ডিব্ৰুগড় ৰেল ষ্টেচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডিব্ৰুগড় ৰেল ষ্টেচন
ভাৰতীয় ৰেলৰ জংচন ষ্টেচন

ডিব্ৰুগড় ৰেল ষ্টেচনৰ এক দৃশ্য
ষ্টেচনৰ তথ্য
ঠিকনা বাণীপুৰ, ডিব্ৰুগড়, অসম
ভাৰত
স্থানাংক 27°27′52″N 94°56′13″E / 27.4645°N 94.9369°E / 27.4645; 94.9369
উচ্চতা ১০৮ মিটাৰ (354 ফুট)
লাইন লামডিং-ডিব্ৰুগড় খণ্ড
শিমলুগুৰি-ধামালগাঁও-ডিব্ৰুগড় খণ্ড
ডিব্ৰুগড়-ধামালগাঁও-শ্ৰীপানী খণ্ড
গঠনৰ প্ৰকাৰ সাধাৰণ মাটিত
প্লে'টফৰ্ম
ট্ৰেক ১৮
পাৰ্কিং আছে
চাইকেলৰ সুবিধা নাই
Baggage check আছে
আন তথ্য
মুকলি ২০০৯
ষ্টেচন ক'ড DBRG
মণ্ডল উত্তৰ-পূব সীমান্ত ৰেলৱে
ডিভিজন তিনিচুকীয়া
অধিকাৰিত্ব ভাৰতীয় ৰেল
অ'পাৰেটৰ উত্তৰ-পূব সীমান্ত ৰেলৱে
ষ্টেচন স্থিতি কাৰ্য্যক্ষম
অৱস্থান
ডিব্ৰুগড় ৰেল ষ্টেচন is located in Assam
অসমৰ মানচিত্ৰত ডিব্ৰুগড় ৰেল ষ্টেচনৰ অৱস্থান

ডিব্ৰুগড় ৰেল ষ্টেচন (ইংৰাজী: Dibrugarh Railway Station) অসমৰ ডিব্ৰুগড় জিলাৰ বাণীপুৰত অৱস্থিত। ই লামডিং-ডিব্ৰুগড় শাখাৰ এক গুৰুত্বপূৰ্ণ ষ্টেচন। ডিব্ৰুগড় টাউন ৰেল ষ্টেচন (DBRT)ৰ পিছতেই ডিব্ৰুগড় ৰেল ষ্টেচন (DBRG) ঐতিহাসিক নগৰৰ দ্বিতীয় ৰেল ষ্টেচন।

ইতিহাস[সম্পাদনা কৰক]

১৬ জুলাই, ১৮৮৩ চনত ডিব্ৰুমুখৰ পৰা মাকুমলৈ ডিব্ৰু-শদিয়া ৰেলৱে1,000 mm (3 ft 3 38 in) বহল মিটাৰগেজ ৰেললাইন যাত্ৰীৰ বাবে মুকলি কৰা হৈছিল। পিছলৈ ১৯০৩ চনত অসম বেংগল ৰেলৱেৰ চট্টগ্ৰামৰ পৰা লামডিঙলৈ থকা মিটাৰ গজ লাইনটোক তিনিচুকীয়াত ডিব্ৰু-শদিয়া লাইনৰ সংযোগ কৰা হয়।[1] ডিব্ৰুগড়-লামডিং শাখা মিটাৰ গজৰ পৰা ব্ৰড গজলৈ 1,676 mm (5 ft 6 in) সলনি কৰাৰ প্ৰকল্প ১৯৯৭ চনৰ শেষলৈ সমাপ্ত হয়।[2]

২০০২ চনত বগীবিল নামৰ ঠাইত ব্ৰহ্মপুত্ৰৰ ওপৰত চতুৰ্থখন দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ল। এইখন এখন ৰেল আৰু মটৰ চলিবপৰা দুখলপীয়া দলং। সমান্তৰালভাবে ডিব্ৰুগড়ৰ পৰা উত্তৰ অসমৰ ৰঙাপাৰা-মুৰ্কংচেলেক ৰেলপথ সংযোগী এটা নতুন ৰেলপথ নিৰ্মাণৰ কামো চলিল।[3] ইফালে পূৰ্বৰ মিটাৰগেজ শিমলুগুৰি-মৰাণহাট শাখা ৰেলপথ ব্ৰডগেজলৈ ৰূপান্তৰ কৰি ইয়াক ডিব্ৰুগড়লৈ সম্প্ৰসাৰণ কৰাৰ প্ৰকল্পও হাতত লোৱা হ'ল। ২০০৯ চনত মৰাণহাটৰ পৰা ডিব্ৰুগড়লৈ সম্প্ৰসাৰিত অংশ (মৰাণহাট-চাউলকৰা খণ্ড) ৰেল যাতায়তৰ বাবে মুকলি কৰা হয়।[4] সেইবাবে ডিব্ৰুগড়ত এটা নতুন ৰেল ষ্টেচন নিৰ্মাণৰ প্ৰয়োজনীয়তা আহি পৰিল। ১৩ ডিচেম্বৰ , ২০০৯ ৰ পৰা বাণীপুৰ অঞ্চলত নতুনকৈ নিৰ্মাণ কৰা ডিব্ৰুগড় ষ্টেচনৰ পৰা ৰেলসেৱা আৰম্ভ হয়।[5]

ডিব্ৰুগড় - কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ[সম্পাদনা কৰক]

