হেমাংগ কুমাৰ দত্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হেমাংগ কুমাৰ দত্ত
জন্ম টংলা, দৰং জিলা
পেচা কবি
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা কটন কলেজ
গুৱাহাটী বিশ্ববিদ্যালয়
উল্লেখনীয় কৰ্মৰাজি অথবা
উল্লেখযোগ্য বঁটা মুনীন বৰকটকী বঁটা

প্ৰভাবিত হয়

হেমাংগ কুমাৰ দত্ত (ইংৰাজী: Hemanga Kumar Datta; জন্মː ১৯৭৩) এগৰাকী অসমীয়া কবি আৰু প্ৰবন্ধকাৰ। সীমিত সংখ্যক কবিতাৰে অসমীয়া কাব্য-সাহিত্যত প্ৰভাৱ বিস্তাৰ কৰা কবিসকলৰ ভিতৰত তেওঁ অন্যতম। ৰাতিৰ কবিতা, চহৰত চেলকাৰ্ক আদি তেওঁ লিখা বহু-চৰ্চিত কবিতা। অথবা কাব্যগ্ৰন্থৰ বাবে মুনীন বৰকটকী বঁটা লাভ কৰা দত্ত ২০০৬ চনৰ পৰা নিৰুদ্দেশ হৈ আছে।[1]

জন্ম আৰু শিক্ষা গ্ৰহণ[সম্পাদনা কৰক]

১৯৭৩ চনত দৰং জিলাটংলাত হেমাংগ কুমাৰ দত্তই জন্ম লাভ কৰে।[2] তেওঁৰ পিতৃ হৰিহৰ দত্ত আৰু মাতৃ তিলোত্তমা দত্ত। তেওঁৰ পিতৃয়ে টংলাৰ কুকুৰাকাটাত এখন হোমিওপ্যাথি ফাৰ্মাচী প্ৰতিষ্ঠা কৰিছিল। ১৯৮০ চনত পিতৃৰ মৃত্যুৰ পিছত তেওঁৰ ককায়েকে ইয়াৰ দায়িত্ব লয়। হেমাংগ দত্ত পৰিয়ালৰ কনিষ্ঠ সদস্য। তেওঁ টংলা হাইস্কুলত প্ৰাথমিক শিক্ষা লাভ কৰে। ১৯৮৯ চনত তেওঁ কটন কলেজত নাম ভৰ্ত্তি কৰে আৰু ইয়াৰ পিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰে।

সাহিত্যিক জীৱন[সম্পাদনা কৰক]

বতাহৰ কবিতাই মচিব নেজানে কপালৰ ঘাম
অথচ বতাহে জানে
ৰাতিয়ে উপহাৰ দিব নোৱাৰে সূৰ্য
কিন্তু ৰাতিৰ কবিতাই পাৰে

- ৰাতিৰ কবিতা (অথবা)

কটন কলেজত নাম লগাই শ্বহিদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসত আৱাসী হিচাপে প্ৰৱেশ কৰাৰ সময়তে এক আন্তঃ-আবাস মৌলিক কবিতাপাঠ অনুষ্ঠানত অতিথি হিচাপে অহা নৱকান্ত বৰুৱাৰ সৈতে তেওঁৰ সাক্ষাৎ হয়। তেতিয়াৰে পৰা তেওঁ কবিতা লিখিবলৈ আত্মবিশ্বাস লাভ কৰে। পিছলৈ তেওঁ বৰুৱাৰ ওচৰলৈ গৈ কবিতা সংক্ৰান্তিয় বিভিন্ন পৰামৰ্শ লাভ কৰে। নৱকান্ত বৰুৱাৰ কবিতাসমূহ পঢ়ি তেওঁ নতুন কবিতাৰ লগতে পুৰণা কবিতাসমূহ নতুনকৈ লিখিবলৈ আৰম্ভ কৰে। ১৯৯১ চনত প্ৰান্তিক আলোচনীৰ পাতত কবি হিচাপে তেওঁ আত্মপ্ৰকাশ কৰে। ইয়াৰ উপৰিও অসমৰ আগশাৰীৰ সাহিত্যালোচনী পষেক, সাতসৰী, গৰীয়সী আদিত তেওঁৰ কবিতা প্ৰকাশিত হয়। টংলাৰ পৰা প্ৰকাশ হোৱা সাহিত্য-সংস্কৃতি বিষয়ক আলোচনী দামলত তেওঁৰ কবিতা প্ৰকাশ হৈছে। দামলৰ বাবে তেওঁ নীলমণি ফুকন আৰু হীৰেন গোঁহাইৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে। কটন কলেজৰ বছৰেকীয়া মুখপত্ৰ কটনিয়ান আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ আলোচনীতো তেওঁৰ কবিতা তথা প্ৰবন্ধ প্ৰকাশ হৈছে। ২০০০ চনত তেওঁৰ একমাত্ৰ কাব্য সংকলন অথবা প্ৰকাশ পায়। এই সংকলনখনিত ২৫টা কবিতা সন্নিৱিষ্ট হৈ আছে। নৱকান্ত বৰুৱাৰ আগকথা সমৃদ্ধ এই গ্ৰন্থখনৰ প্ৰকাশক সংজ্ঞা প্ৰকাশ আৰু পৰিবেশক জ্যোতি প্ৰকাশন।


