চৈয়দ আব্দুল মালিক |
---|
 |
জন্ম |
১৫ জানুৱাৰী, ১৯১৯ নাহৰণি, গোলাঘাট |
---|
মৃত্যু |
১৯ ডিচেম্বৰ, ২০০০ |
---|
পেছা |
গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি |
---|
ৰাষ্ট্ৰীয়তা |
ভাৰতীয় |
চৈয়দ আব্দুল মালিক (ইংৰাজী: Syed Abdul Malik, ১৯১৯-২০০০) অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি। তেওঁ ২৫ খনৰো অধিক গল্প সংকলন, ৫০ খনতকৈ অধিক উপন্যাস, পাঁচখন কবিতা সংকলন, তিনিখন শিশু সাহিত্য আৰু ২০খন মঞ্চ অনাতাঁৰ নাট আৰু অলেখ প্ৰবন্ধ ৰচনা কৰিছিল। তেওঁ ১৯৭৭ চনত অসম সাহিত্য সভাৰ সভাপতি হয়।[1] তেওঁ অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ বাবে ১৯৭২ চনত সাহিত্য অকাডেমি বঁটা[2] লাভ কৰাৰ উপৰিও ১৯৯২ চনত অসম উপত্যকা সাহিত্য বঁটা, ১৯৯৯ চনত শংকৰদেৱ বঁটা আৰু পদ্মশ্ৰী, পদ্মভূষণ[3] সন্মান লাভ কৰে।[4]
চৈয়দ আব্দুল মালিকৰ জন্ম ১৯১৯ চনৰ ১৫ জানুৱাৰীত হয়[5]। গোলাঘাট জিলাৰ নাহৰণিত[6] জন্ম গ্ৰহণ কৰা অসমীয়া কথা সাহিত্যৰ প্ৰবাদ পুৰুষ মালিকে যোৰহাট হাইস্কুলৰ পৰা প্ৰৱেশিকা, যোৰহাট মহাবিদ্যালয়ৰ পৰা আই এ আৰু কটন মহাবিদ্যালয়ৰ পৰা ১৯৪১ ত সুখ্যাতিৰে বি.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। কেইবা বছৰ চাকৰি কৰাৰ পাছত ১৯৫১ ত বিশ্ববিদ্যালয়ৰ (?) পৰা অসমীয়া বিভাগত এম.এ. পৰীক্ষা প্ৰাইভেটকৈ দি সুখ্যাতিৰে উত্তীৰ্ণ হয়।
১৯৪২ ত আবকাৰী বিভাগৰ চাব ইন্সপেক্টৰ হিচাপে কৰ্ম জীৱন আৰম্ভ কৰা মালিকে সৈন্য বিভাগতো কাম কৰিছিল। ১৯৪৬ ত যোৰহাট মহাবিদ্যালয়ত পাৰ্ছী ভাষাৰ প্ৰবক্তা হিচাপে দুবছৰ কাম কৰি শ্বিলং-গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত প্ৰ'গেম এচিষ্টেণ্ট হিচাপে যোগ দিয়ে। ডেৰ বছৰ এই কাম কৰাৰ পাছত ঢেকীয়াল হাইস্কুল আৰু কুৰালগুৰি হাইস্কুলত শিক্ষকতা কৰে। ১৯৫১ৰ পৰা ১৯৭৬ লৈ যোৰহাটৰ জে বি কলেজত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কাম কৰে। ১৯৬৩ৰ পৰা ১৯৬৯ লৈ সাহিত্য অকাডেমি কাউন্সিলৰ সদস্য হিচাপে থকা মালিক ১৯৬৯ত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নিৰ্বাচিত হয়। ১৯৭৬ত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত মালিকে তাৰ পাছৰ বছৰত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিবেশনৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। জীৱনৰ কোনো এক নিৰ্দিষ্ট দিশৰ সূত্ৰতে সীমাবদ্ধ নথকা মালিক ভাৰতীয় গণ নাট্য সংঘ আৰু কমিউনিষ্ট আন্দোলনৰ সৈতেও ডেকা বয়সত ওতপ্ৰোতভাৱে জড়িত আছিল।
