এইচ আই ভি আৰু সম লিংগৰ ব্যক্তিৰ মাজত যৌন অভিসাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এটি গ্ৰীক ভাস্কৰ্যত সমকামৰ দৃশ্য

১৯৮০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথম যেতিয়া মানৱ শৰীৰত এইড্‌ছ ৰোগৰ ভাইৰাছ ধৰা পৰে, তেতিয়াৰ পৰাই সমকামী পুৰুষ, উভকামি ব্যক্তিৰ দেহত প্ৰায়ে এই ৰোগৰ ভাইৰাছৰ উপস্থিতিৰ তথ্য চিকিৎসকৰ হাতলৈ আহে। ১৯৪১ চনৰ ৫ জুন তাৰিখে প্ৰথম বাৰলৈ ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ দ্বাৰা প্ৰকাশিত প্ৰতিবেদনত এই ৰোগত আক্ৰান্ত ৫জন সমকামী ব্যক্তিৰ তথ্য পোহৰলৈ আহে। তেওঁলোক গুৰুত্বৰ ভাৱে এই ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছিল।[1] এমাহ পিছতেই নিউয়ৰ্ক টাইমচে প্ৰকাশ কৰে যে ৪১জন সমকামী ব্যক্তিৰ এক বিশেষ ধৰণৰ চালত হোৱা কৰ্কট ৰোগত আক্ৰান্ত হয় আৰু  চিকিৎসাৰ প্ৰায় ২৪ মাহৰ পিছত ইয়াৰে ৮জন ব্যক্তিয়ে মৃত্যুক সাৱটি লয়।[2] ১৯৮২ চনত এই ৰোগক 'Gay- related immune deficiency' চমুকৈ GRID 'Gay cancer' ইত্যাদি অভিধাৰে সংজ্ঞাবদ্ধ কৰা হয়।[3] সেই বছৰৰে জুলাই মাহলৈ এই GRID অভিধাটোক একোৱায়াৰ্ড ইমিউন্' ডিফিশ্বেন্সি ছিন্-ড্ৰ'ম(AIDS) বুলি প্ৰকাশ কৰিবলৈ অনুগ্ৰহ কৰা হয়। অৱশ্যে ছেপ্টেম্বৰ মাহত হে ইয়াক ৰাজহুৱাকৈ ঘোষণা কৰা হয়।[4][5]

সমলিংগীয় যৌন অভিসাৰ[সম্পাদনা কৰক]

সমকামিতা হ'ল সমলিংগৰ ব্যক্তিৰ সৈতে হোৱা "প্ৰেম, আৱেগিক আকৰ্ষণ, যৌন আকৰ্ষণ অথবা যৌন আচৰণ। " যৌন অভিমুখীতা হিচাপে সমকামিতা বুলিলে মূলত সমলিংগৰ ব্যক্তিৰ প্ৰতি "স্নেহ বা প্ৰণয়ঘটিত এক ধৰণৰ যৌন প্ৰৱণতা"ক বুজায়। এই ধৰণৰ সম্পৰ্কৰ ভিত্তিত গঢ় লৈ উঠা ব্যক্তিগত বা সামাজিক পৰিচিতি বা এই ধৰণৰ আচৰণ আৰু সমজাতীয় ব্যক্তিসকলক লৈ গঠিত সম্প্ৰদায়কো এই শব্দৰ দ্বাৰা নিৰ্দেশ কৰা হয়। "[6][7]

ইংৰাজীত ব্যৱহাৰ হোৱা 'MSM' অভিধাটোৱে সেইসকল ব্যক্তিক বুজায়, যি সমলিংগৰ ব্যক্তিৰ সৈতে যৌন কাৰ্যত লিপ্ত হয়।[8]পুৰুষৰ ক্ষেত্ৰত MSM(Man who sex with another man) আৰু মহিলাৰ ক্ষেত্ৰত WSW(Women who sex with another woman) বুলি কোৱা হয়। এইক্ষেত্ৰত ব্যক্তি এজনে নিজৰ যৌন পৰিচয় কি বুলি দিয়ে সেইটো নিৰ্ভৰ নকৰে। অৱশ্যে যৌনকাৰ্যত লিপ্ত নোহোৱা অথচ নিজকে সমকামী, উভকামী বা বিষয়কামী বুলি পৰিচয় দিয়া লোকক ইয়াৰ আওতাত ধৰা নহয়।[9]১৯৯০ চনলৈকে এই অভিধা দুটাৰ ব্যৱহাৰ হয় যদিও পিছলৈ ইয়াৰ ব্যৱহাৰ গ্ৰহণযোগ্য নহয় বুলি প্ৰতিপন্ন কৰা হয়[10][11] কাৰণ নিজকে সমকামী, উভকামী বুলি পৰিচয় দিয়া ব্যক্তিৰ উপৰিও নিজকে বিষয়কামী বুলি পৰিচয় দিয়া ব্যক্তিয়েও সমলিংগৰ ব্যক্তিৰ সৈতে যৌন কাৰ্যত সক্ৰিয় হয় বা হোৱাৰ সম্ভাৱনা থাকে।[12]

ৰোগৰ আশংকা[সম্পাদনা কৰক]

