অমলা বেজবৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

অমলা বেজবৰুৱা (ইংৰাজী: Amala Bezbaruah) অসমৰ এগৰাকী গণিত বিজ্ঞানৰ স্নাতকোত্তৰ। তেওঁ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ এগৰাকী মহিলা প্ৰবক্তা।[1] অসম গণিত শিক্ষায়তনৰ পৰা প্ৰকাশিত গণিত বিষয়ক আলোচনী গণিত বিকাশৰ প্ৰথমগৰাকী সম্পাদক আছিল অমলা বেজবৰুৱা।[2]

জন্ম[সম্পাদনা কৰক]

শিক্ষা[সম্পাদনা কৰক]

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অমলা বেজবৰুৱাই গণিতশাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।[1] তাৰ পিছতে ইংলেণ্ডব্ৰিষ্টল বিশ্ববিদ্যালয়ত গণিতীয় দৰ্শন বিভাগত গৱেষণা আৰম্ভ কৰে। ভগ্ন স্বাস্থ্যৰ বাবে গৱেষণা সম্পূৰ্ণ নকৰাকৈ ভাৰতলৈ উলটি আহিবলগীয়া হৈছিল।তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিতীয় দৰ্শন বিষয়ত পি এইচ ডি উপাধি লাভ কৰে।

কৰ্মজীৱন[সম্পাদনা কৰক]

অসমত গণিত বিষয়ক জনপ্ৰিয়কৰণৰ বাবে তেখেতে বৰঙণি আগবঢ়াই থৈ গৈছে। গৱেষণাৰ জগতত প্ৰৱেশ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণা যোগাইছিল।[1]

অসম গণিত শিক্ষায়তনৰ লগত জড়িত আছিল অমলা বেজবৰুৱা।[3]অসম গণিত শিক্ষায়তনৰ প্ৰতীক চিহ্নটো অমলা বেজবৰুৱাই আঁকিছিল।অসম গণিত শিক্ষায়তনৰ পৰা প্ৰকাশিত গণিত বিষয়ক আলোচনী গণিত বিকাশৰ প্ৰথমগৰাকী সম্পাদক ।[2]

মৃত্যু[সম্পাদনা কৰক]

স্বীকৃতি[সম্পাদনা কৰক]

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগত প্ৰতি বছৰে তেখেতৰ সোঁৱৰণত এটি বঁটা প্ৰদান কৰা হয়। বঁটাতো অমলা বেজবৰুৱা এৱাৰ্ড। বিভাগৰ প্ৰথম বৰ্ষত সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীজনক এই বঁটা প্ৰদান কৰা হয়।

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "বিজ্ঞানৰ জগতত অসমীয়া মহিলা". http://srotaswini.in/#our-volumes। আহৰণ কৰা হৈছে: 27 May 2020. 
  2. 2.0 2.1 গণিত বিকাশৰ সম্পৰ্কে
  3. অসম গণিত শিক্ষায়তনৰ ৱেবছাইট