শিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
(ওপৰৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত) শিৱসাগৰৰ শিৱদৌল, শৰাগুৰি চাপৰিৰ আজানপীৰৰ দৰগাহ, গড়গাঁওৰ কাৰেংঘৰ, ৰংঘৰ, আৰু নিশাৰ শিৱসাগৰ পুখুৰী

শিৱসাগৰ জিলা ভাৰতঅসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা৷ ঐতিহাসিকভাবে এখন অতি গুৰুত্বপূৰ্ণ জিলা। ছশ বছৰীয়া আহোম ৰাজবংশৰ বহু উত্থান-পতনৰ সাক্ষী এই শিৱসাগৰ। সমগ্ৰ জিলাখনতে আহোমৰ শাসনকালৰ অলেখ স্থাপত্য,ভাস্কৰ্য, মৈদাম, পুখুৰী, গড়, আলিবাট আদি সিঁচৰতি হৈ আছে। আহোম শাসনৰ প্ৰশাসনীয় কেন্দ্ৰ আছিল ৰংপুৰ নগৰ। কাৰেংঘৰক কেন্দ্ৰ কৰি চৌপাশৰ অঞ্চলটোৱে আছিল তাহানিৰ ৰংপুৰ। বৃটিছসকল আহি প্ৰথমে শিৱসাগৰ পুখুৰীৰ আশে-পাশে এই অঞ্চলৰ প্ৰশাসনীয় কেন্দ্ৰ স্থাপন কৰিছিল। তেনেকৈয়ে কলঞ্চুপাৰ বুলি জনাজাত ঠাইখন লাহে লাহে শিৱসাগৰ নামেৰে পৰিচিত হয়।

ঐতিহাসিক পৰ্যটনস্থল[সম্পাদনা কৰক]

গড়গাঁৱৰ কাৰেংঘৰ

কাৰেংঘৰ আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। অসমশিৱসাগৰ চহৰৰ পৰা ১৫ কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত।[1] ১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল।[2] তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। ১৭৫২ চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়। সেয়ে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়।[1][3]

কাৰেং ঘৰ বা তলাতল ঘৰ

তলাতল ঘৰ শিৱসাগৰৰ মূল কেন্দ্ৰৰ পৰা মাত্ৰ ৩ কিঃমিঃ দূৰৈৰ ৰংপুৰত অৱস্থিত। ই আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল। তলাতল ঘৰ আহোম ৰাজ্যৰ স্মৃতিচিহ্নসমূহৰ ভিতৰত আকাৰত আটাইতকৈ ডাঙৰ।[4] প্ৰসাদটো সাতমহলীয়া; চাৰিটা মহল মাটিৰ ওপৰত আৰু তিনিটা মহল মাটিৰ তলত আছে।[5][6] বৰ্তমানৰ কেইবামহলীয়া তলাতল ঘৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ শাসনকালত ১৭৫১-১৭৬৯ চনৰ ভিতৰত সাজি উলিওৱা হৈছিল।[7][8] তেৱেঁই মাটিৰ তলত তলাতল ঘৰ নামৰ তিনিটা মহল যোগ দিয়ে। ইয়াৰ স্থাপত্যৰ সমসাময়িক মোগলসকলৰ মিল আছে।[4] তলাতল ঘৰত মাটিৰ তলত দুটা গোপন সুৰংগ আছিল। তাৰে এটাৰ দৈৰ্ঘ্য আছিল প্ৰায় ৩ কিলোমিটাৰ যি দিখৌ নৈৰ লগত সংযোগী আছিল। প্ৰায় ১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ আনটো সুৰংগ‍ই তলাতল ঘৰক গড়গাঁৱৰ কাৰেংঘৰৰ লগত সংযোগ কৰিছিল। শত্ৰুৰ আক্ৰমণত আত্মগোপন কৰাৰ বাবেএইকেইটা নিৰ্মাণ কৰা হৈছিল।[9]

