সমললৈ যাওক

অৰৱল জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰৱল জিলা
বিহাৰ ৰাজ্যত অৰৱল জিলাৰ অৱস্থান
বিহাৰ ৰাজ্যত অৰৱল জিলাৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য বিহাৰ
সংমণ্ডল মাগধ
সদৰ অৰৱল
চৰকাৰ
  লোকসভা সমষ্টিসমূহ জেহানাবাদ
  বিধানসভা সমষ্টিসমূহ অৰৱল আৰু কুৰথা
কালি
  মুঠ
৬৩৮ বৰ্গকিমি (২৪৬ বৰ্গমাইল)
জনসংখ্যা
 (2011)
  মুঠ
৭,০০,৮৪৩
  ঘনত্ব ১,১০০/বৰ্গকিমি (২,৮০০/বৰ্গমাইল)
  নগৰ
51,849

অৰৱল জিলা ভাৰতবিহাৰ ৰাজ্যৰ এখন সৰু জিলা আৰু অৰৱল নগৰ এই জিলাৰ সদৰ ঠাই। ই পূৰ্বতে জেহানাবাদ জিলাৰ অংশ আছিল। ই বিহাৰৰ ৰাজধানী চহৰ পাটনাৰ পৰা ৬৫ কিঃমিঃ দূৰৈত অৱস্থিত।

অৰৱল জিলাৰ মাটিকালি ৬৩৮ বৰ্গ কিলোমিটাৰ (২৪৬ বৰ্গ মাইল)। ইয়াৰ ভৌগোলিক স্থানাংক হৈছে 25°14′24″N 84°40′12″E / 25.24°N 84.67°E / 25.24; 84.67

জনসংখ্যা

[সম্পাদনা কৰক]

অৰৱল জিলাৰ জনসংখ্যা।[1]

মুঠ গ্ৰামাঞ্চল চহৰাঞ্চল
ব্যক্তি 700,843 700,843 0
পুৰুষ 363,497 363,497 0
মহিলা 337,346 337,346 0

২০১১ চনৰ লোকপিয়ল অনুসৰি জনসংখ্যাৰ 86.53% মাগধী, 8.11% হিন্দী আৰু 4.96% উৰ্দুভাষী লোক। ইয়াৰ অধিকাংশ লোকে মাগধী ভাষা কয়।[2]

অৰ্থনীতি

[সম্পাদনা কৰক]

অৰৱল জিলাৰ অৰ্থনীতি কৃষি-ভিত্তিক। ধান, ঘেঁহু আৰু দাইল ইয়াৰ প্ৰধান শস্য।

সংমণ্ডল আৰু মহকুমা

[সম্পাদনা কৰক]

অৰৱল জিলা মাগধ সংমণ্ডলৰ অন্তৰ্গত। ২০০১ চনৰ ২০ আগষ্ট মাহত এই জিলা গঠন কৰা হয় আৰু ই পূৰ্বতে জেহানাবাদ জিলাৰ অংশ আছিল।

এই জিলাখনত কেৱল এটাই মহকুমা আছে আৰু সেইটো হ'ল অৰৱল। এই মহকুমাটোক ছটা ব্লকত পুনৰ্বিভাজন কৰা হৈছে: অৰৱল, কাৰপি, কালেৰ, কুৰথা, সূৰ্যপুৰ আৰু বংশী।[3]

যাতায়ত

[সম্পাদনা কৰক]

আটাইতকৈ নিকটৱৰ্তী বিমান বন্দৰ পাটনাত আৰু ৰে'ল ষ্টেশ্যন জেহানাবাদ (JHD) আৰু অনুগড় নাৰায়ণ ৰোড (AUBR)ত অৱস্থিত। এই জিলাখন জেহানাবাদ, পাটনা আৰু ঔৰংগাবাদৰ সৈতে পথেৰে সংযুক্ত হৈ আছে।

জনগাঁথনি

[সম্পাদনা কৰক]
অৰৱল জিলাৰ ধৰ্মসমূহ
ধৰ্ম শতাংশ
হিন্দু
 
৯০.৪৮%
মুছলমান
 
৯.১৭%
উল্লেখ কৰা নাই
 
০.২৩%
খ্ৰীষ্টান
 
০.০৬%
বৌদ্ধ
 
০.০৫%
শিখ
 
০.০১%
জৈন
 
০.০১%
অন্য
 
০.০১%

২০১১ চনৰ লোকপিয়ল অনুসৰি অৰৱল জিলাৰ জনসংখ্যা ৭০০,৮৪৩জন।[4] জনঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত ১,০৯৯জন (২,৮৫০ প্ৰতি বৰ্গ মাইল)। লিংগ অনুপাত হৈছে প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে ৯২৭ গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ হৈছে ৬৯.৫৪%।[5][6]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Archived copy". Archived from the original on 2016-11-16. https://web.archive.org/web/20161116162750/http://arwal.bih.nic.in/dpopulation.htm আহৰণ কৰা হৈছে: 2016-10-13.
  2. "Archived copy". Archived from the original on 2016-03-31. https://web.archive.org/web/20160331234203/http://arwal.bih.nic.in/about_district.htm আহৰণ কৰা হৈছে: 2016-10-13.
  3. "Bihar districts:Arwal". Official website of Bihar. Archived from the original on 23 September 2008. https://web.archive.org/web/20080923091541/http://gov.bih.nic.in/profile/Districts/Arwal.htm আহৰণ কৰা হৈছে: 2008-09-12.
  4. "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php আহৰণ কৰা হৈছে: 2011-09-30.
  5. "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php আহৰণ কৰা হৈছে: 2011-09-30.
  6. "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php আহৰণ কৰা হৈছে: 2011-09-30.

বাহ্যিক লিংক

[সম্পাদনা কৰক]