ৰাষ্ট্ৰসংঘৰ এইচ.আই.ভি/এইড্ছ সম্বন্ধীয় সংযুক্ত অনুষ্ঠান(UNAIDS)ৰ ২০১৮ৰ এক প্ৰতিবেদন মতে MSM ৰ দ্বাৰা এইচ আই ভি সংক্ৰমণৰ শংকা আটাইতকৈ বেছি।[13] ২০০৭ চনৰ এটা গৱেষণাত প্ৰকাশ হোৱা তথ্য অনুসৰি সৰহ সংখ্যক সমকামী ব্যক্তিয়েই বিষয়কামী ব্যক্তিৰ দৰে কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ নকৰাকৈ মুক্ত যৌন কাৰ্যত লিপ্ত হয়।[14][15] ২০০৬ চনত কৰা আন এটা গৱেষণাত এই কথা পোহৰলৈ আহে যে কোনো সমকামী ব্যক্তিয়ে যদি ৪জন বা অধিক ব্যক্তিৰ সৈতে যৌন সম্পৰ্ক ৰাখে তেন্তে সেই লোক সকল এইচ আই ভি বা আন কোনো STDৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা অধিক।[16]

অসুৰক্ষিত ভাৱে কৰা যৌন সম্ভোগৰ ক্ষেত্ৰত যোনীদ্বাৰৰ তুলনাত গুহ্যদ্বাৰৰ দ্বাৰা এইচ আই ভি সংক্ৰমণৰ আশংকা আটাইতকৈ বেছি।[17] সাধাৰণতে গুহ্যদ্বাৰৰ ভিতৰৰ আৱৰণ কোমল অথচ অশিথিল হোৱা বাবে ৰতি ক্ৰিয়াত লিংগৰ ঘৰ্ষণৰ ফলত গুহ্যদ্বাৰ আভ্যন্তৰ আৰু লিংগ উভয়তে কটা-চিঙা হোৱাৰ সম্ভাৱনা অধিক। ফলস্বৰূপে বীৰ্য্য, তেজ বা অন্যান্য ৰসৰ দ্বাৰা অতি সহজে উভয়ৰে দেহত এইচ আই ভি বিয়পাৰ সম্ভাৱনা থাকে। ইয়াৰোপৰি গুহ্যদ্বাৰৰ দ্বাৰা কৰা ৰতি ক্ৰিয়াত কণ্ডম ফাটি যোৱাৰ সম্ভাৱনা বেছি। গতিকে কণ্ডম ব্যৱহাৰৰ পিছতো ই এক শংকাৰ বিষয় হৈ পৰে।[18] চুম্বন, পাৰস্পৰিক হস্তমৈথুন আৰু 'ফ্ৰ'টেজ' আদিয়ে এইচ আই ভি ৰোগ বিয়পাব নোৱাৰে। মুখৰ দ্বাৰা উপভোগ কৰা যৌন কাৰ্য, 'ৰিমিং', কণ্ডমৰ ব্যৱহাৰৰ দ্বাৰা 'টপ' বা 'বটম'হৈ যৌন অভিসাৰত লিপ্ত হ'লে, এনেবোৰ প্ৰক্ৰিয়াই কিছুপৰিমাণে এইচ আই ভি ৰোগৰ শংকা বহন কৰে। অৱশ্যে এনেবোৰ প্ৰক্ৰিয়াত কণ্ডমৰ ব্যৱহাৰ নহ'লে এইচ আই ভি ৰোগ বিয়পাৰ আশংকা অধিক হোৱা দেখা যায়। অন্যান্য যৌনৰোগ যেনে উপদংশ বা 'চিফিলিছ', প্ৰমেহ বা 'গনৰিয়া', 'ক্লেমাইডিয়া', 'হেঁপাটাইটিছ' আদি ৰোগ বিয়পাৰ ক্ষেত্ৰত এনেবোৰ কাৰক গ্ৰহণ যোগ্য নহয়। গুহ্যদ্বাৰ বা যোনিদ্বাৰৰ দ্বাৰা হোৱা যৌন অভিসাৰতকৈ মুখৰ দ্বাৰা উপভোগ কৰা যৌন কাৰ্যত এইচ আই ভি সংক্ৰমণৰ শংকা তেনেই কম। এই প্ৰক্ৰিয়াত ঘঁহনি খাই বা কামোৰ খাই চাল চিঙিলে ভাইৰাছ বিয়পাৰ আশংকা থাকে। এই প্ৰক্ৰিয়াৰে হোৱা যৌন কাৰ্যৰ ফলত এইচ আই ভি সংক্ৰমণৰ দুই-এক উদাহৰণ পোৱা যায় য'দিওঁ এয়া একেবাৰেই বিৰল। যৌন সংক্ৰমিত ৰোগ অথবা যৌনৰোগ (যাক STD বা STI বুলি কোৱা হয়) হৈছে এক প্ৰকাৰৰ ঘাঁ জাতীয় ৰোগ যি যৌন কাৰ্যৰ দ্বাৰা এজনৰ পৰা আন এজনলৈ বিয়পিব পাৰে। সাধাৰণতে বিভিন্ন প্ৰকাৰৰ যৌনৰোগ আছে যাৰ সংক্ৰমণ ব্যক্তিৰ যৌন কাৰ্যৰ ধৰণক লৈ নিৰ্ভৰ কৰে। সকলো ধৰণৰ যৌনৰোগ য়েই একে পদ্ধতিৰে সংক্ৰমণ নহয়। কিছুমান STI যেনেঃ গনৰিয়া আৰু ক্লেমাইডিয়া আদি দেহৰ বিভিন্ন অংশ যেনে গুহদ্বাৰ, যোনীদ্বাৰ আদিৰ পৰা নিৰ্গত হোৱা বীজলুৱা পদাৰ্থৰ দ্বাৰা বিয়পে আৰু চিফিলিছ বা উপদংশ আদি ৰোগ ছালৰ পৰা ছাললৈ বিয়পে।[19][20]

কণ্ডম শ্ৰান্তি[সম্পাদনা কৰক]

