সমললৈ যাওক

ডিব্ৰুগড় ৰেল ষ্টেচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডিব্ৰুগড় ৰেল ষ্টেচন
ভাৰতীয় ৰেলৰ জংচন ষ্টেচন

ডিব্ৰুগড় ৰেল ষ্টেচনৰ এক দৃশ্য
ষ্টেচনৰ তথ্য
ঠিকনা বাণীপুৰ, ডিব্ৰুগড়, অসম
ভাৰত
স্থানাংক 27°27′52″N 94°56′13″E / 27.4645°N 94.9369°E / 27.4645; 94.9369
উচ্চতা ১০৮ মিটাৰ (৩৫৪ ফুট)
লাইন লামডিং-ডিব্ৰুগড় খণ্ড
শিমলুগুৰি-ধামালগাঁও-ডিব্ৰুগড় খণ্ড
ডিব্ৰুগড়-ধামালগাঁও-শ্ৰীপানী খণ্ড
গঠনৰ প্ৰকাৰ সাধাৰণ মাটিত
প্লে'টফৰ্ম
ট্ৰেক ১৮
পাৰ্কিং আছে
চাইকেলৰ সুবিধা নাই
Baggage check আছে
আন তথ্য
মুকলি ২০০৯
ষ্টেচন ক'ড DBRG
মণ্ডল উত্তৰ-পূব সীমান্ত ৰেলৱে
ডিভিজন তিনিচুকীয়া
অধিকাৰিত্ব ভাৰতীয় ৰেল
অ'পাৰেটৰ উত্তৰ-পূব সীমান্ত ৰেলৱে
ষ্টেচন স্থিতি কাৰ্য্যক্ষম
অৱস্থান
ডিব্ৰুগড় ৰেল ষ্টেচন is located in অসম
ডিব্ৰুগড় ৰেল ষ্টেচন
অসমৰ মানচিত্ৰত ডিব্ৰুগড় ৰেল ষ্টেচনৰ অৱস্থান
ডিব্ৰুগড় ৰেল ষ্টেচন is located in ভাৰত
ডিব্ৰুগড় ৰেল ষ্টেচন
ডিব্ৰুগড় ৰেল ষ্টেচন (ভাৰত)

ডিব্ৰুগড় ৰেল ষ্টেচন (ইংৰাজী: Dibrugarh Railway Station) অসমৰ ডিব্ৰুগড় জিলাৰ বাণীপুৰত অৱস্থিত। ই লামডিং-ডিব্ৰুগড় শাখাৰ এক গুৰুত্বপূৰ্ণ ষ্টেচন। ডিব্ৰুগড় টাউন ৰেল ষ্টেচন (DBRT)ৰ পিছতেই ডিব্ৰুগড় ৰেল ষ্টেচন (DBRG) ঐতিহাসিক নগৰৰ দ্বিতীয় ৰেল ষ্টেচন।

১৬ জুলাই, ১৮৮৩ চনত ডিব্ৰুমুখৰ পৰা মাকুমলৈ ডিব্ৰু-শদিয়া ৰেলৱে1,000 mm (3 ft 3 38 in) বহল মিটাৰগেজ ৰেললাইন যাত্ৰীৰ বাবে মুকলি কৰা হৈছিল। পিছলৈ ১৯০৩ চনত অসম বেংগল ৰেলৱেৰ চট্টগ্ৰামৰ পৰা লামডিঙলৈ থকা মিটাৰ গজ লাইনটোক তিনিচুকীয়াত ডিব্ৰু-শদিয়া লাইনৰ সংযোগ কৰা হয়।[1] ডিব্ৰুগড়-লামডিং শাখা মিটাৰ গজৰ পৰা ব্ৰড গজলৈ 1,676 mm (5 ft 6 in) সলনি কৰাৰ প্ৰকল্প ১৯৯৭ চনৰ শেষলৈ সমাপ্ত হয়।[2]

২০০২ চনত বগীবিল নামৰ ঠাইত ব্ৰহ্মপুত্ৰৰ ওপৰত চতুৰ্থখন দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ল। এইখন এখন ৰেল আৰু মটৰ চলিবপৰা দুখলপীয়া দলং। সমান্তৰালভাবে ডিব্ৰুগড়ৰ পৰা উত্তৰ অসমৰ ৰঙাপাৰা-মুৰ্কংচেলেক ৰেলপথ সংযোগী এটা নতুন ৰেলপথ নিৰ্মাণৰ কামো চলিল।[3] ইফালে পূৰ্বৰ মিটাৰগেজ শিমলুগুৰি-মৰাণহাট শাখা ৰেলপথ ব্ৰডগেজলৈ ৰূপান্তৰ কৰি ইয়াক ডিব্ৰুগড়লৈ সম্প্ৰসাৰণ কৰাৰ প্ৰকল্পও হাতত লোৱা হ'ল। ২০০৯ চনত মৰাণহাটৰ পৰা ডিব্ৰুগড়লৈ সম্প্ৰসাৰিত অংশ (মৰাণহাট-চাউলকৰা খণ্ড) ৰেল যাতায়তৰ বাবে মুকলি কৰা হয়।[4] সেইবাবে ডিব্ৰুগড়ত এটা নতুন ৰেল ষ্টেচন নিৰ্মাণৰ প্ৰয়োজনীয়তা আহি পৰিল। ১৩ ডিচেম্বৰ , ২০০৯ ৰ পৰা বাণীপুৰ অঞ্চলত নতুনকৈ নিৰ্মাণ কৰা ডিব্ৰুগড় ষ্টেচনৰ পৰা ৰেলসেৱা আৰম্ভ হয়।[5]