ৰংঘৰ

ৰংঘৰ হ'ল এটা দুমহলীয়া ঐতিহাসিক পকী গৃহ, যাক আহোম শাসনকালত পেভেলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল।[1] শিৱসাগৰ চহৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ মান আঁতৰত এই গৃহটো অৱস্থিত। ইয়াৰ পৰাই এসময়ত ৰাজ-পৰিয়াল আৰু বিশিষ্ট ৰাজবিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম'হ যুঁজ, শেন যুঁজকে প্ৰমুখ্য কৰি অন্যান্য বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিল। ৰংঘৰ এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপে প্ৰখ্যাত।[1][10] এই গৃহটো আহোম সাম্ৰাজ্যৰ অন্যতম ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত ১৭৪৬ চনত স্বৰ্গদেও প্ৰমত্ত সিংহৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল।[11]তলাতল ঘৰৰ উত্তৰে, জয়সাগৰৰ পশ্চিমে, অসম ট্ৰাঙ্ক ৰোডৰ দাঁতিত অৱস্থিত।

নামদাঙৰ শিলৰ সাঁকো

নামদাঙৰ শিলৰ সাঁকো অসমৰ এখন বুৰঞ্জীপ্ৰসিদ্ধ দলং। এই দলংখন দলংখন শিৱসাগৰ জিলাদিখৌনৈৰ উপনৈ নামদাং নদীৰ ওপৰত অৱস্থিত। এই দলংখন ১৭০৩ চনত আহোম ৰজা ৰুদ্ৰসিংহৰ দিনত বংগদেশৰ কাৰিকৰৰ হতুৱাই সজোৱা হৈছিল।[12][13] পিছত তাৰপৰা এইখন কঢ়িয়াই ইয়ালৈ আনি স্থাপন কৰা হৈছিল। দলংখন ৬০ মিটাৰ দীঘল, ৬.৫ মিটাৰ বহল আৰু ১.৭ মিটাৰ ওখ। ইয়াৰ প্ৰধান বিশেষত্ব হ’ল – দলংখন এটা মাথো শিলকেই কাটি কাটি তৈয়াৰ কৰা হৈছিল।[13][14] বৰ্তমানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ইয়াৰ ওপৰেৰে গৈছে।[14] আহোম ৰজাৰ দিনত তৈয়াৰ কৰা বিভিন্ন স্থাপত্য-ভাস্কৰ্য্যৰ ভিতৰত এই সাঁকো উল্লেখযোগ্য।

চৰাইদেউৰ মৈদাম বা চৰাইদেও

সোণাৰি নগৰৰ পৰা প্ৰায় ২০ কিঃমিঃ দূৰত অৱস্থিত। এসময়ৰ আহোম ৰাজপৰিয়াল আৰু উচ্চ পদস্থ ৰাজ-বিষয়াসকলৰ সমাধিস্থলী। মাটিৰে নিৰ্মিত পিৰামিড সদৃশ বহু মৈদাম আজিও অক্ষত অৱস্থাত আছে। মৈদামৰ অভ্যন্তৰত থকা ধন-সোণবোৰ বৃটিছসকলে খান্দি উলিয়াই লৈ গৈছিল বুলি কোৱা হয়।

আজানপীৰৰ দৰগাহ

শৰাগুৰি চাপৰিত এই দৰগাহ অৱস্থিত। শিৱসাগৰৰ পৰা ২২ কিঃমিঃ দূৰত্বত। সুদূৰ পাৰস্যৰ পৰা অহা সন্ত জিকিৰ আৰু জাৰিৰ স্ৰষ্টা আজানপীৰৰ সমাধিস্থলী। সকলো ধৰ্মৰ লোকে ইয়াত শ্ৰদ্ধা জনায়।

গোলাঘৰ বা খাৰঘৰ

গোলাঘৰ হৈছে শিৱসাগৰ নগৰৰ ভিতৰত থকা অন্যান্য পুৰণি কীৰ্ত্তি চিহ্ন সমূহৰ ভিতৰত এটা উল্লেখযোগ্য ইটাৰ ঘৰ।[15] ইয়াতে ৰজাঘৰীয়া খাৰ-বাৰুদ, অস্ত্ৰ-শস্ত্ৰ, বন্দুক-বৰটোপ আদি মজুত কৰি ৰখা হৈছিল। ১৭০৪ শকত স্বৰ্গদেও ৰুদ্ৰ সিংহই এই ঘৰটো নিৰ্মাণ কৰাইছিল।[15] এই খাৰঘৰটো বৰ্তমানেও অক্ষত অৱস্থাতেই আছে।

দ’লসমূহ[সম্পাদনা কৰক]

