ত'ত্ত'-চ্চান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ত’ত্ত’–চ্চান: খিৰিকীমুখত অকনিজনী  
Totto-chan.png
ইংৰাজী সংস্কৰণৰ বেটুপাত
লেখক তেৎছুকো কুৰ'য়ানাগি
শিৰোনাম 窓ぎわのトットちゃん
অনুবাদক ডৰথি ব্ৰিটন (ইংৰাজী)
তোষপ্ৰভা কলিতা (অসমীয়া)
অংগসজ্জা চিচিৰ' ইৱাচাকি
প্ৰচ্ছদ শিল্পী চিচিৰ' ইৱাচাকি
দেশ জাপান
ভাষা জাপানী ভাষা
প্ৰকাৰ শিশু সাহিত্য, আত্মজীৱনীমূলক উপন্যাস
প্ৰকাশক কোডানশ্বা পাব্লিচাৰছ লিমিটেড
প্ৰকাশ ১৯৮১
ইংৰাজীত
প্ৰকাশ
১৯৮২
মিডিয়া প্ৰকাৰ মুদ্ৰণ (পেপাৰবেক)
পৃষ্ঠা সংখ্যা ২৩২
আই.এচ.বি.এন. 978-4-7700-2067-3

ত’ত্ত’–চ্চান: খিৰিকীমুখত অকনিজনী (মূল শিৰোনাম 窓ぎわのトットちゃん, মাডগিৱা ত’ত্ত’–চ্চান; ইংৰাজী: Totto Chan: The Little Girl at the Window) জাপানী লেখিকা তেৎছুকো কুৰ'য়ানাগিয়ে ৰচনা কৰা এখন আত্মজীৱনীমূলক শিশু উপন্যাস। জাপানী ভাষাত ৰচিত এই উপন্যাস ১৯৮১ চনত প্ৰকাশিত হৈছিল। উপন্যাসখন প্ৰকাশিত হোৱাৰ লগে লগে জাপানৰ বেষ্ট চেলাৰ হিচাপে পৰিগণিত হয়।[1] এই গ্ৰন্থখনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত শিক্ষক চছাকু কবায়াশ্বিয়ে টকিঅ'ত প্ৰতিষ্ঠা কৰা তময়ে গাকোন নামৰ প্ৰাথমিক বিদ্যালয়ত কুৰ’য়ানাগিয়ে লাভ কৰা মূল্যবোধ আৰু শিক্ষাৰ বিষয়ে বৰ্ণনা কৰা হৈছে।[1][2] কিতাপখনৰ শিৰোনামটো জাপানী ভাষাত যিসকল ব্যক্তিয়ে বিফল হৈছে তেনে ব্যক্তিক বুজোৱা হয়।[3] ১৯৮২ চনত ডৰথি ব্ৰিটনে গ্ৰন্থখনৰ ইংৰাজী অনুবাদ কৰে। ১৯৯৬ চনত তোষপ্ৰভা কলিতাৰ অসমীয়া অনুবাদ প্ৰকাশিত হয়।

পৰিচয়[সম্পাদনা কৰক]

জাপানী ভাষাৰ উপন্যাসোপম স্মৃতিকথাৰ এখন বিশেষ গ্ৰন্থ। যিখনে অতি কম সময়তে জনপ্ৰিয়তা লাভ কৰি বিক্ৰীৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। গ্ৰন্থখনৰ জনপ্ৰিয়তাৰ সন্দৰ্ভত লেখিকাৰ বক্তব্য এনেধৰণৰ-জাপানত শিক্ষাৰ সমস্যাই একেবাৰে চূড়ান্ত অৱস্থা পোৱাৰ সময়তে আৰু এই বিষয়ত কিবা এটা কৰিবই লাগিল বুলি প্ৰত্যেকেই ভাবিবলৈ লোৱাৰ সময়তে কিতাপখন প্ৰকাশ হোৱাটোৱেই ইয়াৰ অন্যতম কাৰণ আছিল। বহুতো লোকে শিক্ষাৰ ওপৰত গৱেষণামূলক প্ৰবন্ধ হিচাপেই কিতাপখন পঢ়িছিল। তদুপৰি কিতাপখন যে বয়স আৰু দৃষ্টিভংগীৰ বহু পাৰ্থক্য থকা প্ৰতিজনৰে কাৰণে আবেদনপূৰ্ণ, সেই সত্যটোও কিতাপখন জনপ্ৰতিয়তাৰ আন এক কাৰণ।[4]

