সমললৈ যাওক

মুকেশ খান্না

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুকেশ খান্না
জন্ম ২৩ জুন, ১৯৫৮ (৬৮ বছৰ)[1]
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান
পেচা অভিনয়
সক্ৰিয় হৈ থকা সময় ১৯৮০–বৰ্তমান
দাম্পত্যসঙ্গী অবিবাহিত
আত্মীয়-স্বজন বেদ খান্না (ভাতৃ)

মুকেশ খান্না (ইংৰাজী: Mukesh Khanna; জন্ম: ২৩ জুন, ১৯৫৮) হৈছে এগৰাকী ভাৰতীয় টেলিভিচন আৰু চলচ্চিত্ৰ অভিনেতা যিয়ে জনপ্ৰিয় দূৰদৰ্শনৰ টেলিভিচন ধাৰাবাহিক শক্তিমানৰ চৰিত্ৰত আৰু বি.আৰ.চোপ্ৰাৰ মহাভাৰতভীষ্ম পিতামহৰ চৰিত্ৰৰ বাবে পৰিচিত। তেওঁ চিলড্ৰেনচ্‌ ফিল্ম চচাইটি ইণ্ডিয়াৰ চেয়াৰমেন আছিল যিয়ে ২০১৮ চনৰ ফেব্ৰুৱাৰীত পদত্যাগ কৰে।[2][3][4][5] তেওঁ এমকে ফিল্মচ্‌ (MK Films) ৰ পৰিচালক আৰু প্ৰতিষ্ঠাতা।[6]

জন্ম পৰিচয়

[সম্পাদনা কৰক]

১৯৫৮ চনৰ ২৩ জুন তাৰিখে[1] মুকেশ খান্নাৰ জন্ম হয় মহাৰাষ্ট্ৰৰ মুম্বাইত। তেওঁৰ ভাতৃ বেদ খান্না আছিল এগৰাকী অভিনেতা আৰু প্ৰযোজক যাৰ ২০১৮ চনত মৃত্যু হয়।

কেৰিয়াৰ

[সম্পাদনা কৰক]

মুকেশ খান্নাই ভাৰতৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত থাকি স্নাতক হৈ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল। তেওঁ সহকৰ্মী ভাৰতীয় অভিনেতা নাছিৰুদ্দিন শ্বাহ আৰু শক্তি কাপুৰৰ সৈতে বিদ্যালয়ত যোগ দিছিল।[7] তেওঁ খ্যাতি অৰ্জন তথা বেচি পৰিচিত হৈছে মূলতঃ বি.আৰ. চোপ্ৰাৰ মহাকাব্য টেলিভিচনৰ ধাৰাবাহিক মহাভাৰতত ভীষ্ম পিতামাহৰ অভিনয় কৰি।

১৯৯৭ চনৰ পৰা ২০০৫ চন পৰ্যন্ত খান্নাই তেওঁৰ নিজৰ প্ৰডাকচন হাউচ 'ভীষ্ম ইণ্টাৰনেচনেল' প্ৰযোজিত চুপাৰহিৰ’ ধাৰাবাহিক 'শক্তিমান' ধাৰাবাহিকত নায়ক চৰিত্ৰত অভিনয় কৰিছিল। শ্ব’টো ডেকা- বৃদ্ধ সকলোৰে প্ৰিয় আছিল।[8]

খান্নাই টেলিভিচন ধাৰাবাহিক আৰ্যমানত কাম কৰিছিল- 'ব্ৰহ্মাণ্ড কা যোদ্ধা' একেই নামৰ চৰিত্ৰত। হেৰা ফেৰি ছবিত পুলিশ পৰিদৰ্শক হিচাপে চিত্ৰিত কৰাৰ দৰে খান্নাই বহু টেলিভিচনত প্ৰযোজনা আৰু চলচ্চিত্ৰৰ কাম কৰিছিল। তেওঁ টেলিভিচন ধাৰাবাহিক ৱাক্ত বাতায়েগাতো কাম কৰিছিল। তাহলকা আৰু 'ইণ্টাৰনেচনেল খেলাড়ী'ৰ দৰে ছবিতো তেওঁ অভিনয় কৰিছিল। তেওঁ 'বাৰচাত' চলচ্চিত্ৰত ববি দেউলৰ চৰিত্ৰৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল।

