সমললৈ যাওক

উপেন্দ্ৰনাথ শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উপেন্দ্ৰনাথ শৰ্মা
জন্ম নলবাৰী, অময়াপুৰ, অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ১৯৫৫ চনত ইংৰাজী সাহিত্যত স্নাতকোত্তৰ
বিষয় সমালোচনা সাহিত্য

উপেন্দ্ৰনাথ শৰ্মা (জন্ম:১৯২৯-২০২৪) তেখেত আছিল সাহিত্য সমালোচক আৰু কটন কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক। তেওঁ কমদিনৰ বাবে ডিব্ৰুগড় কানৈ কলেজতো শিক্ষকতা কৰিছিল।

ৰামধেনু-পৰৱৰ্তী কালত এগৰাকী সমালোচক হিচাপে আত্মপ্ৰকাশ আৰু প্ৰতিষ্ঠা লাভ কৰা উপেন্দ্ৰনাথ শৰ্মাৰ বিচৰণৰ ঘাই ক্ষেত্ৰখন হ’ল অসমীয়া গল্প-সাহিত্য। অসমীয়া কবিতাৰ ক্ষেত্ৰখনতো তেওঁৰ বিচৰণ অনায়াস যদিও সমালোচক হিচাপে গল্পৰ ক্ষেত্ৰখনতে তেওঁৰ কলাবোধ, বিচাৰক্ষমতা আৰু পাণ্ডিত্য সৰ্বজনস্বীকৃত। ইউৰোপীয় সমালোচনা সাহিত্যৰ প্ৰভাৱপুষ্ট শৰ্মাই শেষৰ ফালে অৱশ্যে সম্পূৰ্ণ আধুনিক দৃষ্টিভংগীৰে শঙ্কৰদেৱৰ নিচিনা প্ৰাচীন কবিৰ কাব্যকৃতিৰ মূল্যায়নতো দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হয়। ইউৰোপীয় আৰু আমেৰিকান সাহিত্যৰ গভীৰ অনুৰাগী শৰ্মাই ইউৰোপৰ বিভিন্ন দেশৰ কিছুসংখ্যক উৎকৃষ্ট সাহিত্যকৃতিৰ সৈতে অসমীয়া পঢ়ুৱৈক পৰিচয় কৰাই দিছে। গ্যেটে, ডাণ্টে, শ্বেইক্সপীয়েৰ, হুইটমেন,জন ডান, ব্ৰাউনিং আদিৰ সাহিত্যকৃতিৰ বিষয়ে তেওঁৰ পৰিচয়মূলক আলোচনাই সাধাৰণ অসমীয়া পঢ়ুৱৈক যথেষ্ট উপকৃত কৰিছে। অৱশ্যে মূলতঃ প্ৰাক-আধুনিক ইউৰোপীয় সাহিত্যৰ ক্ষেত্ৰতে শৰ্মাৰ বিশ্লেষণ সীমিত বুলি ক'ব পাৰি।[1] ১৯২৯ চনত নলবাৰীৰ অময়াপুৰত জন্ম লাভ কৰা উপেন্দ্ৰনাথ শৰ্মাইনলবাৰীত স্কুলীয়া শিক্ষা লাভ কৰাৰ পাছত কটন কলেজৰপৰা আই.এ (১৯৪৭) আৰু বি.এ (১৯৪৯) আৰু কলিকতা বিশ্ববিদ্যালয়ৰপৰা কৃতিত্বৰে ইংৰাজী বিষয়ত এম.এ ডিগ্ৰী (১৯৫৫) লাভ কৰে। নলবাৰী কলেজ আৰু ডিব্ৰুগড়ৰ কানৈ কলেজত কিছুদিন শিক্ষকতা কৰাৰ পাছত ১৯৫৬ চনৰপৰা কটন কলেজত ইংৰাজীৰ প্ৰবক্তা হিচাপে যোগ দি তেওঁ তাৰপৰাই ১৯৮৭ চনত বিভাগটোৰ মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰে।[2]

সাহিত্যৰাজি

[সম্পাদনা কৰক]
  1. বিবিধ প্ৰবন্ধ (১৯৯২)
  2. বিংশ শতাব্দীৰ অসমীয়া সাহিত্য (১৯৯৩)
  3. দেশ বিদেশৰ সাহিত্য (১৯৯৩)
  4. The Poetry of Sankaradeva (১৯৯৯)
  5. সাহিত্য ও ৰোমাণ্টিক আৰু আধুনিক (২০০২)
  6. কবিতাৰ ভাষা আৰু অন্যান্য (২০০৫)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. কথা বৰেণ্য, সম্পাদক-শোণিত বিজয় দাস আৰু মুনীন গায়ন, কথা প্ৰকাশন, পৃষ্ঠা ২৭২
  2. কথা বৰেণ্য, সম্পাদক-শোণিত বিজয় দাস আৰু মুনীন গায়ন, কথা প্ৰকাশন, পৃষ্ঠা ২৭২