শিৱদ'ল
ঘণশ্যাম দ’ল, জয়সাগৰ
শিৱদৌল

শিৱদৌল শিৱসাগৰ নগৰৰ শিৱসাগৰ পুখুৰীৰ (বৰপুখুৰী) পাৰত অৱস্থিত। স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত তেওঁৰে বিবাহিতা ভনীয়েক দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰীবা মদাম্বিকা নাম দি বৰৰজা পাতিছিল। এইগৰাকী কুঁৱৰীৰ নিৰ্দেশক্ৰমেই ১৭৩১ খৃঃত সোণৰ ক'লচীৰে সৈতে শিৱদৌল, দেৱীদৌল আৰু বিষ্ণু দৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ পুখুৰী খন্দোৱা হৈছিল। এই দৌল ভাৰতত আটাইবোৰ ঐতিহাসিক মন্দিৰৰ ভিতৰত ওখ। কৰ্দৈশিৰীয়া এই দৌলৰ উচ্চতা ১২০ হাত আৰু দৌলটিৰ ওপৰত থকা কলচীৰ উচ্চতা ৭.৫ ফুট। ১৯৫০ চনৰ ভূমিকম্পত কলচীটো খহি পৰিছিল যদিও ইয়াক আগৰ স্থানত স্থাপন কৰা হয়।

জয়দৌল

ল'ৰাৰজাৰ চাউদাঙৰ হাতত নৃশংসভাবে মৃত্যুবৰণ কৰা মাতৃ জয়মতীৰ স্মৃতিত ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰে।

ৰুদ্ৰদৌল

পিতৃ ৰুদ্ৰসিংহৰ স্মৃতিত ১৭৭৩ চনত ৰজা লক্ষীসিংহই ৰুদ্ৰসাগৰ পুখুৰী আৰু তাৰ পাৰত ৰুদ্ৰদৌল নিৰ্মাণ কৰে। ইয়ালৈ শিৱসাগৰ নগৰৰ পৰা দূৰত্ব প্ৰায় ৪ কিঃমিঃ।

গৌৰীদৌল

বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে এটি পুখুৰী খন্দাই তাৰ পাৰতে এই দৌলটো নিৰ্মাণ কৰে। শিৱসাগৰ নগৰৰ পৰা ১২ কিঃমিঃ দূৰত্বৰ গৌৰীসাগৰত গৌৰীদৌল অৱস্থিত।

অন্যান্য দ'ল

ঐতিহাসিক পুখুৰী[সম্পাদনা কৰক]

শিৱসাগৰ পুখুৰী
শিৱসাগৰ পুখুৰী আৰু শিৱদৌল

স্বৰ্গদেও শিৱসিংহৰ ৰাজত্ব কালত তেওৰ দ্বিতীয় গৰাকী কুৱৰীয়ে বৰৰজাৰ ৰাজদণ্ড হাতত লৈ সাগৰ সদৃশ শিৱসাগৰ পুখুৰী খন্দোৱাৰ কাৰ্য আৰম্ভ কৰিছিল৷ ১৬৫৫ শকৰ ১৮ জেঠত খনন আৰম্ভ হোৱা এই পুখুৰীৰ খনন সম্পূৰ্ণ হৈছিল একেটা বৰ্ষৰ ৬ বহাগত৷ পুখুৰীটোৰ সম্পূৰ্ণ মাটিকালি ১৯৪ পুৰা ২ বিঘা ২ কঠা ৬ লেচা৷ পুখুৰীটো আয়তকাৰ৷ গভীৰতা ২০ কিউবিক৷ চাং ৰুং ফুকনৰ বুৰঞ্জীমতে পুখুৰীটো দীঘে ২৯৭ বেও আৰু পথালিয়ে ১৮০ বেও।

জয়সাগৰ পুখুৰী

জয়সাগৰ পুখুৰী হৈছে ভাৰতৰ ভিতৰত মানুহে খান্দি উলিওৱা আটাইতকৈ ডাঙৰ পুখুৰী। এই পুখুৰীটোৱে চাৰিওটা পাৰৰ সৈতে মুঠ ৩১৮ একৰ মাটি আগুৰি আছে। ইয়াৰে ১৫৫ একৰ এলেকা পৰিষ্কাৰ পানীৰে ভৰি আছে। ইয়াৰ পৰা ৰংপুৰৰ কাৰেংঘৰ (তলাতল ঘৰ)লৈ earthen water pipeline দ্বাৰা পানী যোগান ধৰা হৈছিল। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২কিঃমিঃ মান আছিল।[16]