যদিও এইচ আই ভি সংক্ৰমণৰ হাৰ ১৯৯০ দশকলৈ কমিগৈছিল, কিন্তু দশকৰ শেষৰ ফালে এই হাৰৰ পুনৰ উত্থান ঘটে। আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা তথা যুক্তৰাজ্যৰ প্ৰধান চহৰ সমূহত যৌন ৰোগৰ ক্ৰমবৰ্ধমান হাৰৰ কাৰণ হিচাপে সমকামী ব্যক্তিসকলৰ কণ্ডম শ্ৰান্তি আৰু "এইডছ আশাবাদ"ৰ ফলস্বৰূপে হোৱা সুৰক্ষিত যৌন কাৰ্যৰ "শিথিলতা"ক আঙুলিয়াই দিয়া হৈছে,[21]আৰু এই কাৰণটোক দাম্পত্য জীৱন(সমকামী আৰু বিষয়কামী)ৰ যৌন প্ৰৱণতা সমূহৰ ওপৰত কৰা এক গৱেষণাটো পোহৰলৈ আহিছে।[22][23][24][25][26][27] ২০১০ চনৰ এক গৱেষণাত এটা কথা পোহৰলৈ আহেযে সমকামী বা উভকামী ব্যক্তি সকলে বিভিন্ন কাৰণত অসুৰক্ষিত(কণ্ডম ব্যৱহাৰ নকৰাকৈ) ৰতি ক্ৰিয়াত লিপ্তহৈ ভাল পায়। অৱশ্যে ইয়াৰ কাৰণসমূহক সাধাৰণীকৰণ কৰাটো সম্ভৱপৰ নহয়। বিভিন্ন কাৰণ সমূহৰ ভিতৰত লিংগৰ অশিথিলতা, মানসিক চাপ, মানসিক ৰোগ, পাৰস্পৰিক বুজাবুজিৰ অসুবিধা, সন্মতিৰ অভাৱ, অসাধাৰণ যৌন প্ৰৱণতা ইত্যাদি প্ৰধান।[21]

এইচ.আই.ভি. সংক্ৰমণ[সম্পাদনা কৰক]

এইড্‌ছ ভাইৰাছ এজন আক্ৰান্ত ব্যক্তিৰপৰা সুস্থ মানুহৰ দেহলৈ সংক্ৰমণ কাৰকসমূহ হ'লঃ

  • যৌন সংস্পৰ্শ (Sexual contact):- এইচ আই ভি (HIV)ভাইৰাছ, আক্ৰান্ত ব্যক্তিৰ শুক্ৰাণুৰস(semen), যোনীৰস (veginal secretion) আৰু স্তনদুগ্ধত পোৱা গৈছে। সেয়ে যৌন সংৰ্স্পৰদ্বাৰা এই ভাইৰাছ আক্ৰান্ত ব্যক্তিৰ পৰা সুস্থ মানুহৰ দেহলৈ সংক্ৰমিত হয়। পৃথিৱীৰ প্ৰায় শতকৰা ৭০ৰপৰা ৮০ ভাগ সংক্ৰমণ যৌন সংস্পৰ্শৰদ্বাৰাই হয়।
  • তেজ সঞ্চাৰণ (Blood transfusion):- সংক্ৰামিত ব্যক্তৰ তেজ যদি সুস্থ মানুহৰ দেহত অজানিতে সঞ্চাৰিত কৰা হয়, তেন্তে এই ভাইৰাছ সুস্থ মানুহৰ দেহলৈ বিয়পে।
  • এইচ আই ভি আক্ৰান্ত মাতৃৰ জনন ফুল (Placenta)ৰ জৰিয়তে হ'ব লগা সন্তানৰ দেহলৈ নাইবা মাতৃৰ গাখীৰৰ জৰিয়তে সন্তানৰ দেহলৈ সংক্ৰমিত হয়।
  • নিচাযুক্ত দ্ৰব্যসমূহ বেজীৰ দ্বাৰা ব্যৱহাৰ কৰা ব্যক্তিসকলে যেতিয়া একেটা বেজী ব্যৱহাৰ কৰে, তাৰে মাজৰ কোনোবা আক্ৰান্ত ব্যক্তিৰ পৰা আন এজনলৈ সংক্ৰমিত হয়।
  • চিকিৎসকৰ অস্ত্ৰোপচাৰৰ সামগ্ৰীসমূহ ভালকৈ সংশোধন নকৰিলে ভাইৰাছ সংক্ৰমণৰ আশংকা থাকে।

প্ৰতিৰোধৰ উপায়[সম্পাদনা কৰক]

PrEP
  1. বীৰ্য, যোনি আৰু গুহ্যদ্বাৰৰ পৰা নিঃসৰণ হোৱা তৰল জাতীয় পদাৰ্থৰ দ্বাৰা যৌনৰোগ সমূহৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কণ্ডম, ডেণ্টেল ডেম আদি ব্যৱহাৰ কৰাটো এক ফলপ্ৰসূ উপায়। এই ৰোগ সমূহ যেনেঃ গনেৰিয়া আৰু ক্লেমাইডিয়া। কণ্ডম তথা ডেণ্টেল ডেমৰ ব্যৱহাৰে ছালৰ পৰা ছাললৈ বিয়পা যৌনৰোগ সমূহকো বাধা দিয়ে।
  2. কণ্ডম ব্যৱহাৰ নকৰিলে স্নেহ পদাৰ্থৰ ব্যৱহাৰেও ছালৰ পৰা নিৰ্গত ক্ষুদ্ৰ ক্ষুদ্ৰ বীজলুৱা পদাৰ্থ(যি সমূহৰ দ্বাৰা যৌনৰোগ বিয়পাৰ আশংকা থাকে,)সমূহ নিৰ্গমণত বাধা দিয়ে। হেপাটাইটিস-এ আৰু এইচ পি ভিৰ দৰে কিছুমান যৌনৰোগৰ ভেকচিন যৌন কাৰ্য সম্পন্ন কৰাৰ পূৰ্বে ব্যৱহাৰৰ দ্বাৰা এনে ৰোগ সংক্ৰমণত বাধা দিব পাৰি।
  3. এইচ আই ভি নিগেটিভ, ব্যক্তিৰ ক্ষেত্ৰত PrEP হৈছে যৌন কাৰ্য কৰাৰ পূৰ্বে নিয়মীয়াকৈ ব্যৱহাৰ কৰিব পৰা এবিধ বড়ি যিয়ে এইচ আই ভি সংক্ৰমণত বাধা দিয়ে। যদি এজন ব্যক্তি এইচ আই ভিৰ সংস্পৰ্শলৈ আহিছে তেন্তে ৭২ ঘণ্টাৰ ভিতৰত PrEP গ্ৰহণ কৰি এই ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে। PrEP আৰু PEP য়ে কেৱল এইচ আই ভি হে প্ৰতিৰোধ কৰিব পাৰে, ইয়াৰ দ্বাৰা অন্যান্য STI সমূহ প্ৰতিৰোধ নহয়।
  4. যৌন সম্পৰ্কত সক্ৰিয় ব্যক্তিয়ে প্ৰতি ৩-৬ মাহৰ মূৰে মূৰে STI পৰীক্ষা কৰি অধিক সুৰক্ষিত আৰু নিচিন্ত হৈ থাকিব পাৰে।

MSMৰ ফলত এইচ আই ভিত আক্ৰান্ত ৰোগীৰ সংখ্যা[সম্পাদনা কৰক]

এই সংখ্যা সমূহ স্থায়ী নহয়। বিভিন্ন সময়ত এনে লোকৰ প্ৰকৃত সংখ্যাক দ্বিমত দেখা যায়।

দেশ MSMৰ দ্বাৰা HIV সংক্ৰমণৰ হাৰ (%)
 মৌৰিতানিয়া 53.6[28]
 ছেনেগাল 27.6[13]
 কেমেৰুন 20.6[13]
 লেছথ’ 32.9[13]
 জামাইকা 29.8[13]
 ট্ৰিনিদাদ আৰু ট'বেগ'‎ 26.6[13]
 ছেইণ্ট ভিনচেণ্ট আৰু গ্ৰেনাদাইনছ 10[29]
 লেবানন 12[13]
 দক্ষিণ আফ্ৰিকা 18.1[13]
 কংগো 41.2[13]
 ইণ্ডোনেছিয়া 25.8[13]
 চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক 6.1[13]
 বলিভিয়া 25.4[13]
 নাইজেৰিয়া 23.0[13]
 লাইবেৰিয়া 19.8[30]
 বাহামাছ 19.6[13]
 অষ্ট্ৰেলিয়া 7.3[31]
 ৰোমানিয়া 18.2[13]
 কেনিয়া 18.2[32]
 হাইটি 12.9[13]
 ফ্ৰান্স 14.0[13]
সাঁচ:Country data United Republic of Tanzania 8.4[13]
 নাইজাৰ 11.5[33]
 ঘানা 18[13]
 মেক্সিকো 12.6[13]
 মালাৱী 7.0[13]
 মৰিছাছ 17.2[13]
 কলম্বিয়া 17.0[13]
 পাৰাগুৱে 20.7[13]
 পেৰু 3.0[13]
 নেডাৰলেণ্ডচ 15.0[34]
সাঁচ:Country data Cabo Verde 15.0[35]
 মাদাগাস্কাৰ 14.9[13]
 কানাডা 6.7[36]
 আমেৰিকা যুক্তৰাষ্ট্ৰ 14.5[13]
 বাৰ্বাড'ছ 2.8[13]
 ছিয়েৰা লিয়ন 14.0[13]
 বেলাইজ 13.9[37]
 মংগোলিয়া 9.2[13]
 মালি 13.7[13]
 ইকুৱেডৰ 16.5[13]
 উগাণ্ডা 13.2[38]
 ছেচেল্লেচ 13.2[39]
 বৎচোৱানা 14.8[13]
 পানামা 6.7[13]
 তগ’ 22.0[13]
 গ্ৰীচ 12.7[40]
 কষ্টা ৰিকা 15.4[13]
 স্বাজিলেণ্ড 12.6[13]
 মণ্টেনেগ্ৰ 12.5[13]
 বেলজিয়াম 12.3[13]
 হন্দুৰাছ 8.4[13]
 আৰ্জেণ্টিনা 15.7[41]
 স্পেইন 11.3[13]
 ছুইজাৰলেণ্ড 8.0[42]
 আইভৰি ক’ষ্ট 12.3[13]
 ছিংগাপুৰ 2.2[13]
 ব্ৰাজিল 18.3[13]
 এল চালভাড’ৰ 12.0[13]
 উৰুগুৱে 8.5[13]
 থাইলেণ্ড 11.9[13]
 তুনিছিয়া 9.1[13]
 মালয়েছিয়া 21.6[13]
 নিকাৰাগুৱা 8.6[13]
 ইউক্ৰেইন 7.5[13]
 ছাৰ্বিয়া 8.3
 ভিয়েটনাম 8.2
 গুৱেটমালা 8.0
 লাটভিয়া 7.8
 আয়াৰলেণ্ড 7.8
 চীন 7.75
 জৰ্ডান 7.5
 পৰ্তুগাল 7.2
 পোলেণ্ড 7.2
 ডমিনিকান গণৰাজ্য 7.1
 বেনিন 7.1
 ইটালী 6.7
 নিউজিলেণ্ড 6.5[43]
 ম্যানমাৰ 6.4
[[File:|22x20px|border |alt=|link=]] কিৰগিজস্তান 6.3
 ইজিপ্ত 6.2
 জাৰ্মানী 6.0[43]
 য়েমেন 5.9
 লিথুৱানিয়া 5.9
 মলডভা 5.7
 মৰক্কো 5.7
 বেলাৰুছ 5.7
 ফিলিপাইন 4.9
 গুৱানা 4.9
 জাপান 4.8
 চেক গণৰাজ্য 4.8
 বুৰুণ্ডী 4.8
 ভাৰত 4.3
 আলজেৰিয়া 4.3
 হাংগেৰী 4.1
 ছুইডেন 4.0
 শ্ল’ভেনিয়া 4.0
 পাকিস্তান 3.7
 বাৰ্কিনা ফাছো 3.6
 উজবেকিস্তান 3.3
 কংগো গণৰাজ্য 3.3
 কাজাখাস্তান 3.2
 লিবিয়া 3.1
 দক্ষিণ কোৰিয়া 3.0[43]
 তাজিকিস্তান 2.7
 ক্ৰয়েছিয়া 2.7
 যুক্তৰাজ্য 7.7[43]
 এণ্টিগুৱা আৰু বাৰ্বুডা 2.5
 নেপাল 2.4
 কম্বোডিয়া 2.3
 আজেৰবাইজান 2.2
 মেছেদনীয়া 1.9
 কিউবা 1.8
 লাউচ 1.6
 শ্ৰীলংকা 1.5
 ছুদান 1.4
 টিমুৰ লেষ্টে 1.3
 ছেইণ্ট কিট্টিচ আৰু নেভিচ 1.3
 বচনিয়া আৰু হাৰজেগ’ভিনা 1.1
 আৰ্মেনিয়া 0.8
 ফিজি 0.5
 আলবেনিয়া 0.5
 আফগানিস্তান 0.5
 ফিনলেণ্ড 0.4
 বাংলাদেশ 0.2

অন্যান্য অভিধা[সম্পাদনা কৰক]

Truvada বড়ি
  1. PrEP: PrEP হৈছে HIVৰ বিৰুদ্ধে যুঁজ দিব পৰা এক বিশেষ কাৰ্যক্ষম আহিলা। এই চিকিৎসা ব্যৱস্থাৰ নিয়মিত ব্যৱহাৰৰ দ্বাৰা HIV সংক্ৰমণত বাধা প্ৰদান কৰিব পাৰি।[44] অৱশ্যে PrEP য়ে অন্যান্য যৌন ৰোগ নিৰাময় কৰিব নোৱাৰে। বৰ্তমান সময়ত HIV নিৰাময়ৰ বাবে ভাৰতত উপলব্ধ একমাত্ৰ বড়ি হৈছে TENVIR EM বা TD/FTC, যিটো প্ৰতি মাহে দৈনিক সেৱন কৰিব লাগে। অন্যান্য দেশ কিছুমানত HIV নিগেটিভ ব্যক্তিয়ে PrEP হিচাপে ব্যৱহাৰ কৰিব পৰা ঔষধ বিধ হৈছে Truvada[45] আৰু Descovy যিটো TENVIR EM বা TD/FTC ৰ দৰেই। এই ঔষধবিধৰ উপলব্ধতা সুলভ নহয়। Truvada, Descovy, TENVIR EM ৰ দৰে ঔষধ সমূহৰ বাদেও অন্যান্য ঔষধ যেনে TDF/FTC ইত্যাদি সমূহ প্ৰকৃততে HIV-পজিটিভ ব্যক্তিৰ দেহৰ HIV ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ তৈয়াৰ কৰা হৈছে। সেয়ে হ'লেও HIV-নিগেটিভ ব্যক্তি এজনেও এই ঔষধ সমূহৰ ব্যৱহাৰৰ দ্বাৰা এই ৰোগৰ বীজাণুৰ সংক্ৰমণৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব পাৰে[46] যদিহে ইতিমধ্যে ব্যক্তি এজন এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ আছে। U.S. ৰ খাদ্য আৰু ঔষধ পৰিচালনা পৰিষদে ইতিমধ্যে Truvada আৰু Descovy ক পেৰু, ফ্ৰান্স, দক্ষিণ আফ্ৰিকা, কেনিয়া, ইজৰাইল আৰু কানাডাটো এই ঔষধক PrEP হিচাপে ব্যৱহাৰৰ বাবে চৰকাৰী ভাৱে সন্মতি প্ৰদান কৰিছে। থাইলেণ্ড আৰু ব্ৰাজিলৰ দৰে এনে বহু দেশ আছে য'ত পৰীক্ষণৰ পিছত ৰোগীয়ে PrEP ৰ সুবিধা লাভ কৰিব পাৰে[47]। অৱশ্যে এতিয়াও এনে বহু দেশ আছে যি সমূহত বিশেষ কৰ্তৃপক্ষৰ আৱেদনৰ পিছতো এই সুবিধা প্ৰদান কৰিব পৰা হোৱা নাই।
  2. U=U: য'দি এজন এইচ আই ভি ৰোগীক Undetectable বুলি কোৱা হয়, তেন্তে তেওঁ কেৱল স্বাস্থ্যগত ভাৱেই সুস্থ নহয়, আনকি তেওঁৰ দ্বাৰা অন্য এজন ব্যক্তিলৈ এইচ আই ভি ভাইৰাছ বিয়পাৰো শংকা নাথাকে।[43][48] অৰ্থাৎ, Undetectable = Untransmittable (U=U)। এজন ব্যক্তিক আনডিটেক্টেবল বুলি কোৱা হ'ব য'দিহে তেওঁ এইচ আই ভি পজিটিভ আৰু তেওঁ এই ৰোগৰ ঔষধ নিয়মীয়াকৈ গ্ৰহণ কৰি থাকে। এই প্ৰক্ৰিয়াৰ মাধ্যমেৰে এইচ আই ভি ভাইৰাছক এনে ভাৱে দমন কৰি ৰখা হয় যে, একোটা সাধাৰণ তেজ পৰীক্ষাৰ দ্বাৰা এই ৰোগৰ বিষাণুৰ উপস্থিতি সম্পৰ্কে জনা নাযায়। অৱশ্যে 'আনডিটেক্টেবল' বুলি ক'লে এজন ব্যক্তি 'এইচ আই ভি'ৰ পৰা সম্পূৰ্ণ মুক্ত নুবুজায়। কিন্তু নিয়মীয়া ঔষধ গ্ৰহণেই ৰোগ প্ৰসমনৰ ফলদায়ক উপায়। কোনো কোনো 'এইচ আই ভি' ৰোগীৰ তেজত যদিহে এইৰোগৰ ভাইৰাছ বা বিষাণুৰ উপস্থিতিৰ সংখ্যা 'আনডিটেক্টেবল' নহয়, সেই অৱস্থাত তেনে এজন ব্যক্তিয়েও অৱশ্যে সুৰক্ষিত পদ্ধতিৰে যৌন সম্ভোগ কৰিব পাৰে। ইয়াৰ দ্বাৰা ভাইৰাছ বিয়পাৰ আশংকা একেবাৰে কম।[49][50][51][52]
  3. Poppers: ই হ'ল এক বিশেষ ৰাসায়নিক দ্ৰব্য, যৌন সম্ভোগৰ সময়ত ইয়াক প্ৰায়ে ব্যৱহাৰ কৰা দেখা যায়[53] আৰু সাধাৰণ ভাষাত ইয়াক alkyl nitrites বুলি কোৱা হয়। ইয়াক ব্যৱহাৰ কৰি সম্পন্ন কৰা যৌন ক্ৰিয়াই এইচ আই ভি সংক্ৰমণৰ শংকা বৃদ্ধি কৰে[54]। এই দ্ৰব্যবিধ সৰু সৰু বটলত ভৰাই জুলীয়া পদাৰ্থ হিচাপে বিক্ৰী কৰা হয়। এবাৰ বটল খুলিলে এই জুলীয়া পদাৰ্থবিধ গেছলৈ ৰূপান্তৰ হয়। এই গেছ বিধে তেজৰ শিৰা সমূহ মুকলি কৰি দিয়ে আৰু তেজৰ চাপ হ্ৰাস কৰি কলিজাৰ ধপধপনি বৃদ্ধি কৰে।[55] ইয়াৰ ফলত নিজকে পাতল পাতল অনুভৱ হয় আৰু শৰীৰৰ উষ্ণতা অতি শীঘ্ৰে বৃদ্ধি হয়। এই প্ৰভাৱ মাত্ৰ কেইছেকেণ্ড মানলৈ বা কেইমিনিট মানলৈকে হে থাকে। কোনো কোনো লোকৰ ক্ষেত্ৰত popperৰে মূৰৰবিষ আৰু সাধাৰণ আচন্দ্ৰাই কৰিব পাৰে।
poppersৰ বটল

