গৰীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
গৰীয়া
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
 ভাৰত:
অসম
ভাষাসমূহ

অসমীয়া

ধৰ্ম

ইছলাম

গৰীয়া (ইংৰাজী: Goria) অসমৰ এটা খিলঞ্জীয়া ইছলাম ধৰ্মাৱলম্বী জনগোষ্ঠী। এই জনগোষ্ঠীটোৰ আচাৰ-ব্যৱহাৰ, কৃষ্টি-সংস্কৃতি, পৰম্পৰা আদি অসমৰ আন খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ পৰা পৃথক নহয়। একমাত্ৰ ধৰ্মীয় দিশটোৰ বাহিৰে ভাৰত বা বিশ্বৰ কোনো মুছলমানৰ লগত গৰীয়াসকলৰ সাংস্কৃতিক, ভাষিক আৰু সামাজিক ক্ষেত্ৰত মিল বা সাদৃশ্য নাই।[1]

ব্যুৎপত্তি[সম্পাদনা কৰক]

‘গৰীয়া’ এটা অসমীয়া শব্দ। আধুনিক অসমীয়া অভিধান মতে গৰীয়া শব্দৰ অৰ্থ হৈছে বাদ পৰা, ভালকৈ ভাজ নোলোৱা বা নুফুটা, অকৃতকাৰ্য্য হোৱা, পাৰ্গত বা উন্নত হ’ব নোৱাৰা, এৰা খোৱা, ভালকৈ ভাজ নোখোৱা বা নুফুটা আখৈ বা কৰাই, মুছলমান আদি। গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা চন্দ্ৰকান্ত অভিধান, শৰাইধাট অভিধানত সেই একে ধৰণেই ব্যাখ্যা পোৱা যায়।[2][3] হেমকোষতো ইয়াৰ অৰ্থ যৱন বা মুছলমান বুলি দিয়া আছে যদিও তাত বহলাই এনেকৈ বাখ্যা কৰা হৈছে, ‘এইটো শব্দৰ মূলৰ কথাত মতৰ মিল নাই। কোনোৱে কয় মহম্মদ গোৰীৰ লগৰীয়া হেতু, সেই নাম হৈছে; কোনোৰ মতে আসাম ৰজাই গৌড়ৰ দেশৰ পৰা কিছুমান মুছলমান জাতিৰ জোলা অনাইছিল, গৌড়ৰ পৰা অহা বাবে সিহঁতৰ নাম গৌড়ীয়া হৈ তাৰপৰা ক্ৰমে গৰীয়া শব্দ ওলাইছে, এয়ে সম্ভৱ।’[4] অৱশ্যে হেমকোষত থকা গৰীয়া শব্দৰ অৰ্থৰ লগত আন অসমীয়া অভিধানৰ মিল নাই। প্ৰাচীন কালৰ গৌড় দেশ বা ৰাজ্যৰ বৰ্তমান ভৌগলিক স্থিতি হ’ল পশ্চিম বংগৰ মুৰ্চিদাবাদ আৰু মালডা জিলা। সেই গৌড় দেশৰ ৰজা প্ৰজা সকলো হিন্দু আছিল আৰু ৬২৫ খ্ৰীষ্টাব্দলৈকেহে গৌড় দেশ অস্তিত্ব আছিল৷[5] ইয়াৰ বিপৰীতে অসমত ইছলাম ধৰ্মৰ আগমন ঘটিছিল ১২০৫ চনত৷[6] সেয়ে হেমকোষত ইছলামধৰ্মী গৰীয়াসকলক গৌড় দেশৰ পৰা অহা বুলি উল্লেখ কৰা কথাটোৰ বৈজ্ঞানিক ভিত্তিৰ ওপৰত সন্দেহৰ থল নথকা নহয়। গৰীয়া শব্দৰ আভিধানিক অৰ্থৰ সমৰ্থিত কিছুমান ব্যৱহাৰিক বাক্য অসমীয়া সমাজত প্ৰচলিত হৈ আহিছে, যেনে গৰীয়া ধান, পিঠাগুৰিৰ গৰীয়া, গৰীয়া পৰা ইত্যাদি।[উদ্ধৃতিৰ প্ৰয়োজন]