২০১১ চনত আৰম্ভ কৰা ডিব্ৰুগড় - কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ (Dibrugarh - Kanyakumari Vivek Express) ভাৰতৰ দীৰ্ঘতম ৰেলসেৱা। ৰেলখনে অসম, পশ্চিমবঙ্গ, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কেৰালাৰ মাজেৰে ৮২ ঘণ্টাত 4,278 km (2,658 মাইল) পথ অতিক্ৰম কৰে।[6][7]

ৰেলসেৱাসমূহ[সম্পাদনা কৰক]

ডিব্ৰুগড় ৰেল ষ্টেচনৰ পৰা অহা যোৱা কৰা কিছুমান উল্লেখযোগ্য ৰেলৰ নং, নাম, আদিস্থান, গন্তব্য স্থান আৰু দিনৰ সূচী তলত দিয়া হৈছে:

ৰেলৰ নং ৰেলৰ নাম আদিস্থান গন্তব্য স্থান দিনৰ সূচী
১২২৩৫/৩৬ ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ ডিব্ৰুগড় নতুন দিল্লী ৰেল ষ্টেচন, নতুন দিল্লী দৈনিক
১২৫২৫/২৬ ডিব্ৰুগড় -কলকাতা এক্সপ্ৰেছ ডিব্ৰুগড় কলকাতা ৰেল ষ্টেচন, কলকাতা সাপ্তাহিক
১৪০৫৫/৫৬1 ব্ৰহ্মপুত্ৰ মেইল ডিব্ৰুগড় দিল্লী জংচন দৈনিক
১৫৬০৫/০৬ কামাখ্যা - ডিব্ৰুগড় ইণ্টাৰচিটি এক্সপ্ৰেছ কামাখ্যা জংচন ডিব্ৰুগড় দৈনিক
১৫৯০১/০২ ডিব্ৰুগড়-বাংগালুৰু এক্সপ্ৰেছ ডিব্ৰুগড় বাংগালুৰু নগৰ ৰেল ষ্টেচন সাপ্তাহিক
১৫৯০৩/০৪ ডিব্ৰুগড় - চণ্ডীগড় এক্সপ্ৰেছ ডিব্ৰুগড় চণ্ডীগড় সাপ্তাহিক
১৫৯০৫/০৬ ডিব্ৰুগড়-কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ ডিব্ৰুগড় কন্যাকুমাৰী সাপ্তাহিক
১৫৯২৭/২৮ ৰঙিয়া-ডিব্ৰুগড় এক্সপ্ৰেছ ৰঙিয়া ৰেল ষ্টেচন ডিব্ৰুগড় ত্ৰি-সাপ্তাহিক
১৫৯২৯/৩০ ডিব্ৰুগড়-চেন্নাই ইগমোৰ এক্সপ্ৰেছ চেন্নাই ইগমোৰ ডিব্ৰুগড় সাপ্তাহিক
১৫৯৩৩/৩৪ অমৃতসৰ-ডিব্ৰুগড় এক্সপ্ৰেছ ডিব্ৰুগড় অমৃতসৰ সাপ্তাহিক
১৫৯৪১/৪২ ঝাঝা ডিব্ৰুগড় এক্সপ্ৰেছ ঝাঝা ডিব্ৰুগড় সাপ্তাহিক
১৫৯৫৯/৬০ কামৰূপ হাওড়া এক্সপ্ৰেছ হাওড়া জংচন ডিব্ৰুগড় দৈনিক

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "History of Tinsukia Division". NF Railway. Archived from the original on 10 March 2014. https://web.archive.org/web/20140310133856/http://www.nfr.railnet.gov.in/TSK/Network%20Map/history.htm। আহৰণ কৰা হৈছে: 13 May 2013. 
  2. "Lumding Dibrugarh GC Project". Process Register. http://www.processregister.com/Lumding-Dibrugarh_G_C/Project/pid11580.htm। আহৰণ কৰা হৈছে: 13 May 2013. 
  3. [1] Archived 2014-03-16 at the Wayback Machine ঐতিহাসিক যোগীঘোপা আৰু নৰনাৰায়ণ সেতু, প্ৰণৱ কুমাৰ ডেকা, অনুভূতি, দেওবাৰ ২৯ জানুৱাৰী ২০১২
  4. "BRIEF OF ALL PROJECTS (As on 31st, July ‐ 2018)". NF Railway. http://www.nfrlyconstruction.org/Uploads/File/project-details/ProjectDetails_July.pdf। আহৰণ কৰা হৈছে: 14 June 2020. 
  5. "Train services commence from New Dibrugarh junction". The Assam Tribune, 14 December 2009. Archived from the original on 16 June 2013. https://archive.ph/20130616122807/http://www.assamtribune.com/scripts/details.asp?id=dec1409/State1। আহৰণ কৰা হৈছে: 13 May 2013. 
  6. "Vivek Express completes maiden trip ahead of schedule". The Hindu, 24 November 2011. http://www.thehindu.com/news/national/tamil-nadu/vivek-express-completes-maiden-trip-ahead-of-schedule/article2654020.ece। আহৰণ কৰা হৈছে: 13 May 2013. 
  7. "Train to Dbrugarh". The Hindu, 27 November 2011. http://www.thehindu.com/news/national/train-to-dibrugarh/article2663309.ece। আহৰণ কৰা হৈছে: 13 May 2013. 

লগতে চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]