বহুবিশ্ব

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

বহুবিশ্ব বা multiverse হৈছে কেইবাখনো ব্ৰহ্মাণ্ডৰ এক প্ৰাকল্পিক নাইবা অনুমানভিত্তিক (Hypothetical) গোট৷ আটাইবোৰ ব্ৰহ্মাণ্ডয়েই কাল, সময়, পদাৰ্থ, শক্তি, তথ্য, ভৌতিক নিয়মাৱলী, আৰু ভৌতিক ধ্ৰুৱকৰে সমৃদ্ধ৷ বহুবিশ্বৰ ভিতৰত থকা ব্ৰহ্মাণ্ডক "সমান্তৰাল ব্ৰহ্মাণ্ড", "অইন ব্ৰহ্মাণ্ড", "বিকল্প ব্ৰহ্মাণ্ড" নাইবা "বহুতো ব্ৰহ্মাণ্ড" বুলিও অভিহিত কৰা হয়৷ [1]

সংক্ষিপ্ত ব্যাখ্যা[সম্পাদনা কৰক]

বহু ব্ৰহ্মাণ্ডৰ ধাৰণাটো ব্ৰহ্মাণ্ডবিজ্ঞান, পদাৰ্থ বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, ধৰ্ম, দৰ্শন, ট্ৰেন্সপাৰ্ছ'নেল ছাইক'লজি, সংগীত আৰু সকলোধৰণৰ সাহিত্যত বিশেষকৈ কল্প-বিজ্ঞান, কমিকছ আৰু ফেণ্টাছিত দেখিবলৈ পোৱা যায়৷ এনেধৰণৰ প্ৰসংগত, সমান্তৰাল ব্ৰহ্মাণ্ডক বৈকল্পিক ব্ৰহ্মাণ্ড, কোৱাণ্টাম ব্ৰহ্মাণ্ড, আন্তঃভেদী ব্ৰহ্মাণ্ড, সমান্তৰাল ব্ৰহ্মাণ্ড, সমান্তৰাল মাত্ৰা, সমান্তৰাল পৃথিৱী, সমান্তৰাল বাস্তৱতা, কোৱাণ্টাম বাস্তৱতা, বৈকল্পিক বাস্তৱতা আদি নামেৰে উল্লেখ কৰা হয়৷ পদাৰ্থ বিজ্ঞানীৰ সমুদায়ে বিভিন্ন সময়ত এই ধাৰণাটোক লৈ তৰ্ক কৰি আহিছে৷ প্ৰথিতযশা পদাৰ্থ বিজ্ঞানীসকল এই ধাৰণাটোৰ সপক্ষে আৰু বিপক্ষে থিয় দিছে৷

একাংশ পদাৰ্থবিজ্ঞানীয়ে কয় যে, বহুবিশ্বৰ ধাৰণাটো বৈজ্ঞানিক অনুসন্ধানৰ এটা ন্যায়সংগত বিষয় নহয়৷[2] আনহাতে বহুবিশ্বক পৰীক্ষামূলক বৈধতাপ্ৰাপ্তিৰ পৰা পৃথক কৰি ৰখাৰ প্ৰচেষ্টাই ৰাজহুৱা প্ৰেক্ষাপটত বিজ্ঞাননিৰ্ভৰতা হ্ৰাস কৰিব নেকি-এই বিষয়েও উদ্বেগ প্ৰকাশিত হয়৷ তেনেধৰণৰ প্ৰয়াসে প্ৰাথমিক পদাৰ্থ বিজ্ঞানৰ অধ্যয়নক ক্ষতিগ্ৰস্ত কৰাৰ আশংকা আছে৷ [3] একাংশই যুক্তি দৰ্শায় যে বহুবিশ্বৰ ধাৰণাটো বৈজ্ঞানিক অনুমানৰ পৰিৱৰ্তে দৰাচলতে এটা দাৰ্শনিক ধাৰণাহে৷ কাৰণ ইয়াক প্ৰায়োগিকভাৱে মিথ্যা প্ৰমাণিত কৰিব নোৱাৰি৷ মিথ্যাপ্ৰতিপাদনযোগ্যতা (falsifiability) বৈজ্ঞানিক পদ্ধতিৰে এটা অংশ, যাৰ দ্বাৰা এটা তত্ত্বক বৈজ্ঞানিক পৰীক্ষাৰ জৰিয়তে নাকচ কৰিব পাৰি৷ [4] প'ল ষ্টেইনহাৰ্ডটৰ এটা জনপ্ৰিয় যুক্তি আছে যে, যদি এটা তত্ত্বৰ জৰিয়তে আটাইবোৰ সম্ভাব্য ফলাফল আহৰণ কৰিব পাৰি, তেন্তে সেইটো তত্ত্বক কোনো পৰীক্ষাই নাকচ কৰিব নোৱাৰে৷ [5]

