ৰমাকান্ত মুক্তিয়াৰ আতা
ৰমাকান্ত মুক্তিয়াৰ আতা | |
---|---|
জন্ম | ১৯ শতিকাৰ আশীৰ দশক টিয়ক, যোৰহাট, অসম |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | সমাজসেৱক, |
পিতৃ-মাতৃ | হলধৰ ভূঞা (পিতৃ) সোণপাহি (মাতৃ) |
ৰমাকান্ত মুক্তিয়াৰ আতা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন জন্মদাতা।[1]
তেখেতৰ জন্মগত উপাধি ভূঞা, 'মুক্তিয়াৰ' হ'ল বৰদোৱাৰ নৰোৱা সত্ৰই দিয়া উপাধি।[1]তেখেত উদাসীন আছিল।
জন্ম বৃত্তান্ত
[সম্পাদনা কৰক]ৰমাকান্ত মুক্তিয়াৰ আতাৰ উপৰিপুৰুষ আছিল শঙ্কৰদেৱৰ শিষ্য গোকুল চান্দ আতৈ। তেওঁলোক বৰদোৱা থানৰ সমীপৰ বাসিন্দা। মুক্তিয়াৰ আতাৰ আজোককাক বলোৰাম ভূঞা আতৈ বৰদোৱা থানৰ বায়ন আছিল। শঙ্কৰদেৱৰ মতাদৰ্শৰ প্ৰচাৰ প্ৰসাৰৰ অৰ্থে যোৰহাট জিলাৰ টিয়ক মৌজাৰ মুদৈজানৰ দুই নৈ মুখত ঘৰ-বাৰী সাজি থাকিবলৈ লৈছিল। এই দুই নৈ মুখতে ১৯শতিকাৰ আশীৰ দশকত (জন্মচন সঠিকভাৱে পোৱা নাযায়) ৰমাকান্ত মুক্তিয়াৰ আতাৰ জন্ম হৈছিল। পিতৃৰ নাম হলধৰ ভূঞা আৰু মাতৃৰ নাম সোণপাহী।[1] পিতাক সম্ভুৰাম ভূঞাৰ মৃত্যুৰ পিছত হলধৰ ভূঞাই সপৰিয়ালে যোৰহাট জিলাৰ শিমলুগুৰি মৌজাৰ বনাই গাঁৱলৈ উঠি যায়।
শিক্ষা
[সম্পাদনা কৰক]ৰমাকান্ত মুক্তিয়াৰ আতাই প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা বনাই গাঁৱতে লাভ কৰে।[1]প্ৰৱেশিকা পৰীক্ষা পাছ কৰা নহ'ল যদিও সংস্কৃত ভাষাত তেখেতে বুৎপত্তি লাভ কৰিছিল। সৰুকালৰে পৰা মহাপুৰুষীয়া সত্ৰৰ নীতি-নিয়ম,আচাৰ-ব্যৱহাৰ,ধৰ্ম-সংস্কৃতি আদিৰ জ্ঞান লাভ কৰিছিল।[1]
জীৱনৰ লক্ষ্য উদ্দেশ্যৰ সন্ধান
[সম্পাদনা কৰক]ডেকাকালতে ঘৰ-সংসাৰলৈ পিঠি দি ৰমাকান্ত মুক্তিয়াৰ আতাই শংকৰদেৱ, মাধৱদেৱৰ ৰচনাৱলীৰ অধ্যয়নৰ উপৰি বেদ, উপনিষদ, পুৰাণ আদিৰ অধ্যয়নত মনোনিবেশ কৰিছিল। শংকৰদেৱে প্ৰৱৰ্তন কৰি থৈ যোৱা এক শৰণ হৰিনাম ধৰ্মৰ আৰু ইয়াৰ লগত জড়িত ব্যাপক সংস্কৃতিৰ মাহাত্ম্য আৰু গুৰুত্ব উপলব্ধি কৰিছিল। শংকৰদেৱৰ সহজ-সৰল,অনাড়ম্বৰ,উদাৰ আৰু মানৱতাবাদী ধৰ্ম বিকৃত কৰি জনসাধাৰণক ধৰ্মৰ নামত শাসন-শোষণ কৰাটো লক্ষ্য কৰি মুক্তিয়াৰ আতাই দুখ পাইছিল। শংকৰদেৱক কোনো কোনো সত্ৰই গুৰু বুলি স্বীকাৰ নকৰা কথাটোৱেও তেওঁক দুখ দিছিল। অসমীয়া সমাজ জীৱন নানা কুসংস্কাৰ আৰু অন্ধবিশ্বাসে চানি ধৰাত মহাপুৰুষজনাৰ ধৰ্মীয় মতাদৰ্শক শুদ্ধ ৰূপত দাঙি ধৰি তাৰ যোগেদি সমাজ সংস্কাৰ কৰিব খুজিছিল। শংকৰদেৱৰ মতাদৰ্শৰ শুদ্ধ বিচাৰ-প্ৰচাৰৰ যোগেদি নিকা সংস্কৃতিবান শোষণহীন সমাজ সৃষ্টি কৰা আছিল ৰমাকান্ত মুক্তিয়াৰ আতাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য।[1]
