সমললৈ যাওক

ৱিকিপত্ৰিকা, আগষ্ট-২০২১

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
দশম বৰ্ষ | আগষ্ট | ২০২১ | অষ্টম সংখ্যা
মুখবন্ধ
মুখবন্ধ সম্পাদনা কৰক

জাপানত অনুষ্ঠিত হৈ থকা টকিঅ' অলিম্পিক ২০২০ ত অসমৰ লাভলীনা বৰগোহাঁইয়ে ২০২১ চনৰ জুন মাহৰ ৩০ তাৰিখে কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে আৰু অলিম্পিকত পদক এটি নিশ্চিত কৰে। ইতিহাস সৃষ্টি কৰি অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈলৈ অসমীয়া ৱিকিপিডিয়া সমাজে অভিনন্দন তথা কৃতজ্ঞতা জনাইছে। লগতে আগন্তুক ছেমিফাইনেললৈ আন্তৰিক শুভেচ্ছা।


সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
ৰাজদ্বীপ ৰাজবংশী
ৰাজদ্বীপ ৰাজবংশী

২০০২ চনতেই আৰম্ভ হোৱা অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে মই ২০২০ চনৰ মে’ মাহলৈকে গমেই পোৱা নাছিলোঁ; অসমীয়া ৱিকিত যে আমি সকলোৱে প্ৰবন্ধ লিখিব পাৰোঁ৷ যোৱা ২০২০ চনৰ ১ মে’ৰ পৰা ১০ মে’ লৈ অনুষ্ঠিত হোৱা “ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন প্ৰতিযোগিতা মে’ ২০২০” ৰ ফলাফলৰ বিষয়ে বাতৰি কাকতত পঢ়িবলৈ পাইছিলোঁ৷ তাৰ পিছৰ পৰাই অসমীয়া ৱিকিপিডিয়াৰ লগত চিনাকি হওঁ৷ লিখা-মেলাৰ ক্ষেত্ৰত মই ইমান এটা নিপুণ নহয় যদিও নিজস্ব ভাষাটোৰ বাবে কিবা অলপ বৰঙণি আগবঢ়োৱাৰ হাবিয়াসতেই অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসত মাজে সময়ে ধুমকেতু সদৃশ ভূমূকি মাৰি থাকোঁ। প্ৰথমাৱস্থাত ৱিকিত প্ৰবন্ধ লিখা বা সম্পাদনা কৰা বা সাঁচ আদিৰ ব্যৱহাৰৰ ক্ষেত্ৰত অসুবিধা হৈছিল যদিও অসমীয়া ৱিকিৰ অভিজ্ঞ সদস্যসকলে মাজে সময়ে পতা অনলাইন কৰ্মশালাত যোগদান কৰি আৰু ইউটিউবত আপলোড কৰা ভিডিঅ’বোৰৰ জৰিয়তে ভালেখিনি কথা জানিব পাৰিছোঁ। এই চেগতে বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত বহুমূলীয়া দিহা-পৰামৰ্শ দিয়া দিব্য দা আৰু ভাস্কৰ দাক ধন্যবাদ জনালোঁ, লগতে ৱিকিৰ হোৱাট্‌ছ্‌এপ গ্ৰুপৰ আন অভিজ্ঞ সদস্য সকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ।