এক্তা কাপুৰৰ কাহিনী 'হামাৰে মহাভাৰত কী'ত খান্নাক শান্তনুৰ ভূমিকাত অফাৰ কৰিছিল যদিও তাক তেওঁ প্ৰত্যাখ্যান কৰিছিল। তেওঁ সংবাদ মাধ্যমত জনাইছিল যে, এক্তাৰ মহাভাৰত এখন ফ্লপ হোৱাৰ ব্যাপক নিশ্চিত, কাৰণ তেওঁ বিআৰ চোপ্ৰাৰ মহাভাৰতত অভিনয় কৰিছিল; এওঁৰ মহাভাৰতত “মডেল” আছে।[9] তেওঁ অভিনিত জীৱনত বহুতো টেলিভিচন ধাৰাবাহিকত অভিনয় কৰিছিল যেনে- 'বাহাদুৰ শাহ জাফৰ' (১৯৮৬), 'মহাভাৰত' (১৯৮৮ টিভি চিৰিজ), 'যুগ' (টিভি চিৰিজ), 'চন্দ্ৰকান্ত' (টিভি চিৰিজ), 'মহাযুদ্ধ', 'বিৰাট', 'শক্তিমান' (১৯৯৭), 'আৰ্যমান - ব্ৰহ্মাণ্ড কা যোদ্ধা' (২০০২) আদিৰ লগতে তেওঁ বহুতো বাণিজ্যিকভাৱে সফল ছবিটো অভিনয় কৰিছে যেনে- 'সদাগৰ' (১৯৯১), 'য়ালগাৰ' (১৯৯২), 'সৌগন্ধ, তাহলকা' (১৯৯২), 'শক্তিমান' (১৯৯৩), 'মে খিলাড়ী তু আনাৰী' (১৯৯৪), 'বাৰষাত' (১৯৯৫), 'ৰাজা' (১৯৯৫), 'পুলিচৱালা গুণ্ডা' (১৯৯৫), 'বীৰ' (১৯৯৫), 'হিম্মত' (১৯৯৬), 'মৈদান-ই-জং' (১৯৯৫), 'জাজ মুজৰিম' (১৯৯৭), 'হেৰা ফেৰী' (২০০০) আৰু প্লান (২০০৪)।

অন্যান্য কৰ্মৰাজি

[সম্পাদনা কৰক]

২০০৭ চনত, খান্না সৰকাৰ দ্বাৰা অনুদানপ্ৰাপ্ত এটি শিশু বিকাশ প্ৰকল্পত অংশ অংশগ্ৰহণ কৰিছিল, শক্তিমান, যি অপুষ্টি প্ৰতিৰোধ, শিশু-মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস, ছোৱালী সন্তানৰ এনিমিয়া আৰু স্বাস্থ্য সচেতনতাৰ প্ৰতি লক্ষ্য কৰিছিল।[10]

খান্নাই জয়পুৰ, আগ্ৰা আৰু বিহাৰত অভিনয় বিদ্যালয়ৰ পৰিচালনা কৰে,[7] লগতে তেওঁ তেনে বিদ্যালয় আৰু খোলাৰ কথা কয়। তেওঁ তিনি মাহৰ অভিনয় কোৰ্চৰ বাবে তেওঁৰ প্ৰাক্তন অভিনয় স্কুল, ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ সৈতে যুটীয়া কৰে।[11]

মুকেশ খান্নাই তেওঁৰ কোম্পানী ভীষ্ম ইণ্টাৰনেশ্যনেল নামেৰে এটি ইউটিউব চিনেলো পৰিচালনা কৰে।[12]

চলচ্চিত্ৰপুঞ্জী

[সম্পাদনা কৰক]

