ডিব্ৰুগড় টাউন ৰেল ষ্টেচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডিব্ৰুগড় টাউন
ভাৰতৰ ৰেল ষ্টেচন
ষ্টেচনৰ তথ্য
ঠিকনা RKB পথ, ডিব্ৰুগড়, অসম
ভাৰত
স্থানাংক 27°28′40″N 94°53′59″E / 27.4779°N 94.8998°E / 27.4779; 94.8998
উচ্চতা ১০৮ মিটাৰ (354 ফুট)
সংযোগ অটোষ্টেণ্ড
গঠনৰ প্ৰকাৰ ব্ৰডগেজ
প্লে'টফৰ্ম
ট্ৰেক ৬টা
পাৰ্কিং নাই
চাইকেলৰ সুবিধা নাই
আন তথ্য
মুকলি ১৮৮৩
Electrified হোৱা নাই
ষ্টেচন ক'ড DBRT
মণ্ডল উত্তৰ-পূব সীমান্ত ৰেলৱে
ডিভিজন তিনিচুকীয়া ৰেল ডিভিজন
অধিকাৰিত্ব ভাৰতীয় ৰেল
অ'পাৰেটৰ উত্তৰ-পূব সীমান্ত ৰেলৱে
ষ্টেচন স্থিতি সক্ৰিয়
অৱস্থান
ডিব্ৰুগড় টাউন ৰেল ষ্টেচন is located in Assam
অসমৰ মানচিত্ৰত ডিব্ৰুগড় ৰেল ষ্টেচনৰ অৱস্থান

ডিব্ৰুগড় টাউন ৰেল ষ্টেচন (ইংৰাজী: Dibrugarh Town railway station) ডিব্ৰুগড় জিলাৰ এটা প্ৰধান ষ্টেচন। ১৮৮১ চনত নিৰ্মাণ আৰম্ভ হোৱা ডিব্ৰু-শদিয়া ৰেলৱেৰ অন্তৰ্গত এই ষ্টেচনটো ১৯৮৩ চনত মুকলি কৰা হৈছিল। সেই বছৰৰ ১৬ জুলাইত ডিব্ৰুমুখৰ পৰা মাকুমলৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা ৪০ মাইল পথত ৰেলৰ চলাচল আৰম্ভ হয়।[1] ডিব্ৰুগড টাউন আছিল ডিব্ৰু-শদিয়া ৰেলৱেৰ দ্বিতীয় ৰেল ষ্টেচন। ১৯৫০ চনৰ বৰভূঁইকুপৰ পিছত ডিব্ৰুমুখ ব্ৰহ্মপুত্ৰ নদীত জাহ যোৱাৰ পিছত বৰ্তমানলৈ সক্ৰিয় হৈ থকা অসমৰ ৰেল ষ্টেচনবোৰৰ ভিতৰত ডিব্ৰুগড় টাউন সৰ্বাধিক পুৰণি।[2]

ইতিহাস[সম্পাদনা কৰক]

২য় বিশ্বযুদ্ধৰ সময়ত ডিব্ৰুগড় ৰেল য়াৰ্ড

১৮৭০ৰ দশকত বৰ্তমানৰ ডিব্ৰুগড় জিলাৰ ৬০খন চাহবাগিছাৰ উংপাদিত সামগ্ৰী, চাহবাগিছাৰ বিভিন্ন যন্ত্ৰ-পাতি, ৰচদ, কয়লা আদি কঢ়িয়াবলৈ এটা ৰেলপথ নিৰ্মাণৰ চিন্তা-চৰ্চা কৰা হৈছিল। সেইমৰ্মে ৩০ জুলাই ১৮৮১ত 'আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী' গঠন কৰি ডিবৰুমুখৰ পৰা লিডুলৈ ষ্টেণ্ডাৰ্ড গেজ (১ মিটাৰ বহল) ডিব্ৰু-শদিয়া ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ হয়। ১ মে' ১৮৮২ৰ দিনা ডিব্ৰুগড়ৰ পৰা জয়পুৰ ৰোডলৈ প্ৰথম ৰেল ইঞ্জিন চলোৱা হয়। ইতিমধ্যে মাকুমলৈ ৰেলপথচোৱা নিৰ্মাণৰ কাম সমাপ্ত হোৱাত ১৬ জুলাই ১৮৮৩ৰ পৰা ডিব্ৰুগড় আৰু মাকুমৰ মাজত ৰেল চলাচল আৰম্ভ হয়। ডিব্ৰুগড় টাউন এই ৰেলপথচোৱাৰ দ্বিতীয় ষ্টেচন আছিল। ‘৫০ৰ বৰভূঁইকুপৰ পিছত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াত ডিব্ৰুমুখ ষ্টেচনটো জাহ যোৱাত ডিব্ৰুগড় টাউন এটা টাৰ্মিনেল ষ্টেচন হয়।[2]