অসমীয়া ৱিকিৰ জগতখনত মই এজন নৱাগত সদস্য, ইয়াৰে বহুখিনি কথাই শিকিবলৈ বা জানিবলৈ এতিয়াও বহুদূৰ বাকী। তথাপিও সাধ্যানুসাৰে যি পাৰোঁ ৱিকি আৰু ৱিকিউৎসত মাজে সময়ে দুই-এটা সৰু-সুৰা অৱদান আগবঢ়াই আহিছোঁ। ন-শিকাৰু হিচাপে সাঁচৰ ব্যৱহাৰ বা তথ্য সংযোগ আদি ক্ষেত্ৰত মাজে সময়ে এতিয়াও দুই-এটা খুটি/নাটি ৰৈ যায় যদিও ৱিকিৰ আন সক্ৰিয় অভিজ্ঞ সদস্যসকলে ভুলবোৰ শুধৰাই দিয়ে বা প্ৰয়োজনীয় তথ্যসূত্ৰ আদি সংযোগ কৰি প্ৰবন্ধটো বহলাই দিয়ে৷ ইয়াৰ ফলত ৱিকিত কাম কৰাৰ ক্ষেত্ৰত মনত উৎসাহ দুগুনে বাঢ়ে আৰু তেওঁলোকৰ পৰা ভলেখিনি কথা শিকিব পাৰিছোঁ৷

বৰ্তমান সময়তছোৱাত ইণ্টাৰনেটত বা অন্য চাৰ্ছ ইঞ্জিনসমূ্হত এতিয়া প্ৰায়বোৰ তথ্যই অসমীয়া ভাষাত প্ৰায় উপলব্ধ হৈছে। অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাৰ এই ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ যিকোনো কামত সফলতা লাভৰ বাবে পৰিশ্ৰমেই হৈছে আগবাঢ়ি যোৱাৰ একমাত্ৰ পথ। অসমীয়া ৱিকিৰ ক্ষেত্ৰখন আগবাঢ়ি যোৱাৰ আঁৰতো আছে ইয়াৰ স্বেচ্ছাসেৱকসকলৰ অবিৰত পৰিশ্ৰম। অসমীয়া ৱিকিৰ সকলো সদস্যই এই ক্ষেত্ৰত ধন্যবাদৰ পাত্ৰ। আমি সকলোৱে আশাবাদী যে, অসমীয়া ৱিকিৰ সদস্যসকলৰ অৱদানৰ গতিধাৰা এনেদৰে বৰ্তি থাকিলে এদিন বিশ্বৰ সকলোবোৰ তথ্যই অসমীয়া ৱিকিপিডিয়াৰ যোগেদি অসমীয়াত ভাষাত উপলব্ধ হ’ব৷ গতিকে আহক, অসমীয়া ৱিকিপিডিয়াৰ এই প্ৰয়াসত আমি সকলোৱে কণমানকৈ হ’লেও অৱদান আগবঢ়াওঁ...৷

অৱশেষত, এইমাহৰ মনৰ কথা লিখিবলৈ সুযোগকণ দিয়াৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ সমূহ সদস্যক ধন্যবাদ জনাইছোঁ। অসমীয়া ৱিকিপিডিয়াৰ উন্নতি কামনাৰে...

ৰাজদ্বীপ ৰাজবংশী (বাৰ্তা) 18:04, 31 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

তাৰা (সংস্কৃত: तारा) (আক্ষৰিক অৰ্থত তৰা) হৈছে ৰামায়ণত বৰ্ণিত কিষ্কিন্ধাৰ ৰাণী আৰু বানৰৰাজ বালিৰ সহধৰ্মিণী। বালিৰ মৃত্যুৰ পিছত তাৰা সুগ্ৰীৱৰ সৈতে বিবাহত বহে।

ৰামায়ণত তেওঁক কপিকুলৰ কবিৰাজ সুসেনৰ জীয়ৰী বুলি কোৱা হৈছে। কিন্তু ইয়াৰ পৰৱৰ্তী সূত্ৰসমূহৰ মতে তাৰা আছিল সমুদ্ৰ মন্থনৰ ফলত নিৰ্গত হোৱা এগৰাকী অপ্সৰা। তেওঁ বালিক বিয়া কৰায় আৰু অংগদৰ জন্ম দিয়ে। এক ৰাক্ষসৰ সৈতে হোৱা যুঁজত বালিৰ মৃত্যু হোৱা বুলি ভাবি সুগ্ৰীৱ নিজে কিষ্কিন্ধাৰ ৰাজপাটত বহে আৰু তাৰাক গ্ৰহণ কৰে। কিন্তু পৰৱৰ্তী সময়ত বালিৰ প্ৰত্যাৱৰ্তন ঘটে আৰু তেওঁ ৰাজদ্ৰোহৰ অপৰাধত সুগ্ৰীৱক নিৰ্বাসন দি পুনৰ তাৰাক নিজৰ কৰি লয়।

