্য অংগ আছিল। দেৱালৰ বাহিৰতো অন্য এক আবাসিক স্থল পোৱা গৈছে।[8] সিন্ধু সভ্যতাৰ অন্য নগৰসমূহৰ ইটাৰ গাঁঠনিৰ বিপৰীতে এই নগৰখনৰ প্ৰধান বৈশিষ্ট্য হৈছে শিলেৰে নিৰ্মিত ইয়াৰ অট্টালিকাসমূহ।[16]

জলাশয়[সম্পাদনা কৰক]

ধোলাভীড়াৰ খটখটীযুক্ত জলাশয়

ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণৰ মতে ধোলাভীড়াৰ হৰপ্পানসকলে বিকশিত কৰা জল সংৰক্ষণ, আহৰণ আৰু মজুতকৰণ পদ্ধতিয়ে খ্ৰীষ্টপূৰ্ব তৃতীয় সহস্ৰাব্দতে ব্যৱহৃত তেওঁলোকৰ উচ্চমানৰ জল সম্পৰ্কীয় আভিযান্ত্ৰিক প্ৰযুক্তিৰ কথাকে সূচায়।[2] প্ৰাচীন বিশ্বৰ ভিতৰতে সম্পূৰ্ণকৈ শিলেৰে বন্ধা প্ৰথম জল মজুতকৰণৰ কৃত্ৰিম ব্যৱস্থা নগৰখনৰ অন্যতম বৈশিষ্ট্য।[17][18][19] নগৰখনৰ বৃহৎ চৌবাচ্চাসমূহৰ ভিতৰৰে প্ৰথমাৱস্থাত তিনিটা আৱিষ্কাৰ কৰা হয়।[20] এইকেইটা বৰষুণৰ[18] অথবা কাষৰীয়া সুঁতি দুটাৰ পৰা বোৱাই অনা পানী সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।[21] কচ্ছৰ মৰুময় জলবায়ুৰ বাবে কেইবাবছৰো ধৰি বৰষুণ নোহোৱাৰ সম্ভাৱনাৰ কাৰণেই এই ব্যৱস্থা কৰা হৈছিল। মানচৰ আৰু মানহাৰ নামৰ সুঁতি দুটাতো মাজে-সময়ে বান্ধ দি পানী অনা হৈছিল। ১৯৯৮ চনত চতুৰ্থটো চৌবাচ্চা আৱিষ্কাৰ কৰা হৈছে।[22] তৃতীয় স্তৰ অৰ্থাৎ ২৫০০-২২০০ খ্ৰীষ্টপূৰ্বৰ ভিতৰত ধোলাভীড়াৰ আবাসীসকলে অতি কমেও ১৬টা চৌবাচ্চা নিৰ্মাণ কৰিছিল।[6][8][23] এইসমূহ শিলত পথালিকৈ কাটি উলিওৱা হৈছিল আৰু এইবোৰ প্ৰায় ৭ মিটাৰ (২৩ ফুট) গভীৰ আৰু ৭৯ মিটাৰ (২৫৯ ফুট) দীঘল আছিল। এই চৌবাচ্চাসমূহ মাটিৰ পৃষ্ঠৰ পৰা ওখ ঠাইত স্থাপন কৰা হৈছিল। এই ঠাইত পানী চৌবাচ্চালৈ বোৱাই আনিবলৈ ব্যৱহাৰ কৰা শিলৰ নলৰ সৈতে সংযোগী এটা বৃহৎ নাদো পোৱা গৈছে।[18] স্নানাগাৰসমূহত তললৈ নামি যোৱা খটখটী আছিল।[18] ২০১৪ চনৰ অক্টোবৰ মাহত ৭৩.৮ মিটাৰ দৈৰ্ঘ্য আৰু ১০ মিটাৰ গভীৰতাৰ এটা নাদৰ খনন কাৰ্য আৰম্ভ হয় আৰু এই নাদটো মহেঞ্জোদাৰোৰ বৃহৎ স্নানাগাৰটোতকৈ প্ৰায় তিনিগুণ ডাঙৰ।[24]

ছীল-মোহৰ[সম্পাদনা কৰক]