এই সংকলনটিৰ বাবে তেওঁ ২০০২ চনত মুনীন বৰকটকী বঁটা লাভ কৰে। ২০১৮ চনত ‘অথবা’ত সন্নিবিষ্ট ২৫টা কবিতা, ১১টা অন্যত্ৰ প্ৰকাশিত কবিতা, এটা অনুবাদ কবিতা, ৫টা গীত, তিনিটা প্ৰবন্ধ, এখন ৰম্য-ৰচনা, ৩টা ‘অথবা’ কাব্যগ্ৰন্থ সন্দৰ্ভত সমালোচনামূলক লেখা আৰু তিনিটা অন্যান্য লেখা সংগ্ৰহ কৰি হেমাংগ কুমাৰ দত্তৰ অথবা আৰু অন্যান্য শীৰ্ষক গ্ৰন্থ এখন প্ৰকাশ কৰা হয়।[3]

নিৰুদ্দেশ[সম্পাদনা কৰক]

হেমাংগ কুমাৰ দত্তৰ বায়েক প্ৰণীতা দেৱ অধিকাৰীৰ ভাষ্য অনুসৰি ২০০৬ চনত তেওঁ বায়েকক দিল্লীলৈ যাব বুলি ফোন কৰে আৰু তাৰ পিছত তেওঁ নিৰুদ্দিষ্ট হয়। ২০১১ চনত মাতৃৰ অসুস্থতাৰ সময়ত পৰিয়ালবৰ্গই বিচাৰ-খোচাৰ কৰে আৰু টেলিভিছনত বিজ্ঞাপন দিয়ে। কিন্তু এতিয়ালৈ তেওঁৰ কোনো সন্ধান পোৱা হোৱা নাই।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 জয়ন্ত কুমাৰ চক্ৰৱৰ্তী (২০১৮). হেমাংগ কুমাৰ দত্তৰ অথবা আৰু অন্যান্য. ব্ৰহ্মপুত্ৰ বুকছ এণ্ড পাব্লিকেশ্যনছ. 
  2. "বৌদ্ধিক বিচাৰ". হেমাংগ কুমাৰ দত্তৰ দুটি কবিতা. 18 অক্টোবৰ, 2017. Archived from the original on 3 June 2020. https://web.archive.org/web/20200603140329/https://bouddhikbichar.com/2017/10/hemanga-kumar-duttar-duti-kabita/। আহৰণ কৰা হৈছে: 3 June 2020. 
  3. ড॰ কমল কুমাৰ তাঁতী (৩ মাৰ্চ, ২০১৯). "অসমীয়াৰ সুখ-দুখ". যেতিয়া কবিতাই দিয়ে মানুহৰ মুক্তি-পথৰ সন্ধান. xukhdukh.com. https://www.xukhdukh.com/2019/03/HEMANGA.html। আহৰণ কৰা হৈছে: 3 June 2020.