ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২১/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজদ্বীপ ৰাজবংশী
ৰাজদ্বীপ ৰাজবংশী

২০০২ চনতেই আৰম্ভ হোৱা অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে মই ২০২০ চনৰ মে’ মাহলৈকে গমেই পোৱা নাছিলোঁ; অসমীয়া ৱিকিত যে আমি সকলোৱে প্ৰবন্ধ লিখিব পাৰোঁ৷ যোৱা ২০২০ চনৰ ১ মে’ৰ পৰা ১০ মে’ লৈ অনুষ্ঠিত হোৱা “ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন প্ৰতিযোগিতা মে’ ২০২০” ৰ ফলাফলৰ বিষয়ে বাতৰি কাকতত পঢ়িবলৈ পাইছিলোঁ৷ তাৰ পিছৰ পৰাই অসমীয়া ৱিকিপিডিয়াৰ লগত চিনাকি হওঁ৷ লিখা-মেলাৰ ক্ষেত্ৰত মই ইমান এটা নিপুণ নহয় যদিও নিজস্ব ভাষাটোৰ বাবে কিবা অলপ বৰঙণি আগবঢ়োৱাৰ হাবিয়াসতেই অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসত মাজে সময়ে ধুমকেতু সদৃশ ভূমূকি মাৰি থাকোঁ। প্ৰথমাৱস্থাত ৱিকিত প্ৰবন্ধ লিখা বা সম্পাদনা কৰা বা সাঁচ আদিৰ ব্যৱহাৰৰ ক্ষেত্ৰত অসুবিধা হৈছিল যদিও অসমীয়া ৱিকিৰ অভিজ্ঞ সদস্যসকলে মাজে সময়ে পতা অনলাইন কৰ্মশালাত যোগদান কৰি আৰু ইউটিউবত আপলোড কৰা ভিডিঅ’বোৰৰ জৰিয়তে ভালেখিনি কথা জানিব পাৰিছোঁ। এই চেগতে বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত বহুমূলীয়া দিহা-পৰামৰ্শ দিয়া দিব্য দা আৰু ভাস্কৰ দাক ধন্যবাদ জনালোঁ, লগতে ৱিকিৰ হোৱাট্‌ছ্‌এপ গ্ৰুপৰ আন অভিজ্ঞ সদস্য সকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ।

অসমীয়া ৱিকিৰ জগতখনত মই এজন নৱাগত সদস্য, ইয়াৰে বহুখিনি কথাই শিকিবলৈ বা জানিবলৈ এতিয়াও বহুদূৰ বাকী। তথাপিও সাধ্যানুসাৰে যি পাৰোঁ ৱিকি আৰু ৱিকিউৎসত মাজে সময়ে দুই-এটা সৰু-সুৰা অৱদান আগবঢ়াই আহিছোঁ। ন-শিকাৰু হিচাপে সাঁচৰ ব্যৱহাৰ বা তথ্য সংযোগ আদি ক্ষেত্ৰত মাজে সময়ে এতিয়াও দুই-এটা খুটি/নাটি ৰৈ যায় যদিও ৱিকিৰ আন সক্ৰিয় অভিজ্ঞ সদস্যসকলে ভুলবোৰ শুধৰাই দিয়ে বা প্ৰয়োজনীয় তথ্যসূত্ৰ আদি সংযোগ কৰি প্ৰবন্ধটো বহলাই দিয়ে৷ ইয়াৰ ফলত ৱিকিত কাম কৰাৰ ক্ষেত্ৰত মনত উৎসাহ দুগুনে বাঢ়ে আৰু তেওঁলোকৰ পৰা ভলেখিনি কথা শিকিব পাৰিছোঁ৷

বৰ্তমান সময়তছোৱাত ইণ্টাৰনেটত বা অন্য চাৰ্ছ ইঞ্জিনসমূ্হত এতিয়া প্ৰায়বোৰ তথ্যই অসমীয়া ভাষাত প্ৰায় উপলব্ধ হৈছে। অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাৰ এই ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ যিকোনো কামত সফলতা লাভৰ বাবে পৰিশ্ৰমেই হৈছে আগবাঢ়ি যোৱাৰ একমাত্ৰ পথ। অসমীয়া ৱিকিৰ ক্ষেত্ৰখন আগবাঢ়ি যোৱাৰ আঁৰতো আছে ইয়াৰ স্বেচ্ছাসেৱকসকলৰ অবিৰত পৰিশ্ৰম। অসমীয়া ৱিকিৰ সকলো সদস্যই এই ক্ষেত্ৰত ধন্যবাদৰ পাত্ৰ। আমি সকলোৱে আশাবাদী যে, অসমীয়া ৱিকিৰ সদস্যসকলৰ অৱদানৰ গতিধাৰা এনেদৰে বৰ্তি থাকিলে এদিন বিশ্বৰ সকলোবোৰ তথ্যই অসমীয়া ৱিকিপিডিয়াৰ যোগেদি অসমীয়াত ভাষাত উপলব্ধ হ’ব৷ গতিকে আহক, অসমীয়া ৱিকিপিডিয়াৰ এই প্ৰয়াসত আমি সকলোৱে কণমানকৈ হ’লেও অৱদান আগবঢ়াওঁ...৷

অৱশেষত, এইমাহৰ মনৰ কথা লিখিবলৈ সুযোগকণ দিয়াৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ সমূহ সদস্যক ধন্যবাদ জনাইছোঁ। অসমীয়া ৱিকিপিডিয়াৰ উন্নতি কামনাৰে...

ৰাজদ্বীপ ৰাজবংশী (বাৰ্তা) 18:04, 31 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]