ইতিহাস[সম্পাদনা কৰক]

ত্ৰয়োদশ শতিকাতে প্ৰথম ‘গৰীয়া’ শব্দৰ প্ৰচলন হোৱাৰ কথা অসম বুৰঞ্জীত উল্লেখ আছে। টাই ৰাজকোঁৱৰ চাওলুং চ্যুকাফা যেতিয়া পাটকাই পৰ্বত পাৰ হৈ তাহানিৰ অসমৰ সৌমাৰপীঠত ভৰি থৈছিলহি, তেতিয়াই তেওঁ চেংচাই নামৰ গৰীয়া এজনক বাটত লগ পাই নিজৰ প্ৰশাসনৰ আওঁতাত থিতাপি দিছিল আৰু তেওঁৰ পৰিয়ালকে পাছলৈ বকতিয়াল বুলি জনা গৈছিল।চেংচাই (গৰীয়া) কিন্তু মুছলমান নাছিল। এই কথা হিতেশ্বৰ বৰবৰুৱা দেৱে লিখা “আহোমৰ দিন”নামৰ বুৰঞ্জীখনত উল্লেখ আছে[7]

তাহানিতে গৰীয়াসকল বিভিন্ন জনগোষ্ঠীৰ, যেনে- মৰাণ, মটক, বৰাহী, চুতীয়া, কোচ, আহোম, কছাৰী, মেছ আদি লোক আছিল। প্ৰাচীনকালত সৌমাৰপীঠ বিভিন্ন জনজাতীয় লোকৰ বাসস্থান আছিল। অসমত হিন্দু ধৰ্মই প্ৰসাৰতা লাভ কৰাৰ সময়ত এই জনজাতীয় লোকসকলৰ মাজৰ চুতীয়াসকলে প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল আৰু পাছলৈ লাহে লাহে আন জনগোষ্ঠীসমূহৰ মাজতো হিন্দু ধৰ্মই প্ৰসাৰতা লাভ কৰিছিল। কিন্তু সেয়া হ'লেও তেতিয়া সেইসকলৰ মাজৰে, একোখন গাঁৱৰ কিছু মানুহে হিন্দু ধৰ্ম গ্ৰহণ নকৰি পূৰ্বৰ দৰে প্ৰকৃতিৰ উপাসনা কৰা স্থিতিতে থাকি গৈছিল আৰু লাহে লাহে সেই মানুহসকলে হিন্দু ধৰ্ম গ্ৰহণ নকৰাৰ কাৰণে নিজৰ সমাজখনতে এলাগী হ'বলৈ ধৰিলে। ফলত তেওঁলোকে নিজৰ নিজৰ পূৰ্বৰ বাসস্থান এৰি সেই গাঁওসমূহৰ ওচৰতে অথবা নাতি দূৰৈত বসতি স্থাপন কৰি বসবাস কৰিবলৈ ল'লে। সেই মানুহখিনিক তেওঁলোকৰ পূৰ্বৰ গাঁৱৰ লোকসকলে গৰীয়া পৰা, এলাগী হোৱা লোক বুলি কৈছিল আৰু সেই 'গৰীয়া পৰা' শব্দৰ পৰা লাহে লাহে গৰীয়া শব্দৰ সৃষ্টি হ'ল, যি কালক্ৰমত এটা নিদিষ্ট জনগোষ্ঠীক বুজোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ হ'বলৈ ধৰিলে।

