ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২০/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিল গেটছ

উইলিয়াম হেনৰি গেটছ তৃতীয় হৈছে এগৰাকী আমেৰিকান পুঁজিপতি, ছফ্টৱেৰ নিৰ্মাতা, বিনিয়োগকাৰী, আৰু মানৱমিত্ৰ। মাইক্ৰ'ছফ্টৰ সহ-প্ৰতিষ্ঠাতা হিচাপে তেখেত জনাজাত। মাইক্ৰ'ছফ্টত কৰ্মনিৰ্বাহ কৰি থকাৰ সময়ত তেখেত অধ্যক্ষ, মুখ্য কাৰ্যবাহী বিষয়া, সভাপতি, মুখ্য ছফ্টৱেৰ স্থপতিৰ পদত অধিষ্ঠিত হৈছিল। ১৯৭০-৮০ৰ সময়ছোৱাত ঘৰুৱা কম্পিউটাৰ (মাইক্ৰ'কম্পিউটাৰ) বিপ্লৱৰ তেখেত এগৰাকী প্ৰভাৱশালী উদোগী আৰু অগ্ৰণী ব্যক্তি।

ৱাশ্বিংটনৰ ছিয়াটলত জন্মগ্ৰহণ কৰা আৰু ডাঙৰ-দীঘল হোৱা বিল গেটছে তেওঁৰ বাল্যবন্ধু প'ল এলেনৰ লগলাগি ১৯৭৫ চনত, নিউ মেক্সিকোৰ আলবুকাৰ্কত মাইক্ৰছ'ফ্টৰ সহ-প্ৰতিষ্ঠা কৰে। পৰৱৰ্তী পৰ্যায়ত সেইটো পৃথিৱীৰ সৰ্ববৃহৎ ছফ্টৱেৰ কোম্পানী হিচাপ পৰিগণিত হয়। ২০০০ চনৰ জানুৱাৰীলৈকে বিল গেটছে কোম্পানীৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব পালন কৰে। তাৰপিছত তেখেতে মুখ্য কাৰ্যবাহী বিষয়াৰ পদ ত্যাগ কৰে, কিন্তু অধ্যক্ষ হিচাপে কৰ্মনিৰ্বাহ কৰি থাকে আৰু পাছলৈ মুখ্য ছফ্টৱেৰ স্থপতিৰ পদত বহে।

প্ৰবন্ধটি ইয়াত বিতংকৈ পঢ়ক

এপ্ৰিল মাহৰ ভাল প্ৰবন্ধ ক'ৰণা ভাইৰাছ ৰোগ ২০১৯ৰ বিষয়ে ইয়াত বিতংকৈ পঢ়িব পাৰে...