নীলোৎপল বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নীলোৎপল বৰা
জন্ম যোৰহাট
পেচা কণ্ঠশিল্পী,সংগীত ব্যৱস্থাপক,সংগীত পৰিচালক
বাদ্যযন্ত্ৰ তবলা,হাৰমণিয়াম,কীব'ৰ্ড,গীটাৰ


নীলোৎপল বৰা এজন ভাৰতীয় কণ্ঠশিল্পী,সুৰকাৰ,গীতিকাৰ,সংগীত ব্যৱস্থাপক আৰু সংগীত পৰিচালক। ২০১৭ চনত মুক্তিপ্ৰাপ্ত মাজুলী শীৰ্ষক গীতটোৰ জৰিয়তে তেওঁ শ্ৰোতা-দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

যোৰহাটৰ এক সাংগীতিক পৰিয়ালত বৰাৰ জন্ম হয়। বৰাই যোৰহাটৰ জোনাকী সংঘ বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পাছত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা আৰু গুৱাহাটীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পৰা ডিপ্লমা গ্ৰহণ কৰে।

সাংগীতিক জীৱন[সম্পাদনা কৰক]

সাংগীতিক কেৰিয়াৰৰ আৰম্ভণিৰ সময়ত নীলোৎপল বৰাই কেইবাখনো অসমীয়া ধাৰাবাহিকত আৱহসংগীতৰ কাম কৰাৰ লগতে সংগীত ব্যৱস্থাপক হিচাপে কাম কৰিছিল। ২০১৩ চনত তেওঁৰ প্ৰথম এলবাম ছেভেন আনপ্লাগ্‌ড মুক্তি পায়।[1] ইয়াৰপাছতেই বৰা মুম্বাইলৈ যায় আৰু সংগীত ব্যৱস্থাপক হিচাপে কিছুদিন কাম কৰে । ২০১৭ চনত তেওঁ দ্বিতীয়খন এলবাম পঞ্চম মুক্তি পায়।

সংগীতপঞ্জী[সম্পাদনা কৰক]

সংগীতৰ এলবামসমূহ[সম্পাদনা কৰক]

সংগীত পৰিচালনা আৰু কণ্ঠদান

  • ছেভেন আনপ্লাগ্‌ড
  • পঞ্চম

চলচ্চিত্ৰ সংগীত[সম্পাদনা কৰক]

চন চলচ্চিত্ৰ গীত পৰিচালক সংগীত পৰিচালক
২০১৭ দূৰ বিচৰা সময় কংকন ৰাজখোৱা নীলোৎপল বৰা
২০১৭ শৈশৱতে ধেমালিতে এমুঠি বিদ্যুৎ কটকী অনুৰাগ শইকীয়া

ৱেব ছিৰিজ[সম্পাদনা কৰক]

  • য়ে মেৰি ফেমিলী
  • ট্ৰিপলিং ছিজন-২

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Dutta,Reema. "“মাজুলী” টু “মুম্বাই”ঃ নীলোৎপল বৰাৰ শুভ জন্মদিন-". rupaliparda. https://rupaliparda.com/archives/9952। আহৰণ কৰা হৈছে: 19 June 2020.