সমললৈ যাওক

উদয়ন দুৱৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উদয়ন দুৱৰা
জন্ম ২৬ ডিচেম্বৰ, ১৯৮৫
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
পেচা অভিনেতা
সক্ৰিয় হৈ থকা সময় ২০১৪-
জনা যায় বকুল (চলচ্চিত্ৰ)
বহুবৃত্ত
পিতৃ-মাতৃ প্ৰেমানন্দ দুৱৰা
ৰীতা দুৱৰা
বঁটা, সন্মান, পুৰস্কাৰ আদি অসম ৰাজ্যিক চলচ্চিত্ৰ বঁ‌টা

উদয়ন দুৱৰা হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। বিশেষকৈ অসমীয়া চলচ্চিত্ৰ, অসমীয়া ধাৰাবাহিক আৰু চুটিছবিত কৰা অভিনয়ৰ বাবে তেওঁক জনা যায়। ইয়াৰোপৰি বিভিন্ন অনুষ্ঠানৰ ঘোষক হিচাপেও তেওঁ জনপ্ৰিয়।

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৮৫ চনৰ ২৬ ডিচেম্বৰত ডিব্ৰুগড় জিলাৰ নামৰূপত উদয়ন দুৱৰাৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম প্ৰেমানন্দ দুৱৰা আৰু মাতৃৰ নাম স্বৰ্গীয় ৰীতা দুৱৰা। নামৰূপৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা তেওঁ স্কুলীয়া শিক্ষা সমাপ্ত কৰে। ইয়াৰপাছত তেখেতে গোলাঘাটদেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

২০০৭ চনত উদয়ন দুৱৰা মুম্বাইলৈ যায় আৰু নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। বিভিন্ন কোম্পানীত কাম কৰাৰ পাছত তেখেত ২০১৩ চনত গুৱাহাটীলৈ ঘূৰি আহে আৰু এক কোম্পানীত মেনেজাৰৰূপে কৰ্মৰত হয়।

অভিনয় জীৱন

[সম্পাদনা কৰক]

গুৱাহাটীত কৰ্মৰত হৈ থাকোঁতে তেওঁ এক টেলিভিছন চেনেলৰ কাৰণে অ'ডিছন দিয়ে আৰু এখন অসমীয়া ধাৰাবাহিকত অভিনয় কৰাৰ সুযোগ লাভ কৰে। ৰীমা বৰাৰ পৰিচালিত ২০১৫ চনত মুক্তিপ্ৰাপ্ত ছবি বকুল (চলচ্চিত্ৰ)ত কৰা অভিনয়েৰে উদয়ন দুৱৰাই চলচ্চিত্ৰপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। উদয়ন দুৱৰা এগৰাকী স্ব-প্ৰশিক্ষিত অভিনেতা। তেওঁ‌ এক সাক্ষাৎকাৰত উল্লেখ কৰা মতে বিভিন্ন চলচ্চিত্ৰ বা অভিনয় চাই সূক্ষ্ম পৰ্যবেক্ষণৰ দ্বাৰা এই অভিনয় কলাটো আয়ত্ত কৰিবলৈ চেষ্টা কৰি আছে।

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বৰ্ষচলচ্চিত্ৰচৰিত্ৰপৰিচালকটোকা
২০১৫বকুল (চলচ্চিত্ৰ)ৰক্তিমৰীমা বৰা
২০১৭দূৰমানৱকংকণ ৰাজখোৱা
২০১৭ৰাম ভড্‌কা হুইস্কী
২০১৭গেংছ অৱ্ নৰ্থ-ইষ্ট
২০১৯ইপাৰ সিপাৰপ্ৰণৱজ্যোতি ভৰাঁ‌লী

টেলিভিছন

[সম্পাদনা কৰক]
  • Awesome Assam with Sarah Todd, FOX Life India[1]

চুটিছবি

[সম্পাদনা কৰক]

ধাৰাবাহিক

[সম্পাদনা কৰক]

বঁ‌টা/সন্মান

[সম্পাদনা কৰক]

বকুল (চলচ্চিত্ৰ)ত অভিনয়ৰ বাৰে অসম ৰাজ্যিক চলচ্চিত্ৰ বঁ‌টাৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান

তথ্যসূত্ৰ

[সম্পাদনা কৰক]