ধোলাভীড়াত উদ্ধাৰ হোৱা তৃতীয় স্তৰটোত নিৰ্মিত ছীল-মোহৰসমূহৰ কিছুমানত কেৱল জন্তুৰ প্ৰতিচ্ছবি পোৱা যায়। ইয়াত কোনোধৰণৰ চিহ্ন বা লিপি অংকিত নাই।

অন্যান্য স্থাপত্য আৰু সামগ্ৰী[সম্পাদনা কৰক]

পূবৰ প্ৰৱেশদ্বাৰ
উত্তৰৰ প্ৰৱেশদ্বাৰ

ধোলাভীড়াত আৱিষ্কৃত এক ঘূৰণীয়া চকাৰ আকৃতিৰ স্থাপত্য এটাক সমাধি বা স্মাৰক বুলি ধাৰণা কৰা হৈছে। অৱশ্যে ইয়াত মানৱ কংকাল বা অন্য দেহাৱশেষ পোৱা হোৱা নাই। [18] পূবৰ প্ৰৱেশদ্বাৰত উত্থিত পুৰুষাংগ আৰু মূৰ তথা আঁঠুৰ তলছোৱা নথকা এক প্ৰতিমূৰ্তিৰ লগতে মাটিৰ পাত্ৰৰ টুকুৰা, টেৰাকোটাৰ ছীল-মোহৰ, খাৰু, আঙুঠি, মণি আৰু নক্সা খোদিত অন্যান্য সামগ্ৰী পোৱা গৈছে।[18] ঠাইখণ্ডত আৱিষ্কৃত অৰ্ধগোলাকাৰ স্থাপত্য এটাৰ সৈতে বৌদ্ধস্তুপৰ সাদৃশ্য দেখা যায়।[8]

ভাষা আৰু লিপি[সম্পাদনা কৰক]

হৰপ্পানসকলৰ কথিত ভাষা অজ্ঞাত আৰু এতিয়ালৈকে (২০২০) তেওঁলোকৰ লিপিৰ পাঠোদ্ধাৰ হোৱা নাই। সম্ভৱতঃ তেওঁলোকৰ প্ৰায় চাৰিশমান প্ৰধান চিহ্নৰ লগতে এইসমূহৰ ভিন্নতাও আছিল।[25] এই চিহ্নসমূহ আখৰ বা উচ্চাৰণ দুয়োটাৰে হোৱাৰ সম্ভাৱনা দেখা যায়।[25] বাক্যসমূহ সোঁফালৰ পৰা বাওঁফাললৈ লিখা হৈছিল।[26] লেখাসমূহ ঘাইকৈ ছীল-মোহৰসমূহত পোৱা গৈছে। কিছু লেখনি তামৰ ফলি, ব্ৰঞ্জৰ পাত, পোৰামাটিৰ সামগ্ৰী, শিল, পাত্ৰ আদিতো পোৱা গৈছে। ছীলসমূহ বেহা-বেপাৰ তথা প্ৰশাসনিক কাম-কাজত ব্যৱহাৰ হৈছিল।[27]

