অশোকৰ অনুশাসন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিহাৰৰ এক স্তম্ভত অশোকৰ অনুশাসন

অশোকৰ অনুশাসন (ইংৰাজী: Edicts of Ashoka) হ'ল মৌৰ্য সম্ৰাট অশোকৰ দ্বাৰা লিখোৱা কেতবোৰ নীতি নিৰ্দেশনামূলক বাণীৰ সমষ্টি। সাম্ৰাজ্যৰ প্ৰান্তৱৰ্তী স্থানসমূহত ডাঙৰ শিলৰ ওপৰত; সাম্ৰাজ্যৰ মধ্যৱৰ্তী প্ৰধান প্ৰধান স্থানসমূহত সৰু শিলাখণ্ডৰ ওপৰত; প্ৰধান প্ৰধান বৌদ্ধ কেন্দ্ৰসমূহত স্তম্ভ প্ৰতিষ্ঠা কৰি স্তম্ভৰ গাত জনসাধাৰণৰ কৰণীয় আৰু পালনীয় নীতি আদৰ্শমূলক নানা কথা খোদিত কৰা অশোকৰ বাণী বা উক্তিসমূহেই হ'ল- 'অশোকৰ অনুশাসন' বা 'অশোকৰ প্ৰত্নলিপি'।

পটভূমি[সম্পাদনা কৰক]

অন্য এক শিলালিপি

কলিংগ যুদ্ধ অশোকৰ জীৱনৰ সন্ধিকাল। এই যুদ্ধৰ পৰিণামৰ পৰা অশোক এজন শাসনকৰ্তাৰ পৰা মহামতি অশোকলৈ উত্তৰণ ঘটাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। লক্ষাধিক লোকৰ কৰুণ মৃত্যু আৰু নিৰ্মম আঘাতৰ যন্ত্ৰণা প্ৰত্যক্ষ কৰি তেওঁৰ হৃদয় মৰ্মস্তুদ বেদনাৰে ক্ষত-বিক্ষত হৈ পৰিল। বিৰাট এক ধ্বংসৰ অনুতাপত দগ্ধ হৈ এই গ্লানিকৰ যন্ত্ৰণাৰ পৰা মুক্তি বিচাৰি বুদ্ধদেৱৰ পাছৰ ষষ্ঠজন ধৰ্মগুৰু উপগুপ্তৰ ওচৰত দীক্ষা গ্ৰহণ কৰে। তেতিয়াৰ পৰা অশোকে বুদ্ধ প্ৰচাৰিত প্ৰেম আৰু কৰুণা, অহিংসা আৰু মৈত্ৰীৰ ভাবধাৰাৰে আত্ম-শুদ্ধিৰ বাট বিচাৰি লয়। বুদ্ধ-ধৰ্ম-সংঘৰ একান্ত অনুগামী হৈ নিধ্যানৰ দ্বাৰা সৰ্বমানৱৰ কল্যাণৰ চিন্তাত নিজকে প্ৰবৃত্ত কৰে। তেওঁ কপিলাবস্তু, কুশীনগৰ, লুম্বিনী, বুদ্ধগয়া আদি তীৰ্থ ভ্ৰমণ কৰাৰ কথা জনা যায়। অশোকে সাম্ৰাজ্যৰ বিভিন্ন স্থানত ৮৪ হাজাৰ বৌদ্ধ বিহাৰ নিৰ্মাণ কৰোৱাই বৌদ্ধ ধৰ্ম প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এখন মানৱতাবাদী সমাজ গঢ়ি তুলিবৰ বাবে আনকি জীৱ-জন্তুৰ বাবেও এটা প্ৰেমময় বাতাবৰণ ৰচিবৰ বাবে আশোক বদ্ধপৰিকৰ হোৱাৰ কথা তেওঁৰ শিলালিপিসমূহৰ পৰা জনা যায়। সাম্ৰাজ্যৰ সাধাৰণ প্ৰজাবৃন্দক আৰু সাম্ৰাজ্যৰ দাঁতি-কাষৰীয়া ৰাজ্যসমূহৰ জনসাধাৰণকো এক সৎ, শুদ্ধ আৰু পৰিশীলিত জীৱনবোধেৰে পৰিচালিত কৰিবলৈ বিচাৰিছিল। অশোকৰ উদ্দেশ্য আছিল যুদ্ধজয়ৰ নৃশংসতাৰ ওপৰত অথবা ক্ষমতাৰ শাসনত মানৱ সমাজ প্ৰতিষ্ঠিত নহৈ নীতি আৰু ধৰ্মৰ শাসনৰ ওপৰত প্ৰতিষ্ঠিত হয়। এই উদ্দেশ্যৰে বিভিন্ন স্থানত তেওঁ অনুশাসন লিখোৱাই প্ৰজাক সেইবোৰ মানি চলিবলৈ নিৰ্দেশ দিছিল।