টেলিভিচন

[সম্পাদনা কৰক]
চনধাৰাবাহিকচৰিত্ৰচেনেলটোকা
১৯৮৬বাহাদুৰ শাহ জাফাৰডিডি নেচনেল
১৯৮৮–১৯৯০মহাভাৰতভীষ্মডিডি নেচনেল
১৯৯০চুন্নী[13]কৰমজিৎ সিংডিডি নেচনেল
১৯৯৪–১৯৯৬জানবাজ/মেঘাৱাতডিডি নেচনেল
১৯৯৪–১৯৯৬দ্যা গ্ৰেট মাৰাঠাইব্ৰাহিম খান গাৰডীডিডি নেচনেল[14]
১৯৯৫ বিশ্বামিত্ৰবিশ্বামিত্ৰডিডি নেচনেল
১৯৯৫–১৯৯৬মাৰচেলমাৰচেলডিডি নেচনেল
১৯৯৫–১৯৯৬চৰাবঅজয়/বিজয়
১৯৯৬–১৯৯৮যুগডিডি নেচনেল
১৯৯৭–১৯৯৮বিশ্বাস
১৯৯৭মহাযুদ্ধবিৰাটপ্ৰযোজকো
১৯৯৭–২০০৫শক্তিমানশক্তিমান/পণ্ডিত গংগাধৰ শাস্ত্ৰী/মেজৰ ৰঞ্জিত সিং/শ্ৰী সত্যডিডি নেচনেলপ্ৰযোজকো
২০০২–২০০৩আৰ্যমান – ব্ৰহ্মাণ্ড কা যোদ্ধাআৰ্যমানডিডি নেচনেলপ্ৰযোজকো
২০০৩দিৱাৰবিক্ৰম সিং
২০০৩এহচাচদিগ্বজয় সিং ৰাথোৰ
২০০৭চাউটেলাবিক্ৰম আৰ্য্যপ্ৰযোজকো[15]
২০০৮কল হমাৰা হ্যেপ্ৰফেচৰ বিমলকাল্ত বিষ্ণয়ী
২০০৮ৱাক্ত বাতায়েগা কৌন অপনা কৌন পৰায়াবিশ্বজিত ৰায়চৌধুৰী
২০০৯চচচহহহ...ফিৰ কই হ্যে - নিচান[16]পাণিনি গুৰুজী (খণ্ড ১৯৪ - খণ্ড ২০১)ষ্টাৰ ৱান
২০১২–২০১৩প্যাৰ কা দৰ্দ হ্যে মিঠা মিঠা প্যাৰা প্যাৰা[17]পুৰুষোত্তম দেৱান
২০১২হমাৰা হিৰ’ শক্তিমান[18]শক্তিমানপ্ৰযোজকো
টেলিভিচন ফিল্ম
২০১৬ৱাৰিচলালা প্ৰতাপ সিং বাজৱা আকা লালাজী[19]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
চনচলচ্চিত্ৰচৰিত্ৰটোকা
১৯৮১ৰোহি
১৯৮২ৱাক্ত কে চাহাদে
১৯৮৩দৰ্দ-এ-দিলগোবিন্দ
১৯৮৪কেপ্টেইন বেৰী
১৯৮৫মুঝে কচম হ্যে
১৯৯১সৌগংধচৌধুৰী চৰাং
১৯৯১সৌদাগৰগগণ
১৯৯২তহলকামেজৰ কৃষ্ণ ৰাও
১৯৯২য়লগাৰমহেন্দ্ৰ অশ্বিনী কুমাৰ
১৯৯৩মেৰী আনকমিচনাৰ আচফক খান
১৯৯৩কুংদনচানুৰ ভাই
১৯৯৩ৰাণী ঔৰ মহাৰাণী
১৯৯৩শক্তিমানদিলাৰ
১৯৯৪Rakhwale
১৯৯৪মোহব্বত কী আৰজুৰাজ বাহাদুৰ মহেন্দ্ৰ প্ৰতাপ সিং
১৯৯৪ইংসানিয়তনেৰেট’ৰ
১৯৯৪বেতাজ বাদশাহবলৱান
১৯৯৪মে খিলাড়ী তূ অনাড়ীঅৰ্জুন জোগলেকাৰ
১৯৯৪অমানতআগৰৱাল চেঠ
১৯৯৪আও প্যাৰ কৰেশংকৰ
১৯৯৫পলিচ ল’কআপইন্সপেক্টৰ প্ৰাথ
১৯৯৫হুকুমনামা
১৯৯৫পথৰীলা ৰাস্তাইন্সপেক্টৰ অৰ্জুন
১৯৯৫ৰেশ্মা
১৯৯৫জৱাবৰাজেশ্বৰ
১৯৯৫পাণ্ডবঅশ্বিন কুমাৰ
১৯৯৫মৈদান-এ-জংগএছ.পি. অৰুণ
১৯৯৫পলিচৱালা গুণ্ডাইন্সপেক্টৰ চৌহান
১৯৯৫নজৰ কে সামনেবাদশাহান খান
১৯৯৫ৰাজাৰানা মহেন্দ্ৰ প্ৰতাপ গাৰৱাল
১৯৯৫তাকাদপলিচ ইন্সপেক্টৰ খুশৱন্ত সিং বেদী
১৯৯৫গুডুবিক্ৰম বাহাদুৰ (গুডুৰ পিতৃ)
১৯৯৫বীৰটাইগাৰ
১৯৯৫বৰসাতবাবা (বাদলৰ দেউতা)
১৯৯৬জগন্নাথ
১৯৯৬হিম্মতইন্সপেক্টৰ ডিচৌজা
১৯৯৬হিম্মতৱৰইন্সপেক্টৰ ৰাজেশ্বৰ
১৯৯৬বাল ব্ৰহ্মচাৰীঠাকুৰ ৰঘুবীৰ সিং
১৯৯৭আখ্ৰী সংঘৰ্ষশক্তি সিং
১৯৯৭নজৰকমিচনাৰ
১৯৯৭চলমা পে দিল আ গয়া
১৯৯৭জজ মুজৰিমমংগল সিং
১৯৯৮মহায়ুদ্ধ
১৯৯৮কীমত: দে আৰ বেকসুৰজ প্ৰতাপ সিং
১৯৯৮জুল্ম-ওৰ-সিতমইন্সপেক্টৰ লিয়াকাত খান
১৯৯৯Jaalsaazএডভ’কেট ডি.কে. খান্না
১৯৯৯ইণ্টাৰনেচনেল খিলাড়ীবিচমিল্লা (দেৱৰাজৰ মুৰব্বী)
২০০০গেংলালা
২০০০খাউফএছ.পি. জয়দেৱ সিং
২০০০হেৰা ফেৰীপলিচ ইন্সপেক্টৰ প্ৰকাশ
২০০১সেংসৰ
২০০১এক ঔৰ জং
২০০১হমাৰী বহু
২০০৩তাড়া
২০০৪প্লানআলিভাই (মুচ্চাৰ ব’চ)
২০০৪মিচন মুম্বাইইন্সপেক্টৰ ইন্দ্ৰজিত হিন্দী