গ্ৰন্থখনৰ বিষয়বস্তু[সম্পাদনা কৰক]

গ্ৰন্থখনত বৰ্ণিত হৈছে এখন অগতানুগতিক স্কুলৰ কথা আৰু এগৰাকী অসাধাৰণ কণমানিৰ কথা। স্কুলখন হৈছে ১৯৩৭ চনত জাপানৰ টকিঅ’ৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত জিয়ুগাওকা ষ্টেছনৰ ওচৰত স্থাপন কৰা ত’মে’ গাকুৱেন। ত’মে’ গাকুৱেনৰ প্ৰতিষ্ঠাপক তথা পৰিচালক হ’ল ছছাকু ক’বায়াশ্বি। এই বিশেষ স্কুলখনত অধ্যয়ন কৰা ত’ত্ত’–চ্চান নামৰ কণমানিজনীৰ স্কুলৰ দিনবোৰৰ অভিজ্ঞতাৰ ৰসাল বৰ্ণনাই হ’ল ত’ত্ত’–চ্চান গ্ৰন্থখনৰ বিষয়বস্তু। এই সম্পৰ্কে লেখিকাৰ নিজৰ বক্তব্য এনেধৰণৰ– “ইয়াৰ কাহিনীবোৰৰ এটাও মোৰ কপোল-কল্পিত নহয়। এই সকলোবোৰৰ ঘটনা সঁচাকৈয়ে ঘটিছিল আৰু ভাগ্যক্ৰমে তাৰে ভালেমান মনত থাকিল। …মই শ্ৰীযুত ক’বায়াশ্বি কেনে ধৰণৰ মানুহ আছিল, ল’ৰা-ছোৱালীক তেখেতে কিমান ভাল পাইছিল, সিহঁতক শিক্ষাদান কৰিবলৈ তেখেতে কেনেকৈ চেষ্টা কৰিছিল– সেইকথা পাৰ্যমানে অধিক সংখ্যক মানুহৰ ওচৰত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ।”[উদ্ধৃতিৰ প্ৰয়োজন]

ত’মে’ স্কুলখন[সম্পাদনা কৰক]

ত’ত্ত’–চ্চানৰ প্ৰধান বিষয় হৈছে এখন বিশেষ স্কুল। স্কুলখনৰ নাম ত’মে’ গাকুৱেন। জাপানৰ টকিঅ'ৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত জিয়ুগাওকা ষ্টেছনৰ ওচৰত স্থাপন কৰা হৈছিল ১৯৩৭ চনত। স্কুলখনৰ প্ৰতিষ্ঠাপক তথা পৰিচালক হ’ল ছছাকু ক’বায়াশ্বি। এই বিশেষ স্কুলখনৰ প্ৰধান বিশেষত্ব হ'ল ই কোনো প্ৰথাগত শিক্ষানুষ্ঠানৰ লগত নিমিলে। স্কুলখনত ছাত্ৰ-ছাত্ৰীসকলৰ মানসিকতাৰ ওপৰত গুৰুত্ব দি তেওঁলোকৰ ৰুচি আৰু সক্ষমতাৰ আধাৰত শিক্ষা প্ৰদান কৰা হয়। প্ৰতিষ্ঠাপক ক’বায়াশ্বিয়ে বিশ্বাস কৰিছিল যে সকলো ল’ৰা ছোৱালীয়ে সহজাত ভাল প্ৰকৃতি লৈ জন্মগ্ৰহণ কৰে। পৰিৱেশে আৰু প্ৰাপ্তবয়স্ক মানুহৰ কুপ্ৰভাৱেহে তেওঁলোকক নষ্ট কৰে। তেখেতৰ লক্ষ্য আছিল ভাল প্ৰকৃতিক আৱৰণমুক্ত আৰু বিকশিত কৰা, যাতে ল’ৰা ছোৱালীবোৰ ডাঙৰ হৈ স্বকীয়তা থকা মানুহ হ’ব পাৰে।