কিন্তু গৰীয়া মানে মুছলমান বা ইছলাম ধৰ্মৰ লোকক বুজোৱা হোৱা নাছিল। কাৰণ তেওঁলোক তেতিয়া হিন্দু গ্ৰহণ নকৰাৰ কাৰণে, আৰ্যকৰণত চামিল নোহোৱাৰ কাৰণেই সমাজৰ পৰা এলাগী হৈ, গৰীয়া পৰি গৰীয়াকৰণত জাহ গৈছিল। অৱশ্যে পিছত অসম ভূমিলৈ অহা ইছলাম ধৰ্মীয় ছুফী সাধকসকলৰ সান্নিধ্যত বিভিন্ন কাৰণত সেই গৰীয়া পৰা অসমীয়া লোকসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰে। বিশেষকৈ আজান ফকিৰ(ছাহ মিলান)য়ে প্ৰচাৰ কৰা ইছলামৰ বাণীত আকৰ্ষিত হৈও এক বুজন সংখ্যক গৰীয়া পৰা লোক ইছলামত দীক্ষিত হৈছিল। এইজনা আজান পীৰ চাহেবে অসমীয়া জিকিৰ আৰু জাৰী আদি ভক্তিমূলক গীতৰ সৃষ্টি কৰি অসমীয়া সংস্কৃতিলৈ অনৱদ্য অৱদান আগবঢ়াই থৈ গৈছে।

এনেকৈয়ে অসমত 'গৰীয়া পৰা' মানুহৰ পৰা খিলঞ্জীয়া ইছলামধৰ্মী গৰীয়া জনগোষ্ঠীৰ সৃষ্টি হয়। যদিও তাহানিতে গৰীয়া মানেই মুছলমান নাছিল, কালক্ৰমত সকলো গৰীয়াই এতিয়া ইছলামৰ অনুগামী। এনকৈয়ে ছুফী সাধকসকলৰ সান্নিধ্যত, ধৰ্মীয় বাণীত আকৃষ্ট হৈ কিছু হিন্দু ধৰ্মাৱলম্বী স্থানীয় জনজাতীয় আৰু অ-জনজাতীয় লোকেও ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। যি সকল হিন্দুধৰ্মী লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল তেওঁলোকক তেওঁলোকৰ গাঁৱৰ সমাজসমূহে এলাগী কৰিছিল। সেই নতুনকৈ ধৰ্মান্তৰিত অসমীয়া হিন্দু লোক সকলো গৰীয়া জনগোষ্ঠীত জাহ গৈছিল।

আহোম স্বৰ্গদেউসকলে অসমৰ বাহিৰৰ পৰা বিভিন্ন কাৰিকৰী বিদ্যাত পাৰ্গত লোকক অসমলৈ আনিছিল আৰু সেই লোকসকলে অসমৰে গৰীয়া লোকসকলৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰি এই গৰীয়া সমাজৰ লগত জীন যায়। তাৰ উপৰিও অসমত বিভিন্ন সময়ত অহা ছুফী সাধক সকলেও অসমৰ স্থানীয় ছোৱালী বিয়া পাতি অসমত থাকি যায়। তেওঁলোকৰ সতি-সন্ততি সকলেও স্থানীয় গৰীয়া সমাজখনৰ লগত এটা সময়ত জাহ যায়। অসমলৈ অহা ছুফী সাধকসকলৰ বংশধৰ সকলৰ বহুতে নিজৰ নামৰ আগত ‘ছৈয়দ’ শব্দৰ ব্যৱহাৰ কৰে আৰু সেয়ে তেওঁলোকক ছৈয়দ বুলিও জনা যায়। ইয়াৰ উপৰিও স্বৰ্গদেউ ৰুদ্ৰসিংহই আহোম শাসনৰ সময়ত কাৰিকৰী দিশৰ উন্নতিৰ বাবে বিভিন্ন ঠাইৰ পৰা আঠঘৰ মানুহক অসমত আনি থিতাপি দিছিল। সেই আঠঘৰ লোক আছিল- ১) ফাৰ্ছীপঢ়ীয়া ২) আখৰকটীয়া ৩) শিলাকটীয়া ৪) গুণাকটীয়া ৫) খনিকৰ ৬) দৰ্জ্জী ৭) নেগেৰীয়া আৰু ৮) জোলা বা জোলহা বা তাঁতী (চাহ জনগোষ্ঠীৰ জলহা নহয়)। এই লোকসকলক যদিও বাহিৰৰ পৰা কাৰিকৰী দিশৰ উন্নতিৰ বাবে অসমলৈ অনা হৈছিল, কালক্ৰমত কিন্তু তেওঁলোকে স্থানীয় গৰীয়া সমাজখনত জাহ গৈ গৰীয়া হৈছে আৰু এইদৰে তেওঁলোক বৰ্তমান গৰীয়া জনগোষ্ঠীৰ এক অন্যতম অংগ হৈ পৰিছে। অসমৰ গৰীয়া জনগোষ্ঠীৰ নব্বৈ শতাংশ লোক স্থানীয় বিভিন্ন জনগোষ্ঠীৰ পৰা 'গৰীয়া পৰি' পিচত ইছলাম ধৰ্ম গ্ৰহণ কৰা লোক আৰু বাকী দহ শতাংশ লোক হৈছে আহোম স্বৰ্গদেউসকলৰ দিনত বিভিন্ন কাৰণত অসমলৈ অনা পৰিয়াল।