চৈয়দ আব্দুল মালিকৰ ২০০০ চনৰ ১৯ ডিচেম্বৰত ৮৯ বছৰ বয়সত মৃত্যু হয়।
অসমীয়া সাহিত্যলৈ অৱদান[সম্পাদনা কৰক]
- "পদ্মনাথ গোহাঞিবৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ", লেখক: ড॰ ত্ৰিদিব গোস্বামী।
|
---|
| ১৯৫৫-১৯৭০ | |
---|
| ১৯৭১-১৯৯০ |
– (১৯৭১)
চৈয়দ আব্দুল মালিক (অঘৰী আত্মাৰ কাহিনী, ১৯৭২)
– (১৯৭৩)
সৌৰভ কুমাৰ চলিহা (গোলাম, ১৯৭৪)
নৱকান্ত বৰুৱা (ককাদেউতাৰ হাড়, ১৯৭৫)
ভবেন্দ্ৰ নাথ শইকীয়া (শৃংখল, ১৯৭৬)
আনন্দ চন্দ্ৰ বৰুৱা (বকুল বনৰ কবিতা, ১৯৭৭)
হোমেন বৰগোহাঞি (পিতা-পুত্ৰ, ১৯৭৮)
ভবেন বৰুৱা (সোণালী জাহাজ, ১৯৭৯)
যোগেশ দাস (পৃথিৱীৰ অসুখ, ১৯৮০)
নীলমণি ফুকন (কবিতা, ১৯৮১)
মামণি ৰয়ছম গোস্বামী (মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, ১৯৮২)
নিৰ্মলপ্ৰভা বৰদলৈ (সুদীৰ্ঘ দিন আৰু ঋতু, ১৯৮৩)
দেবেন্দ্ৰ নাথ আচাৰ্য (জংগম, ১৯৮৪)
কৃষ্ণকান্ত সন্দিকৈ (কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ, ১৯৮৫)
তীৰ্থনাথ শৰ্মা (বেণুধৰ শৰ্মা, ১৯৮৬)
হৰেকৃষ্ণ ডেকা (আন এজন, ১৯৮৭)
লক্ষ্মীনন্দন বৰা (পাতাল ভৈৰৱী, ১৯৮৮)
হীৰেন গোহাঁই (অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ১৯৮৯)
স্নেহ দেৱী (স্নেহ দেৱীৰ একুঁকি গল্প, ১৯৯০) |
---|
| ১৯৯১-২০১০ |
অজিৎ বৰুৱা (ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য, ১৯৯১)
হীৰেন ভট্টাচাৰ্য (শইচৰ পথাৰ মানুহ, ১৯৯২)
কেশৱ মহন্ত (মোৰো যে কিমান হেঁপাহ, ১৯৯৩)
শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) (মধুপুৰ বহুদূৰ, ১৯৯৪)
চন্দ্ৰপ্ৰসাদ শইকীয়া (মহাৰথী, ১৯৯৫)
নিৰুপমা বৰগোহাঞি (অভিযাত্ৰী, ১৯৯৬)
নগেন শইকীয়া (আন্ধাৰত নিজৰ মুখ, ১৯৯৭)
অৰুণ শৰ্মা (আশীৰ্বাদৰ ৰং, ১৯৯৮)
মেদিনী চৌধুৰী (বিপন্ন সময়, ১৯৯৯)
অপূৰ্ব শৰ্মা (বাঘে টাপুৰ ৰাতি, ২০০০)
মহিম বৰা (এধানী মাহীৰ হাঁহি, ২০০১)
নলিনীধৰ ভট্টাচাৰ্য (মহৎ ঐতিহ্য, ২০০২)
বীৰেশ্বৰ বৰুৱা (অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা, ২০০৩)
হীৰেন্দ্ৰ নাথ দত্ত (মানুহ অনুকুলে, ২০০৪)
য়েছে দৰজে ঠংচি (মৌন ওঁঠ মুখৰ হৃদয়, ২০০৫)
অতুলানন্দ গোস্বামী (চেনেহ জৰীৰ গাঁথি, ২০০৬)
পূৰবী বৰমুদৈ (শান্তনুকুলনন্দন, ২০০৭)
ৰীতা চৌধুৰী (দেও লাংখুই, ২০০৮)
ধ্ৰুৱজ্যোতি বৰা (কথা ৰত্নাকৰ, ২০০৯)
কেশদা মহন্ত (অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি, ২০১০) |
---|
| ২০১১-বৰ্তমান | |
---|
|
|
---|
| ১৯৯০-২০০০ | | |
---|
| ২০০১-২০১০ | |
---|
| ২০১১-বৰ্তমানলৈ | |
---|
|