যেতিয়া সুগ্ৰীবে বালিক দ্বন্দ্ব যুদ্ধৰ বাবে প্ৰত্যাহ্বান জনায়, তাৰাই বালিক ৰামায়ণৰ নায়ক আৰু বিষ্ণুৰ অৱতাৰ ৰামৰ সৈতে সুগ্ৰীৱৰ মিত্ৰতাৰ বাবে এই প্ৰত্যহ্বান গ্ৰহণ নকৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু বালিয়ে এই পৰামৰ্শ আওকাণ কৰে আৰু ৰামৰ হাতত মৃত্যু বৰণ কৰে। ৰামায়ণ আৰু ইয়াৰ পিছৰ অভিযোজনবোৰে তাৰাৰ বিলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যদিও বেছিভাগ স্থানীয় ভাষাৰ সংস্কৰণত তাৰাই ৰামক তেওঁৰ সতীত্বৰ শক্তিৰ দ্বাৰা অভিশাপ দিয়ে, কিছুমান সংস্কৰণত ৰামে তাৰাক জ্ঞান প্ৰদান কৰে।

সুগ্ৰীৱে সিংহাসন পুনৰাই লাভ কৰি তেওঁৰ সময়বোৰ আনন্দৰে অতিবাহিত কৰে আৰু ৰামক তেওঁৰ অপহৃত পত্নী সীতাক উদ্ধাৰ কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হয়। সুগ্ৰীৱৰ ৰাণী আৰু মুখ্য কূটনীতিবিদৰ স্থান লোৱা তাৰাই তেতিয়া সুগ্ৰীবে বিশ্বাসঘাতকতা কৰা বুলি কিষ্কিন্ধাক ধ্বংস কৰিবলৈ ওলোৱা ৰামৰ ভ্ৰাতৃ লক্ষ্মণক শান্ত কৰাৰ পিছত সুগ্ৰীৱৰ সৈতে ৰামৰ মিলামিছা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই ঘটনাৰ পিছত, তাৰাক কেৱল অঙ্গদৰ মাতৃ আৰু সুগ্ৰীৱৰ ৰাণী হিচাপেহে উল্লেখ কৰা হৈছে কিয়নো কাহিনীৰ পটভূমিয়ে কিষ্কিন্ধাৰ পৰা লংকাৰ যুদ্ধলৈ গতি কৰে।

তাৰাৰ বুদ্ধিমত্তা, উপস্থিত বুদ্ধি, সাহস আৰু তেওঁৰ স্বামী বালিৰ প্ৰতি আনুগত্য প্ৰশংসাৰ যোগ্য বুলি কোৱা হয়। তেওঁক পঞ্চকন্যা মাজত স্থান দিয়া হয় যাৰ নাম ল'লে পাপ দূৰ হয় বুলি বিশ্বাস কৰা হয়।

ইয়াত বিতংকৈ পঢ়ক


যোৱা মাহৰ ভাল প্ৰবন্ধ ভাৰতীয় শিল্পকলাৰ বিষয়ে ইয়াত পঢ়ক
সৃষ্টি কৰা প্ৰবন্ধসমূহ
জুলাই-২০২১ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ২২৬

বিশ্বৰ প্ৰেক্ষাপট

[সম্পাদনা কৰক]

ব্যক্তি বিষয়ক

[সম্পাদনা কৰক]
  1. জুৱান পাবলো কামাচো
  2. লুডৱিগ গুটমেন
  3. নিকোলো মেকিয়াভেলি
  4. কেই নিশিকোৰি
  5. চলমান ৰুশ্দী
  6. টম ডেলি

