ৰাজেন ৰাভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজেন ৰাভা
জন্ম ১৮ ছেপ্টেম্বৰ, ১৯২০
মৃত্যু ৬ জুন, ১৯৯৯ (৭৮ বছৰ)
পেচা শিক্ষক, সাহিত্যিক, সমাজ সেৱক
ভাষা অসমীয়া, ৰাভা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখযোগ্য বঁটা কৃতী শিক্ষকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ (১৯৮৬), সাহিত্যিক পেঞ্চন (১৯৮৬), কমল নাৰায়ণ চৌধুৰী বঁটা (১৯৮৮), ডালিম কুমাৰ মেধি বঁটা (১৯৯৯)
আত্মীয়-স্বজন আলুৰাম ৰাভা (পিতৃ) আৰু ফেলো (ফুলেশ্বৰী) ৰাভা (মাতৃ)[1]

ৰাজেন ৰাভা (ইংৰাজী: Rajen Rabha) আছিল গোৱালপাৰা জিলাদুধনৈৰ এগৰাকী শিক্ষক, সাহিত্যিক, সমাজ সেৱক। তেওঁৰ 'ৰাভা জনজাতি' এখনি উচ্চস্তৰৰ সাংস্কৃতিক গৱেষণা গ্ৰন্থ।[1]

জন্ম[সম্পাদনা কৰক]

গোৱালপাৰা জিলাৰ দুধনৈ অঞ্চলৰ ভেদেয়াপাৰা গাঁৱত ১৯২০ চনৰ ১৮ চেপ্তেম্বৰত ৰাজেন ৰাভাৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম লেন্সনায়ক আলুৰাম ৰাভা আৰু মাতৃৰ নাম আছিল ফেলো (ফুলেশ্বৰী) ৰাভা।[1][2]

শিক্ষকতা[সম্পাদনা কৰক]

চিলুক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক (১৯৪৩-৪৪), জয়ৰামকুচি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক (১৯৫২), খাৰা বালিকা সংযুক্ত মজলীয়া বিদ্যালয় আৰু শালপাৰা - কালপানী চিনিয়ৰ বেচিক স্কুললৈ বদলি আৰু অৱসৰ (১-১-১৯৮৬)[1]

সাহিত্য-চৰ্চা[সম্পাদনা কৰক]

সাহিত্য চৰ্চা ৰাজেন ৰাভাৰ প্ৰতিভাৰ আন এক উজ্জ্বল দৃষ্টান্ত। ৰাভাই 'ৰজত ৰাভা' ছদ্মনামেৰে 'কছাৰী প্ৰবন্ধৰ বিষয়ে' শীৰ্ষক প্ৰবন্ধৰ যোগেদি 'ৰামধেনু'ত আত্মপ্ৰকাশ কৰে।[2] 'অসম সাহিত্য সভা পত্ৰিকা', 'প্ৰকাশ', 'প্ৰান্তিক' আদি বিভিন্ন আলোচনীৰ যোগেদি তেওঁৰ গৱেষণাধৰ্মী প্ৰবন্ধৰাজী প্ৰকাশ পায়। 'ৰাভা জনজাতি' (১৯৭৪), 'ৰাভা সাধু' (১৯৭৭-৯০), 'ৰাভা শব্দ সম্ভাৰ' (১৯৮২), 'ৰাভা ব্যাকৰণ - প্ৰথম ভাগ' (১৯৮১), 'ঘটোৎকচবধ' (১৯৯১), 'ৰাভা লোকগীত' (২০০১), 'ডি ৰাভাচ্‌' আদি তেওঁৰ সাহিত্য সম্ভাৰ। তেওঁৰ দ্বাৰা সম্পাদিত সাহিত্য কৰ্ম হৈছে 'কিশলয়' (১৯৫৫-৫৭), আৰু 'উদয়ন' (১৯৫৫-৫৬)। ইয়াৰ উপৰি ৰাভাদেৱৰ কিছু ৰচনা পাণ্ডুলিপি অৱস্থাত আছে।[2]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • কৃতী শিক্ষকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ (১৯৮৬)
  • সাহিত্যিক পেঞ্চন (১৯৮৬)
  • কমল নাৰায়ণ চৌধুৰী বঁটা (১৯৮৮)
  • ডালিম কুমাৰ মেধি বঁটা (১৯৯৯)