সৌমাৰপীঠৰ দৰে বৰ্তমানৰ নামনি অসমো গৰীয়া জনগোষ্ঠীৰ অন্যতম বাসস্থান। গুৱাহাটীকে কেন্দ্ৰ কৰি নামনি অসমৰ এক বৃহৎ অংশ প্ৰায় ৭০ বছৰলৈকে দিল্লীৰ চুলতান আৰু মোগলৰ অধীনত আছিল[8]। সেই সময়ত নামনি অসমতো বৃহৎ সংখ্যক ছুফী সাধকৰ আগমন ঘটিছিল[9]। তেওঁলোকে প্ৰচাৰ কৰা ধৰ্মীয় বাণীত আকৃষ্ট হৈ এক বুজন সংখ্যক স্থানীয় লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। উদাহৰণস্বৰূপে- হাজোৰ ওচৰৰ কলিতাকুছি তেনে এখন ধৰ্মান্তৰিত গৰীয়া গাওঁ। তেওঁলোকক স্থানীয় ভাৱে গৰীয়া বুলি কোৱা হৈছিল। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড॰ নগেন শইকীয়া ৰচিত অসমীয়া মানুহৰ ইতিহাস নামৰ গ্ৰন্থত এইবিষয়ে উল্লেখ আছে[10]। হাজোৰ হজৰত গিয়াছউদ্দিন আউলিয়াৰ মাজাৰ আৰু পোৱামক্কা সেই সময়তে নিৰ্মিত। আন এক উদাহৰণ, মৰিগাঁও জিলাৰ হালধিবাৰী গাওঁ আৰু দন্দুৱা গাঁৱৰ মাজত থকা হজৰত ৰংমন আউলীয়াৰ মাজাৰ। এই মাজাৰটো সম্পূৰ্ণ খিলঞ্জীয়া হিন্দু বসতিৰ মাজত অৱস্থিত। তাৰ পৰা এটা কথাই অনুমান কৰিব পাৰি যে তাহানিতে সেই ছুফীৰ সান্নিধ্যলৈ আহি সেই অঞ্চলৰ বহু জনজাতি, অ-জনজাতীয় লোকে ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল। সেই মাজাৰৰ ওচৰ-পাজৰৰ খিলঞ্জীয়া হিন্দু গাঁও আৰু বৰ্তমানৰ কেইবাখনো গৰীয়া গাঁও তাৰ প্ৰমাণ।

গৰীয়া জনগোষ্ঠীৰ প্ৰসিদ্ধ লোক[সম্পাদনা কৰক]