মুক্তিযোদ্ধা হিচাপে
[সম্পাদনা কৰক]শংকৰদেৱৰ মতাদৰ্শৰে সমাজ-সংস্কাৰৰ চিন্তা-চৰ্চা কৰি থকা সময়তে মহাত্মা গান্ধীৰ নেতৃত্বত চলা স্বাধীনতাৰ সংগ্ৰামত ৰমাকান্ত মুক্তিয়াৰ আতাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ফলস্বৰূপে তেখেতে কাৰাবাস খাটিছিল(কুৰি শতিকাৰ ২০-ৰ দশক)।[1]
বৰদোৱা থানৰ সেৱক হিচাপে
[সম্পাদনা কৰক]জেলৰ পৰা ওলায়েই মুক্তিয়াৰ আতাই বৰদোৱা থানত সংস্কাৰ আন্দোলনৰ পাতনি মেলে। সেই সময়তে বটদ্ৰৱা থান সম্পৰ্কে এখন চৰিত পুথিও সংকলন কৰে।[1]
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিষ্ঠাতা
[সম্পাদনা কৰক]জীৱনৰ লক্ষ্য-উদ্দেশ্য সফল কৰিবৰ বাবে এটি সংগঠনৰ প্ৰয়োজন অনুভৱ কৰিছিল মুক্তিয়াৰ আতাই। কুৰি শতিকাৰ কুৰিৰ দশকৰ শেষৰ ফালে এদিন নগাঁও চহৰৰ পূবলৈ ৬ কিঃমিঃ মান দূৰত থকা পলাশনি গাঁৱত উপস্থিত হৈছিল। পলাশনিৰ নামঘৰত তেতিয়া ধৰ্মালোচনী সভা চলি আছিল। তাতেই মুক্তিয়াৰ আতাই নামঘৰত প্ৰবেশ কৰি নিজৰ লক্ষ্য উদ্দেশ্য দাঙি ধৰে। সকলোৱে তেখেতৰ আচাৰ ব্যৱহাৰত মুগ্ধ হয়। ১৯৩০ চনৰ কোনোবা এদিন ধৰ্মালোচনী সভাত তেওঁ কʼলে যে সভাখনৰ নাম "শংকৰ সংঘ" হ'লে ভাল হয়। উপস্থিতসকলে সন্মতি দিয়াত সেইটো নামেই স্থায়ী হয়। এইদৰেই উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয়-সামাজিক-সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম হয়।[1]
সংঘৰ আনজন প্ৰতিষ্ঠাতা হলধৰ ভূঞাৰ বিষয়ে ইয়াত পাব
সাহিত্য চৰ্চা আৰু অন্যান্য
[সম্পাদনা কৰক]মহাপুৰুষীয়া শাস্ত্ৰ জনাৰ উপৰি তেখেতে আধাৰ গ্ৰন্থসমূহো অধ্যয়ন কৰিছিল।[1] বৰদোৱা থানৰ সৈতে জড়িত হৈ থকা সময়তে মুক্তিয়াৰ আতাই তৰাদৈ গাভৰু নামেৰে এখন সামাজিক উপন্যাস লিখিছিল।[1]উপন্যাসখনৰ বিষয় আছিল ধৰ্মৰ নামত প্ৰচলিত কুসংস্কাৰবোৰৰ বিপৰীতে শংকৰদেৱ প্ৰৱৰ্তিত ধৰ্মৰ উপদেৱতা আৰু সেই ধৰ্ম ধৰিবৰ বাবে প্ৰয়োজনীয় সাহসিকতা।[1] তেওঁৰ দ্বাৰা ৰচিত আন দুখন পুথি হ'ল- বটদ্ৰৱা থান-চৰিত্ৰ আৰু আই কনকলতা চৰিত্ৰ।