অভিমত[সম্পাদনা কৰক]

  • “অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত 'ৰাভা জনজাতি' এখনি উচ্চস্তৰৰ সাংস্কৃতিক গৱেষণা গ্ৰন্থ”[টোকা 1]
  • “কিছু মানুহ থাকে যি বাণীকান্ত কাকতিৰ ভাষাত 'নীৰৱ সাধনা' কৰে। আজীৱন শিক্ষক আৰু শিক্ষা ব্ৰতী ৰাজেন ৰাভা তেনে এজন নীৰৱ কৰ্মী।”[টোকা 2]
  • “নিজলৈ নেচাই তেওঁ লাভ কৰা বিশ্ববিদ্যালয়ৰ উচ্চতম শিক্ষালব্ধ জ্ঞানেৰে অঞ্চলটিৰ জনশক্তিক কৰ্মমুখী বুনিয়াদী শিক্ষা দি কৰ্মশক্তিত ৰূপান্তৰ কৰিবলৈ আত্মোৎসৰ্গ কৰিছিল। জীৱনৰ বিবিধ সংঘাত আৰু প্ৰতিকুল অৱস্থা অতিক্ৰম কৰি নিজৰ কঠোৰ শ্ৰমেৰে নিজক প্ৰতিষ্ঠিত কৰা শ্ৰীৰাভা আজিৰ যুগত বিভ্ৰান্ত যুৱক-যুৱতীসকলৰ বাবে এক আলোক বৰ্তিকা, এক নিদৰ্শন, এক আদৰ্শ।”[টোকা 3]
  • “ৰাজেন ৰাভা আমাৰ ভাষা-সাহিত্যৰ এগৰাকী মহৎ পৰ্যায়ৰ একনিষ্ঠ সেৱক আছিল।”[টোকা 4]
  • “দুধনৈক কেন্দ্ৰ কৰি ৰাভা ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চা-অধ্যয়ন তথা ৰাভা সমাজক উচ্চ বিদ্যায়তনিক স্থান দিবলৈকে তেওঁৰ অহৰহ প্ৰচেষ্টা সাধন সদৌ অসমীয়া ভাষা-সাহিত্য সংস্কৃতিৰ পৰিপূৰক ৰূপে যুগে যুগে সমাদৃত হ'ব বুলিয়ে আমাৰ ধাৰণা।”[টোকা 5]
  • “ৰাজেন ৰাভা আছিল একেৰাহে কৃতী শিক্ষক, জ্ঞান পিপাসু অধ্যয়নশীল গৱেষক, সুসাহিত্যিক, ৰাভা জনজাতিৰ উন্নতিকামী প্ৰকৃত সমাজ-সেৱক আৰু মানৱপ্ৰেমী এগৰাকী অসাধাৰণ ব্যক্তি।”[টোকা 6]
  • “যিজন পুৰুষে অতি কষ্ট কৰি জীৱন নিৰ্বাহ কৰি সৰস্বতীৰ সাধনা কৰিছিল আৰু লক্ষ্মীৰ প্ৰতি আকৰ্ষিত নহৈছিল, সেইজন পুৰুষে সাহিত্য সাধনাৰ জৰিয়তে অসমীয়া সাহিত্যত বিশিষ্ট বৰঙনি যোগাই গ’ল, সেইজন সাহিত্য সাধকক অসমীয়া পাঠকে কোনোদিন পাহৰিব নোৱাৰিব।”[টোকা 7]
  • “যি নিষ্ঠা, যি একাগ্ৰতা, যি আত্মবিশ্বাসেৰে তেখেতে নিজৰ যত্নত উচ্চতম বিদ্যায়তনিক বিচক্ষণতা আয়ত্ত কৰিছিল সেয়া দেখাত সঁচাকৈ বিস্ময়কৰ। স্বোপাৰ্জিত অৰ্হতাৰে তেখেতে অতি সহজভাৱে অসমৰ সামাজিক আৰু বৌদ্ধিক জগতৰ নেতৃত্বৰ স্থানত সুপ্ৰতিষ্ঠিত হৈছিল।”[টোকা 8]
  • “ৰাভা-সংস্কৃতিৰ বিষয়ে ৰাজেন ৰাভাই কেইবাখনো প্ৰামাণিক গ্ৰন্থ অসমীয়াত ৰচনা কৰিছে। ড॰ মহেশ্বৰ নেওগ দেৱৰ অনুপ্ৰেৰণা আৰু তত্ত্বাৱধানত তেওঁ ৰাভা সমাজ আৰু সংস্কৃতিৰ বিষয়ে এখন গৱেষণা গ্ৰন্থ ইংৰাজীত ৰচনা কৰিবলৈ আৰম্ভ কৰিছিল। ড॰ নেওগৰ বিয়োগৰ পিছতেহে সেই কাম সমাধা কৰিলে। আশা কৰিছোঁ ৰাভাসকলৰ জীৱন আৰু সংস্কৃতিৰ বিষয়ে ভৱিষ্যত গৱেষণাকাৰীৰ বাবে সি এখন উত্তম ‘উৎস গ্ৰন্থ’ হিচাপে পৰিগণিত হ'ব।”[টোকা 9]
  • “His (Ragen Rabha’s) efforts helped rouse the Rabhas out of their century-old slumber and join the great race for modern consciousness and way of life that has drawn the ethnic societies in the North-East after Independence.”[টোকা 10]