অনুশাসনৰ প্ৰকাৰ আৰু স্থানসমূহ[সম্পাদনা কৰক]

অশোকৰ প্ৰধান শিলালিপিসমূহৰ অৱস্থান

অশোকৰ শিলালিপিসমূহৰ ভিতৰত 'বৃহৎ শিলানুশাসন' নামে পৰিচিত লিপিসমূহ উত্তৰ পশ্চিম সীমান্তৰ হাজৰা জিলাৰ মানসেহ্‌ৰা আৰু পেছোৱাৰৰ ওচৰৰ শাহবাজগঢ়ীত; পশ্চিম সীমান্তৰ আৰব সাগৰৰ তীৰত মহাৰাষ্ট্ৰৰ থানে জিলাৰ সোপৰা আৰু গুজৰাটৰ কাঠিয়াৱাড়াৰ অন্তৰ্গত জুনাগড় অঞ্চলৰ গিৰ্ণাৰত; উত্তৰ সীমান্তৰ উত্তৰ প্ৰদেশৰ ডেৰাডুন জিলাৰ কালছীত; দক্ষিণৰ অন্ধ্ৰপ্ৰদেশৰ য়েৰ্‌ৰাগুড়িত আৰু দক্ষিণ পূব সীমান্তৰ বঙ্গোপসাগৰৰ তীৰস্থ, বৰ্তমানৰ উৰিষ্যাৰ পুৰী জিলাৰ ধৌলি আৰু গঞ্জাম জিলাৰ জৌগড় পাহাৰত এই শিলালিপিসমূহ লিখোৱা হৈছিল।

অশোকৰ শিলালিপি বুলিলে সাধাৰণভাৱে চৈধ্যখন সৰু ডাঙৰ লিপি বা অনুশাসনৰ কথা বুজায়। অৱশ্যে কলিংগৰ অনুশাসনখন কিছু ব্যতিক্ৰম। মানসেহ্‌ৰা, শাহবাজগঢ়ী, গিৰ্ণাৰ, কালছী আদিত সম্পূৰ্ণ চৈধ্যখন অনুশাসন পোৱা গৈছে। কিন্তু ধৌলি আৰু জৌগড়ত ১নংৰ পৰা ১০নং পৰ্যন্ত আৰু ১৪নং অনুশাসনসহ মুঠ ১১খন অনুশাসন আছে। কলিংগ ৰাজ্যত স্থাপিত কাৰণেই হয়তো মাজৰ তিনিখন অনুশাসন ইয়াত লিপিবদ্ধ কৰা হোৱা নাছিল। কিয়নো এই তিনিখনৰ বিশেষকৈ ১৩নং অনুশাসনত কলিংগ যুদ্ধৰ বিৱৰণ, সম্ৰাটৰ হৃদয় পৰিৱৰ্তন আদিৰ কথা বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে। সেয়েহে কলিংগবাসীৰ মনত যুদ্ধৰ বিভীষিকাৰ স্মৃতি পুনৰ জগাই নুতুলিবলৈকে ১১নংৰ পৰা ১৩নং লৈকে অনুশাসনকেইখন ইয়াত লিপিবদ্ধ নকৰি তাৰ পৰিৱৰ্তে বেলেগ দুখন অনুশাসনহে খোদিত কৰা হৈছে। বেলেগ ঠাইত নথকা মাত্ৰ কলিংগ ৰাজ্যতহে খোদিত এই দুখন অনুশাসনত সকলো প্ৰজা তেওঁৰ (সম্ৰাটৰ) পুত্ৰ স্বৰূপ বুলি উল্লেখ কৰি ইহলোক আৰু পৰলোকত সুখপ্ৰাপ্তি কামনা কৰি কলিংগবাসীক অভয় দান তথা কল্যাণকামী মনোভাব পোষণ কৰি তেওঁলোকৰ মনৰ শংকা নিবাৰণৰ প্ৰয়াস কৰা হৈছে।[1]