শ্ৰীযুত ক’বায়াশ্বিয়ে স্বাভাৱিকতাক মূল্য দিছিল আৰু ল’ৰা ছোৱালীৰ চৰিত্ৰ যিমান দূৰ সম্ভৱ স্বাভাৱিকভাৱে বিকাশ হ’বলৈ দিয়াটো বিচাৰিছিল। তেখেতে প্ৰকৃতিকো ভাল পাইছিল। তেখেতৰ সৰু ছোৱালী মিয়চ্চানক ফুৰাবলৈ নি কৈছিল- “আহা আমি প্ৰকৃতিৰ ছন্দবোৰ চাবলৈ যাওঁ।” তেখেতে এজোপা ডাঙৰ গছৰ কাষলৈ নি দেখুৱাইছিল গছৰ পাত কেনেকৈ লৰে, গছৰ ডাল পাত শিপা, ফুল, গা-গছৰ লগত কোনটোৰ কি সম্পৰ্ক, বতাহ জোৰ নে বেগী সেই অনুযায়ী পাতবোৰৰ নাচোন কেনেকৈ সুকীয়া সুকীয়া হয় ইত্যাদি দেখুৱাইছিল। ল’ৰা ছোৱালীৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি প্ৰতিদিনে কিবা অলপ সাগৰৰ পৰা আৰু কিবা অলপ পাহাৰৰ পৰা নিবলৈ বুলি বুজাই দিছিল সুষম আহাৰৰ অভ্যাস।

ৰে’লৰ ডবাত শ্ৰেণীকোঠা, কোনো নিদিষ্ট ৰুটিন অবিহনে ল’ৰা ছোৱালীয়ে যেতিয়া মন কৰে তেতিয়াই সেই বিষয়বোৰ শিকোৱা, ল’ৰা ছোৱালীক ফুৰাবলৈ নি মুক্ত পৰিৱেশত বাস্তৱৰ আধাৰত শিক্ষা দিয়াৰ কৌশল, শাস্তিৰ পৰিৱৰ্তে তেওঁলোকক মনেৰে পৰিশীলীত হোৱাৰ সুযোগ দিয়া, ইত্যাদি অনেক কাৰণত ত’মে’ গাকুৱেন হৈ পৰিছিল এখন অসাধাৰণ স্কুল। সেইবাবে আন স্কুলৰপৰা বহিষ্কাৰ হোৱা বা এৰি অহা ল’ৰা ছোৱালীয়েও ছুটি হ’লেও কোনো ঘৰলৈ ঘূৰি যাব নুখুজিছিল। আৰু ৰাতিপুৱা স্কুল পাবলৈ অধৈৰ্য হৈ পৰিছিল। সেইখন আছিল তেনেধৰণৰ স্কুল।

কিন্তু দুখৰ বিষয় ত’মে’ গাকুৱেনৰ আয়ুস কাল আছিল অতি চুটি। ১৯৩৭ চনত আৰম্ভ কৰা এই স্কুলখন বিশ্বযুদ্ধৰ বিভীষিকাই নিশেষ কৰি পেলালে। ১৯৪৫ চনত হোৱা বিমান আক্ৰমণত জুই লাগি ত’মে’ ধ্বংস হৈ গ’ল। সেয়ে লেখিকাই দুখেৰে উল্লেখ কৰিছে- “মই যেতিয়া ভাবোঁ যে যুদ্ধ নলগা হ’লে আৰু কিমান ল’ৰা ছোৱালী যে তেখেতৰ (ক’বায়াশ্বি) তত্ত্ববধানলৈ আহিব পাৰিলেহেঁতেন, তেতিয়া মই এই অপচয়ৰ বাবে ব্যথিত হৈ পৰোঁ।”[4]

স্কুলৰ প্ৰতিষ্ঠাপক ক’বায়াশ্বি[সম্পাদনা কৰক]

