প্ৰদ্যুত বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰদ্যুত বৰা
জন্ম ১০ এপ্ৰিল, ১৯৭৪ (৫০ বছৰ)
যোৰহাট, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, আহমেদাবাদ
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টী (২০০৪-২০১৫)
লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টী (২০১৫-বৰ্তমান)[1]
পিতৃ-মাতৃ লক্ষ্মী কান্ত বৰা
লক্ষ্মী প্ৰভা বৰা

প্ৰদ্যুত বৰা (ইংৰাজী: Prodyut Bora; জন্ম ১০ এপ্ৰিল, ১৯৭৪) এজন ভাৰতীয় ৰাজনৈতিক নেতা আৰু সমাজকৰ্মী। তেওঁ ২০১৫ চনলৈ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য আছিল।[2] তেওঁ ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত বিজেপিদলৰ শীৰ্ষ নেতৃত্বৰ লগতে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ বিৰুদ্ধে অভিযোগ আনে যে দল অনুশাসন হীন ভাবে চলি আছে আৰু সেয়ে বি জে পি পদত্যাগ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন] সেই বছৰৰে মাৰ্চ মাহত তেওঁ “লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টী” নামেৰে এটা ৰাজনৈতিক দল গঠন কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৭৪ চনৰ ১০ এপ্ৰিল তাৰিখে অসমৰ যোৰহাট জিলাত প্ৰদ্যুত বৰাৰ জন্ম হয়। তেওঁৰ মাতৃ লক্ষ্মী প্ৰভা বৰা এগৰাকী স্কুল শিক্ষয়েত্ৰী আৰু পিতৃ লক্ষ্মী কান্ত বৰা এগৰাকী চৰকাৰী হিচাপৰক্ষক আছিল।

যোৰহাটৰ কাৰ্মেল স্কুল আৰু উত্তৰ লখিমপুৰৰ চেইণ্ট মেৰীজ স্কুলৰ পৰা বৰাই প্ৰাথমিক শিক্ষা সাং কৰি ডেহৰাডুনৰ ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটেৰী কলেজ, নয়ডাৰ দিল্লী পাব্লিক স্কুল আৰু দিল্লীৰ চেইণ্ট ষ্টিফেন কলেজত অধ্যয়ন কৰিছিল। দিল্লীৰ পৰা তেওঁ ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত উচ্চ শিক্ষাৰ বাবে তেওঁ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, আহমেদাবাদত যোগদান কৰে। ২০১২ চনত বৰাই লণ্ডন স্কুল অফ ইক'নমিক্সৰ পৰা চেভেনিং গুৰুকুল জলপানি (ইংৰাজী: Chevening Gurukul Scholarship) আৰু ২০১৩ চনত য়েল বিশ্ববিদ্যালয়ৰ পৰা য়েল ৱৰ্ল্ড ফেল' লাভ কৰে।

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

২০০৪ চনত বৰাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি ৰাজনৈতিক জীৱনৰ পাতনি মেলে।

ৰাজ্যিক মুখ্য সম্পাদক (২০১০-২০১২)[সম্পাদনা কৰক]

২০১০ চনৰ জানুৱাৰী মাহত বৰাই ভাৰতীয় জনতা পাৰ্টীৰ অসম শাখাৰ ৰাজ্যিক মুখ্য সম্পাদকৰ পদ গ্ৰহণ কৰে। তেখেতে ২০১১ চনৰ অসম বিধানসভাৰ ইলেকচনত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্ব্ব্বিতা আগবঢ়াই আৰু পৰাজিত হয়।

ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য(২০১৩-২০১৫)[সম্পাদনা কৰক]

২০১৩ চনৰ এপ্ৰিল মাহত বৰাই বি.জে.পি.ৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সমিতিৰ সদস্যত আছিল। ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত বৰাই এই সদস্য পদ ত্যাগ কৰে।

উল্লেখযোগ্য বঁটা/কৃতিত্ব[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]