২০০৭ চনত, ন'বেল-বিজয়ী ষ্টিভেন ৱেনবাৰ্গে এটা পৰামৰ্শ আগবঢ়ায়৷ তেওঁ কয় যে-যদিহে বহুবিশ্বৰ সঁচাকৈয়ে অস্তিত্ব আছে, তেন্তে বিগ বেঙত আমি পৰ্যবেক্ষণ কৰা মানপ্ৰাপ্ত আৰ্হিটোৰ কোৱাৰ্ক ওজন আৰু আনবোৰ ধ্ৰুৱকৰ সঠিক মানৰ যৌক্তিক ব্যাখ্যা লাভ কৰাৰ আশাটো নিৰ্বাপিত হ'ব৷ কাৰণ সেইবোৰৰ মান আমি বাস কৰা বহুবিশ্বখনৰ এক বিশেষ অংশৰ দুৰ্ঘটনাৰ নিচিনাহে হ'ব৷ ("the hope of finding a rational explanation for the precise values of quark masses and other constants of the standard model that we observe in our Big Bang is doomed, for their values would be an accident of the particular part of the multiverse in which we live.") [6]

ধাৰণাটোৰ ইতিহাস[সম্পাদনা কৰক]

অসীম বিশ্বৰ ধাৰণাটোৰ সম্বন্ধে সৰ্বপুৰণি দৃষ্টান্তটো পোৱা যায় প্ৰাচীন গ্ৰীক দৰ্শনৰ পৰমাণুবাদত (Atomism)৷ এই ধাৰণাটোৰ মতে, পৰমাণুৰ সংঘৰ্ষৰ জৰিয়তে অসীম সমান্তৰাল বিশ্বৰ উৎপত্তি হৈছে৷ খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত দাৰ্শনিক ক্ৰিচিপাছে এইবুলি কয় যে, বিশ্বখনৰ চিৰকাল লয় আৰু পুনৰ-উৎপত্তি হৈ থাকে; যিয়ে সময়জুৰি থকা বহুতো বিশ্বৰ অস্তিত্বৰ ইংগিত দিয়ে৷ [7]

১৯৫২ চনৰ ডাবলিনত, আৰৱিন শ্ৰুডিঙগাৰে এটা বিশেষ বক্তৃতা প্ৰদান কৰিছিল৷ বিশেষ প্ৰসংগটোৰ উল্লেখ কৰাৰ পূৰ্বে তেওঁ দৰ্শকক উদ্দেশ্যি একধৰণৰ আমোদজনক সতৰ্কবাণী প্ৰদান কৰিছিল যে, তেওঁ ক'বলৈ ওলোৱা কথাটো হয়তো "উন্মাদৰ দৰে" লাগিব পাৰে৷ তাৰপিছত তেওঁ কৈছিল যে,-তেওঁৰ সমীকৰণবোৰে বহুতো বৈসাদৃশ্যপূৰ্ণ ইতিহাসৰ বিষয়ে ব্যাখ্যা কৰা যেন লাগিছে৷ এইবোৰ কিন্তু "বৈকল্পিক নহয়, তাৰ পৰিৱৰ্তে সকলোবোৰেই সমসাময়িক ক্ষেত্ৰতেই" ঘটে৷ ("not alternatives, but all really happen simultaneously") [8] এনেধৰণৰ দ্বৈৰ্থবাদক "Superposition" বুলি কোৱা হয়৷

১৮৯৫ চনত আমেৰিকান দাৰ্শনিক আৰু মনোবিজ্ঞানী উইলিয়াম জেমছে সঘনাই "বহুবিশ্ব" পৰিভাষাটো ব্যৱহাৰ কৰিছিল; অৱশ্যে এক বেলেগ প্ৰসংগতহে তেওঁ সেই পৰিভাষাৰ উল্লেখ কৰিছিল৷ [9] কল্পকাহিনীত এই পৰিভাষাটো পোনপ্ৰথমবাৰৰ বাবে মাইকেল মৰকুকে ব্যৱহাৰ কৰিছিল৷ বহুবিশ্বৰ বৰ্তমানৰ প্ৰচলিত ধাৰণাটোক তেওঁ ১৯৬৩ চনত লিখা কল্পবিজ্ঞানধৰ্মী অভিযানমূলক উপন্যাস The Sundered Worldsত ব্যৱহাৰ কৰিছিল৷ উল্লেখ্য যে, সেই উপন্যাসখন তেওঁৰ দ্বাৰা লিখিত "ইটাৰনেল চেম্পিয়ন" ধাৰাবাহিকৰে এটা খণ্ড আছিল৷ [10][11]

প্ৰমাণৰ সন্ধান[সম্পাদনা কৰক]

২০১০ চনৰ ওচৰে-পাজৰে ষ্টিফেন এম. ফিনেইৰ দৰে একাংশ বিজ্ঞানীয়ে WMAP (Wilkinson Microwave Anisotropy Probe)ৰ কিছুমান ডাটা বিশ্লেষণ কৰে৷ তেওঁলোকে তাৰপিছত দাবী তোলে যে-সুদূৰ অতীতত কোনো সমান্তৰাল ব্ৰহ্মাণ্ডৰ সৈতে আমাৰখন ব্ৰহ্মাণ্ডৰ সংঘৰ্ষ হৈছিল৷ তেওঁলোকে সেই সংঘৰ্ষৰ প্ৰমাণ আহৰণ কৰা বুলি কয়৷ [12][13][14] অৱশ্যে WMAP নামৰ একেটা সঁজুলিৰে ডাটা পুনৰীক্ষণ কৰি আৰু WMAPতকৈও তিনিগুণে বৃহৎ আকাৰৰ প্লেংক নামৰ কৃত্ৰিম উপগ্ৰহটো পৰ্যবেক্ষণ কৰি এই সিদ্ধান্তলৈ অহা যায় যে, তেনেধৰণৰ সংঘৰ্ষত জড়িত হোৱা ব্ৰহ্মাণ্ডৰ সমৰ্থনত পাৰিসংখ্যিকভাৱে শক্তিশালী কোনো প্ৰমাণ এতিয়াও উপলব্ধ হোৱা নাই৷[15][16] ইয়াৰ লগতে সংযোজন কৰিব লাগিব যে, আমাৰ ব্ৰহ্মাণ্ডখনৰ ওপৰত ক্ৰিয়া কৰি থকা অইন ব্ৰহ্মাণ্ডৰ কোনোধৰণৰ মহাকৰ্ষণিক টানৰো (gravitational pull) এতিয়ালৈকে প্ৰমাণ পোৱা নাই৷ [17][18]