উত্তৰৰ প্ৰৱেশদ্বাৰত পোৱা নামফলকত থকা সিন্ধু লিপিৰ দহটা আখৰ।

হৰপ্পানসকলে জিপছাম (খনিজ) ব্যৱহাৰ কৰি নামফলক লিখিছিল। ধোলাভীড়াৰ উত্তৰৰ প্ৰৱেশপথত উদ্ধাৰ হোৱা কাঠৰ নামফলকে এই কথাকে সূচায়।[28] এসময়ত এই ফলক নষ্ট হয় যদিও আখৰৰ সজ্জাসমূহ থাকি যায়।[29] উক্ত স্থানত উদ্ধাৰ হোৱা বালিশিলাত খোদিত লিপিক হৰপ্পা সভ্যতাৰ বালিশিলাত খোদিত লিপিৰ প্ৰথমটো উদাহৰণ হিচাপে গণ্য কৰা হয়।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Ruins on the Tropic of Cancer". http://www.thehindu.com/society/ruins-on-the-tropic-of-cancer/article19284214.ece. 
  2. 2.0 2.1 2.2 2.3 Subramanian, T. "The rise and fall of a Harappan city". https://archaeologynewsnetwork.blogspot.in/2010/06/rise-and-fall-of-harappan-city.html। আহৰণ কৰা হৈছে: 3 June 2016. 
  3. "Where does history begin?". https://www.cntraveller.in/story/india-via-gujarat/. 
  4. Kenoyer & Heuston, Jonathan Mark & Kimberley (2005). The Ancient South Asian World. প্ৰকাশক New York: Oxford University Press. পৃষ্ঠা. 55. ISBN 9780195222432. https://books.google.com/books?id=7CjvF88iEE8C&printsec=frontcover&dq=kenoyer&hl=en&sa=X&ei=n2X1T8fdHsKIrAfuxZTIBg&ved=0CDkQ6AEwAQ#v=onepage&q=dholavira&f=false. 
  5. Centre, UNESCO World Heritage. "Dholavira: A Harappan City - UNESCO World Heritage Centre" (en ভাষাত). https://whc.unesco.org/en/tentativelists/5892/। আহৰণ কৰা হৈছে: 3 June 2016. 
  6. 6.0 6.1 Possehl, Gregory L. (en ভাষাত). The Indus Civilization: A Contemporary Perspective. Rowman Altamira. পৃষ্ঠা. 17. ISBN 9780759101722. https://books.google.com/books?id=pmAuAsi4ePIC&lpg=PA69&dq=dholavira&pg=PA69&redir_esc=y#v=onepage&q=dholavira। আহৰণ কৰা হৈছে: 3 June 2016. 
  7. Sengupta, Torsa, et al. (2019)."Did the Harappan settlement of Dholavira (India) collapse during the onset of Meghalayan stage drought?" in Journal of Quaternary Science, First published: 26 December 2019.
  8. 8.0 8.1 8.2 8.3 8.4 8.5 "Excavations-Dholavira". Archaeological Survey of India. http://asi.nic.in/asi_exca_2007_dholavira.asp। আহৰণ কৰা হৈছে: 30 June 2012. 
  9. Sengupta, Torsa, et al. (2019)."Did the Harappan settlement of Dholavira (India) collapse during the onset of Meghalayan stage drought?"(Supplementary materials), in Journal of Quaternary Science, First published: 26 December 2019.
  10. [http://www.archaeology.org/0011/newsbriefs/aqua.html Aqua Dholavira - GUJARAT Magazine Archive]. Archaeology.org. Retrieved on 2013-07-28.
  11. McIntosh, Jane (en ভাষাত). The Ancient Indus Valley: New Perspectives. ABC-CLIO. পৃষ্ঠা. 177. ISBN 9781576079072. https://books.google.com/books?id=1AJO2A-CbccC&printsec=frontcover&dq=The+Ancient+Indus+Valley#v=onepage&q=The%20Ancient%20Indus%20Valley। আহৰণ কৰা হৈছে: 3 June 2016. 
  12. Suman, Saket. "When history meets development". http://www.thestatesman.com/news/section-ii/when-history-meets-development/116415.html। আহৰণ কৰা হৈছে: 3 June 2016. 
  13. McIntosh, Jane (en ভাষাত). The Ancient Indus Valley: New Perspectives (2008 সম্পাদনা). ABC-CLIO. পৃষ্ঠা. 174. ISBN 9781576079072. https://books.google.com/books?id=1AJO2A-CbccC&lpg=PP1&dq=The%20Ancient%20Indus%20Valley&pg=PA174#v=onepage&q=The%20Ancient%20Indus%20Valley&f=false। আহৰণ কৰা হৈছে: 3 June 2016. 
  14. McIntosh, Jane (en ভাষাত). The Ancient Indus Valley: New Perspectives. ABC-CLIO. পৃষ্ঠা. 224. ISBN 9781576079072. https://books.google.com/books?id=1AJO2A-CbccC&lpg=PP1&dq=The%20Ancient%20Indus%20Valley&pg=PA224#v=onepage&q=The%20Ancient%20Indus%20Valley&f=false। আহৰণ কৰা হৈছে: 3 June 2016. 
