অৱলোহিত ৰশ্মি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দীৰ্ঘ-তৰঙ্গদৈৰ্ঘ্যৰ অৱলোহিত (দেহ-তাপমাত্ৰাৰ তাপীয়) ৰশ্মিত লোৱা দুজন ব্যক্তিৰ ভূৱাৰঙৰ (pseudocolor) চিত্ৰ।

অৱলোহিত ৰশ্মি হৈছে দৃশ্যমান পোহৰতকৈ দীৰ্ঘ তৰঙ্গদৈৰ্ঘ্যৰ বিদ্যুৎ চুম্বকীয় বিকিৰণ। এই বিকিৰণ সাধাৰণত মানুহৰ বাবে অদৃশ্য, যদিও কিছুমান বিশেষ পৰিস্থিতিত দৃশ্যমান।[1][2][3][4] অৱলোহিত ৰশ্মিৰ তৰঙ্গ দৈৰ্ঘ্যৰ সীমা ১ মাইক্ৰ'মিটাৰৰ পৰা ১ মিলিমিটাৰ পৰ্যন্ত বিস্তৃত।

১৮০০ চনত জ্যোতিৰ্বিজ্ঞানী ছাৰ উইলিয়াম হাৰ্ছেলৰ দ্বাৰা অৱলোহিত বিকিৰণ আবিষ্কাৰ কৰা হৈছিল, তেওঁ থাৰ্ম'মিটাৰৰ প্ৰভাৱৰ মাধ্যমত ৰঙা পোহৰতকৈ কম শক্তিৰ বৰ্ণালীত এক ধৰণৰ অদৃশ্য বিকিৰণ আবিষ্কাৰ কৰিছিল। সূৰ্যৰ মুঠ শক্তিৰ আধাতকৈও বেছি পৰিমাণৰ শক্তি অৱলোহিত ৰশ্মি হিচাপে পৃথিৱীলৈ আহে। শোষিত আৰু নিৰ্গত অৱলোহিত বিকিৰণৰ অৱশেষে পৃথিৱীৰ জলবায়ুত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাই।

প্ৰয়োগ[সম্পাদনা কৰক]

ৰসায়ন বিজ্ঞান[সম্পাদনা কৰক]

ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক আৰু উৎপাদৰ কম্পন বেণ্ডৰ পৰা বিক্ৰিয়াৰ সম্ভাব্যতা আৰু বিক্ৰিয়াৰ হাৰ সম্পৰ্কে ধাৰণা পোৱা যায়। কোনো পদাৰ্থৰ দ্ৰৱণত ঘনত্ব নিৰ্ণয়তো অবলোহিত ৰশ্মি ব্যৱহাৰ কৰা হয়। জৈৱ-অজৈৱ যৌগৰ গঠন নিৰ্ণয়ত অবলোহিত ৰশ্মি ব্যৱহাৰ কৰা হয়।[5]

চিকিৎসা বিজ্ঞান[সম্পাদনা কৰক]

চিকিৎসা বিজ্ঞানত সৰ্বপ্ৰথম ১৯৫৬ চনত অৱলোহিত ৰশ্মিৰ দ্বাৰা স্তনৰ কৰ্কটৰোগ চিনাক্তকৰণৰ কৰা হৈছিল। কৰ্কট আক্ৰান্ত কোষৰ অৱস্থান আৰু বিস্তৃতি চিনাক্তকৰণৰ বাবে অৱলোহিত ৰশ্মি ব্যৱহাৰ কৰা হয়। সন্নিকট অৱলোহিত ৰশ্মিৰ দ্বাৰা তেজৰ হিমোগ্লোবিনত অক্সিজেনৰ পৰিমাপ কৰি মস্তিষ্কৰ ৰোগ নিৰ্ণয় কৰা হয়। মূলত সদ্য প্ৰসূত শিশুসকলৰ মস্তিষ্কৰ ক্ষত নিৰ্ণয়ত ই ব্যাপকভাবে ব্যবহৃত হয়।[5]

ফিজিঅ'থেৰাপি[সম্পাদনা কৰক]