অনুশাসনৰ বিষয়বস্তু[সম্পাদনা কৰক]

চৈধ্যখন অনুশাসনৰ লগতে কলিংগৰ পৃথক অনুশাসন দুখনকো ধৰি মুঠ ষোল্লখন অনুশাসনৰ বিষয়বস্তু বহু ব্যাপক। অনুশাসনসমূহৰ জৰিয়তে জীৱহত্যা নিবাৰণ, সামাজিক উৎসৱ আদি নিষিদ্ধকৰণ, চিকিৎসালয় খোলা, বৃক্ষৰোপণ, পুখুৰী খন্দা আদি জনহিতকৰ কাৰ্যৰ ব্যৱস্থা কৰা, সাধু ব্যৱহাৰেৰে ধৰ্মগুণৰ উৎকৰ্ষ সাধন কৰা, ধৰ্ম ৰক্ষাৰ্থে বিবিধ বিষয়া নিয়োগ কৰা, আন ধৰ্মৰ প্ৰতি সহিষ্ণু হোৱা, সমাজৰ সকলো সম্প্ৰদায়ৰ জনসাধাৰণৰ লগত শান্তিপূৰ্ণসহ অৱস্থানেৰে সহৃদয়তা স্থাপন কৰা ইত্যাদি নানা কথা লিপিবদ্ধ কৰাৰ উপৰিও ধৰ্মপ্ৰচাৰত অশোকৰ অংশগ্ৰহণ, অনুশাসনসমূহ লেখোৱাৰ উদ্দেশ্য, অনুশাসনসমূহৰ প্ৰচাৰ আৰু ৰক্ষা কৰাত বিবিধ ব্যৱস্থা গ্ৰহণ আদিৰ কথাও প্ৰকাশ কৰা হৈছে।

পুনৰুদ্ধাৰ আৰু সংৰক্ষণ[সম্পাদনা কৰক]

ধৰ্ম, ইতিহাস, কলা, ভাষাতত্ত্ব সকলো দিশৰপৰা অতি মূল্যবান অশোকৰ প্ৰত্নলেখসমূহ অশোকৰ মৃত্যুৰ (খ্ৰীঃপূঃ ২৩২) কিছুকালৰ পাছতেই বিশেষকৈ মৌৰ্য ৰাজবংশ শেষ হোৱাৰ পাচতেই অৱহেলিত হৈ জনচক্ষুৰ পৰা হেৰাই গৈছিল। উনবিংশ শতিকাৰ ব্ৰিটিছ ৰাজত্বকালত হোৱা বিভিন্ন সামৰিক অভিযান, সেনাৰ চাউনী প্ৰতিষ্ঠা আদিৰ ফলত এইবোৰ ক্ৰমান্বয়ে আৱিষ্কাৰ হ'বলৈ ধৰে। বিশেষকৈ ১৮৩৭ চনত জেমছ প্ৰিন্সেপে (James Princep; ১৭৯৯-১৮৪০) অশোকৰ লিপিৰ প্ৰথম পাঠ উদ্ধাৰ কৰে। ফলত এইবোৰৰ প্ৰতি বিদ্বৎ সমাজৰ চকু মুকলি হয়।[1]

বৰ্তমান এই শিলালিপিসমূহ ভাৰতীয় প্ৰত্নতত্ত্ব বিভাগৰ দ্বাৰা সংৰক্ষিত কৰি ৰখা হৈছে।

চিত্ৰ ভঁ‌ৰাল[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 ঠাকুৰ, নগেন (১৯৯০). অশোকৰ অনুশাসনমালা (প্ৰথম প্ৰকাশ সম্পাদনা). প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন.