সংস্কৃতকৰণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

সংস্কৃতকৰণ (ইংৰাজী: Sanskritisation) হৈছে ভাৰতবৰ্ষত উপলব্ধ এক সামাজিক পৰিৱৰ্তন। ই সামাজিক বৰ্গীকৰণত তলৰ ফালে স্থান দিয়া কোনো জাতিয়ে ওপৰ খাপৰ জাতি এটাৰ পৰম্পৰা আৰু জীৱনশৈলী অনুকৰণ কৰি ওপৰ ধাপলৈ আগবঢ়া এক প্ৰক্ৰিয়া। ১৯৫০ৰ দশকত ভাৰতৰ সমাজতাত্বিক এম. এন. শ্ৰীনিৱাসে সংস্কৃতকৰণ শব্দটি জনপ্ৰিয় কৰি তোলে।[1] ক্ৰিষ্টোফাৰ জেফাৰলটৰ মতে বি আৰ আম্বেদকাৰেকাষ্ট ইন ইণ্ডিয়া : ডেয়াৰ মেকানিজম, জেনেছিছ এণ্ড ডেভলপমেণ্ট শীৰ্ষক গ্ৰন্থত এনে এক অনুসন্ধানমূলক তত্ত্বৰ কথা কৈছে।[2] তেওঁ আকৌ কৈছে, "এই শব্দটোৰ জনক শ্ৰীনিৱাস হয় যদিও এই প্ৰক্ৰিয়াৰ বৰ্ণনা ঔপনিৱেশিক শাসক ই.টি. আটকিন্সনৰ হিমালয়ান গেজেটাৰ আৰু আলফ্ৰেড লিয়লৰ লিখনিত পোৱা যায় আৰু সম্ভৱতঃ ইয়াতেই আম্বেডকাৰে এই সম্বন্ধে পঢ়িছিল।"[3]

সংজ্ঞা[সম্পাদনা কৰক]

এম এন শ্ৰীনিৱাসৰ মতে সংস্কৃতকৰণ হৈছে এক প্ৰক্ৰিয়া য'ত হিন্দু ধৰ্মৰ কোনো নিম্ন অথবা মধ্য বৰ্গীয় জাতি, কোনো জনজাতি অথবা অন্য কোনো গোটে এক উচ্চ বৰ্গৰ জাতি বা দ্বিজসকলক অনুকৰণ কৰি নিজৰ ৰীতি-নীতি, পাৰম্পৰিক বিশ্বাস আৰু জীৱনশৈলী সলনি কৰে। সাধাৰণতে এনে অনুকৰণৰ ফলত সেই নিম্নবৰ্গত স্থান দিয়া জাতিটো সামাজিক বৰ্গীকৰণত ওপৰলৈ উঠোৱাৰ দাবী উঠা দেখা যায়।[4]

নিম্ন বৰ্গৰ বুলি অভিহিত কৰা আমিষ আহাৰৰ পৰিপন্থী নোহোৱা লোকে দ্বিজসকলৰ অনুকৰণত নিৰামিষাহাৰ গ্ৰহণ কৰাটো সংস্কৃতকৰণৰ এক উল্লেখযোগ্য উদাহৰণ। শ্ৰীনিৱাসৰ মতে সংস্কৃতকৰণে নতুন ৰীতি-নীতি আৰু অভ্যাসৰ অনুকৰণৰ লগতে সংস্কৃত গ্ৰন্থসমূহত উল্লিখিত নতুন আদৰ্শ আৰু মুল্যবোধৰ সৈতে সংসৰ্গ হোৱাটোকো সামৰি লয়। তেওঁৰ মতে সংস্কৃত হোৱাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ চিন্তাত কৰ্ম, ধৰ্ম, পাপ, মায়া, সংসাৰ, মোক্ষ আদি ধাৰণা প্ৰতিফলিত হয়।[5]

এই প্ৰক্ৰিয়াটি নেপালৰ খাছ, মগৰ, নেৱাৰ, থাৰু সকলৰ মাজতো দেখা যায়।[6]

উল্লেখযোগ্য উদাহৰণ[সম্পাদনা কৰক]

বৈদিক যুগৰ বৰ্ণপ্ৰথাৰ ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় বৰ্ণ সৃষ্টিত সংস্কৃতকৰণৰ অৰিহণা আছে। উত্তৰ ভাৰতৰ ৰাজপুতসকলৰ ক্ষেত্ৰত ইয়াৰ উদাহৰণ দেখা যায়। বৰ্তমান ৰাজপুত সম্প্ৰদায়ত ৰাজবংশীয় আৰু জনজাতীয় তথা নিম্নবৰ্গীয় উপাদান দেখা যায় যিয়ে ৰাজনৈতিক আৰু ভূমি অধিকাৰ গ্ৰহণ কৰি ক্ষত্ৰিয় হোৱাৰ অধিকাৰ সাব্যস্ত কৰে। সেয়েহে ক্ষত্ৰিয় শব্দ ৰাজপুত শব্দৰ সমাৰ্থক নহয়।[7][8][9] ব্ৰহ্মপুত্ৰ উপত্যকাৰ ডোম সম্প্ৰদায়ে সংস্কৃতকৰণৰ জৰিয়তে প্ৰথমতে নদীয়াল হিচাপে আৰু পিছলৈ কৈৱৰ্ত ৰূপে পৰিচয় দিয়াৰ উদাহৰণ আছে।[10]

সিদ্ধান্ত[সম্পাদনা কৰক]

এই সিদ্ধান্ত শ্ৰীনিৱাসৰ ডক্টৰেট থিছিছত প্ৰথম প্ৰকাশিত হয়। ১৯৫২ চনত ইয়াক ৰিলিজিয়ন এণ্ড ছ'ছাইটি এমং দ্য কুৰ্গছ অৱ ছাউথ ইণ্ডিয়া শীৰ্ষক গ্ৰন্থ হিচাপে প্ৰকাশ কৰা হ্য়। তেওঁ কিতাপখনত লিখিছে:

"জাতিপ্ৰথাত প্ৰতিটো জাতিৰ স্থান চিৰদিনৰ বাবে থিক কৰি থোৱা আছে যদিও ই সম্পূৰ্ণ অটল নহয়। বিশেষকৈ মধ্যবৰ্গীয় সকলৰ বাবে ইয়াৰ মাজত চলাচল কৰাটো সূচল। এটা জাতিয়ে নিজৰ ৰীতি আৰু ধৰ্মীয় বিশ্বাসসমূহৰ সংস্কৃতকৰণৰ জৰিয়তে এক বা দুই প্ৰজন্মৰ ভিতৰতে উচ্চবৰ্গত স্থান পোৱা পাইছিল। চমুকৈ ক'বলৈ গ'লে তেওঁলোকে ব্ৰাহ্মণ সকলৰ ৰীতি-নীতি, আচাৰ আৰু বিশ্বাসবোৰ যিমানদূৰ পাৰি অধিগ্ৰহণ কৰিছিল আৰু কিতাপৰ মতে নিষিদ্ধ হ'লেও নিম্নখাপৰ জাতি এটাই ব্ৰাহ্মণ জীৱন-শৈলী অনুকৰণ কৰাটো সঘনাই দেখা গৈছিল। আৰু যিহেতু কিছুমান বৈদিক আচাৰ কেৱল ব্ৰাহ্মণ আৰু দ্বিজসকলৰ বাবেহে সীমিত, গতিকে এই গ্ৰন্থখনত এই প্ৰক্ৰিয়াক ব্ৰাহ্মণকৰণৰ পৰিৱৰ্তে সংস্কৃতকৰণ বুলি কোৱা হৈছে।"[11]

এই গ্ৰন্থখনে জাতিভেদ প্ৰথা অটল আৰু অপৰিৱৰ্তনীয় বুলি থকা ধাৰণাক প্ৰশ্ন কৰে। সংস্কৃতকৰণ প্ৰক্ৰিয়াই জাতিভেদ প্ৰথাৰ জটিলটা আৰু চলতাৰ কথা সূচায়। এই গ্ৰন্থখনে ভাৰতৰ জাতি আৰু সম্প্ৰদায়সমূহৰ স্থিতি সম্বন্ধীয় গুণাগথাক আনুষ্ঠানিক শিক্ষাৰ আওঁতালৈ আনে। যোগেন্দ্ৰ সিঙে সংস্কৃতকৰণৰ সমালোচনা কৰি কৈছে:

"... প্ৰাচীন আৰু সাম্প্ৰতিক ভাৰতৰ অ-সংস্কৃত পৰম্পৰাক আওকাণ কৰা হেতুকে সংস্কৃতকৰণে সাংস্কৃতিক পৰিৱৰ্তনৰ বিভিন্ন দিশৰ ব্যাখ্যা দিয়াত বিফল হৈছে। এইটো কথা মন কৰিবলগীয়া যে বহু সময়ত সংস্কৃতিৰ এক অ-সংস্কৃত উপাদান সংস্কৃত পৰম্পৰাৰ স্থানীয় ৰূপ হ'ব পাৰে। .....সততে সংস্কৃত নীতিসমূহ অ-সংস্কৃত নীতিবোৰক স্থানান্তৰিত নকৰাকৈয়েই সংযুক্ত কৰা হয়।"[12]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Charsley, S. (1998) "Sanskritization: The Career of an Anthropological Theory" Contributions to Indian Sociology 32(2): p. 527 citing Srinivas, M. N. (1952) Religion and Society Amongst the Coorgs of South India Clarendon Press, Oxford. See also, Srinivas, M. N.; Shah, A. M.; Baviskar, B. S.; and Ramaswamy, E. A. (1996) Theory and method: Evaluation of the work of M. N. Srinivas Sage, New Delhi, আই.এচ.বি.এন. 81-7036-494-9
  2. Jaffrelot (2005), pp. 33, notes that "Ambedkar advanced the basis of one of the most heuristic of concepts in modern Indian Studies—the Sanskritization process—that M. N. Srinivas was to introduce 40 years later."
  3. Jaffrelot 2005, পৃষ্ঠা. 33.
  4. N. Jayapalan (2001). Indian society and social institutions. Atlantic Publishers & Distri. পৃষ্ঠা. 428. ISBN 978-81-7156-925-0. https://books.google.com/books?id=AumuJ2jtRZIC&pg=PA428। আহৰণ কৰা হৈছে: 17 January 2013. 
  5. Srinivas, Mysore Narasimhachar (1962) Caste in Modern India: And other essays Asia Publishing House, Bombay, page 48, OCLC 5206379
  6. Guneratne, Arjun (2002). Many tongues, one people: the making of Tharu identity in Nepal. প্ৰকাশক Ithaca, New York: Cornell University Press. https://books.google.com/books?id=T7FWQ6dzYZQC&lpg=PP1&dq=guneratne%20arjun&pg=PP1#v=onepage&q&f=false। আহৰণ কৰা হৈছে: April 11, 2011. 
  7. "Rajput". https://www.britannica.com/topic/Rajput. 
  8. Manohar Laxman Varadpande (1987). History of Indian Theatre: Classical theatre. Abhinav Publications. পৃষ্ঠা. 290. ISBN 978-81-7017-430-1. https://books.google.com/books?id=fOZB7MbeMrAC&pg=PA290. 
  9. Cynthia Talbot 2015, পৃষ্ঠা. 33-35.
  10. ড॰ উপেন ৰাভা হাকাচাম (২০১৭). বৰ অসমৰ বৰ্ণহিন্দু জাতি-জনগোষ্ঠী. ৰেখা প্ৰকাশন. পৃষ্ঠা. ২৯৮. 
  11. Srinivas, M. N. (1952) Religion and Society Amongst the Coorgs of South India Clarendon Press, Oxford, page 32, OCLC 15999474
  12. Singh, Yogendra. (1994). Modernization of Indian Tradition (A Systematic Study of Social Change), Jaipur, Rawat Publications, p.11.

পাদটীকা[সম্পাদনা কৰক]