কুৰি শতিকাৰ শেহৰ দশকত লামডিং-ডিব্ৰুগড় ৰেলপথ ব্ৰডগেজলৈ ৰূপান্তৰ কৰাৰ কাম চলে আৰু এই কাম ১৯৯৭ত সমাপ্ত হয়।[3] ইতিমধ্যে ডিব্ৰুগড়ক বগীবিল দলঙেৰে ৰঙাপাৰা-মুৰ্ককচেলেং ৰেলপথ আৰু শিমলুগুৰি-মৰাণহাট ৰেলপথৰ সৈতে সংযোগ কৰা প্ৰকল্প চলিবলৈ লোৱাত ডিব্ৰুগড়ৰ বাণীপুৰ অঞ্চলত এটা নতুন ষ্টেচন নিৰ্মাণ কৰা হ’ল আৰু ২০০৯ৰ ১৩ ডিচেম্বৰত এই ষ্টেচনটো মুকলি কৰা হ’ল।[4]

ৰেলসেৱা[সম্পাদনা কৰক]

ডিব্ৰুগড়ৰ নতুন ষ্টেচনটো মুকলি নকৰালৈকে তিনিচুকীয়া, গুৱাহাটীগামী সকলো ৰেল ডিব্ৰুগড় টাউন ষ্টেচনৰ পৰা যাত্ৰাৰম্ভ কৰিছিল। ২০০৯ চনৰ পিছত ক্ৰমশঃ প্ৰায় সকলো ৰেল নতুন ষ্টেচনটোৰ পৰা চলাবলৈ ল'লে। বৰ্তমান (২০২০) এই ষ্টেচনৰ পৰা ১২৪২৩ নং ৰাজধানী এক্সপ্ৰেছ, লিডুগামী দুখন ডি.এম.ইউ়়. আৰু ডাঙৰীগামী এখন ডি.এম.ইউ়়. চলোৱা হয়।[5]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "State’s first railway track closed down". assamtribune.com. assamtribune (guwahati). December 13, 2011. Archived from the original on January 11, 2012. https://web.archive.org/web/20120111080342/http://www.assamtribune.com/scripts/detailsnew.asp?id=dec1311%2Fat06। আহৰণ কৰা হৈছে: 30 জানুৱাৰী 2014. 
  2. 2.0 2.1 ৰবীন্দ্ৰ চন্দ্ৰ বৰুৱা (চেপ্তেম্বৰ-অক্টোবৰ ২০০৭). "ব্ৰহ্মপুত্ৰ উপত্যাকাত ৰেলগাড়ী". মন্থন: ১৯, ২০. 
  3. "Lumding Dibrugarh GC Project". Process Register. http://www.processregister.com/Lumding-Dibrugarh_G_C/Project/pid11580.htm। আহৰণ কৰা হৈছে: 13 May 2013. 
  4. "Train services commence from New Dibrugarh junction". The Assam Tribune, 14 December 2009. Archived from the original on 16 June 2013. https://archive.ph/20130616122807/http://www.assamtribune.com/scripts/details.asp?id=dec1409/State1। আহৰণ কৰা হৈছে: 13 May 2013. 
  5. "Train between stations". Indian Railway. https://enquiry.indianrail.gov.in/ntes/index.html। আহৰণ কৰা হৈছে: 13 June 2020. 

লগতে চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

১৯৪২ চনৰ ৰেলমেপত ডিব্ৰুগড় টাউন আৰু ডিব্ৰুমুখ ষ্টেচনৰ অৱস্থান