শৰীৰৰ বিভিন্ন অঙ্গৰ বিষ, মাংসপেশী শিথিল হৈ যোৱা, হাতৰ উপৰিভাগৰ বিষ আদি নিৰাময়ৰ বাবে আক্ৰান্ত স্থানত অৱলোহিত ৰশ্মি প্ৰয়োগ কৰি মালিছ কৰা হয়।[5] যাৰ ফলত আক্ৰান্ত স্থানলৈ তেজ চলাচল সচল হয় আৰু বিষ প্ৰশমিত হয়। এই ৰশ্মিৰ প্ৰভাৱত তেজ সংবহন আৰু কোষৰ জৈৱিক কাৰ্যকলাপ বৃদ্ধি পায়। ই সমস্ত দেহৰ তাপমাত্ৰা বৃদ্ধি নকৰে ত্বকৰ প্ৰয়োজনীয় অংশৰ তাপ বৃদ্ধি কৰে আৰু ত্বকৰ শিথিলতা আনে। ৰক্তনলীবোৰ প্ৰশস্ত কৰে আৰু ত্বকত তেজ পৰিবহণৰ মাত্ৰা বৃদ্ধি কৰি ত্বকৰ কোষ কলাবোৰক উদ্দীপ্ত কৰে। কোষ কলাৰ মেটাবলিজিম বা কাৰ্যকাৰিতা বৃদ্ধি কৰে আৰু ত্বকৰ ৰাসায়নিক পৰিবৰ্তনত সাহাৰ্য্য কৰে। যিহেতু এই ৰশ্মি ত্বকৰ গভীৰলৈকে যায় ফলত ত্বকৰ সেই অংশত সামান্য গৰম আৰু আৰাম অনুভূত হয়, তেজসঞ্চালন বৃদ্ধি পায় আৰু ক্ষতিগ্ৰস্ত মাংসপেশীবোৰ শিথিল হৈ বিষ-বেদনা দূৰ হয়।[6]

প্ৰতিৰক্ষা ব্যৱস্থা[সম্পাদনা কৰক]

অৱলোহিত ৰশ্মিৰ দ্বাৰা ছিকিউৰিটি এলাৰ্ম ছিষ্টেমত যিকোনো মুভমেণ্ট চিনাক্ত কৰি এলাৰ্ম বজাব পাৰি। এই ধৰণৰ প্ৰতিৰক্ষা ব্যৱস্থা বেংক, চিকিৎসালয়, কাৰ্যালয়, বা যিকোনো স্থানত ব্যৱহাৰযোগ্য। সাধাৰণতে অৱলোহিত ৰশ্মি এলইডিৰ পৰিসৰ ২ মিটাৰ। সেয়ে ইয়াক এক লেন্সৰ দ্বাৰা বিবৰ্ধিত কৰা যায়।

তথ্যৰ আদান-প্ৰদান[সম্পাদনা কৰক]

মোবাইল ফোনত কিছুদিন আগলৈকে অৱলোহিত ৰশ্মিৰ দ্বাৰা তথ্যৰ আদান-প্ৰদান কৰা হৈছিল। টিভি, চিডি প্লেয়াৰ, মিউজিক ছিষ্টেম সহ যাবতীয় ইলেকট্ৰনিক যন্ত্ৰৰ ৰিমট কণ্ট্ৰলত অৱলোহিত ৰশ্মি ব্যৱহাৰ কৰা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Sliney, David H.; Wangemann, Robert T.; Franks, James K.; Wolbarsht, Myron L. (1976). "Visual sensitivity of the eye to infrared laser radiation". Journal of the Optical Society of America খণ্ড 66 (4): 339–341. doi:10.1364/JOSA.66.000339. PMID 1262982. "The foveal sensitivity to several near-infrared laser wavelengths was measured. It was found that the eye could respond to radiation at wavelengths at least as far as 1064 nm. A continuous 1064 nm laser source appeared red, but a 1060 nm pulsed laser source appeared green, which suggests the presence of second harmonic generation in the retina.". 
  2. Lynch, David K.; Livingston, William Charles (2001). Color and Light in Nature (2nd সম্পাদনা). প্ৰকাশক Cambridge, UK: Cambridge University Press. পৃষ্ঠা. 231. ISBN 978-0-521-77504-5. https://books.google.com/books?id=4Abp5FdhskAC&pg=PA231। আহৰণ কৰা হৈছে: 12 October 2013. "Limits of the eye's overall range of sensitivity extends from about 310 to 1050 nanometers" 
  3. Dash, Madhab Chandra; Dash, Satya Prakash (2009). Fundamentals Of Ecology 3E. Tata McGraw-Hill Education. পৃষ্ঠা. 213. ISBN 978-1-259-08109-5. https://books.google.com/books?id=7mW4-us4Yg8C&pg=PA213। আহৰণ কৰা হৈছে: 18 October 2013. "Normally the human eye responds to light rays from 390 to 760 nm. This can be extended to a range of 310 to 1,050 nm under artificial conditions." 
  4. Saidman, Jean (15 May 1933). "Sur la visibilité de l'ultraviolet jusqu'à la longueur d'onde 3130" (French ভাষাত). Comptes rendus de l'Académie des sciences খণ্ড 196: 1537–9. http://visualiseur.bnf.fr/ark:/12148/bpt6k3148d. 
  5. 5.0 5.1 5.2 কবিৰ. উচ্চ মাধ্যমিক ৰসায়ন. অ্যাবাকাস পাবলিশাৰ্স লি:. 
  6. ডা. জ্যোৎস্না মাহবুব, খান. "ব্যথা নিৰাময়ে ইনফ্ৰাৰেড ৰশ্মি ব্যৱহাৰ উপকাৰী". বাংলাদেশ পাবলিকেশন লিঃ. http://www.dailysangram.com/news_details.php?news_id=24867. [সংযোগবিহীন উৎস]