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. CDC (1981, 5th June) 'Pheumocystis Pneumonia - Los Angeles', MMWR, Vol. 30. No. 21. https://www.cdc.gov/mmwr/preview/mmwrhtml/june_5.htm
  2. The New York Times (1981, 3rd July) "Rare cancer seen in 41 homosexuals" https://www.nytimes.com/1981/07/03/us/rare-cancer-seen-in-41-homosexuals.html?&pagewanted=2
  3. Oswald, G.A, et al (1982) 'Attempted immune stimulation in the "gay compromise syndrome"'. BMJ, 1982 October 16; 285(6348): 1082.
  4. Grmek, M.D. (1990) 'History of AIDS: Emergence and origin of a modern pandemic', New Jersey: Princeton University Press.
  5. MMWR Weekly (1982) 'Current Trends Update on Acquired Immune Deficiency Syndrome (AIDS) – United States', September 24, 31(37); 507-508, 513-514.
  6. "Sexual orientation, homosexuality and bisexuality". American Psychological Association. Archived from the original on August 8, 2013. http://www.apa.org/helpcenter/sexual-orientation.aspx। আহৰণ কৰা হৈছে: August 10, 2013. 
  7. "Case No. S147999 in the Supreme Court of the State of California, In re Marriage Cases Judicial Council Coordination Proceeding No. 4365 (...) – APA California Amicus Brief  — As Filed" (PDF). পৃষ্ঠা: 30. http://www.courts.ca.gov/documents/Amer_Psychological_Assn_Amicus_Curiae_Brief.pdf। আহৰণ কৰা হৈছে: 21 December 2010. 
  8. "UNAIDS: Men who have sex with men". UNAIDS. Archived from the original on March 20, 2012. https://web.archive.org/web/20120320001221/http://www.unaids.org/en/media/unaids/contentassets/dataimport/pub/briefingnote/2006/20060801_policy_brief_msm_en.pdf। আহৰণ কৰা হৈছে: October 24, 2012. 
  9. Young, Rebecca M. and Ilan H. Meyer. “The Trouble With “MSM” and "WSW”: Erasure of the Sexual-Minority Person in Public Health Discourse.” Am J Public Health. (2005) 95: 1144–1149.
  10. "The trouble with "MSM" and "WSW": erasure of the sexual-minority person in public health discourse". Am J Public Health খণ্ড 95 (7): 1144–1149. July 2005. doi:10.2105/AJPH.2004.046714. PMID 15961753. 
  11. "Necrotizing ulcerative periodontitis: a marker for immune deterioration and a predictor for the diagnosis of AIDS". J. Periodontol. খণ্ড 65 (5): 393–7. May 1994. doi:10.1902/jop.1994.65.5.393. PMID 7913962. 
  12. Young, Rebecca M. and Ilan H. Meyer. “The Trouble With “MSM” and “WSW”: Erasure of the Sexual-Minority Person in Public Health Discourse.” Am J Public Health. (2005) 95: 1144–1149.
  13. 13.00 13.01 13.02 13.03 13.04 13.05 13.06 13.07 13.08 13.09 13.10 13.11 13.12 13.13 13.14 13.15 13.16 13.17 13.18 13.19 13.20 13.21 13.22 13.23 13.24 13.25 13.26 13.27 13.28 13.29 13.30 13.31 13.32 13.33 13.34 13.35 13.36 13.37 13.38 13.39 13.40 13.41 13.42 13.43 13.44 13.45 13.46 13.47 13.48 13.49 13.50 UNAIDS (4 December 2019). "UNAIDS data 2019". UNAIDS. https://www.unaids.org/sites/default/files/media_asset/2019-UNAIDS-data_en.pdf। আহৰণ কৰা হৈছে: 6 December 2019. 
  14. Sexual Behavior Does Not Explain Varying HIV Rates Among Gay And Straight Men
  15. "Biological and demographic causes of high HIV and sexually transmitted disease prevalence in men who have sex with men". Sex Transm Infect খণ্ড 83 (6): 458–462. October 2007. doi:10.1136/sti.2007.025627. PMID 17855487. 
  16. BA Koblin. “Risk factors for HIV infection among men who have sex with men” (2006) AIDS, 20. 731-739.
  17. "Men who have sex with men (MSM), HIV and AIDS". 2015-07-20. http://www.avert.org/men-sex-men.htm. 
  18. "Center for Disease Control; "Can I get HIV from anal sex?"". https://www.cdc.gov/hiv/resources/qa/qa22.htm। আহৰণ কৰা হৈছে: 2017-09-09. 