২০০৫ধানা ৫১তেলেগু চলচলীয়া
২০০৫হনুমানহনুমান (কণ্ঠ)
২০০৫ফিল্ম
২০০৯চল চলেজাষ্টিক ভাৰত কুমাৰ
২০১০বাৰুদ: (দ্যা ফায়াৰ) - এ লাভ ষ্ট’ৰীঅভয় কুমাৰ
২০১২অক্কাদ বাক্কাদ বাম বে ব’ইন্সপেক্টৰ বিক্ৰম
২০১২কৃষ্ণ ঔৰ কংসআক্ৰুৰ (কণ্ঠ)
২০১৪অৰ্ধ গাংগু অৰ্ধ গন্ধামাৰাঠী চলচ্চিত্ৰ
২০১৪ৰাজাধি ৰাজা[20]শিখান্দেৰমালয়ালম চলচ্চিত্ৰ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "Mukesh Khanna Birthday: 'शक्तिमान' के बाद सिनेमा को मिले ये छह सुपरहीरो, बेमिसाल हैं इनकी शक्तियां" (hi ভাষাত). Amar Ujala. https://www.amarujala.com/photo-gallery/entertainment/bollywood/mukesh-khanna-birthday-best-superheroes-bollywood-movies-krishh-shahanshah-drone-a-flying-jatt.
  2. "Mukesh Khanna is new chairperson of Children Film Society". Timesofindia.indiatimes.com. 28 April 2015. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Mukesh-Khanna-is-new-chairperson-of-Children-Film-Society/articleshow/47080186.cms আহৰণ কৰা হৈছে: 10 February 2016.
  3. "Mukesh Khanna appointed new CFSI chairperson". Timesofindia.indiatimes.com. 29 April 2015. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Mukesh-Khanna-appointed-new-CFSI-chairperson/articleshow/47094772.cms আহৰণ কৰা হৈছে: 10 February 2016.
  4. "Mukesh Khanna appointed chairperson of CFSI". DeshGujarat.com. 29 April 2015. http://deshgujarat.com/2015/04/29/mukesh-khanna-appointed-chairperson-of-cfsi/ আহৰণ কৰা হৈছে: 10 February 2016.
  5. "Mukesh Khanna to be New Children Film Society of India Chairperson – NDTV Movies". Movies.ndtv.com. 23 April 2015. http://movies.ndtv.com/television/mukesh-khanna-to-be-new-children-film-society-of-india-chairperson-757430 আহৰণ কৰা হৈছে: 10 February 2016.
  6. "Mukesh Khanna Director, mumbai film city, Mumbai (2020)" (en ভাষাত). www.cineplo.com. Archived from the original on 2020-03-04. https://web.archive.org/web/20200304073322/https://www.cineplo.com/IN/Mumbai/223177861347347/Mukesh-Khanna-Director আহৰণ কৰা হৈছে: 2020-03-04.
  7. 1 2 Lakti, Navleen Kaur (12 October 2013). "Return of the desi superhero". hindustantimes.com. Archived from the original on 2 November 2013. https://web.archive.org/web/20131102164759/http://www.hindustantimes.com/punjab/chandigarh/return-of-the-desi-superhero/article1-1134168.aspx আহৰণ কৰা হৈছে: 31 October 2013.
  8. "Shaktiman: Here are some UNKNOWN FACTS about the Mukesh Khanna starrer superhero show". www.msn.com. https://www.msn.com/en-in/entertainment/tv/shaktiman-here-are-some-unknown-facts-about-the-mukesh-khanna-starrer-superhero-show/ar-BB13N4jo আহৰণ কৰা হৈছে: 2020-06-18.