পৌৰাণিক আখ্যান

[সম্পাদনা কৰক]
  1. নাইক্স
  2. প'ণ্টাছ
  3. ইথাৰ
  4. ইৰেবাছ

ভাৰতীয় পটভূমি

[সম্পাদনা কৰক]

ব্যক্তি বিষয়ক

[সম্পাদনা কৰক]
  1. অনিল কুম্বলে
  2. ষ্টেন স্বামী
  3. মহেশ ভূপতি
  4. লাৰা দত্ত
  5. সন্তোষ যাদৱ
  6. যশপাল শৰ্মা
  7. সুৰেখা চিক্ৰি
  8. দানিছ চিদ্দিকী
  9. ‎আয়েশা জুল্কা
  10. ‎অৰুণ গোবিল
  11. ‎দীপিকা চিখলিয়া
  12. ‎নচিকেতা চক্ৰৱৰ্তী
  13. মনীষ কৌশিক
  14. ভমিদিপতি সাই প্ৰনীত
  15. সতীশ কুমাৰ

পৌৰাণিক ভাৰতীয় আখ্যান

[সম্পাদনা কৰক]
  1. কুবেৰ
  2. বাহন
  3. গৰুড়
  4. বলোৰাম
  5. ৰেৱতী (বলোৰামৰ পত্নী)
  6. দৈৱকী
  7. অৰুণ
  8. ৰোহিনী (বাসুদেৱৰ পত্নী)
  9. কল্পতৰু
  10. মহাবিদ্যা
  11. কমলাকামিনী
  12. তাৰা
  13. ছিন্নমস্তা
  14. শেষনাগ
  15. মিত্ৰ (দেৱতা)

ৰামায়ণ

[সম্পাদনা কৰক]
  1. জটায়ু
  2. সম্পাতি
  3. ইন্দ্ৰজিৎ
  4. লংকা
  5. লক্ষ্মণ ৰেখা
  6. অযোধ্যা (পৌৰাণিক নগৰ)
  7. দণ্ডকাৰণ্য
  8. ত্ৰিশিৰা
  9. অতিকায়
  10. নৰান্তক-দেৱান্তক
  11. লক্ষ্মণ
  12. দশৰথ
  13. বিভীষণ
  14. মকৰধ্বজ
  15. জাম্বৱন্ত
  16. কুম্ভকৰ্ণ
  17. বালি (ৰামায়ণ)
  18. কিষ্কিন্ধা
  19. লৱ (ৰামায়ণ)
  20. শূৰ্পনখা
  21. ভৰত (ৰামায়ণ)
  22. শত্ৰুঘ্ন
  23. মন্দোদৰী
  24. কুশ (ৰামায়ণ)
  25. মিথিলা (বিদেহ ৰাজ্য)
  26. অঙ্গদ
  27. সুবাহু
  28. তাড়কা
  29. শ্ৰুতকীৰ্তি
  30. শান্তা
  31. অক্ষয়কুমাৰ
  32. ধন্যমালিনী
  33. সুমিত্ৰা
  34. কেৱট
  35. সুকেশ
  36. মাল্যবান
  37. মাণ্ডৱী
  38. উৰ্মিলা
  39. অঞ্জনা (ৰামায়ণ)
  40. নীল (ৰামায়ণ)
  41. নল (ৰামায়ণ)
  42. সুলোচনা (ৰামায়ণ)
  43. কুশধ্বজ
  44. ‎অশোক বন
  45. মায়াসুৰ
  46. ‎পৰশুৰাম
  47. সুগ্ৰীৱ
  48. অগস্ত্য
  49. দেৱবৰ্ণিনী
  50. ‎ত্ৰিকূট
  51. ‎ৰামায়ণৰ পাত্ৰ
  52. ‎ঋষ্যশৃংগ
  53. ‎লংকাৰ শাসকসকলৰ তালিকা
  54. মাৰীচ
  55. ‎বেদৱতী
  56. ‎অকম্পন
  57. কেতুমতী (ৰামায়ণ)
  58. ‎দেৱৱতী
  59. ‎সৰমা (ৰামায়ণ)
  60. ৰুমা
  61. মালী
  62. ‎কবন্ধ
  63. ‎বশিষ্ঠ
  64. ‎বিশ্বামিত্ৰ
  65. ভৰদ্বাজ
  66. ‎কৌশল্যা
  67. ‎কৈকেয়ী
  68. ‎অৰুন্ধতী (হিন্দু ধৰ্ম)
  69. অহল্যা
  70. ‎খৰ (ৰামায়ণ)
  71. ‎ঋষি কম্ভোজ
  72. ‎মায়া সীতা
  73. ৰামাকিয়েন
  74. শবৰী
  75. ফ্ৰা লাক ফ্ৰা ৰাম
  76. দূষণ (ৰামায়ণ)
  77. অহিৰাৱণ
  78. ‎অশ্বপতি
  79. ত্ৰিজঁটা
  80. বিৰাধ