  15. McIntosh, Jane (en ভাষাত). The Ancient Indus Valley: New Perspectives. প্ৰকাশক 2008: ABC-CLIO. পৃষ্ঠা. 226. ISBN 9781576079072. https://books.google.com/books?id=1AJO2A-CbccC&lpg=PP1&dq=The%20Ancient%20Indus%20Valley&pg=PA226#v=onepage&q=The%20Ancient%20Indus%20Valley&f=false। আহৰণ কৰা হৈছে: 3 June 2016. 
  16. Wheeler, Mortimer (en ভাষাত). The Indus Civilization: Supplementary Volume to the Cambridge History of India (1968 সম্পাদনা). CUP Archive. পৃষ্ঠা. 33. ISBN 9780521069588. https://books.google.com/books?id=9cs7AAAAIAAJ&lpg=PP1&dq=Wheeler%2C%20Sir%20Mortimer.%20The%20Indus%20Civilisation&pg=PA33#v=snippet&q=built%20of%20brick&f=false। আহৰণ কৰা হৈছে: 3 June 2016. 
  17. Singh, Upinder (2008). A History of Ancient and Early Medieval India: From the Stone Age to the 12th Century. প্ৰকাশক New Delhi: Pearson Education India. পৃষ্ঠা. 155 bottom. ISBN 978-813-17-1120-0. https://books.google.com/books?id=H3lUIIYxWkEC&source=gbs_navlinks_s. 
  18. 18.0 18.1 18.2 18.3 18.4 18.5 "Dholavira excavations throw light on Harappan civilisation". United News of India (Indian Express). 25 June 1997. Archived from the original on 18 September 2012. https://web.archive.org/web/20120918001611/http://www.expressindia.com/news/ie/daily/19970625/17650493.html। আহৰণ কৰা হৈছে: 15 June 2012. 
  19. Centre, UNESCO World Heritage. "Dholavira: A Harappan City - UNESCO World Heritage Centre" (en ভাষাত). https://whc.unesco.org/en/tentativelists/5892/. 
  20. McIntosh, Jane (2008). The Ancient Indus Valley : New Perspectives. প্ৰকাশক Santa Barbara, California: ABC-CLIO. পৃষ্ঠা. 84. ISBN 978-157-60-7907-2. https://books.google.com/books?id=1AJO2A-CbccC. 
  21. Singh, Upinder (2008). A History of Ancient and Early Medieval India: From the Stone Age to the 12th Century. প্ৰকাশক New Delhi: Pearson Education India. পৃষ্ঠা. 155. ISBN 978-813-17-1120-0. https://books.google.com/books?id=H3lUIIYxWkEC&source=gbs_navlinks_s. 
  22. "'Oldest dam' found". Rediff.com. 25 April 1998. http://www.rediff.com/news/1998/apr/25dam.htm। আহৰণ কৰা হৈছে: 8 November 2018. 
  23. Possehl, Gregory. (2004). The Indus Civilization: A contemporary perspective, New Delhi: Vistaar Publications, আই.এচ.বি.এন. 81-7829-291-2, p.69.
  24. "5,000-year-old Harappan stepwell found in Kutch, bigger than Mohenjodaro's". The Times of India Mobile Site. 8 October 2014. http://m.timesofindia.com/india/5000-year-old-Harappan-stepwell-found-in-Kutch-bigger-than-Mohenjodaros/articleshow/44638220.cms। আহৰণ কৰা হৈছে: 3 January 2015. 
  25. 25.0 25.1 Parpola, Asko (2005) Study of the Indus Script. 50th ICES Tokyo Session.
  26. Mahadevan, Iravatham (Feb 4, 2007). "Towards a scientific study of Indus Script". The Hindu. http://www.hindu.com/mag/2007/02/04/stories/2007020400260500.htm। আহৰণ কৰা হৈছে: 30 June 2012. 
  27. Kenoyer, Jonathan Mark. Indus Cities, Towns, and Villages. American Institute of Pakistan Studies, Islamabad. 1998
  28. Kenoyer, Jonathan Mark. Ancient Cities of the Indus Valley Civilisation. Oxford University Press. 1998
  29. Possehl, Gregory. (2004). The Indus Civilization: A contemporary perspective, New Delhi: Vistaar Publications, আই.এচ.বি.এন. 81-7829-291-2, p.70.