  19. Patrick R. Murray, Ken S. Rosenthal, Michael A. Pfaller, (2013). Medical microbiology (7th সম্পাদনা). প্ৰকাশক St. Louis, Mo.: Mosby. পৃষ্ঠা. 418. ISBN 9780323086929. https://books.google.com/books?id=RBEVsFmR2yQC&pg=PA418. 
  20. Goering, Richard V. (2012). Mims' medical microbiology. (5th সম্পাদনা). প্ৰকাশক Edinburgh: Saunders. পৃষ্ঠা. 245. ISBN 9780723436010. https://books.google.ca/books?id=pzQayLEQ5mQC&pg=PA245. 
  21. 21.0 21.1 Adam, Barry D., Winston Husbands, James Murray, and John Maxwell. (2005): AIDS optimism, condom fatigue, or self-esteem? Explaining unsafe sex among gay and bisexual men, Journal of Sex Research, 42:3, 238-248
  22. Appleby, P., Miller, L., & Rothspan, S. (1999). The paradox of trust for male couples. Personal Relationships, 6, 81-93.
  23. Bochow, M. (1998). The importance of contextualizing research. In M. Wright, B. R. S. Rosser, & O. de Zwart (Eds.), New international directions in HIV prevention for gay and bisexual men. New York: Harrington Park Press.
  24. Cusick, L., & Rhodes, T. (2000). Sustaining sexual safety in relationships. Culture, Health & Sexuality, 2(4), 473-487
  25. Diaz, R., & Ayala, G. (1999). Love, passion and rebellion. Culture, Health &Sexuality, 1(3),277-293
  26. Hays, R., Kegeles, S., & Coates, T. (1997). Unprotected sex and HIV risk- taking among young gay men within boyfriend relationships. AIDS Educationand Prevention, 9(4), 314-329.
  27. Middelthon, A. L. (2001). Interpretations of condom use and nonuse among young Norwegian gay men. Medical Anthropology Quarterly, 15(1), 58-83.
  28. "Mauritania" (en ভাষাত). www.unaids.org. https://www.unaids.org/en/regionscountries/countries/mauritania। আহৰণ কৰা হৈছে: 2019-12-06. 
  29. "St. Vincent and the Grenadines HIV and AIDS National Strategic Plan 2010-2014". Archived from the original on 26 June 2021. https://web.archive.org/web/20210626073559/https://www.ilo.org/wcmsp5/groups/public/---ed_protect/---protrav/---ilo_aids/documents/legaldocument/wcms_174790.pdf। আহৰণ কৰা হৈছে: 6 December 2019. 
  30. "Liberia" (en ভাষাত). www.unaids.org. https://www.unaids.org/en/regionscountries/countries/liberia। আহৰণ কৰা হৈছে: 2019-12-06. 
  31. "HIV IN AUSTRALIA 2020". Australian Federation of AIDS Organisations. 2020. https://www.afao.org.au/wp-content/uploads/2019/11/2725_afao_infographic_9.pdf। আহৰণ কৰা হৈছে: 12 March 2020. 
  32. "HIV and AIDS in Kenya". Avert. 2018. https://www.avert.org/professionals/hiv-around-world/sub-saharan-africa/kenya#footnote16_9u72kn4। আহৰণ কৰা হৈছে: 6 December 2019. 
  33. "Niger" (en ভাষাত). www.unaids.org. https://www.unaids.org/en/regionscountries/countries/niger। আহৰণ কৰা হৈছে: 2019-12-06. 
  34. "Netherlands" (en ভাষাত). www.unaids.org. https://www.unaids.org/en/regionscountries/countries/netherlands। আহৰণ কৰা হৈছে: 2019-12-06. 
  35. "Cape Verde" (en ভাষাত). www.unaids.org. https://www.unaids.org/en/regionscountries/countries/capeverde। আহৰণ কৰা হৈছে: 2019-12-06. 
  36. "Canada" (en ভাষাত). www.unaids.org. https://www.unaids.org/en/regionscountries/countries/canada। আহৰণ কৰা হৈছে: 2019-12-06. 
  37. "Belize" (en ভাষাত). www.unaids.org. https://www.unaids.org/en/regionscountries/countries/belize। আহৰণ কৰা হৈছে: 2019-12-06. 
  38. "Uganda" (en ভাষাত). www.unaids.org. https://www.unaids.org/en/regionscountries/countries/uganda। আহৰণ কৰা হৈছে: 2019-12-06. 
  39. "Seychelles" (en ভাষাত). www.unaids.org. https://www.unaids.org/en/regionscountries/countries/seychelles। আহৰণ কৰা হৈছে: 2019-12-06. 
  40. "Greece" (en ভাষাত). www.unaids.org. https://www.unaids.org/en/regionscountries/countries/greece। আহৰণ কৰা হৈছে: 2019-12-06. 
  41. "Argentina" (en ভাষাত). www.unaids.org. https://www.unaids.org/en/regionscountries/countries/argentina। আহৰণ কৰা হৈছে: 2019-12-06. 