মৃত্যু[সম্পাদনা কৰক]

১৯৯৯ চনৰ ৬ জুন তাৰিখে ৰাজেন ৰাভাৰ মৃত্যু হয় দুধনৈৰ অমৰাৱতীত।[1] মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ।

টোকা[সম্পাদনা কৰক]

  1. অসম সাহিত্য সভাৰ প্ৰশংসা-পত্ৰ (২১-২-৭৫)
  2. কমল নাৰায়ণ চৌধুৰী সোঁৱৰণী বঁটাৰ প্ৰশস্তি-পত্ৰ, ৩/৮/৮৮
  3. (ডালিম কুমাৰ মেধি বঁটাৰ প্ৰশস্তি, ১৮/২/৯৯)
  4. (শ্ৰী চন্দ্ৰপ্ৰসাদ শইকীয়া, ৭/৬/৯৯)
  5. (ড॰ প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য্য, ১১/৬/৯৯)
  6. (ড॰ ভুবনমোহন দাস, ১৩/৬/৯৯)
  7. (হিতেশ ডেকা, ১৪/৬/৯৯)
  8. (শ্ৰী বীৰেন্দ্ৰনাথ দত্ত, ১৬/৬/৯৯)
  9. (নৱকাস্ত বৰুৱা, ১৫/৬/৯৯)
  10. (Dr. Hiren Gohan, 13-6-99)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 ৰাভা, ৰাজেন (2002). ৰাভা জনজাতি. বীণা লাইব্ৰেৰী. https://archive.org/details/in.ernet.dli.2015.451564/page/n1/mode/2up। আহৰণ কৰা হৈছে: ২ জুন ২০২০. 
  2. 2.0 2.1 2.2 আহমেদ, ৰুকুনুদ্দিন (2014). ৰাজেন ৰাভা আৰু তেওঁৰ বহুল সমাদৃত গ্ৰন্থ 'ৰাভা জনজাতি' : এক চমু অৱলোকন; (আলোচনী : ছাংকিয়া). প্ৰকাশক Dhupdhara: Rabha Literary Society, Bikali College, Dhupdhara. পৃষ্ঠা. 21.