শক্তিমান
| শক্তিমান | |
|---|---|
![]() শক্তিমানৰ ৰূপত মুকেশ খান্না | |
| নিৰ্মাতা | মুকেশ খান্না |
| লিখক | গালিব ভূপালি আৰু ব্ৰিজ মোহন পাণ্ডে |
| পৰিচালক | দিবাকৰ জানি |
| অভিনয়ত | মুকেশ খান্না বৈষ্ণৱী মহন্ত কিটু গিদৱানী সুৰেন্দ্ৰ পল টম অল্টাৰ |
| শীৰ্ষ সংগীত | শক্তিমান |
| দেশ | ভাৰত |
| ভাষা | হিন্দী |
| খণ্ডৰ সংখ্যা | প্ৰায় ৩০০ (প্ৰথম সম্প্ৰচাৰত), প্ৰায় ৪৫০ (পুণৰ সম্প্ৰচাৰত বৰ্ধিত)[1][2] |
| প্ৰযোজনা | |
| প্ৰযোজক | মুকেশ খান্না |
| সম্পাদক | নাছিৰ হাকিম আনচাৰী |
| চিত্ৰগ্ৰহণকাৰী | মনোজ চনি |
| দৈৰ্ঘ্য | ৪৫-৬০ মিনিট |
| সম্প্ৰচাৰ | |
| মূল ছেনেল | দূৰদৰ্শন |
| প্ৰদৰ্শনৰ সময় | ১৩ ছেপ্টেম্বৰ ১৯৯৭[1] – ২৭ মাৰ্চ ২০০৫[1] |
শক্তিমান (ইংৰাজী: Shaktimaan) হ'ল ভাৰতীয় দূৰদৰ্শনত একে নামেৰে প্ৰচাৰিত, মুকেশ খান্না প্ৰযোজিত আৰু দিবাকৰ জানিৰ দ্বাৰা পৰিচালিত দূৰদৰ্শন শৃংখলা এখনৰ মুখ্য তথা ভাৰতৰ প্ৰথম চুপাৰহিৰো চৰিত্ৰ।[3][4] প্ৰতি দেওবাৰে ভাৰতীয় মান সময় অনুসৰি দিনৰ ১২ বজাত, প্ৰায় ৪০০ খণ্ডৰে ২৭ ছেপ্তেম্বৰ, ১৯৯৭ তাৰিখৰ পৰা ২৭ মাৰ্চ ২০০৫ লৈ ডিডি নেচনেল যোগে প্ৰচাৰিত হৈছিল।[5] পৰিচয়মূলক খণ্ডটো ২০ ছেপ্তেম্বৰ, ১৯৯৭ তাৰিখতে সম্প্ৰচাৰ হৈছিল। শেষৰ খণ্ডটোৰ শ্লট দিনৰ ১২ বজাৰ পৰা ৰাতিপুৱা ৯:৩০ বজালৈ সলনি কৰা হৈছিল। ইয়াক প'গ'ত ইংৰাজীত, তৰঙ্গত ওড়িয়া আৰু চুট্টি টিভিত তামিলত সম্প্ৰচাৰণ কৰা হৈছিল। ষ্টাৰ উৎসৱত হিন্দীত ইয়াক পুণৰ সম্প্ৰাচাৰন কৰা হৈছিল। মুকেশ খান্নাই শক্তিমান আৰু শক্তিমানৰ অন্য ৰূপ পণ্ডিত গংগাধৰ বিদ্যাধৰ মায়াধৰ ওমকাৰনাথ শাস্ত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। শক্তিমান অতিমানৱ আছিল, তেওঁ আলৌকিক শক্তিৰ অধিকাৰী আছিল। গীতা বিশ্বাস নামৰ অইন এটা চৰিত্ৰ শক্তিমানৰ প্ৰেয়সী আছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- 1 2 3 Manik Sharma (1 October 2017). "Chacha Choudhary, Nagraj, Super Commando Dhruva: The league of extraordinary gentlemen". The Indian Express. https://indianexpress.com/article/lifestyle/books/chacha-choudhary-nagraj-super-commando-dhruva-the-league-of-extraordinary-gentlemen-4868487/.
- ↑ "Shaktimaan (450 Episodes) - 1997 - Rights". Ultra Media and Entertainment Pvt Ltd.. http://www.ultraindia.com/film-details/4866-shaktimaan-450-episodes। আহৰণ কৰা হৈছে: 29 July 2022.
- ↑ Bailay, Rasul (2000-10-04), "India's Own Superman Is a Big Hit With Kids, and Black Marketers" (en-US ভাষাত), Wall Street Journal, ISSN 0099-9660, https://www.wsj.com/articles/SB970594861403621305, আহৰণ কৰা হৈছে: 2025-08-15
- ↑ Sominder, Aadrika (2024-11-13). "Mukesh Khanna's Shaktimaan returns! Fans speculate if his suit is copied from popular Marvel & DC characters; guess who". Hindustan Times. https://www.hindustantimes.com/htcity/cinema/shaktimaan-returns-but-who-rocked-the-red-and-gold-suit-first-iron-man-shazam-or-mukesh-khanna-101731414197566.html। আহৰণ কৰা হৈছে: 2025-08-15.
- ↑ "Chacha Choudhary, Nagraj, Super Commando Dhruva: The league of extraordinary gentlemen" (en-IN ভাষাত). The Indian Express. 1 October 2017. https://indianexpress.com/article/lifestyle/books/chacha-choudhary-nagraj-super-commando-dhruva-the-league-of-extraordinary-gentlemen-4868487/। আহৰণ কৰা হৈছে: 3 June 2019.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- শক্তিমান সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
