ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২৩/ৱিকিমিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নমস্কাৰ! ইতিমধ্যে অনলাইন ৱিকিসভাৰ ‘মনৰ কথা’ নামৰ ভিডিঅ’টোত মোৰ ‘মনৰ কথা’ত ৱিকিপিডিয়াত মোৰ প্ৰৱেশ সম্পৰ্কে ব্যক্ত কৰিছোঁৱেই। সেয়া দোহাৰিব বিচৰা নাই। আমাৰ জন্মভূমি অসম দেশখনৰ বাৰে-ৰহণীয়া কৃষ্টি, সংস্কৃতি, ঐতিহ্য, পৰম্পৰা আদিয়েই যে অসমীয়া জাতিৰ উত্তৰণৰ মেৰুদণ্ড সেই অনুভৱেৰেই লালিত-পালিত হৈ আহি আহি জ্যেষ্ঠ নাগৰিকৰ শাৰীত থিয় হৈছোঁহি। সেই হেঁপাহতে ৱিকিপিডিয়াত নাম পঞ্জীয়ন হোৱাৰ দিন ধৰি খুপি খুপি এবাৰ কি-ব’ৰ্ডত এবাৰ কম্পিউটাৰৰ স্ক্ৰীণত দৃষ্টি ৰাখি দুখন অপৰিপক্ব হাত আগবঢ়াই নিছোঁ ৱিকিউৎসৰ সম্পাদনাৰ কামত। কেতিয়াবা পঢ়ি আৰু সম্পাদনা কৰি ইমান ভাল পাওঁ যে কিমান বেলি পাৰ হ’ল গমকে নাপাওঁ। সঠিক স্থানত সঠিক সাচঁ বহুৱাই ‘সালসলনি প্ৰকাশ কৰা’ কিযে আমোদজনক কাম। বহু ক্ষেত্ৰত কাৰিকৰী জ্ঞানৰ অভাৱত সামৰি থব লগা হয়, সেই একেই কাৰণত ৱিকিপিডিয়াৰ অন্য প্ৰকল্পলৈও চুঁচৰিব পৰা নাই। তেতিয়া খেদ হয় নিজৰ ওপৰত, বৰ্তমান জীৱনৰ আশীৰ্বাদস্বৰূপ ডিজিটেল পৃথিবীখনত বহুত আগতেই প্ৰৱেশ কৰিব লাগিছিল! তথাপি কোনো বিজ্ঞজনে কোৱাৰ দৰে “তুমি যেতিয়াই সাৰ পাইছা, তেতিয়াই ৰাতি পুৱাইছে বুলি ধৰি ল’বা” কথাষাৰ শিৰোধাৰ্য কৰিবলৈ শিকিছোঁ। এই আপাহতে মোৰ প্ৰজন্মৰ সকলোকে ইতস্ততঃ নকৰি আগবাঢ়ি আহি এই বোঁৱতী সুঁতিত চামিল হ’বলৈ আহ্বান জনালোঁ।

ৱিকিপিডিয়াৰ তত্ত্বাবধায়কসকলে এতিয়ালৈকে মোক ‘ন-সম্পাদকৰ পদক’ আৰু ‘এইমাহৰ ৱিকিমিডিয়ান(জুলাই-২৩)’ পদকেৰে স্বীকৃতি দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ আৰু নিজেও ধন্য হৈছোঁ। শেষত ৱিকিপিডিয়াৰ সকলো সক্ৰিয় সদস্যক ধন্যবাদ যিসকলৰ প্ৰত্যক্ষ বা পৰোক্ষ সহযোগৰ অবিহনে ৱিকিপিডিয়াত মোৰ আৰোহণ সম্ভৱ নহ’লহেঁতেন। তেখেত সকলৰ সকলোৰে নাম উল্লেখ নকৰিলেও ক্ৰমে, ৰুমী বৰা, যাৰ দ্বাৰা প্ৰভাৱিত হৈ ৱিকিপিডিয়াত ভৰি থলোঁ, প্ৰণামিকা অধিকাৰী, নয়ন জ্যোতি নাথ, মৃদুল কুমাৰ শৰ্মা, বাবুল বৈশ্য আদি যিসকলে ভুলবোৰ শুদ্ধ কৰি আগুৱাই যোৱাত প্ৰেৰণা যোগাইছে।

মনৰ কথাৰ মুকলি মঞ্চত এই কেইদিনত হোৱা এটা অনুভব ব্যক্ত কৰিব খুজিছোঁ এই যে, ইয়াত কৰ্মৰত প্ৰবীণ সদস্যসকলে দায়িত্বৰ শিকলিৰে সকলোকে বান্ধি প্ৰত্যেকেই পৰ্যায়ক্ৰমে নিজৰ নিজৰ দায়িত্ব পালন কৰি গৈ আছে। গতিকে আইচবাৰ্গ (Ice berg)ৰ দৃশ্যমান আৰু অদৃশ্যমান অংশৰ দৰে যিসকলক সততে পাওঁ আৰু যি সকলক পানীৰ তলৰ অদৃশ্যমান অংশৰ দৰে দেখা নাপাওঁ সকলোকে ধন্যবাদ। ...কিমধিকম্ ইতি। -Jyoti Chiring (বাৰ্তা) 07:06, 30 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]