অসম ফুটবল সন্থা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম ফুটবল সন্থা
চমু  নাম AFA
প্ৰতিষ্ঠা ১৯৪৬; ৭৮ বছৰ  আগতে (1946)
প্ৰধান  কাৰ্যালয় ৰাধা গোৱিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্প, নেহৰু ষ্টেডিয়াম, গুৱাহাটী
সেৱা  ক্ষেত্ৰ অসম, ভাৰত
সভাপতি নৱ কুমাৰ দলে
অবৈতনিক সম্পাদক ড° চাংগ্ৰাং ব্ৰহ্ম
মাতৃ  সন্থা সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন

অসম ফুটবল সন্থা ভাৰতৰ ৩৬খন ৰাজ্যিক ফুটবল সন্থাৰ অন্যতম যি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ অন্তৰ্গত। অসম ফুটবল সন্থাই অসমৰ ফুটবলক পৰিচালনা কৰে। ই ৰাজ্যৰ পুৰুষ আৰু মহিলা উভয় ফুটবল দলসমূহক নিয়ন্ত্ৰণ কৰে তথা ৰাজ্যিক দলসমূহ তৈয়াৰ কৰি সন্তোষ ট্ৰফী আৰু চিনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপলৈ প্ৰেৰণ কৰে। সন্থাৰ বৰ্তমানৰ সভাপতি নৱ কুমাৰ দলে আনহাতে অবৈতনিক সম্পাদক ড° চাংগ্ৰাং ব্ৰহ্ম।[1][2]

অসম ফুটবল সন্থা ১৯৪৬ চনত গঠন কৰা হৈছিল যদিও অসমত স্বাধীনতাৰ আগৰ পৰাই ফুটবল খেলবিধ প্ৰচলিত হৈ আহিছে। অসমৰ বি টি আৰ অঞ্চল, কাৰ্বি আংলং, কামৰূপ, যোৰহাট, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত ফুটবলৰ জনপ্ৰিয়তা অত্যধিক। সন্থাৰ কমিটিৰ কাৰ্য্যকাল ৪ বছৰ। অসম ফুটবল সন্থাৰ প্ৰিমিয়াৰ প্ৰতিযোগিতাখন হৈছে অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ

অসম ফুটবলৰ প্ৰতিযোগিতাসমূহ আৰু গঠন প্ৰণালী[সম্পাদনা কৰক]

অসম ফুটবলৰ গঠন প্ৰণালী দুখন ৰাজ্যিক পৰ্যায়ৰ লীগ প্ৰতিযোগিতাৰ ওপৰত ভিত্তি কৰি গঠিত হৈছে। ইয়াৰ তলৰ পৰ্যায়ত জিলা ভিত্তিক লীগ পৰ্যায়ৰ খেল সমূহ অনুষ্ঠিত হয়।

পুৰুষৰ ক্লাব[সম্পাদনা কৰক]

পৰ্য্যায়

লীগসমূহ/ডিভিজন সমূহ

অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ
৮টা ক্লাব
↑ উন্নীত ১
↓ নিৰ্বাসিত ২

অসম ক্লাব চেম্পিয়নশ্বিপ
৩৮টা ক্লাব
↑ উন্নীত ২
নিৰ্বাসিত নহয়

পুৰুষৰ টুৰ্ণামেণ্ট[সম্পাদনা কৰক]

  • ক্ষীৰোদ বৰুৱা আন্তঃজিলা ছিনিয়ৰ ফুটবল প্ৰতিযোগিতা

ফুটচল[সম্পাদনা কৰক]

  • অসম ফুটচল চেম্পিয়নশ্বিপ

মহিলা[সম্পাদনা কৰক]

  • অসম মহিলা লীগ
  • গোবিন্দ ৰাম মৌৰ আৰু বানাৰসী দেৱী আন্তঃজিলা ছিনিয়ৰ মহিলা ফুটবল প্ৰতিযোগিতা

যুৱ[সম্পাদনা কৰক]

  • অসম যুৱ লীগ (অনূৰ্ধ্ব-১৩, অনূৰ্ধ্ব-১৫ আৰু অনূৰ্ধ্ব-১৭)
  • সন্তোষ লহকৰ আন্তঃজিলা জুনিয়ৰ ফুটবল প্ৰতিযোগিতা (ল'ৰাৰ ১৭ বছৰ অনূৰ্ধ্ব)
  • সতীন্দ্ৰ মোহন দেৱ আন্তঃজিলা ছাব-জুনিয়ৰ ফুটবল প্ৰতিযোগিতা (ল'ৰাৰ ১৫ বছৰ অনূৰ্ধ্ব)

গুৱাহাটী ক্ৰীড়া সন্থা[সম্পাদনা কৰক]

অন্যহাতে গুৱাহাটী ক্ৰীড়া সন্থাৰ এক পৃথক ফুটবলৰ লীগ প্ৰণালী আছে গুৱাহাটী ভিত্তিক ক্লাব সমূহৰ বাবে।

ছিনিয়ৰ

পৰ্য্যায়

লীগসমূহ/ডিভিজন সমূহ

গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ
১৪টা ক্লাব

জিএছএ 'এ' ডিভিজন ফুটবল লীগ
৮টা ক্লাব
↑ উন্নীত ২
↓ নিৰ্বাসিত ২

জিএছএ 'বি' ডিভিজন ফুটবল লীগ
১০টা ক্লাব
↑ উন্নীত ২
↓ নিৰ্বাসিত ২

জিএছএ 'চি' ডিভিজন ফুটবল লীগ
১০টা ক্লাব
↑ উন্নীত ২
নিৰ্বাসিত নহয়

যুৱ

জিএছএ য়ুথ এণ্ড কিডচ্ লীগ (৭ বছৰ অনূৰ্ধ্বৰ পৰা ১৭ বছৰ অনূৰ্ধ্ব)

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Naba Doley Re-Elected as President of Assam Football Association". pratidintime.com. https://www.pratidintime.com/sports/naba-doley-re-elected-president-assam-football-association। আহৰণ কৰা হৈছে: 21 May 2023. 
  2. "Assam Football Association". AIFFthe-aiff.com. https://www.the-aiff.com/association/498। আহৰণ কৰা হৈছে: 13 September 2021.