উদ্ধৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

উদ্ধৱ (পৱনয়াধি হিচাপেও জনাজাত) হিন্দু ধৰ্মৰ পুৰাণিক শাস্ত্ৰসমুহত বৰ্ণিত এক উল্লেখযোগ্য চৰিত্ৰ। উদ্ধৱ ভগৱান বিষ্ণুৰ শ্ৰীকৃষ্ণ অৱতাৰত তেওঁৰ পৰামৰ্শদাতা আৰু পৰম বান্ধৱ হিচাপে চিত্ৰায়িত হৈছে। ভাগৱত পুৰাণত উদ্ধৱৰ এক তাৎপৰ্যপূৰ্ণ ভূমিকা আছে য'ত কৃষ্ণই প্ৰত্যক্ষভাৱে তেওঁক যোগ আৰু ভক্তিৰ শিক্ষা প্ৰদান কৰিছে। ভাগৱত গীতাত কৃষ্ণ আৰু অৰ্জুনৰ মাজৰ কথোপকথনৰ আৰ্হিত কৃষ্ণ আৰু উদ্ধৱৰ মাজৰ এই নীতি বিষয়ক আলোচনাসমুহক উদ্ধৱ গীতা আখ্যাৰে অভিহিত কৰা হয়। [1] কোনো কোনো শাস্ত্ৰৰ মতে সম্পৰ্কত উদ্ধৱ কৃষ্ণৰ পিতৃব্যপুত্ৰ ভ্ৰাতা আছিল। উদ্ধৱৰ পিতৃ দেৱভাগ, কৃষ্ণৰ জন্মপিতৃ বসুদেৱৰ ভাতৃ আছিল। কৃষ্ণৰ সৈতে উদ্ধৱৰ ইমান শাৰীৰিক গঠনৰ সাদৃশ্য আছিল যে কেতিয়াবা কেতিয়াবা তেওঁকে কৃষ্ণ বুলি বহুতে ভুলকৈ ভাবিছিল।

বৃন্দাবনলৈ বাৰ্তা[সম্পাদনা কৰক]

ভাগৱত পুৰাণত বৰ্ণিত কাহিনী অনুসৰি উদ্ধৱে কৃষ্ণৰ হাতত কংসৰ দমনৰ পিছত তেওঁক দেখা কৰিবলৈ আহিছিল আৰু ইয়াতে কৃষ্ণ পৰম সন্তোষিত হৈছিল। কৃষ্ণই তেতিয়া উদ্ধৱক বৃন্দাবনলৈ যাবলৈ অনুৰোধ কৰিলে আৰু তেওঁৰ জৰিয়তে কৃষ্ণৰ বিৰহত তাপিত গোপী আৰু গাৱঁৰ অন্য অধিবাসীসকলৰ উদ্দেশ্যে এক বাৰ্তা প্ৰেৰণ কৰিলে। কৃষ্ণই উদ্ধৱৰ জৰিয়তে বৃন্দাবনবাসীক এইবুলি ক'বলৈ ক'লে যে, তেওঁলোকে কৃষ্ণক পাহৰি যোৱা উচিত; কিয়নো সেই নিৰ্লিপ্তিকৰণৰ জৰিয়তেহে কৃষ্ণই ধৰাত নিজৰ দায়িত্ব সমাপন কৰিব পাৰিব। ভগৱান কৃষ্ণৰ প্ৰতি ৰাধা আৰু গোপীসকলৰ ভকতি আৰু প্ৰেমত উদ্ধৱ ইমানেই মুগ্ধ হৈ পৰিল যে তেওঁ পিছৰ ৬ মাহ বৃন্দাবনতে থাকিল, আৰু গোপীসকলক তেওঁৰ গুৰু হিচাপে পাবলৈ নিজৰ বাঞ্চা প্ৰকাশ কৰিলে। গোপীবৃন্দই তেতিয়া ক'লে, "যেতিয়া অক্ৰুৰ বৃন্দাবনলৈ আহিছিল, তেওঁ আমাৰ কৃষ্ণক আমাৰ পৰা আঁতৰাই নিজৰ লগতে লৈ গ'ল; আৰু এতিয়া তুমি তেওঁৰ স্মৃতিৰাজিও আমাৰ পৰা কাঢ়ি নিবলৈ আহিছা তুমি?" ইয়াকে শুনি উদ্ধৱ নীৰৱ হৈ পৰিল। কৃষ্ণৰ দ্বাৰা প্ৰেৰিত বাৰ্তা আৰু এই বাৰ্তা শুনাৰ পিছত বৃন্দাবনবাসীৰ মনত ইয়াৰ দ্বাৰা জাগৃত অনুভুতিক গৌডীয় বৈষ্ণৱবাদত ঈশ্বৰৰ প্ৰতি ভক্তৰ সৰ্বোচ্চ অন্তৰ্দৃষ্টি হিচাপে গণ্য কৰা হয়। [2]