চলচ্চিত্ৰ বিষয়ক

[সম্পাদনা কৰক]
  1. মিৰ্জা গালিব (চলচ্চিত্ৰ)
  2. কাবুলিৱালা (১৯৫৭ চলচ্চিত্ৰ)
  3. ৰং (১৯৯৩ চলচ্চিত্ৰ)
  4. ‎দো আঁখেঁ বাৰহ হাথ
  5. গুপী গাইন বাঘা বাইন
  6. প্যাছা

অন্যান্য

[সম্পাদনা কৰক]
  1. ঊনকোটি
  2. ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষক
  3. কাৰ্গিল বিজয় দিৱস

অসম বিষয়ক

[সম্পাদনা কৰক]

ব্যক্তি বিষয়ক

[সম্পাদনা কৰক]
  1. ক্ষেমৰাজ নেপাল
  2. ৰোহিনী কুমাৰ বৰুৱা
  3. পূৰ্ণচন্দ্ৰ গোস্বামী
  4. পাঞ্চালী গুপ্তা
  5. গোপালচৰণ দ্বিজ
  6. মহেন্দ্ৰনাথ ডেকা ফুকন
  7. বিপুল খাটনিয়াৰ
  8. দিলীপ শইকীয়া
  9. মৃগাংক বৰা
  10. বিভূৰঞ্জন চৌধুৰী
  11. আৰাধনা পটংগীয়া গোস্বামী
  12. উষাৰাণী বৰুৱা

গ্ৰন্থ বিষয়ক

[সম্পাদনা কৰক]
  1. কাকউইন ভৰতযোদ্ধা
  2. হালধীয়া চৰায়ে বাওধান খায় (গ্ৰন্থ)
  3. মুনীন বৰকটকীৰ প্ৰসঙ্গ সমালোচনা (গ্ৰন্থ)
  4. ‎দশানন ৰাৱণ (গ্ৰন্থ)
  5. ত্ৰিপুৰা বুৰঞ্জী (গ্ৰন্থ)
  6. কেষ্টাৰব্ৰিজৰ মেয়ৰ
  7. বৈৰাগী বিহংগ
  8. চিৰদিন অসমীয়া (গ্ৰন্থ)
  9. পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ(গ্ৰন্থ)
  10. লক্ষ্য এক মনুষ্যত্ব (গ্ৰন্থ)
  11. অশোক বিজ্ঞান অভিধান
  12. জীৱনীকোষ (গ্ৰন্থ)
  13. মই ভাল দেউতা হ'ব নোৱাৰিলোঁ (গ্ৰন্থ)
  14. মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ (গ্ৰন্থ)
  15. ‎জীৱনে মোক কি দিলে (গ্ৰন্থ)
  16. সৌমাৰ নন্দিনী (উপন্যাস)
  17. বঙল বহু দূৰ

