সমললৈ যাওক

ভৃংগেশ্বৰ শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভৃংগেশ্বৰ শৰ্মা
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
বিষয় ব্যংগ সাহিত্য, ঔপন্যাসিক, গল্পকাৰ


ভৃংগেশ্বৰ শৰ্মা (ইংৰাজী: Bhringeswar Sarma) এগৰাকী অসমীয়া ব্যংগ লেখক, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু পেচাত এজন চিকিৎসক।[1] তেখেতে দীৰ্ঘদিন ধৰি প্ৰান্তিক আলোচনীৰ পাতত 'দৈনন্দিন' শিতানত হাস্য-ব্যংগ ৰচনা লিখি আহিছে। এই দৈনন্দিন শিতানত প্ৰকাশপোৱা লেখাবোৰ পৰৱৰ্তী সময়ত গ্ৰন্থাকাৰে প্ৰকাশ পাইছে।[2] তেখেতে বৰ্তমানলৈকে ৬খন গল্প সংকলন, ২খন উপন্যাস আৰু ১খন প্ৰবন্ধ সংকলন আৰু চাৰিখন হাস্য-ব্যংগ পুথি প্ৰকাশ কৰিছে।

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

ভৃংগেশ্বৰ শৰ্মাৰ জন্ম হয় ১৯৬৩ চনৰ ৮ জুনত, পাঠশালাত। বজালী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰপৰা উচ্চ মাধ্যমিক আৰু বজালী মহাবিদ্যালয়ৰপৰা পি.ইউ. পাছ কৰে। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰপৰা এম.বি.বি.এছ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰপৰা কাণ, নাক, ডিঙি অৰ্থাৎ ENT বিভাগত এম.এছ ডিগ্ৰী লাভ কৰে।[2]

সাহিত্যৰাজি

[সম্পাদনা কৰক]

হাস্য-ব্যংগ

[সম্পাদনা কৰক]
  • দৈনন্দিন-১ (হাস্য-ব্যংগ,২০০৭)
  • দৈনন্দিন-২ (হাস্য-ব্যংগ,২০১০)
  • দৈনন্দিন-৩ (হাস্য-ব্যংগ,২০১৪)
  • দৈনন্দিন-৪ (হাস্য-ব্যংগ,২০১৬)

গল্প সংকলন

[সম্পাদনা কৰক]

উপন্যাস

[সম্পাদনা কৰক]
  • বুকুত এবুকু আশা, (উপন্যাস, ১৯৯০)
  • তেজে ধোৱা সময়, (উপন্যাস, ২০১২)
  • আবেলিৰ ৰামধেনু, (উপন্যাস, ২০২১)

প্ৰবন্ধ সংকলন

[সম্পাদনা কৰক]
  • দেউতাৰ বাবে এখন ৰচনা (নিবন্ধ সংকলন, ২০১৪)


বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "সাক্ষাৎকাৰ – ডাঃ ভৃংগেশ্বৰ শৰ্মা". সাক্ষাৎকাৰ. ফটাঢোল. ১ মে', ২০১৮. Archived from the original on 2024-05-21. https://web.archive.org/web/20240521150919/https://fotadhol.com/?p=4325। আহৰণ কৰা হৈছে: 21 মে' 2024. 
  2. 2.0 2.1 ১৮ আগষ্ট, ২০১৭. "ডা° ভৃংগেশ্বৰ শৰ্মাৰ স’তে এক বাৰ্তালাপ". দ্বীপজ্যোতি বৰা. সাহিত্য ডট অৰ্গ. https://www.xahitya.org/2017/08/18/bhringeswar_sharma/। আহৰণ কৰা হৈছে: 2 June 2020. [সংযোগবিহীন উৎস]
  3. "List of Awardees". Munin Barkotoki Memorial TrustMunin Barkotoki Memorial Trust. http://www.muninbarkotoki.org/assamese/trust/awrdlist.html। আহৰণ কৰা হৈছে: 2025-04-14.