অসমৰ সমাজ ব্যৱস্থা আৰু জাতীয় জীৱনত গৰীয়া সকলৰ এক লেখত ল'বলগীয়া অবদান আছে। গৰীয়া সকল ইছলামধৰ্মী হোৱাৰ পিছতো দিল্লীৰ স্বধৰ্মী মোগলসকলৰ অসম আক্ৰমণৰ সময়ত নিজ দেশ আৰু স্বজাতিৰ স্বাৰ্থত মোগলৰ বিৰুদ্ধেহে অস্ত্ৰধাৰণ কৰিছিল, যাৰ বাবে মোগল সেনাপতি মিৰজুমলাৰ লগত অহা ছাহাবুদ্দিন তালিচ নামৰ টোকা লিপিবদ্ধকাৰজনে গৰীয়া সকলক নামতহে মুছলমান বুলি উল্লেখ কৰিছিল।

আহোমৰ আটাইতকৈ ঘাটক টোপ 'ৰিপুঞ্জয়'ৰ নিৰ্মাতা গেন্ধেলা গৰীয়া (শিৱসাগৰ) এজন গৰীয়া জনগোষ্ঠীৰ লোক আছিল। গড়গাঁৱৰ প্ৰবেশপথত মিৰজুমলাৰ সেনাবাহিনীক বাধা দিবলৈ প্ৰচেষ্টা চলোৱা অবিভক্ত শিৱসাগৰ জিলাৰ চূণপুৰাৰ চুলতান গৰীয়া, শৰাইঘাট ৰণৰ অন্যতম যোদ্ধা বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকি, লাইধন খাঁ, ভকুৱা গৰীয়া, আহোম শাসনৰ শেষৰজন সেনাধ্যক্ষ ৰমজান খাঁ ওৰফে হিলৈধাৰী বৰুৱা আদি গৰীয়া জনগোষ্ঠীৰ লোক আছিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ দুই মুখ্য কাণ্ডাৰী বাহাদুৰ গাঁওবুঢ়া আৰু শ্বেখ ফৰমুদ আলিয়ো (যোৰহাট) গৰীয়া আছিল।

অন্য কিছু প্ৰখ্যাত গৰীয়া লোক হ’ল- উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ আব্দুল মজিদ (যোৰহাট), ডক্টৰেট উপাধি পোৱা প্ৰথম অসমীয়া ময়িদুল ইছলাম বৰা (জেঙনিকটীয়া, শিৱসাগৰ), আজাদ হিন্দ ফৌজত জড়িত হৈ ছহিদ হোৱা একমাত্ৰ অসমীয়া নৱাব চেহিদুৰ ৰহমান (যোৰহাট), ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদ (কছাৰীহাট, গোলাঘাট), ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ পিতৃ, ভাৰতীয় চিকিৎসা সেৱাৰ উচ্চপদস্থ বিষয়া কৰ্নেল জালনুৰ আলি আহমেদ, মাধ্যম আন্দোলনৰ প্ৰথম ছহিদ মোজ্জামিল হক (মঙ্গলদৈ, দৰং), ফুটবল আৰু ক্ৰিকেট দুয়োবিধ খেলতে সন্তোষ ট্ৰফী আৰু ৰঞ্জি ট্ৰফীত অসম দলক নেতৃত্ব দিয়া আৰু সৰ্বভাৰতীয় ফুটবল ফেডাৰেছনৰ সভাপতিৰ পদ অলংকৃত কৰা নুৰুল আমিন (নগাঁও), অসমৰ প্ৰথম আৰু বৰ্তমানলৈ একামাত্ৰ মহিলা মুখ্যমন্ত্ৰী ছৈয়দা আনোৱাৰা টাইমুৰ (যোৰহাট), অসমৰ প্ৰথম মহিলা সাংসদ বেগম মফিদা আহমেদ (যোৰহাট), ইংলিচ চেনেল সাঁতুৰি পাৰ হোৱা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন সাঁতোৰবিদ এলভিচ আলী হাজৰিকা (লখিমপুৰ) আদি।

