গোপী-উদ্ধৱ সংবাদ (নাট)
গোপী-উদ্ধৱ সংবাদ (উদ্ধৱজান) | |
---|---|
লিখক | গোপাল আতা |
চৰিত্ৰসমূহ | কৃষ্ণ যশোদা |
মূল ভাষা | ব্ৰজাৱলী ভাষা |
বিষয় | ধাৰ্মিক |
গোপী-উদ্ধৱ সংবাদ (উদ্ধৱজান) নাটখন শংকৰোত্তৰ যুগৰ গোপাল আতাৰ এখনি উল্লেখযোগ্য অঙ্কীয়া নাট। গোপী-উদ্ধৱ সংবাদ নাটৰ কাহিনীভাগ 'ভাগৱত'ৰ ১০ম স্কন্ধৰ পৰা লোৱা হৈছে যদিও নাট্যকাৰে নিজাববীয়াকৈ দুই এটা কথাও যোগ কৰিছে।[1] নাটখনত মুঠ ২টা সংস্কৃত শ্লোক (নান্দী শ্লোকসহ) আছে আৰু আৰম্ভণিতে ভটিমা এটা আছে। নাটত সিন্ধুৰা একতালি, আশোৱাৰী, শ্ৰী, জৌতি, কানাৰা, পৰিতাল, কেদাৰ, মাহুৰ ধনশ্ৰী, ভূপালি, খৰমান, কামোদ, সুহাই, গৌৰী, বসন্ত, গৌৰী, কল্যাণ, মাধজৌতি, শ্ৰীগান্ধাৰ, অহিৰ, ভাটিআলি, মান চুটা আদি তাল আৰু ৰাগত ২৪টা মান গীত আছে। গীতবোৰ ধ্ৰুং আৰু পদত ভাগ কৰা। গোপী-উদ্ধৱ সংবাদ নাটখন আদিৰ পৰা অন্তলৈকে বিপ্ৰলম্ভ শৃঙ্গাৰ ৰসাত্মক।
চমু কাহিনী
[সম্পাদনা কৰক]কংসবধৰ পাচত মথুৰাৰ সিংহাসনত উগ্ৰসেন বহিল। কৃষ্ণও তাতে আছে। নন্দ যশোদা গোপগণক সন্তোষ দিবৰ মনেৰে তেওঁ উদ্ধৱক বাৰ্তাবাহকৰূপে পঠিয়ালে, আৰু সেইমতে উদ্ধৱে পৰম সাদৰ সম্ভাষণ লভি আপ্যায়িত হ'ল।
চৰিত্ৰ
[সম্পাদনা কৰক]কংসক বধ কৰাৰ পাছত মথুৰাৰ ৰাজ সিংহাসনত উগ্ৰসেন বহিল। উগ্ৰসেনে শ্ৰীকৃষ্ণক যুৱৰাজ পাতি মথুৰাতে ৰাখিলে। কৃষ্ণৰ বিচ্ছেদত গোকুলত যশোদা আৰু গোপীসকলৰ শোক সন্তাপৰ পাৰ নোহোৱাত পৰিল। গোপীসকলে কৃষ্ণৰ বিৰহত থাকিব নোৱাৰি গোপীসকলে লগ হৈ এজন পথিকক কৃষ্ণৰ ওচৰলৈ পঠালে তেওঁলোকৰ দুখৰ কথা জনাবলৈ। ইফালে মথুৰাত কৃষ্ণৰ অৱস্থাও তদ্ৰুপ। পথিকে যেতিয়া গোপীসকলৰ দুখ দুৰ্দশাৰ কথা কৃষ্ণক জনালেগৈ তেতিয়া কৃষ্ণই পথিকক বহুপ্ৰকাৰে মান সৎকাৰ কৰিলে। নন্দ যশোদা আৰু গোপীসকলক সান্তনা দিবৰ উদ্দেশ্যে কৃষ্ণই পত্ৰ লিখি উদ্ধৱক বাৰ্তাবাহকৰূপে গোকুলত পঠালে। কৃষ্ণই উদ্ধৱৰ হাতত পত্ৰ দিওঁতে গোপীবিৰহত কৃষ্ণৰ চকুপানী সৰ সৰকৈ ওলাইছিল। কৃষ্ণৰ কথামতে উদ্ধৱে সুৱৰ্ণৰ ৰথত উঠি উপস্থিত হ'ল। নন্দ যশোদা গোপগোপী সকলোৰে ভ্ৰম উপজিল। তেওঁলোকে ভাবিলে যে কৃষ্ণ উলটি আহিছে। কিন্তু তেওঁলোক নিৰাশ হ'ল তেতিয়া, যেতিয়া দেখিলে সেইজন কৃষ্ণ নহয়, উদ্ধৱহে। নন্দৰ ঘৰত উদ্ধৱে পৰম আথিত্য লাভ কৰিলে। উদ্ধৱক কাষতে পাই নন্দ যশোদাই কৃষ্ণৰ গুণ সুঁৱৰি বিলাপ কৰিলে। ৰাতিটো উদ্ধৱে নন্দৰ ঘৰতে কটালে। পিছদিনা উদ্ধৱে গোপীসকলৰ লগত সাক্ষাত কৰিলে। গোপীসকলে উদ্ধৱৰ আগত কৃষ্ণ অবিহনে তেওঁলোকৰ দিনবোৰ বহুত দুখেৰে পাৰ হৈ আছে তাক জনালে। উদ্ধৱে কেওঁলোকক সান্তনা দি মথুৰালৈ উভতি আহি কৃষ্ণক সবিশেষ জনাই হাতযোৰ কৰি বহি থাকিল আৰু কৃষ্ণয়ো দুখ মনেৰে তলমূৰ কৰি থাকিল।[2]
গোপাল আতাৰ চমু পৰিচয়
[সম্পাদনা কৰক]শংকোৰত্তৰ যুগৰ এগৰাকী বিশিষ্ট নাট্যকাৰ গোপাল আতা মাধৱদেৱৰ এজন শিষ্য। গোপাল আতা অকল নাট্যকাৰ আৰু ধৰ্মপ্ৰচাৰকে নাছিল, কবিও আছিল। মাধৱদেৱে পতা ১২জন ধৰ্মাচাৰ্যৰ ভিতৰত গোপালদেৱ অন্যতম। ১৫৬৪ খ্ৰীষ্টাব্দত উজনিৰ গড়গাঁৱৰ ওচৰত তেখেতৰ জন্ম হয়। গোপাল আতাৰ পিতৃৰ নাম আছিল কামেশ্বৰ ভূঞা আৰু মাকৰ নাম আছিল ব্ৰজাঙ্গী। গোপাল আতা আছিল কাল সংহতিৰ প্ৰতিষ্ঠাপক। এওঁক “কথাৰ সাগৰ” বুলিও জনা যায়। মাধৱদেৱৰ পিছত এওঁ নিজে ভৱানীপুৰত থাকি ধৰ্মৰ গুৰি বঠা ধৰে। গোপাল আতাই 'জন্মযাত্ৰা'ৰ উপৰিও 'উদ্ধৱযান' নাট ৰচনা কৰিছিল।[3]