লোথাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
লোথাল
The drainage system at Lothal 2.JPG
লোথালৰ স্নানাগাৰৰ নলাৰ ব্যৱস্থা
অৱস্থিতি সাৰগৱালা, গুজৰাট,  ভাৰত
প্ৰকাৰ আবাসিক এলেকা
ইতিহাস
স্থাপনা আনুমানিক ৩৭০০ খ্ৰী:পূ:
সভ্যতা সিন্ধু সভ্যতা
অতিৰিক্ত তথ্য
খননৰ সময় ১৯৫৫–১৯৬০
বৰ্তমানৰ অৱস্থা ধ্বংসপ্ৰাপ্ত
দেশ চৰকাৰী
পৰিচালনা ভাৰতীয় পুৰাতাত্বিক সৰ্বেক্ষণ
সৰ্বসাধাৰণৰ প্ৰৱেশাধিকাৰ উপলব্ধ

লোথাল (IPA: [loˑt̪ʰəl]) সিন্ধু নদীৰ পাৰত গঢ় লৈ উঠা প্ৰাচীন সিন্ধু সভ্যতাৰ অন্তৰ্গত এখন নগৰ[1] আৰু প্ৰায় ৩৭০০ খ্ৰীষ্টপূৰ্বতেই মানুহৰ প্ৰথম বসতি আৰম্ভ হোৱা এই নগৰখন বৰ্তমানৰ গুজৰাটৰ ভাল অঞ্চলত অৱস্থিত।[2] ১৯৫৪ চনত আৱিষ্কৃত এই প্ৰাচীন নগৰখনৰ প্ৰত্নতাত্বিক স্থাপত্য আৰু সামগ্ৰীসমূহ সংৰক্ষণ কৰিবলৈ ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণে ঠাইখণ্ডত ১৯৫৫ চনৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৯৫৫ চনৰ ১৯ মে’লৈকে খননকাৰ্য চলায়। সংস্থাটোৰ মতে লোথালত আৱিষ্কৃত হোৱা বন্দৰ সমগ্ৰ পৃথিৱীৰ ভিতৰতে পুৰণি। যি সময়ত কচ্ছ মৰুভূমি আৰৱ সাগৰৰ অংশ আছিল সেই সময়ত এই বন্দৰে বেপাৰ-বাণিজ্যৰ বাবে সিন্ধ প্ৰদেশৰ হৰপ্পাৰ নগৰসমূহক সৌৰাষ্ট্ৰ উপদ্বীপৰ সৈতে সাবৰমতী নদীয়েদি সংযোগ কৰিছিল। অৱশ্যে কিছুসংখ্যক পুৰাতত্ত্ববিদে এই সন্দৰ্ভত দ্বিমত প্ৰকাশ কৰে। তেওঁলোকৰ মতে লোথাল এখন সৰু চহৰ আছিল আৰু তথাকথিত বন্দৰটো প্ৰকৃততে এটা জলসিঞ্চনৰ আহিলাহে আছিল।[3][4] প্ৰাচীন কালত লোথাল এক পৰিপূৰ্ণ বাণিজ্য কেন্দ্ৰ আছিল। ইয়াৰ মণি-মুকুতা আৰু মূল্যৱান অলংকাৰ আদি গৈ আনকি পশ্চিম এচিয়া আৰু আফ্ৰিকা পৰ্যন্ত পাইছিল। লোথালৰ বাসিন্দাসকলে উদ্ভাৱন কৰা মণি নিৰ্মাণ আৰু ধাতুবিদ্যাৰ সঁজুলি তথা পদ্ধতিসমূহ চাৰি সহস্ৰাধিক বছৰ ধৰি চলি থাকে।[5] লোথালক ইউনেস্ক’ বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে মনোনীত কৰা হৈছে যদিও এই আবেদনখন গৃহীত হোৱা নাই।[6]

গুজৰাটী ভাষাত লোথ আৰু থল (স্থল) শব্দাংশৰ অৰ্থ মৃত লোকৰ টিলা আৰু এই অৰ্থ সিন্ধী ভাষাৰ মহেঞ্জো-দাৰো শব্দৰ অৰ্থৰ সৈতে একেই। লোথালৰ কাষৰীয়া গাঁৱৰ লোকসকল এখন প্ৰাচীন চহৰ আৰু এই ঠাইৰ মানৱ দেহৰ অৱশেষৰ বিষয়ে অৱগত আছিল। ১৮৫০ চন মানলৈকে উক্ত ঠাইলৈ নাৱেৰে যাতায়ত চলিছিল। ১৯৪২ চনত এই তথাকথিত টিলাৰ মাজেদিয়েই সাৰগৱালালৈ কাঠৰ অনা-নিয়া কৰা হৈছিল। বৰ্তমানৰ ভোলাড় আৰু লোথালক সংযোগ কৰা পিতনিসদৃশ সুঁতিয়ে আজিও প্ৰাচীন নদীপথ এটাৰ কথাকে সূচায়। [7] সিন্ধু সভ্যতাৰ প্ৰাণকেন্দ্ৰস্বৰূপ হৰপ্পা আৰু মহেঞ্জোদাৰোৰ পতনৰ পিছতো লোথাল বহু বছৰ ধৰি মূৰ ডাঙি থিয় দি আছিল। ক্ৰান্তীয় ধুমুহা আৰু বানপানীয়ে অবিৰতভাৱে লোথালৰ ক্ষতি সাধন কৰাৰ ফলত এসময়ত ই ধ্বংসপ্ৰাপ্ত হৈছিল। অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে ধ্বংসৰ সময়ত এই অঞ্চলটো নিম্নপ্ৰায় বৰষুণ বা শুষ্কতাৰ দ্বাৰা আক্ৰান্ত হৈছিল। গতিকে জলবায়ু পৰিৱৰ্তনো নগৰখন ক্ৰমান্বয়ে পৰিত্যক্ত হোৱাৰ এক অন্যতম কাৰণ হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। .[8]

আলোকচিত্ৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Where does history begin?". https://www.cntraveller.in/story/india-via-gujarat/. 
  2. "Indus re-enters India after two centuries, feeds Little Rann, Nal Sarovar". India Today. 7 November 2011. http://indiatoday.intoday.in/story/indus-river-re-enters-india/1/158976.html। আহৰণ কৰা হৈছে: 7 November 2011. 
  3. Leshnik, "The Harappan 'Port' at Lothal"
  4. "Foraminifera as an additional tool for archaeologists - Examples from the Arabian Sea". ResearchGate. 25 September 2015. https://www.researchgate.net/publication/27667625_Foraminifera_Marine_Microfossil_as_an_additional_tool_for_archaeologists_-_Examples_from_the_Arabian_Sea. 
  5. "Excavations – Important – Gujarat". Archaeological Survey of India. http://asi.nic.in/asi_exca_imp_gujarat.asp। আহৰণ কৰা হৈছে: 25 October 2011. 
  6. https://whc.unesco.org/en/tentativelists/5918/, UNESCO
  7. S. R. Rao (1985). Lothal. Archaeological Survey of India. পৃষ্ঠা. 2–3. 
  8. Khadkikar (2004). "Paleoenvironments around Lothal" (PDF). Journal of the Indian Geophysics Union (Vol. 8, No. 1). http://www.igu.in/8-1/5khadkikar.pdf.