সমললৈ যাওক

বিদ্যুৎ চুম্বকীয় বিকিৰণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিদ্যৎ-চুম্বকীয় তৰংগক স্ব-অগ্ৰগামী প্ৰস্থভাবে দোলায়্মান বৈদ্যুতিক আৰু চুম্বকীয় ক্ষেত্ৰৰ তৰংগ হিচাবে ধৰিব পৰা যায়। এই চিত্ৰটোত এখন সমতলত ৰৈশিকভাবে সমবৰ্তিত বিদ্যুৎ-চুম্বকীয় তৰংগ বাঁওফালৰ পৰা সোঁফাললৈ গতি কৰা দেখুওৱা হৈছে। বিদ্যুৎ ক্ষেত্ৰ উলম্ব সমতলত আৰু চুম্বক ক্ষেত্ৰ অনুভূমিক সমতলত আছে।

বিদ্যুৎ-চুম্বকীয় বিকিৰণ (ইংৰাজী: Electromagnetic radiation) হৈছে আধানযুক্ত কণিকাৰ দ্বাৰা বিকিৰিত কৰা আৰু শোষিত কৰা শক্তিৰ এটা ৰূপ, যিয়ে মহাকাশৰ মাজেৰে পৰিভ্ৰমণ কৰোঁতে তৰংগ সদৃশ ধৰ্ম দেখুৱায়। বিদ্যুৎ-চুম্বকীয় বিকিৰণত বৈদ্যুতিক আৰু চুম্বকীয় ক্ষেত্ৰ দুয়োটাৰে ক্ষেত্ৰ প্ৰাবল্যৰ উপাংশ নিৰ্দিষ্ট অনুপাতত থাকে, আৰু দুয়োটাৰ কম্পন পৰস্পৰ সমকোণীয় দশাত থাকে আৰু শক্তি আৰু তৰংগৰ অগ্ৰগতিৰ দিশৰ উলম্ব দিশত থাকে। শূণ্য স্থানত, বিদ্যুৎ চুম্বকীয় বিকিৰণৰ বেগ পোহৰৰ বেগৰ সমান।

গতিশীল আধান এটাৰ দ্বাৰা সৃষ্ট বিদ্যুৎ চুম্বকীয় ক্ষেত্ৰৰ এক বিশেষ প্ৰকাৰ হৈছে বিদ্যুৎ চুম্বকীয় বিকিৰণ। যিবোৰ বিদ্যুৎ চুম্বকীয় ক্ষেত্ৰ গতিশীল আধানটোৰ পৰা আৱ্শ্যকীয় দূৰত্বত থাকে অৰ্থাৎ যি দূৰত্বত বিদ্যুৎ চুম্বকীয় বিকিৰণে গতিশীল আধানটোৰ আচৰণৰ ওপৰত কোনোধৰণৰ ক্ৰিয়া নকৰে, সেইবোৰকে বিদ্যুৎ চুম্বকীয় বিকিৰণ বুলি কোৱা হয়। বিদ্যুৎ চুম্বকীয় ক্ষেত্ৰৰ এই দুই প্ৰকাৰ নাইবা আচৰণক কেতিয়াবা নিকট আৰু দূৰ ক্ষেত্ৰ বুলি কোৱা হয়। ইয়াত সাধাৰণতে দূৰ-ক্ষেত্ৰকেই বিদ্যুৎ চুম্বকীয় বিকিৰণ হিচাপে লোৱা হৈছে। আধান আৰু বিদ্যুৎ প্ৰবাহে প্ৰত্যক্ষভাবে নিকট-ক্ষেত্ৰৰ সৃষ্টি কৰে। আনহাতে বিদ্যুৎ চুম্বকীয় বিকিৰণ পৰোক্ষভাবেহে সৃষ্টি কৰে- আনকি, বিদ্যুৎ চুম্বকীয় বিকিৰণৰ, চুম্বকীয় আৰু বৈদ্যুতিক ক্ষেত্ৰ দুয়োটাই আনধৰণৰ ক্ষেত্ৰৰ পৰিবৰ্তনৰ দ্বাৰাহে সৃষ্টি হয়, আধান আৰু বিদ্যুৎ প্ৰবাহৰ প্ৰত্যক্ষ পৰিৱৰ্তনৰ কাৰণে নহয়।

বিদ্যুৎ-চুম্বকীয় বিকিৰণে মহাকাশৰ মাজেৰে নিৰৱচিন্নভাবে উৎ‍সৰপৰা আঁতৰলৈ শক্তি কঢ়িয়ায় (কেতিয়াবা বিকিৰিত শক্তি বুলিও কোৱা হয়), (কিন্তু নিকট-ক্ষেত্ৰৰ বাবে প্ৰযোজ্য নহয়)। বিদ্যুৎ-চুম্বকীয় বিকিৰণে ভৰবেগ আৰু কৌণিক ভৰবেগ দুয়োটাকে কঢ়িয়ায় নিয়ে । যেতিয়া বিদ্যুৎ-চুম্বকীয় বিকিৰণে পদাৰ্থৰ লগত ক্ৰিয়া কৰে তেতিয়া এই ধৰ্মবোৰ ই পদাৰ্থৰ ওপৰত প্ৰয়োগ কৰে। বিদ্যুৎ-চুম্বকীয় বিকিৰণ আন প্ৰকাৰৰ শক্তিৰ পৰা সৃষ্টি হয় আৰু যেতিয়া ধংস হয় তেতিয়া ই আন শক্তিলৈ ৰূপান্তৰিত হয়। ফ’টন হৈছে বিদ্যুৎ-চুম্বকীয় প্ৰক্ৰিয়াৰ কোৱাণ্টাম, আৰু ইয়েই বিদ্যুৎ-চুম্বকীয় বিকিৰণৰ মৌলিক "একক" নাইবা সকলো প্ৰকাৰৰ বিদ্যুৎ-চুম্বকীয় বিকিৰণৰ গাঠনিক পদাৰ্থ। উচ্চ কম্পনাংকত পোহৰৰ ধৰ্ম কোৱাণ্টাম ধৰ্মৰ লগত বেছি সাদৃশ্য দেখা যায় (অৰ্থাৎ উচ্চ ফ’টন শক্তিত) । এনেধৰণৰ ফ’টনে কম কম্পনাংকযুক্ত ফ’টনতকৈ বেছি পৰিমাণে কণিকা ধৰ্ম দেখুৱায়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]