  42. Schmidt, Axel Jeremias; Altpeter, Ekkehardt (June 2019). "The Denominator problem: estimating the size of local populations of men-who-have-sex-with-men and rates of HIV and other STIs in Switzerland". Sexually Transmitted Infections খণ্ড 95 (4): 285–291. doi:10.1136/sextrans-2017-053363. ISSN 1472-3263. PMID 30679393. 
  43. 43.0 43.1 43.2 43.3 43.4 "UNAIDS - KEY POPULATIONS ATLAS". kpatlas.unaids.org. http://kpatlas.unaids.org/dashboard। আহৰণ কৰা হৈছে: 2020-03-12. 
  44. "Effectiveness of Prevention Strategies to Reduce the Risk of Acquiring or Transmitting HIV". Centers for Disease Control and Prevention (CDC). 2019-11-12. https://www.cdc.gov/hiv/risk/estimates/preventionstrategies.html। আহৰণ কৰা হৈছে: 9 December 2019. 
  45. WHO implementation tool for pre-exposure prophylaxis (PrEP) of HIV infection. World Health Organization (WHO). July 2017. https://apps.who.int/iris/bitstream/handle/10665/258509/WHO-HIV-2017.27-eng.pdf?sequence=1. 
  46. US Public Health Service. "Preexposure prophylaxis for the prevention of HIV infection in the United States - 2014". Centers for Disease Control and Prevention (CDC). https://www.cdc.gov/hiv/pdf/PrEPguidelines2014.pdf। আহৰণ কৰা হৈছে: 15 December 2017. 
  47. "National Policies and Guidelines for PrEP". PrEP Watch. Archived from the original on 8 December 2018. https://web.archive.org/web/20181208020507/https://www.prepwatch.org/prep-resources/national-policies-guidelines/। আহৰণ কৰা হৈছে: 5 December 2017. 
  48. World Health Organization (WHO) (2012) 'Antiretroviral treatment as prevention (TASP) of HIV and TB'[pdf]
  49. "The HIV Prevention Trials Network | Prevention Now" (en ভাষাত). www.hptn.org. https://www.hptn.org/research/studies/hptn052। আহৰণ কৰা হৈছে: 2018-10-23. 
  50. Cohen, Myron S.; Chen, Ying Q.; McCauley, Marybeth; Gamble, Theresa; Hosseinipour, Mina C.; Kumarasamy, Nagalingeswaran; Hakim, James G.; Kumwenda, Johnstone et al. (2011-08-11). "Prevention of HIV-1 Infection with Early Antiretroviral Therapy" (EN ভাষাত). New England Journal of Medicine খণ্ড 365 (6): 493–505. doi:10.1056/nejmoa1105243. ISSN 0028-4793. PMID 21767103. 
  51. Cohen, Myron S.; Chen, Ying Q.; McCauley, Marybeth; Gamble, Theresa; Hosseinipour, Mina C.; Kumarasamy, Nagalingeswaran; Hakim, James G.; Kumwenda, Johnstone et al. (September 2016). "Antiretroviral Therapy for the Prevention of HIV-1 Transmission" (EN ভাষাত). New England Journal of Medicine খণ্ড 375 (9): 830–839. doi:10.1056/nejmoa1600693. ISSN 0028-4793. PMID 27424812. 
  52. "Publication of HPTN 052 Final Results: HIV Treatment Offers Durable Prevention of HIV Transmission in Sero-discordant Couples | The HIV Prevention Trials Network" (en ভাষাত). www.hptn.org. https://www.hptn.org/news-and-events/press-releases/publication-of-hptn-052-final-results-hiv-treatment-offers-durable। আহৰণ কৰা হৈছে: 2018-11-07. 
  53. "How gay culture bottled a formula that has broken down boundaries". The Independent. 2016-01-22. https://www.independent.co.uk/life-style/poppers-how-gay-culture-bottled-a-formula-that-has-broken-down-boundaries-a6828466.html. 
  54. Mimiaga, M., Reisner, S., Cranston, K., Isenberg, D., Bright, D., Daffin, G., Bland, S., & Driscoll, M. (2009). Sexual mixing patterns and partner characteristics of black msm in Massachusetts at increased risk for HIV infection and transmission. Journal of Urban Health, 86(4), 602-623.
  55. "Sex and Poppers". SexInfo Online. 28 November 2017. Archived from the original on 26 December 2019. https://web.archive.org/web/20191226172940/https://sexinfo.soc.ucsb.edu/article/sex-and-poppers। আহৰণ কৰা হৈছে: 3 June 2020. 
বৰ্গীকৰণ