মৃণাল তালুকদাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৃণাল তালুকদাৰ
বাসগৃহ গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
পেচা লেখক-সাংবাদিক, তথ্যচিত্ৰ নিৰ্মাতা
সক্ৰিয় হৈ থকা সময় ১৯৯০
গৃহস্থান গুৱাহাটী
দূৰদৰ্শন প্ৰতিদিন টাইম

মৃণাল তালুকদাৰ হৈছে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, লেখক আৰু তথ্যচিত্ৰ নিৰ্মাতা। তেওঁ নিজকে এগৰাকী কৃষক হিচাপে চিনাকি দিও ভাল পায়।[উদ্ধৃতিৰ প্ৰয়োজন]

জন্ম আৰু পৰিচয়[সম্পাদনা কৰক]

তেখেতৰ জন্ম হৈছিল গুৱাহাটী চহৰত। তেখেতৰ পিতৃ নন্দ তালুকদাৰ এগৰাকী গৱেষক আৰু সাহিত্যিক আছিল।

শিক্ষা আৰু কৰ্মজীৱন[সম্পাদনা কৰক]

মৃণাল তালুকদাৰে কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰাৰ পাছত আৰ্যবিদ্যাপীঠ কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ১৯৮৯ চনত তেখেত দ্যা ছেণ্টিনেল কাকতৰ উপ-সম্পাদক হিচাপে সাংবাদিক জীৱনৰ আৰম্ভণি কৰে। ইয়াৰ পাছত তেখেত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ৰ পৰা গণমাধ্যম বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।

১৯৯০-৯১ চনত তেওঁ‌ দ্যা মেঘালয়ান গাৰ্ডিয়ান আৰু দ্যা নৰ্থইষ্ট টাইমছ নামৰ দুখন কাকতত ষ্টাফ ৰিপৰ্টাৰ হিচাপে কাম কৰে। ১৯৯২ চনত তেওঁ দ্যা আছাম ট্ৰিবিউন কাকতৰ ষ্টাফ ৰিপৰ্টাৰ হিচাপে কাম কৰে। ইয়াত কিছুদিন কাম কৰাৰ পাছত তেখেতে দ্যা ইউনাইটেড নিউজ অৱ্ ইণ্ডিয়া নামৰ বাতৰি সংস্থা এটাৰ গুৱাহাটীৰ কাৰ্যালয়ত মুখ্য সংবাদদাতা হিচাপে যোগদান কৰে। কেইবছৰমান কাম কৰাৰ পাছত তালুকদাৰে সংস্থাটো ত্যাগ কৰে আৰু নিজৰ লিখা-মেলা আৰু গৱেষণাত মনোনিৱেশ কৰে।[1] বৰ্তমান তেওঁ প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক হিচাপে কৰ্মৰত।

তথ্যচিত্ৰ[সম্পাদনা কৰক]

  • In search of a job[2]
  • Road to China[3]

প্ৰকাশিত গ্ৰন্থ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Jain,Nehal (১৩ ছেপ্টেম্বৰ,২০১৮). "meet Mrinal Talukdar". Gplus. https://www.guwahatiplus.com/article-detail/meet-mrinal-talukdar-journalist-by-profession-farmer-by-passion। আহৰণ কৰা হৈছে: 29 May 2020. 
  2. "Assam tuskers to grace Hollywood fest". Hindustantimes. ১০ মাৰ্চ,২০০৬. https://www.hindustantimes.com/india/assam-tuskers-to-grace-hollywood-fest/story-QRW6t2piTHco5ezDPEbltL.html। আহৰণ কৰা হৈছে: 31 May 2020. 
  3. Sharma,Manimugdha S (৬মে ,২০১২). "Found! hidden road to China". timesofindia. https://timesofindia.indiatimes.com/home/sunday-times/deep-focus/Found-hidden-road-to-China/articleshow/13016402.cms। আহৰণ কৰা হৈছে: 31 May 2020.