সমললৈ যাওক

কালিচৰণ ব্ৰহ্ম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কালিচৰণ ব্ৰহ্ম
জন্ম কালিচৰণ মেচ
১৮ এপ্ৰিল, ১৮৬০
কাজিগামী, ধুবুৰী জিলা, অসম, ভাৰত
মৃত্যু ০৮ মে', ১৯৩৮ (৭৮ বছৰ)
কাজিগামী, অসম, ভাৰত
অন্য নাম মেচ গান্ধী, গুৰুদেৱ
পেচা সমাজ সংস্কাৰক
দাম্পত্যসঙ্গী ক্ষমশ্ৰী ব্ৰহ্ম
উপহাচি ব্ৰহ্ম
পিতৃ-মাতৃ খৌলাৰাম মেচ (পিতৃ)
ৰান্দিনী মেচ (মাতৃ)
সন্তান ৭ (৪ গৰাকী কন্যা, ৩ জন পুত্ৰ)

কালিচৰণ ব্ৰহ্ম (বড়ো: कालिचरन ब्रह्म ১৮৬০ – ১৯৩৮), পূৰ্বতে কালিচৰণ মেচ[1] এগৰাকী ভাৰতীয় সমাজ আৰু ধৰ্মীয় সংস্কাৰক। তেওঁ বিংশ শতিকাত বড়ো সমাজৰ সামাজিক আৰু ধৰ্মীয় সংস্কাৰৰ বাবে বিখ্যাত। ১৯০৬ চনৰ আশে-পাশে তেওঁ কলিকতাৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰা ব্ৰহ্ম সমাজত যোগদান কৰিছিল। তাৰপিছত তেওঁ বড়ো সমাজত ব্ৰহ্ম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দিছিল। পিছলৈ তেওঁ বড়ো ব্ৰহ্ম ধৰ্মৰ প্ৰতিষ্ঠা কৰে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ পশ্চিম অসমৰ বড়ো সকলে তেওঁক 'গুৰুদেৱ' বা 'গুৰু ব্ৰহ্ম' বুলি সম্বোধন কৰে। ব্ৰহ্ম ধৰ্মৰ বিশ্বাসী সকলে তেওঁলোকৰ ধৰ্মৰ প্ৰতি সন্মান প্ৰদশৰ্ন কৰি আৰু মহাবাহু ব্ৰহ্মপুত্ৰ নদৰ সন্তান হিচাপে নিজকে 'ব্ৰহ্ম' বুলি অভিহিত কৰে। তদুপৰি তেওঁ বড়ো ছাত্ৰ সন্মিলনীৰ প্ৰতিষ্ঠাপক আছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৮৬০ চনৰ ১৮ এপ্ৰিল তাৰিখে অসমধুবুৰী জিলাৰ কাজিগামী গাৱঁত কালিচৰণ ব্ৰহ্মৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম খৌলাৰাম মেচ আৰু মাতৃ ৰান্দিনী মেচ। জন্মতে তেওঁৰ নাম কালিচৰণ মেচ আছিল। তেওঁৰ পিতৃ খৌলাৰাম মেচ এগৰাকী কাঠৰ ব্যৱসায়ী আছিল। সেইসময়ত তেওঁ অন্যতম চহকী ব্যক্তি আছিল। সৰুৰে পৰা কালিচৰণ চিন্তা প্ৰবৰ আৰু প্ৰখৰ বুদ্ধি সম্পন্ন আছিল।[2] ব্ৰহ্ম সমাজত যোগদান কৰাৰ পিছত তেওঁ সমাজ সংস্কাৰক ফালে পদক্ষেপ আগবঢ়ায়। তেওঁ ব্ৰহ্ম বিশ্বাসৰ এগৰাকী প্ৰভাৱশালী প্ৰচাৰকৰ মৰ্যাদা লাভ কৰে আৰু বড়ো সকলে পাৰম্পৰিকভাবে পালন কৰা বাথৌ পূজাৰ বিৰুদ্ধে সংস্কাৰমূলক কাম-কাজ অব্যাহত ৰাখে। তেওঁৰ সংস্কাৰমূলক কাম-কাজৰ মাজেৰে বড়ো সমাজত শিক্ষা আৰু ৰাজনৈতিক চেতনাক জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছিল। তেওঁৰ নীতিৰ প্ৰতি আকৰ্ষিত হয় বহুতো শিক্ষিত বড়ো সম্প্ৰদায়ৰ লোকে বড়ো ব্ৰহ্ম ধৰ্ম গ্ৰহণ কৰে।[3]

তেওঁ সৰুতে ঘৰুৱাভাৱে ব্যক্তিগত শিক্ষক বীৰনাৰায়ণ মেচৰ পৰা প্ৰাক-পৰ্যায়ৰ শিক্ষা লাভ কৰিছিল। তাৰপিছত তেওঁ টিপকাই প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰে। প্ৰাথমিক শিক্ষা লাভ কৰাৰ পিছত তেওঁ পুঠিমাৰী এম.ভি. স্কুলত শিক্ষা গ্ৰহণ কৰে। পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁৰ পিতৃৰ বিয়োগ হয়। পিতৃৰ বিয়োগৰ পিছত তেওঁ অনিচ্ছা সত্ত্বেও পঢ়া-শুনা সামৰি ঘৰলৈ উভতি আহে।[4]

কৰ্মৰাজি

[সম্পাদনা কৰক]

ঊনৈছ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতিকাৰ আগভগত বড়ো সকলে সমাজ ব্যৱস্থাৰ নিম্নগামী অৱস্থা দেখিছিল। ধৰ্মীয় আৰু নীতিগত অৱস্থাৰ লগতে ৰাজনৈতিক অৱস্থায়ো তথৈবচ আছিল। ইয়াৰ লগতে সমাজত নানা ব্যভিচাৰ প্ৰচলিত আছিল। ডেকা কালিচৰণে সমাজত প্ৰচলিত কু-প্ৰথাসমুহৰ বিৰুদ্ধে মাত মাতিছিল। এই সময়ত অসমৰ আন খিলঞ্জীয়া লোকসকলৰ দৰে ব্ৰহ্মপুত্ৰ উপত্যকা অন্যতম আদিম অধিবাসী বড়ো সকলে চৰম পৰিচিতি সংঘাতত ভুগিছিল। তেওঁলোকৰ মনত নিজকে নিম্নখাপৰ বুলি ধাৰণায়ে বাহ লৈছিল। বড়ো সমাজত ধৰ্মান্তৰিত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে পাৰম্পৰিক বড়ো সংস্কৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিবলৈ লয়। বহু শিক্ষিত বড়ো সকলে তেওঁলোকৰ পৰম্পৰাগত ৰীতি-নীতি আধুনিকতাৰ বিপৰীত আৰু মানৱ সফলতাৰ বিৰোধী বুলি ভাবিবলৈ লৈছিল।

কালিচৰণ ব্ৰহ্ময়ে বড়ো সমাজৰ সংস্কাৰৰ প্ৰয়োজনীয়তাক উপলব্ধি কৰিছিল। তেওঁলোকে বাথৌ ধৰ্ম পালন কৰিছিল যদিও বাথৌ ধৰ্মৰ মূল নীতি পাহৰি কেৱল অন্ধ বিশ্বাসকৰে ধৰি ৰখা বাবে তেওঁলোক ধৰ্মৰ মূল উদ্দেশ্যৰ পৰা আঁতৰি আহিছিল। ইয়াৰ লগতে তেওঁলোকে কেইবাগৰাকী দেৱ-দেৱীৰ পূজা কৰিছিল আৰু এই সংখ্যা লাহে-লাহে বৃদ্ধি হবলৈ ধৰিছিল। তেওঁলোক বড়ো নিচা জাতীয় পানীয় জৌৰ প্ৰতি আসক্ত হৈছিল আৰু এইবোৰে সমাজত নানা সমস্যাৰ সৃষ্টি কৰিছিল।

কালিচৰণে বড়ো সমাজৰ উত্তৰোত্তৰ কামনা কৰি সমাজ আৰু ধৰ্মীয় সংস্কাৰৰ কাম হাতত লয়। ১৯০৫ চনত তেওঁ মোহিনী মোহন চট্টোপাধ্যয়য়ে ৰচনা কৰা 'সাৰনৃত্য ক্ৰিয়া' পঢ়ে। এই গ্ৰন্থখনত স্বামী শিৱনাৰায়ণ পৰমহংসৰ নীতি আৰু শিকনী সমূহ সম্বলিত আছিল। এইখন পঢ়ি তেওঁ ব্ৰহ্ম সমাজৰ প্ৰতি আকৃষ্ট হয়। ৩৯ বছৰ বয়সত তেওঁ কলকাতাত স্বামী শিৱনাৰায়ণ পৰমহংসৰ ঘৰত তেওঁ ব্ৰহ্ম ধৰ্ম গ্ৰহণ কৰে। তাৰপিছত তেওঁ নিজ গাঁৱলৈ উভতি আহি ব্ৰহ্ম ধৰ্মৰ প্ৰচাৰ কৰে।

বিদ্যাসাগৰ নাৰ্জাৰী আৰু মালবিকা মিত্ৰৰ 'এ জাৰ্নি টুৱাৰ্ডছ এনলাইটমেণ্ট'ৰ মতে,

"ব্ৰহ্ম ধৰ্মৰ ভেটি একশ্বৰবাদ অৰ্থাৎ কেৱল এজন ঈশ্বৰৰ অস্তিত্ব বিশ্বাস কৰা ভেটিৰ ওপৰত নিৰ্মিত। ব্ৰহ্ম ধৰ্মত ব্ৰহ্মক অগ্নি হিচাপে উপাসনা কৰা হয়। অগ্নিয়ে ব্ৰহ্ম আৰু ব্ৰহ্ময়ে গোটেই বিশ্বৰ প্ৰাণী সমূহত প্ৰাণৰ সঞ্চাৰ কৰে। ব্ৰহ্ম বিশ্বজনীন, সীমাহীন আৰু সকলো ঠাইতে বিদ্যমান। য'তেই ব্ৰহ্ম তাতই সত্যৰ সন্ধান পোৱা যায়।"

১৯৩৮ চনৰ ৮ মে' তাৰিখে ৭৮ বছৰ বয়ত নিজ গাঁও কাজিগামী গাঁৱত তেওঁৰ মৃত্যু হয়। অসম চৰকাৰে তেওঁৰ স্মৃতিত 'কালিচৰণ ব্ৰহ্ম বঁটা' প্ৰৱৰ্তন কৰিছে।

তথ্য উৎস

[সম্পাদনা কৰক]