চলচ্চিত্ৰ বিষয়ক

[সম্পাদনা কৰক]
  1. অফচাইড (২০০৬ ইৰানীয় চলচ্চিত্ৰ)
  2. প্ৰভাতী পখীৰ গান
  3. আদ্ভিত্য (চলচ্চিত্ৰ)
  4. মঙহ দহাৰ গোন্ধ (চলচ্চিত্ৰ)
  5. ৰিয়াজ (চলচ্চিত্ৰ)
  6. বেলকনিত ভগৱান

শিক্ষানুষ্ঠান

[সম্পাদনা কৰক]
  1. দুধনৈ মহাবিদ্যালয়
  2. নগাঁও ছোৱালী কলেজ
  3. অভয়াপুৰী মহাবিদ্যালয়
  4. আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়
  5. কন্যা মহাবিদ্যালয়
  6. ওদালগুৰি মহাবিদ্যালয়
  7. টিহু মহাবিদ্যালয়
  8. ধিং মহাবিদ্যালয়
  9. বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ
  10. আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়
  11. দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়
  12. হোজাই ছোৱালী মহাবিদ্যালয়
  13. মৰিগাঁও মহাবিদ্যালয়
  14. ধুবুৰী ছোৱালী মহাবিদ্যালয়
  15. ‎চিলাৰায় মহাবিদ্যালয়
  16. সুৰেন দাস মহাবিদ্যালয়
  17. শ্বহীদ স্মৃতি মহাবিদ্যালয়
  18. ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়
  19. লঙ্কা মহাবিদ্যালয়
  20. সোণাপুৰ মহাবিদ্যালয়
  21. বাপুজী মহাবিদ্যালয়, সৰুক্ষেত্ৰী

অন্যান্য

[সম্পাদনা কৰক]
  1. চামগুৰি সত্ৰ
  2. গৰীয়া
  3. মুক্ত চিন্তা (আলোচনী)
  4. আছাম টক্‌ছ
  5. শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰ
  6. ‎জামবাৰী
  7. ‎অসমীয়া যুক্তাক্ষৰ
  8. ২০২১ৰ অসম ভূমিকম্প
  9. কলিবাৰী

সানমিহলি

[সম্পাদনা কৰক]
  1. ৰাষ্ট্ৰীয় চিকিৎসক দিৱস
  2. নগা জনগোষ্ঠী
  3. বিশাল বটবৃক্ষ
  4. বোধি বৃক্ষ
  5. ৰামচে- কাছ- কুপমান্স আৰ্হি
  6. আৰ্দ্ৰতা
  7. চিংকী
  8. মৰুদ্যান
  9. ৰেডউড ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উদ্যান
  10. বেংগল গেজেট
  11. পুথিভঁৰাল
  12. ৱিণ্ড'জ ১১
  13. পান'ছ পানায় (মাইক্ৰ'ছফ্ট)
  14. ফিগমা (ছফ্টৱেৰ)
  15. স্কেট্‌চ (ছফ্টৱেৰ)
  16. ‎শান্তি ন'বেল বঁটা
  17. ‎বুলডগ
  18. ‎এড'বী এক্সডি
  19. ‎জাৰ্মান শ্বেফাৰ্ড
  20. বুট
  21. চাউল
  22. চয়াবিন
  23. ‎কুইয়াৰ অধ্যয়ন
  24. চিয়োনবাদ
  25. আঙুৰ
  26. পাউৰুটী
  27. সৰ্বকামিতা
  28. বাণিজ্য
  29. সমকামী পুৰুষৰ বিৰুদ্ধে বৈষম্য
  30. চকলেট
  31. পনীৰ
  32. ৰোমাণ্টিক অভিমুখিতা
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
বেলি লহিওৱাৰ পূৰ্বে মাছৰ পৰা উলতি অহা তিৰোতাৰ জাক; ৰাণী, কামৰূপ।
আলোকচিত্ৰ শিল্পী: গীতাৰ্থ বৰদলৈ
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
প্ৰণামিকা অধিকাৰী
স্পন্দিত চিত্ৰকৰ পদক
ভাৰ্গৱ বুঢ়াগোহাঁই
বিদ্যায়তনিক গৰিমা পদক
কুলধৰ ৰাভা
ৰামায়ণ কথকতা পদক
চন্দন চিৰিং ফুকন
নয়ন জ্যোতি নাথ
কুলধৰ ৰাভা






