কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু  

কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধুৰ প্ৰথম প্ৰকাশৰ বেটুপাত
লেখক ভৃংগেশ্বৰ শৰ্মা
প্ৰচ্ছদ শিল্পী শ্ৰী হৰকুমাৰ ডেকা
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ গল্প সংকলন
প্ৰকাশক বি.এচ.পাব্লিকেচন
প্ৰকাশ ডিচেম্বৰ,২০০০
মিডিয়া প্ৰকাৰ ছপা (পকাবন্ধা)
পৃষ্ঠা সংখ্যা ১২০

কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু হ'ল ডা০ ভৃংগেশ্বৰ শৰ্মা ৰচিত এক অসমীয়া গল্প সংকলন। অসমৰ বিভিন্ন আলোচনী তথা বাতৰি কাকতত প্ৰকাশিত প্ৰায় বিশটা গল্পৰ এই সংকলনটিৰ প্ৰথম প্ৰকাশ হয় ২০০০ চনৰ ডিচেম্বৰ মাহত। ১৯৯৬ চনৰ মুনীন বৰকটকী বঁটা প্ৰাপ্ত এই গল্প সংকলনটিৰ প্ৰকাশক হ'ল বি.এচ.পাব্লিকেচন আৰু পৰিবেশক হ'ল বনলতা আৰু অসমী প্ৰকাশন।

লেখকৰ পৰিচয়[সম্পাদনা কৰক]

আশীৰ দশকত আত্মপ্ৰকাশ কৰা গল্পকাৰ সকলৰ ভিতৰত ভৃংগেশ্বৰ শৰ্মাৰ নাম উল্লেখযোগ্য। তেওঁৰ প্ৰথম গল্প সংকলন প্ৰেয়সী ১৯৮৯ চনত ছপা আকাৰত প্ৰকাশ পায়। ১৯৮৮-৮৯ চনৰ অসম সাহিত্য সভাৰ উপন্যাস প্ৰতিযোগিতাত শ্ৰী শৰ্মাৰ "বুকুত এবুকু আশা" নামৰ উপন্যাসখনে "গিৰিধৰ শৰ্মা" বঁটা লাভ কৰে আৰু ১৯৯০ চনত ছপা ৰূপ লয়।[1] ১৯৯০-৯১ চনত চুটিগল্পৰ বাবে শৰ্মাই পুনৰ অসম সাহিত্য সভাৰ "মহানন্দ বৰুৱা- শশীপ্ৰভা বৰুৱা" বঁটা লাভ কৰে। ১৯৯২ চনত তেওঁৰ "জাৰৰ দিনৰ চোলা" নামৰ স্ব নিৰ্বাচিত গল্প সংকলন প্ৰকাশ পায়। কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু শীৰ্ষক চুটিগল্পৰ পাণ্ডুলিপিৰ বাবে শৰ্মাই ১৯৯৬ চনৰ মুনীন বৰকটকী বঁটা লাভ কৰে।[1] ইয়াৰ উপৰিও শৰ্মাৰ অসম আন্দোলনৰ পটভূমিত "তেজে ধোৱা সময়" নামৰ উপন্যাস আৰু প্ৰান্তিকত প্ৰকাশিত হাস্যৰসাত্মক প্ৰবন্ধলানি "দৈনন্দিন" সমূহৰ তিনিটা সংকলন "দৈনন্দিন-১", ''দৈনন্দিন-২'' আৰু "দৈনন্দিন-৩" প্ৰকাশ পাইছে।

গল্পসমূহ[সম্পাদনা কৰক]

এই সংকলনটিৰ গল্পসমূহত সমসাময়িক সমাজ আৰু জীৱনৰ বাস্তৱ ৰূপ এটা ধৰি ৰাখিবলৈ চেষ্টা কৰা হৈছে। সামাজিক বৈষম্য,শোষণ,উচ্চবিত্তৰ দম্ভ আৰু মধ্যবিত্তৰ অৱক্ষয়,পাৰিবাৰিক সমস্যা,বাৰ্ধক্য আৰু মৃত্যুচেতনা আদি নানা প্ৰসংগৰ চিত্ৰ গল্পসমূহৰ মাজেদি ডাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে।[1]

ক্ৰম গল্পৰ নাম পূৰ্বতে প্ৰকাশ পোৱা আলোচনী টোকা
কামাখ্যা ফাৰ্মাচীত চাৰিজন বন্ধু প্ৰান্তিক
কুকুৰৰ পৰা সাৱধান সাদিন
এটা মুকলি প্ৰশ্ন বা এটা সাধাৰণ কাহিনী সাদিন
উত্তৰাধিকাৰী সাদিন
ব্যৱধান অগ্ৰদূত
ফ্ৰিজ শ্ৰীময়ী
শামুকৰ খোলাত পীতাম্বৰ ভূঞা অগ্ৰদূত
প্ৰতিবেশী শ্ৰীময়ী
উপহাস সাদিন
১০ ঠিকনা সাদিন
১১ আবেদন সাদিন
১২ এনেকৈয়ে এদিন সাদিন
১৩ এখন উপন্যাসৰ শেষ অধ্যায় অগ্ৰদূত অসম সাহিত্য সভাৰ দ্বাৰা পুৰস্কৃত
১৪ এজন বুঢ়া মানুহ আজিৰ সময়
১৫ গাড়ী অসম বাণী
১৬ পিতৃ প্ৰান্তিক
১৭ অচিনাকি অসম বাণী
১৮ মৰম সাদিন
১৯ ব্ৰেক সাদিন
২০ সাধুকথা প্ৰান্তিক

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু শীৰ্ষক চুটিগল্পৰ পাণ্ডুলিপিয়ে ১৯৯৬ চনৰ মুনীন বৰকটকী বঁটা লাভ কৰে

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 বেটুপাতৰ দ্বিতীয় পৃষ্ঠা,কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু

লগতে চাওক[সম্পাদনা কৰক]