মানিক বড়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মানিক বড়া

মানিক বড়া
জন্ম ভবেন গোঁ‌হাই পথ, শিৱসাগৰ
মৃত্যু ৬ নৱেম্বৰ, ২০১৮
পেচা ঔপন্যাসিক, তথ্যচিত্ৰ নিৰ্মাতা তথা পৰিচালক, চিত্ৰনাট্যকাৰ, নাট্যকাৰ, গল্পকাৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়

মাণিক বড়া আছিল অসমৰ এগৰাকী সাহিত্যিক আৰু তথ্যচিত্ৰ নিৰ্মাতা আৰু পৰিচালক। ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত সন্ধ্যাৰাগ নামৰ চলচ্চিত্ৰতো তেওঁ মুখ্য সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। বড়াৰ উপন্যাসমূহৰ ভিতৰত 'বৈৰাগী বিহংগ' প্ৰধান। অসমৰ বিভিন্ন ঠাইৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰসমূহৰ বাবে তেওঁ‌ বিশেষভাৱে পৰিচিত। বড়াই বিস্ময় আলোচনীৰ সহকাৰী সম্পাদক ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

মাণিক বড়া মূলতঃ সাহিত্য ৰচনা আৰু তথ্যচিত্ৰ নিৰ্মাণৰ বাবে জনাজাত আছিল। তেওঁ‌ বিস্ময় আলোচনীত ধাৰাবাহিকভাৱে "গল্পৰ চলেৰে বুৰঞ্জী কোৱা" বৈৰাগী বিহংগ নামৰ এক উপন্যাস ৰচনা কৰিছিল। ১৯৮৩ চনত এই উপন্যাসখনক গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হয়। অসম আন্দোলনক প্ৰধান উপজীৱ্য হিচাপে লৈ বড়াই 'আকৌ শৰাইঘাট' নামেৰে আন এখন উপন্যাস ৰচনা কৰিছিল। ৭০-ৰ দশকত তেওঁ‌ বিস্ময়ৰ সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ লগতে তেওঁ 'ৰংঘৰ' নামৰ চলচ্চিত্ৰ বিষয়ক আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। তেওঁ চিত্ৰনাট্য আৰু নাটক ৰচনা কৰাৰ লগতে বহুসংখ্যক চুটিগল্পও ৰচনা কৰিছিল।

বড়াই ১৯৭৭ চনত মুক্তিপ্ৰাপ্ত ড° ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত সন্ধ্যাৰাগ চলচ্চিত্ৰৰ মুখ্য সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। ইয়াৰ যোগেদিয়েই তেওঁ‌ চিত্ৰনাট্যকাৰ হিচাপে তেওঁৰ যাত্ৰা আৰম্ভ কৰিছিল।[2]

বড়াই নিৰ্মাণ কৰা 'অপৰূপ ৰংপুৰ' শীৰ্ষক তথ্যচিত্ৰখন অসমৰ প্ৰথমখন বিহংগম দৃষ্টিৰ তথ্যচিত্ৰ। হেলিকপ্টাৰৰ সহায়ত নলীন দুৱৰাই দৃশ্যগ্ৰহণ কৰা এই তথ্যচিত্ৰখনৰ বিষয়বস্তু হৈছে শিৱসাগৰ জিলাৰ মধ্যযুগীয় কীৰ্তিচিহ্নসমূহ। 'শিলেও কথা কয়' শীৰ্ষক আন এখন ছবিৰ বিষয়বস্তু আছিল অসমৰ পুৰাতাত্বিক স্থলসমূহ। 'মদন-কামদেৱ' আৰু 'ভয়চ্ অব চাইলেন্স' নামৰ তথ্যচিত্ৰ দুখন মদন কামদেৱ দেৱালয়ৰ ভাস্কৰ্যসমূহক লৈ নিৰ্মিত।[1] তেওঁৰ অন্তিমখন তথ্যচিত্ৰ আছিল গোৱালপাৰা জিলাশ্ৰী সূৰ্য পাহাৰৰ ভগ্নাৱশেষসমূহৰ বিষয়ে। তেওঁ অসমৰ পুৰাতাত্বিক গৱেষণাৰ লগতো জড়িত আছিল।[2]

সত্ৰীয়া সংগীতৰ ওপৰতো বড়াৰ জ্ঞান আছিল আৰু তেওঁকেই গড়মূৰ সত্ৰৰ ৰাসলীলাৰ নৃত্য-নাটিকাক সত্ৰৰ আওঁ‌তাৰ বাহিৰলৈ আনি উন্মোচিত কৰাৰ কৃতিত্ব দিয়া হয়।[2]

দেহাৱসান[সম্পাদনা কৰক]

২০১৮ চনৰ ৬ নৱেম্বৰত শ্বাস-প্ৰশ্বাসজনিত কাৰণত গুৱাহাটীত বড়াই শেষ নিশ্বাস ত্যাগ কৰে।[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, লেখক মাণিক বৰাৰ দেহাৱসান". এন ই নাও নিউজ. ৬ নৱেম্বৰ ২০১৮. https://assam.nenow.in/assamese-filmmaker-manik-bora-passes-away/। আহৰণ কৰা হৈছে: 23 June 2020. 
  2. 2.0 2.1 2.2 "Writer, filmmaker Manik Bora passes away". The Assam Tribune. 6 November 2018. Archived from the original on 24 June 2020. https://web.archive.org/web/20200624071701/http://www.assamtribune.com/scripts/detailsnew.asp?id=nov0718/city051। আহৰণ কৰা হৈছে: 23 June 2020. 
  3. "Renowned Writer Manik Bora Passes Away". প্ৰতিদিন টাইম. ৬ নৱেম্বৰ ২০১৮. https://www.pratidintime.com/renowned-writer-manik-bora-passes-away/। আহৰণ কৰা হৈছে: 23 June 2020.