বিশেষ অভিলেখ
জুলাই-২০২১ৰ বিশেষ অভিলেখ সম্পাদনা কৰক

অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলৰ প্ৰচেষ্টাত অসমীয়া ৱিকিপিডিয়াই ৯,০০০ প্ৰবন্ধৰ সীমা অতিক্ৰম কৰিলে।

উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৯,০১০ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৩২২ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত শেহতীয়াকৈ সম্পূৰ্ণ হোৱা গ্ৰন্থৰ তালিকা:
মোৰ জীৱন-সোঁৱৰণ (লেখক: লক্ষ্মীনাথ বেজবৰুৱা, ১৯৯২) 
এমুঠি বনকৰা কিংখাপ কবিতা (লিখক: ৰত্নেশ্বৰ বৰা, ২০১৯)
ফকৰাৰ থুন্‌পাক (উমেশ বৈশ্য,২০১০)
শিশুপাল বধ (লেখক: অজ্ঞাত, ১৯০৭)
শতস্কন্ধ ৰাৱণবধ (লেখক:কমল চন্দ্ৰ ডেকা,১৯০৭ খ্ৰীষ্টাব্দ)
পৰমাৰ্থ দৰ্পণ (লেখক: ছাখাৱত আলী, ১৯১৫)
দীপিকা ছন্দ (লেখক: পুৰুষোত্তম গজপতি, ১৯৫৬)
হাতৰ আখৰৰ কথা (লেখক: ত্ৰিদশ পাঠক, ১৯৯৩)
গীৰ্জাসংগীত আৰু ৰাতিৰ প্ৰহৰী (লেখক: অ' হেনৰি, অনুবাদ-প্ৰদীপ চৌধুৰী ২০০২)
দেউৰী পাৰা ভাৰি গান (লেখক: দিলীপ কুমাৰ ৰাভা, ২০১৭)
দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা (লেখক: দিলীপ কুমাৰ ৰাভা, ২০১৮)


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
বাবুল বৈশ্য২২৬-৬৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন৩৪৩-৩৩৪৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কন্দৰ্পজিৎ কল্লোল১৯৫--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা৬১৮১৬৬২৪২৩৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
মৃদুল সিংহ ফুকন৩৬৫--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নয়ন জ্যোতি নাথ৬৬৫-১২৫৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা১২৪২২৫১২- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অজয় দাস৭০--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত১৮০৭৯১৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০অনামিকা(চুমু) বড়া৬৯--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১জলী ৰুমী বৰা১০৬২-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২প্ৰাণজ্যোতি নাথ১২৫৩২-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩পল্লবী দত্তবৰুৱা-১৭৯-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪প্ৰণামিকা অধিকাৰী-৪৪৩-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৫ৰুমী বৰা-৪৫৭-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৬Assameseboy৫৯--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৭ভাস্কৰজ্যোতি ভূঞা৪২--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৮জোনালী বৰুৱা১৩৯--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৯KhiLanTzi১২৭--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২০অম্লান বসুমতাৰী৯০-২১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকল: চাণক্য কুমাৰ দাস, Jogesh 69, গীতাৰ্থ বৰদলৈ, হানিফ আলী, জ্যোতি প্ৰসাদ চৌধুৰী

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।