উদ্ধৱ গীতা[সম্পাদনা কৰক]

কৃষ্ণই পৃথিৱীৰ পৰা তেওঁৰ আসন্ন বিদায়ৰ পৰা উদ্ভূত পৰিস্থিতিত উদ্ধৱক সান্ত্বনা দিয়াৰ উদ্দেশ্যে তেওঁৰ বিদায়ৰ আগে আগে উদ্ধৱক প্ৰদান কৰা বাণীসমূহৰ সাৰেই হৈছে উদ্ধৱ গীতা (হংস গীতা হিচাপেও জনা যায়)। ক্ষত্ৰিয় হিচাপে জন্মপ্ৰাপ্ত আৰু পিছত যদুকুলত ডাঙৰ দীঘল হোৱা কৃষ্ণৰ অনুপস্থিতিত হ'ব লগা যদুবংশীসকলৰ প্ৰত্যাসন্ন বিনাশৰ ভৱিষ্যত দেখাৰ পিছত উদ্ধৱৰ আৱেগ-বিহ্বল আৰু বিভ্ৰান্তিকৰ মনোপৰিস্থিতিৰ ক্ষেত্ৰত কৃষ্ণপ্ৰদত্ত এই উপদেশপূৰ্ণ বাণীসমূহেৰে এই গীতাৰ সূচনা হৈছে।

উদ্ধৱ কৃষ্ণৰ একান্ত ভক্ত আৰু তেওঁৰ পৰম সখা হিচাপে প্ৰসিদ্ধ আছিল। কিন্তু উদ্ধৱৰ পক্ষেও এইকথা বোধগম্যতাৰ বাহিৰত আছিল যে, কৃষ্ণই যদুকুলৰ আসন্ন নিপাতন ৰোধ কৰা নাছিল। সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু স্বৰ্গৰ দেৱগনে ভগৱান কৃষ্ণক ধৰাত তেওঁৰ মানৱ অৱতাৰৰ দায়-দায়িত্ব সমাপনৰ পিছত স্বৰ্গলৈ পুনৰ ৰাওনা হ'বলৈ অনুনয় বিনয় কৰি আছিল।

কৃষ্ণই তেতিয়া যাদৱসকলৰ বিনাশৰ কাৰণ ব্যাখ্যা কৰি কৈছিল, "মহাসাগৰক ইয়াৰ কুলে সংযত কৰি ৰখাৰ দৰেই, নিজৰ পৰাক্ৰম, বীৰত্ব আৰু সৌভাগ্যৰে বলীয়ান আৰু সমগ্ৰ বিশ্বক অধিকাৰ কৰিব খোজা সুপ্ৰসিদ্ধ যদুবংশক মই সংযমী কৰি ৰাখিছিলো। যদি বৃহৎ যদুকুলৰ বিনাশনৰ আগেয়েই মই এই ধৰাৰ পৰা আঁতৰি যাওঁ, তেনে উদ্ধত যদুবংশৰ হাতত সমগ্ৰ মানৱজাতি নিঃশেষ হৈ যাব ..."। এই কথাত অত্যন্ত দুঃখিত হৈ পৰা উদ্ধৱে তেওঁকো কৃষ্ণৰ সৈতে পৃথিৱীৰ পৰা লৈ যাবলৈ সনিৰ্ৱন্ধে মিনতি কৰিবলৈ ধৰিলে। ইয়াৰ ফলশ্ৰুতিতেই, কৃষ্ণই উদ্ধৱক বুজাবলৈ উদ্ধৱ গীতাৰ উদ্ভাসন ঘটালে। [1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Saraswati, Swami Ambikananda (2002-09-28) (en ভাষাত). The Uddhava Gita: The Final Teaching of Krishna. Ulysses Press. ISBN 978-1-56975-320-0. https://books.google.com/books?id=gipfAwAAQBAJ. 
  2. Desai, Kunal (2017-10-03) (en ভাষাত). My Affair with Rãdhã. Notion Press. ISBN 978-1-947851-91-7. https://books.google.com/books?id=KEI4DwAAQBAJ&q=Uddhava. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]