অসম সাহিত্য সভাৰ সভাপতিৰ পদ বৰ্তমানলৈকে ৪জন গৰীয়া লোকে অলংকৃত কৰিছে। তেওঁলোক হল ক্ৰমে গোলাঘাট অধিৱেশনত (১৯৩০) সভাপতিত্ব কৰা, জ্ঞান-মালিনীৰ কবি বুলি খ্যাত মফিজুদ্দিন আহমেদ হাজৰিকা, যোৰহাট অধিৱেশনত (১৯৪০) সভাপতিত্ব কৰা মইদুল ইছলাম বৰা, অভয়াপুৰী অধিৱেশনত (১৯৭৭) সভাপতিত্ব কৰা ছৈয়দ আব্দুল মালিক আৰু বৰপেটা অধিৱেশনত (২০১৩) সভাপতিত্ব কৰা ইমৰান শ্বাহ

শিক্ষাৰ বিস্তাৰত অৱদান[সম্পাদনা কৰক]

অসমৰ শিক্ষা আৰু সাহিত্যৰ উন্নতিৰ ক্ষেত্ৰত গৰীয়াসকলৰ যথেষ্ট অৱদান আছে। ব্ৰিটিছ কালত স্থাপিত বিদ্যায়লয় সমূহৰ ভিতৰত প্ৰাথমিক পৰ্যায়ত স্থাপন হোৱা কিছু বিদ্যালয় গৰীয়া মানুহৰ দ্বাৰা স্থাপিত, যি সমূহ এতিয়াও চলি আছে। এই সমূহৰ ভিতৰত ১৮৭৫ চনত গোলাঘাট জিলাদেৰগাঁওৰ নাহৰণিত স্থাপিত নাহৰণি প্ৰথমিক বিদ্যালয়, ১৮৯৬ চনত যোৰহাটত স্থাপিত যোৰহাট মোক্তাৱ আদৰ্শ প্ৰথমিক বিদ্যালয় আৰু ১৮৮৯ চনত বিশ্বনাথ জিলাৰ চতিয়া ঘাঁহিগাঁৱত স্থাপিত ঘাঁহিগাওঁ চৰকাৰী নিন্ম বুনিয়াদী বিদ্যালয় আদি অন্যতম।

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Ethenonyme: Assamese Muslims". www.everyculture.com. https://www.everyculture.com/South-Asia/Garia.html। আহৰণ কৰা হৈছে: 9 July 2021. 
  2. গুৱাহাটী বিশ্ববিদ্যালয়ৰ চন্দ্ৰকান্ত অভিধান, পৃষ্ঠা নং-২৭০ আৰু শৰাইঘাট অভিধানৰ পৃষ্ঠা নং- ২৪০
  3. মহেশ্বৰ নেওগ, ৰজনীকান্ত দেৱশৰ্মা, নৱকান্ত বৰুৱা (১৯৯১). আধুনিক অসমীয়া অভিধান. প্ৰকাশক গুৱাহাটী: অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১৩৬. 
  4. বৰুৱা, হেমচন্দ্ৰ (১৯৯৪). হোমকোষ. প্ৰকাশক গুৱাহাটী: হেমকোষ প্ৰকাশন. পৃষ্ঠা. ২৮২. 
  5. An Imperial History of India by K.P Jayaswal (Page no – 34)
  6. Tabakat-i-Nasiri (Raverty) by Major H.G Raverty
  7. হিতেশ্বৰ বৰবৰুৱাৰ আহোমৰ দিন   (Page no – 28)
  8. সৰ্বানন্দ ৰাজকোঁৱৰৰ ইতিহাসে সোঁৱৰা ছশটা বছৰ
  9. A History of Assam by Edward Gaits
  10. অসমীয়া মানুহৰ ইতিহাস (ড* নগেন শইকীয়া)