গৌৰীসাগৰ পুখুৰী

গৌৰীসাগৰ পুখুৰীটো ৰাণী ফুলেশ্বৰী দেৱীয়ে (১৭২২-১৭৯১) খন্দোৱাই দুৰ্গা দেৱীৰ নামত উচ্ছৰ্গা কৰিছিল। ই প্ৰায় ১৫০ একৰ মাটি আগুৰি আছে। এই পুখুৰীৰ পাৰতে দেৱীদ’ল, শিৱদ’ল আৰু বিষ্ণুদ’ল নিৰ্মাণ কৰা হৈছিল। শিৱসাগৰ নগৰৰ পৰা গৌৰীসাগৰ পুখুৰীলৈ দূৰত্ব প্ৰায় ১২ কিঃমিঃ।[16]

ৰুদ্ৰসাগৰ পুখুৰী

স্বৰ্গদেউ লক্ষ্মীসিংহই নিজৰ পিতৃ ৰুদ্ৰ সিংহৰ স্মৃতিত এই পুখুৰীটো খন্দাইছিল।[16]

অন্যান্য পুখুৰীসমূহ[সম্পাদনা কৰক]

  • নৰা কোঁৱৰ পুখুৰী
  • বগীদ'ল পুখুৰী
  • মেচাগড় পুখুৰী
  • লখিমী পুখুৰী
  • ৰাজমাও পুখুৰী
  • সুন্দৰ পুখুৰী
  • ৰহদৈ পুখুৰী
  • লেঙীবৰ পুখুৰী
  • ৰুদ্ৰসাগৰ পুখুৰী
  • গৌৰীসাগৰপুখুৰী
  • মগালৌ পুখুৰী
  • তেলীয়াডোঙা পুখুৰী
  • শিৱসাগৰ পুখুৰী
  • শুকান পুখুৰী
  • থাওৰাপুখুৰী
  • ডিমৌ পুখুৰী
  • নিতাই পুখুৰী
  • নামতিপুখুৰী
  • পানীবিল পুখুৰী
  • ধিতাই পুখুৰী
  • বাউলী পুখুৰী
  • নেওগ গোঁহাইৰ পুখুৰী
  • ফুলপানীছিগা পুখুৰী
  • ৰঙাচিলা পুখুৰী
  • বেজদলৈ পুখুৰী
  • গড়গাঁৱৰ পুখুৰী
  • খনাখোকোৰা পুখুৰী
  • কপৌ পুখুৰী
  • হেকেৰাবৰবৰুৱা পুখুৰী
  • লিগিৰী পুখুৰী
  • বুঢ়াগোহাইপুখুৰী
  • সোনাদৈ পুখুৰী
  • শ ধোৱাপুখুৰী
  • টেঙাপুখুৰী
  • ৰহধলা পুখুৰী
  • সোনাতোলা পুখুৰী
  • মিঠা পুখুৰী
  • সেন্দুৰী পুখুৰী
  • ভোগদৈ পুখুৰী
  • জহাখাতৰ পুখুৰী
  • ফুলচেংপুখুৰী
  • মনখাম পুখুৰী
  • গাভৰু পুখুৰী
  • আইদেউ পুখুৰী
  • খাৰঘৰীয়া ফুকনৰ পুখুৰী
  • ঘোঁৰাচোৱাপুখুৰী
  • মনাদৈ পুখুৰী
  • আচুঁবুলীয়া পুখুৰী
  • তাওকাকৰ পুখুৰী
  • অঠাইসাগৰ পুখুৰী
  • সোণাৰি পুখুৰী
  • বৰপাত্ৰ পুখুৰী
  • পেহী পুখুৰী
  • জয়সাগৰ পুখুৰী
  • গোঁহাই কুঁৱৰী পুখুৰী
  • শিল পুখুৰী

অন্যান্য[সম্পাদনা কৰক]