  9. Phadke, Aparna (24 March 2012). "Mukesh Khanna's done with mythological serials!". The Times of India. Archived from the original on 2 November 2013. https://web.archive.org/web/20131102092928/http://articles.timesofindia.indiatimes.com/2012-03-24/tv/31233686_1_serials-jhansi-ki-rani-bheeshma-pitamah আহৰণ কৰা হৈছে: 31 October 2013.
  10. "MP CM ropes in Mukesh Khanna to unveil 'Shaktimaan' project". The Hindu. 27 September 2007. http://www.hindu.com/thehindu/holnus/004200709271450.htm আহৰণ কৰা হৈছে: 31 October 2013.
  11. "Act One". indianexpress.com. 17 October 2013. http://www.indianexpress.com/news/act-one/1183515/ আহৰণ কৰা হৈছে: 31 October 2013.
  12. "Bheeshm International". YouTube. https://www.youtube.com//BheeshmInternational আহৰণ কৰা হৈছে: 2020-03-02.
  13. "CHUNNI EPISODE 01". YouTube. https://www.youtube.com/watch?v=yB5D06hAFac আহৰণ কৰা হৈছে: 2020-03-02.
  14. https://www.imdb.com/title/tt2451878/?ref_=nv_sr_srsg_0
  15. Joshi, Nitin (12 February 2007). "Pro-file:Krishna Abhishek". Indian Express. Archived from the original on 5 May 2007. https://web.archive.org/web/20070505091058/http://cities.expressindia.com/fullstory.php?newsid=221862 আহৰণ কৰা হৈছে: 12 February 2011.
  16. "Ssshhh...Phir Koi Hai". photogallery.navbharattimes.indiatimes.com. Archived from the original on 2019-06-19. https://web.archive.org/web/20190619222138/https://photogallery.navbharattimes.indiatimes.com/tv/shows/ssshhh-phir-koi-hai/articleshow/4505482.cms আহৰণ কৰা হৈছে: 2020-06-24.
  17. "'Pyaar Ka Dard Hai...' may be my last daily soap: Mukesh Khanna". 20 July 2013. https://www.business-standard.com/article/news-ians/pyaar-ka-dard-hai-may-be-my-last-daily-soap-mukesh-khanna-113072000448_1.html.
  18. "Shahrukh Khan and Akshay Kumar cannot play Shaktimaan" (Hindi ভাষাত). June 26, 2013. https://www.jagran.com/entertainment/tv-shah-rukh-khan-and-akshay-kumar-cannot-play-shaktimaans-role-10511187.html আহৰণ কৰা হৈছে: January 12, 2018.
  19. "Mukesh Khanna to quit Waaris. Character to die in horse-riding accident". Hindustan Times. 24 June 2016. https://www.hindustantimes.com/tv/mukesh-khanna-to-quit-waaris-character-to-die-in-horse-riding-accident/story-sV2nty7cfVSalbNQuXel5L.html.
  20. "Mammootty is wonderful to work with: Mukesh Khanna - Times of India". The Times of India. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/Mammootty-is-wonderful-to-work-with-Mukesh-Khanna/articleshow/42104842.cms.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]