ডিব্ৰুগড় - কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ

[সম্পাদনা কৰক]

২০১১ চনত আৰম্ভ কৰা ডিব্ৰুগড় - কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ (Dibrugarh - Kanyakumari Vivek Express) ভাৰতৰ দীৰ্ঘতম ৰেলসেৱা। ৰেলখনে অসম, পশ্চিমবঙ্গ, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কেৰালাৰ মাজেৰে ৮২ ঘণ্টাত 4,278 km (২,৬৫৮ মাইল) পথ অতিক্ৰম কৰে।[6][7]

ৰেলসেৱাসমূহ

[সম্পাদনা কৰক]

ডিব্ৰুগড় ৰেল ষ্টেচনৰ পৰা অহা যোৱা কৰা কিছুমান উল্লেখযোগ্য ৰেলৰ নং, নাম, আদিস্থান, গন্তব্য স্থান আৰু দিনৰ সূচী তলত দিয়া হৈছে:

ৰেলৰ নংৰেলৰ নামআদিস্থানগন্তব্য স্থানদিনৰ সূচী
১২২৩৫/৩৬ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছডিব্ৰুগড়নতুন দিল্লী ৰেল ষ্টেচন, নতুন দিল্লীদৈনিক
১২৫২৫/২৬ডিব্ৰুগড় -কলকাতা এক্সপ্ৰেছডিব্ৰুগড়কলকাতা ৰেল ষ্টেচন, কলকাতাসাপ্তাহিক
১৪০৫৫/৫৬1ব্ৰহ্মপুত্ৰ মেইলডিব্ৰুগড়দিল্লী জংচনদৈনিক
১৫৬০৫/০৬কামাখ্যা - ডিব্ৰুগড় ইণ্টাৰচিটি এক্সপ্ৰেছকামাখ্যা জংচনডিব্ৰুগড়দৈনিক
১৫৯০১/০২ডিব্ৰুগড়-বাংগালুৰু এক্সপ্ৰেছডিব্ৰুগড়বাংগালুৰু নগৰ ৰেল ষ্টেচনসাপ্তাহিক
১৫৯০৩/০৪ডিব্ৰুগড় - চণ্ডীগড় এক্সপ্ৰেছডিব্ৰুগড়চণ্ডীগড়সাপ্তাহিক
১৫৯০৫/০৬ডিব্ৰুগড়-কন্যাকুমাৰী বিবেক এক্সপ্ৰেছডিব্ৰুগড়কন্যাকুমাৰীসাপ্তাহিক
১৫৯২৭/২৮ৰঙিয়া-ডিব্ৰুগড় এক্সপ্ৰেছৰঙিয়া ৰেল ষ্টেচনডিব্ৰুগড়ত্ৰি-সাপ্তাহিক
১৫৯২৯/৩০ডিব্ৰুগড়-চেন্নাই ইগমোৰ এক্সপ্ৰেছচেন্নাই ইগমোৰডিব্ৰুগড়সাপ্তাহিক
১৫৯৩৩/৩৪অমৃতসৰ-ডিব্ৰুগড় এক্সপ্ৰেছডিব্ৰুগড়অমৃতসৰসাপ্তাহিক
১৫৯৪১/৪২ঝাঝা ডিব্ৰুগড় এক্সপ্ৰেছঝাঝাডিব্ৰুগড়সাপ্তাহিক
১৫৯৫৯/৬০কামৰূপ হাওড়া এক্সপ্ৰেছহাওড়া জংচনডিব্ৰুগড়দৈনিক

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "History of Tinsukia Division". NF Railway. Archived from the original on 10 March 2014. https://web.archive.org/web/20140310133856/http://www.nfr.railnet.gov.in/TSK/Network%20Map/history.htm আহৰণ কৰা হৈছে: 13 May 2013.
  2. "Lumding Dibrugarh GC Project". Process Register. http://www.processregister.com/Lumding-Dibrugarh_G_C/Project/pid11580.htm আহৰণ কৰা হৈছে: 13 May 2013.
  3. Archived 2014-03-16 at the Wayback Machine ঐতিহাসিক যোগীঘোপা আৰু নৰনাৰায়ণ সেতু, প্ৰণৱ কুমাৰ ডেকা, অনুভূতি, দেওবাৰ ২৯ জানুৱাৰী ২০১২
  4. "BRIEF OF ALL PROJECTS (As on 31st, July ‐ 2018)". NF Railway. http://www.nfrlyconstruction.org/Uploads/File/project-details/ProjectDetails_July.pdf আহৰণ কৰা হৈছে: 14 June 2020.
  5. "Train services commence from New Dibrugarh junction". The Assam Tribune, 14 December 2009. Archived from the original on 16 June 2013. https://archive.ph/20130616122807/http://www.assamtribune.com/scripts/details.asp?id=dec1409/State1 আহৰণ কৰা হৈছে: 13 May 2013.
  6. "Vivek Express completes maiden trip ahead of schedule". The Hindu, 24 November 2011. http://www.thehindu.com/news/national/tamil-nadu/vivek-express-completes-maiden-trip-ahead-of-schedule/article2654020.ece আহৰণ কৰা হৈছে: 13 May 2013.
  7. "Train to Dbrugarh". The Hindu, 27 November 2011. http://www.thehindu.com/news/national/train-to-dibrugarh/article2663309.ece আহৰণ কৰা হৈছে: 13 May 2013.

লগতে চাওক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]