টাই সংগ্ৰহালয়

শিৱসাগৰ পুখুৰীৰ পাৰত এই সংগ্ৰহালয় স্থাপন কৰা হৈছে। ইয়াত আহোম শাসনকালৰ বহুতো সামগ্ৰী সংৰক্ষণ কৰা হৈছে। এই সংগ্ৰাহলয়ত আহোম সকলৰ সংস্কৃতি আৰু পৰম্পৰা সমূহক সামৰি লোৱা হৈছে। ইয়াৰ ভিতৰত টাই সকলৰ সাজপাৰ, বাচন-বৰ্তন, আ-অলংকাৰ, পাৰম্পৰিক মাছ ধৰা সঁজুলি, নানা বাদ্যযন্ত্ৰ আদি উল্লেখযোগ্য।[17]

দিচাংমুখ

শিৱসাগৰ নগৰৰ সমীপৰ দিচাংমুখ ইয়াৰ অপৰূপ প্ৰাকৃতিক সৌন্দয্যৰ বাবে বিখ্যাত ৷

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Kareng Ghar - onlinesivasagar.com". Abhijit Borah. onlinesivasagar.com. http://onlinesivasagar.com/tourism/kareng-ghar.html। আহৰণ কৰা হৈছে: 29 জুলাই 2013.  উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name "onlinesivasagar.com" defined multiple times with different content
  2. "Assam Monuments and Museums - Gargaon Palace". mapsofindia.com. http://www.mapsofindia.com/assam/tourism/monuments-and-museum.html। আহৰণ কৰা হৈছে: 29 জুলাই 2013. 
  3. "Kareng Ghar, Gargaon". Assam Online Portal. ২০১৩. http://www.assamportal.com/2012/09/kareng-ghar-gargaon.html। আহৰণ কৰা হৈছে: 29 জুলাই 2013. 
  4. 4.0 4.1 "Talatal Ghar (Kareng Ghar of Rangpur)". OnlineSivasagar.com. http://onlinesivasagar.com/tourism/talatal-ghar.html। আহৰণ কৰা হৈছে: January 23, 2013. 
  5. (Gogoi 1999-2000:27)
  6. (Archaeological Survey Report 1902-3)
  7. (Nath 2005:72)
  8. "Kareng Ghar". indiamapped.com. http://www.indiamapped.com/monuments-in-india/kareng-ghar/। আহৰণ কৰা হৈছে: 29 জুলাই 2013. 
  9. (Nath 2005:72)
  10. Kongkon K Bora (September 15, 2011). "Rangghar: the oldest amphitheatre in Asia". assamtribune.com. assam tribune. http://www.assamtribune.com/scripts/detailsnew.asp?id=sep1511/state05। আহৰণ কৰা হৈছে: 29 জুলাই 2013. 
  11. "Assam Monuments and Museums - Rang Ghar". mapsofindia.com. http://www.mapsofindia.com/assam/tourism/monuments-and-museum.html। আহৰণ কৰা হৈছে: 29 জুলাই 2013. 
  12. "namdang-stone-bridge". assaminfo.com. http://www.assaminfo.com/tourist-places/25/namdang-stone-bridge.htm। আহৰণ কৰা হৈছে: 29 জুলাই 2013. 
  13. 13.0 13.1 "Namdang Stone Bridge". Maps Of India. http://www.mapsofindia.com/assam/tourism/namdang-stone-bridge.html। আহৰণ কৰা হৈছে: 25 April 2010. 
  14. 14.0 14.1 Sajnani, Manohar. "Management Resources". Encyclopaedia of tourism resources in India. 1. পৃষ্ঠা. 20. http://books.google.co.in/books?id=vdMNBxOsvrUC&pg=PA20&dq=namdang+stone+bridge&cd=1#v=onepage&q=namdang%20stone%20bridge&f=false. 
  15. 15.0 15.1 প্ৰেম গগৈ (২০০৭). শিৱসাগৰ (বুৰঞ্জীৰ টোকা). প্ৰকাশক শিৱসাগৰ, অসম: কলঞ্চু প্ৰকাশন, শিৱসাগৰ. পৃষ্ঠা. ১৩. 
  16. 16.0 16.1 16.2 "SIVASAGAR - Places to See". NIC, Sivasagar Unit & CIC Mathurapur. District Administration, Sivasagar (Assam). http://www.sivasagar.nic.in/Districtpage/visit.htm। আহৰণ কৰা হৈছে: 31 জুলাই 2013. 
  17. "Tai Ahom Museum". Celebrateindia. Celebrateindia. http://www.celebrateindia.com/heritage/museums/tai-ahom-museum। আহৰণ কৰা হৈছে: 31 জুলাই 2013. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]