শ্ৰীযুত ক’বায়াশ্বি বিশ্বৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ বাবে এক আদৰ্শ হিচাপে গণ্য হৈছে। এই শিক্ষাবিদজনৰ জন্ম হয় ১৯৯৩ চনৰ ১৮ জুনত টকিঅ'ৰ উত্তৰ পশ্চিম অঞ্চলত এটি দৰিদ্ৰ কৃষক পৰিয়ালত। পৰিয়ালৰ ছজন সন্তানৰ ভিতৰত তেওঁ কনিষ্ঠ। প্ৰাথমিক শিক্ষা সাং কৰিয়েই তেওঁ এজন সহকাৰী শিক্ষক হিচাপে কাম কৰে। পাছত টকিঅ'ৰ এখন প্ৰথমিক স্কুলত শিক্ষকতা কৰিবলৈ লোৱাৰ সমান্তৰালভাৱে সংগীত শিক্ষাও গ্ৰহণ কৰি থাকে। প্ৰকৃতি আৰু সংগীতৰ প্ৰতি তেখেতৰ তীব্ৰ আকৰ্ষণ আছিল। তেওঁ এই আকৰ্ষণৰ বলতে জাপানৰ অতি বিখ্যাত সঙ্গীত বিদ্যালয়– বৰ্তমানৰ টকিঅ' সুকুমাৰ কলা আৰু সংগীত বিদ্য়ালয়ৰ সংগীত শিক্ষা বিভাগত নামভৰ্তী কৰেগৈ। তাৰ শিক্ষা সাং কৰিয়েই তেওঁ ছেইকে প্ৰাথমিক বিদ্যালয়ত সংগীৰ শিক্ষক হিচাপে নিযুক্ত হয়। এই ছেইকে প্ৰাথমিক বিদ্যালয়েই আছিল কাবায়শ্বিৰ জীৱনৰ সন্ধিক্ষণৰ মূল কাৰক। এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল হাৰুজি নাকামুৰা নামৰ এজন মহান ব্যক্তিয়ে। নাকামুৰাই তেওঁৰ বিদ্যালয়খনৰ শ্ৰেণীবোৰ সৰু সুৰুকৈ ৰাখিছিল আৰু শিশুৰ ব্যক্তিত্ব বিকশিত কৰিবলৈ আৰু আত্মসন্মানবোধ বঢ়াবলৈ এটা যথেষ্ট মুক্ত পৰিৱেশ আৰু পাঠ্যক্ৰমৰ পোষকতা কৰিছিল। পঢ়াশুনাৰ কাম পুৱাবেলা কৰা হৈছিল। আবেলিবোৰ ফুৰা, গছপুলি সংগ্ৰহ কৰা, ছবি অকাঁ, গান গোৱা আৰু প্ৰধান শিক্ষকৰ আলোচনা শুনাৰ কামত লগোৱা হৈছিল। তেখেতৰ শিক্ষা প্ৰণালীৰ দ্বাৰা প্ৰভাৱান্বিত হৈ পাছলৈ ক’বায়াশ্বিয়ে স্থাপন কৰা ত’মে’ত একেধৰণৰ পাঠ্যক্ৰম চলাইছিল।

ছেইকেত সংগীত শিক্ষক হৈ থাকোঁতেই ক’বায়াশ্বিয়ে ছাত্ৰ-ছাত্ৰীয়ে অনুষ্ঠিত কৰিব পৰা এখন লঘু নাটিকা লেখে। এই সংগীত নাটিকাখনিয়ে জাপানৰ বৃহৎ উদ্যোগ প্ৰতিষ্ঠান মিৎছুবিছিৰ এজন উদ্যোগপতি বেৰন ইৱাছাকিক মুগ্ধ কৰে। তেওঁ কলা-সংগীতৰ পৃষ্ঠপোষক হোৱাৰ লগতে ক’বায়াশ্বিক বিভিন্ন ধৰণৰ শিক্ষাপদ্ধতিৰ বিষয়ে অধ্যয়ন কৰিবলৈ দুবছৰৰ বাবে ইউৰোপলৈ পঠায়। ১৯২২ চনৰ পৰা ১৯২৪ চনলৈ তেওঁ ইউৰোপত থাকি প্ৰাথমিক শিক্ষাৰ বিভিন্ন দিশ অধ্যয়ন কৰে। উভতি আহি ছেইকে কিণ্ডাৰগাৰ্টেন প্ৰতিষ্ঠা কৰে। ১৯৩০ চনত তেওঁ পুনৰ ইউৰোপলৈ যায়। শিক্ষা সম্পৰ্কীয় নানা দিশ অধ্যয়ন কৰি উভতি আহে। ১৯৩৭ চনত ত’মে’ গাকুএন আৰম্ভ কৰাৰ উপৰিও তেখেতে জাপান ইউৰিদমিকছ এছছিয়েশ্যন স্থাপন কৰে। জাপানত ইউৰিদমিকছৰ প্ৰতিষ্ঠাতা আৰু যুদ্ধৰ পিছত কুনিতাচ্চি সঙ্গীত মহাবিদ্যায়ক লৈ কৰা কাম কাজৰ বাবেই তেওঁ অধিক পৰিচিত। ক’বায়াশ্বিৰ মৃত্যু হয় ১৯৬৩ চনত।

লেখিকাৰ পৰিচয়[সম্পাদনা কৰক]