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. Ganguli, Shuvadip. multiverse%20is%20a%20%5B%5BHypothesis%7Chypothetical%5D%5D%20group%20of%20multiple%20%5B%5Buniverse%5D%5Ds.%20Together%2C%20these%20universes%20comprise%20everything%20that%20exists%3A%20the%20entirety%20of%20%5B%5Bspace%5D%5D%2C%20%5B%5Btime%5D%5D%2C%20%5B%5Bmatter%5D%5D%2C%20%5B%5Benergy%5D%5D%2C%20%5B%5Binformation%5D%5D%2C%20and%20the%20%5B%5Bphysical%20law%5D%5Ds%20and%20%5B%5BPhysical%20constant%7Cconstants%5D%5D%20that%20describe%20them.%20The%20different%20universes%20within%20the%20multiverse%20are%20called%20%22parallel%20universes%2C%22%20%22other%20universes%2C%22%20%22alternate%20universes%2C%22%20or%20%22many%20worlds.%22&f=false "PHYSICS My love: Story of Physics for Everyone". পৃষ্ঠাসমূহ: 78. https://books.google.co.in/books?id=asKIDwAAQBAJ&pg=PA78&lpg=PA78&dq=The+%27%27%27multiverse%27%27%27+is+a+%5B%5BHypothesis%7Chypothetical%5D%5D+group+of+multiple+%5B%5Buniverse%5D%5Ds.+Together,+these+universes+comprise+everything+that+exists:+the+entirety+of+%5B%5Bspace%5D%5D,+%5B%5Btime%5D%5D,+%5B%5Bmatter%5D%5D,+%5B%5Benergy%5D%5D,+%5B%5Binformation%5D%5D,+and+the+%5B%5Bphysical+law%5D%5Ds+and+%5B%5BPhysical+constant%7Cconstants%5D%5D+that+describe+them.+The+different+universes+within+the+multiverse+are+called+%22parallel+universes,%22+%22other+universes,%22+%22alternate+universes,%22+or+%22many+worlds.%22&source=bl&ots=rFmMWgfqWX&sig=ACfU3U35DrnvpfNIjDcGnC-ldI1z-A1Byw&hl=en&sa=X&ved=2ahUKEwjLrsne-ovrAhXxX3wKHZgtAfQQ6AEwDnoECAsQAQ#v=onepage&q=The%20multiverse%20is%20a%20%5B%5BHypothesis%7Chypothetical%5D%5D%20group%20of%20multiple%20%5B%5Buniverse%5D%5Ds.%20Together%2C%20these%20universes%20comprise%20everything%20that%20exists%3A%20the%20entirety%20of%20%5B%5Bspace%5D%5D%2C%20%5B%5Btime%5D%5D%2C%20%5B%5Bmatter%5D%5D%2C%20%5B%5Benergy%5D%5D%2C%20%5B%5Binformation%5D%5D%2C%20and%20the%20%5B%5Bphysical%20law%5D%5Ds%20and%20%5B%5BPhysical%20constant%7Cconstants%5D%5D%20that%20describe%20them.%20The%20different%20universes%20within%20the%20multiverse%20are%20called%20%22parallel%20universes%2C%22%20%22other%20universes%2C%22%20%22alternate%20universes%2C%22%20or%20%22many%20worlds.%22&f=false। আহৰণ কৰা হৈছে: 8 August 2020. 
  2. Kragh, H. (2009). "Contemporary History of Cosmology and the Controversy over the Multiverse". Annals of Science খণ্ড 66 (4): 529–551. doi:10.1080/00033790903047725. 
  3. Ellis, Georg; Silk, Joe (16 December 2014). "Scientific Method: Defend the Integrity of Physics". Nature খণ্ড 516 (7531): 321–323. doi:10.1038/516321a. PMID 25519115. 
  4. "Feynman on Scientific Method". YouTube. https://www.youtube.com/watch?v=EYPapE-3FRw। আহৰণ কৰা হৈছে: 28 July 2012. 
  5. Steinhardt, Paul (3 June 2014). "Big Bang blunder bursts the Multiverse bubble". Nature খণ্ড 510 (7503): 9. doi:10.1038/510009a. PMID 24899270. 
  6. Weinberg, Steven (20 November 2007). "Physics: What we do and don't know". The New York Review of Books. http://www.nybooks.com/articles/archives/2013/nov/07/physics-what-we-do-and-dont-know/. 
  7. Sedacca, Matthew (2017). The Multiverse Is an Ancient Idea. Nautilus. Retrieved 2020-05-26.
  8. "Erwin Schrödinger and the Quantum Revolution by John Gribbin: review".
  9. James, William, The Will to Believe, 1895; and earlier in 1895, as cited in OED's new 2003 entry for "multiverse": James, William (October 1895), "Is Life Worth Living?", Int. J. Ethics খণ্ড 6 (1): 10, doi:10.1086/205378, https://books.google.com/books?id=HA0MAAAAIAAJ&pg=PA10, "Visible nature is all plasticity and indifference, a multiverse, as one might call it, and not a universe." 
  10. "SECRET ORIGINS OF THE MULTIVERSE". legion of andy. https://legionofandy.com/2019/08/15/secret-origins-of-the-multiverse/। আহৰণ কৰা হৈছে: 8 August 2020. 
  11. http://www.sf-encyclopedia.com/entry/moorcock_michael
  12. "Astronomers Find First Evidence Of Other Universe". technologyreview.com. 13 December 2010. https://www.technologyreview.com/s/421999/astronomers-find-first-evidence-of-other-universes/। আহৰণ কৰা হৈছে: 12 October 2013. 
  13. Max Tegmark; Alexander Vilenkin (19 July 2011). "The Case for Parallel Universes". https://www.scientificamerican.com/article/multiverse-the-case-for-parallel-universe/। আহৰণ কৰা হৈছে: 12 October 2013. 
  14. "Is Our Universe Inside a Bubble? First Observational Test of the 'Multiverse'". Science Daily. sciencedaily.com. 3 August 2011. https://www.sciencedaily.com/releases/2011/08/110803102844.htm। আহৰণ কৰা হৈছে: 12 October 2013. 
  15. Feeney, Stephen M.; Johnson, Matthew C.; Mortlock, Daniel J.; Peiris, Hiranya V. (2011). "First observational tests of eternal inflation: Analysis methods and WMAP 7-year results". Physical Review D খণ্ড 84 (4): 43507. doi:10.1103/PhysRevD.84.043507. 
  16. Feeney (2011). "First observational tests of eternal inflation". Physical Review Letters খণ্ড 107 (7): 071301. doi:10.1103/PhysRevLett.107.071301. PMID 21902380. . Bousso, Raphael; Harlow, Daniel; Senatore, Leonardo (2015). "Inflation after False Vacuum Decay: Observational Prospects after Planck". Physical Review D খণ্ড 91 (8): 083527. doi:10.1103/PhysRevD.91.083527. 
  17. Collaboration, Planck; Ade, P. A. R.; Aghanim, N.; Arnaud, M.; Ashdown, M.; Aumont, J.; Baccigalupi, C.; Balbi, A. et al. (2013-03-20). "Planck intermediate results. XIII. Constraints on peculiar velocities". Astronomy & Astrophysics খণ্ড 561: A97. doi:10.1051/0004-6361/201321299. 
  18. "Blow for 'dark flow' in Planck's new view of the cosmos". New Scientist. 3 April 2013. https://www.newscientist.com/article/dn23340-blow-for-dark-flow-in-plancks-new-view-of-the-cosmos। আহৰণ কৰা হৈছে: 10 March 2014.