তেৎছুকো কুৰ’য়ানাগিৰ স্কুলৰ দিনৰ অভিজ্ঞতাই হ’ল ত’ত্ত–চ্চানৰ মূল বিষয়বস্তু। তেৎছুকো কুৰ’য়ানাগিয়েই হ’ল সৰু কালৰ ত’ত্ত’–চ্চান। ত’ত্ত’–চ্চানক প্ৰথমে এখন বিদ্য়ালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছিল। কিয়নো তেওঁ পঢ়াৰ সময়ত নানা ধৰণৰ নকৰিবলগীয়া কামবোৰ কৰি ফুৰিছিল। যেনে- খিৰিকিৰে বাহিৰলৈ চাই থকা, বাটেৰে পাৰহৈ যোৱা বাজানা বজোৱা দলবোৰক মাতি অনা, টেবুলৰ ড্ৰয়াৰটো অনবৰতে জপোৱা বন্ধ কৰা আদি কৰি ফুৰা ইত্যাদি। সেয়ে মাকে তেওঁক ত’মে’ গাকুৱেনত নাম লগাই দিয়ে। ত’মে’ৰ মুকলিমুৰীয়া শিক্ষা ব্যৱস্থাই তেওঁৰ জীৱনলৈ অভাৱনীয় পৰিৱৰ্তন আনে। পাছলৈ তেওঁ অভিনয়, টেলিভিছন আৰু লিখা মেলাৰ লগত জড়িত হয়। ত’ত্ত’–চ্চানৰ প্ৰকাশে তেৎছুকো কুৰ’য়ানাগিৰ জীৱনেই সলনি কৰা বুলিব পাৰি। গ্ৰন্থখনৰ জৰিয়তে তেওঁ বিশ্ববাসীৰ অতি পৰিচিত ব্যক্তিত্বত পৰিণত হয়। ত’ত্ত’–চ্চানৰ ৰয়েল্টিৰ ধনেৰে তেওঁ তত্ত-ন্যাস নামেৰে সমাজকল্যাণ সংস্থাৰ জন্ম দিয়ে। এই ন্যাসৰ উদ্দেশ্য হ’ল জাপানৰ বধিৰ অভিনেতাসকলৰ বাবে কাম কৰা। জাপানৰ বিভিন্ন বঁটা-সন্মানো তেওঁ লাভ কৰিছে। কুৰ’য়ানাগি ইউনিছেফৰ শুভেচ্ছা ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি পায়।

সফলতা[সম্পাদনা কৰক]

১৯৮২ ত প্ৰথম প্ৰকাশ হোৱাৰ পাছতে গ্ৰন্থখন বিশ্বৰ বিভিন্ন ভাষালৈ অনুবাদ হয়। জাপানত প্ৰথম বছৰতে গ্ৰন্থখনৰ পঞ্চল্লিছ লাখ কপি বিক্ৰী হৈছিল। গ্ৰন্থখনৰ ইংৰাজী অনুবাদ কৰে ডৰথি ব্ৰিটনে। গ্ৰন্থখনে এবছৰতে অকল জাপানতে প্ৰায় চাৰি লাখ কপি বিক্ৰী হয়। ত’ত্ত’–চ্চানৰ বাবেই তেৎছুকো কুৰ’য়ানাগি ইউনিছেফৰ শুভেচ্ছা ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত হোৱা বুলি লেখিকাই তেওঁৰ গ্ৰন্থৰ পাতনিত উল্লেখ কৰিছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Walker, James. "BIG IN JAPAN: Tetsuko Kuroyanagi". metropolis.co.jp. Archived from the original on 2008-06-12. https://web.archive.org/web/20080612050007/http://metropolis.co.jp/biginjapanarchive349/346/biginjapaninc.htm। আহৰণ কৰা হৈছে: 2008-11-06. 
  2. Otake, Tomoko (September 16, 2000). "UNICEF ambassador blames politics for plight of children". www.japantimes.co.jp. http://search.japantimes.co.jp/cgi-bin/nn20000916b4.html। আহৰণ কৰা হৈছে: 2008-11-06. 
  3. Chira, Susan (November 21, 1982). "GROWING UP JAPANESE". www.nytimes.com. https://query.nytimes.com/gst/fullpage.html?res=9B01E6DB1539F932A15752C1A964948260। আহৰণ কৰা হৈছে: 2008-11-06. 
  4. 4.0 4.1 পাতনি, ত'ত্ত'-চ্চান. 
  5. তেৎছুকো কুৰ’য়ানাগিৰ ত’ত্ত’–চ্চান গ্ৰন্থৰ তোষপ্ৰভা কলিতাই কৰা অসমীয়া অনুবাদ, নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া, প্ৰথম প্ৰকাশ ১৯৯৮ চন

বাহ্যিক সংযোগ[সম্পাদনা কৰক]