সমললৈ যাওক

শ্ৰীমন্ত শংকৰদেৱ বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(শংকৰদেৱ বঁটাৰ পৰা পুনঃনিৰ্দেশিত)

অসম চৰকাৰে ১৯৮৬ চনৰ পৰা সাহিত্য, কলা, সংস্কৃতি, সাংবাদিকতা আদিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা ব্যক্তিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়াই আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰাজি বিশ্বৰ জনমানসৰ আগত দাঙি ধৰাৰ লগতে তেওঁৰ গুণৰাশিক সোঁৱৰণৰ জৰিয়তে ভাৰতবাসীক উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে এই বঁটা প্ৰবৰ্তন কৰা হৈছিল।[1] এই বঁটাত নগদ ধনৰ লগতে এখন প্ৰশংসা পত্ৰ, এটি সোণৰ পদক, এখন শৰাই আৰু অঙ্গবস্ত্ৰ আগবঢ়োৱা হয়।[2] ১৯৯৭ চনৰ পৰা এই বঁটাত আগবঢ়োৱা নগদ ধনৰ পৰিমণ পূৰ্বৰ এক লাখ টকাৰ পৰা তিনি লাখ টকালৈ বৃদ্ধি কৰা হয়,[1] ২০২০ চনত এই ধনৰ পৰিমান ৫ লাখ টকা।[2] বৰ্তমানে প্ৰতি তিনি বছৰৰ ব্যৱধানত এই বঁটা প্ৰদান কৰা হয়।[3]

শংকৰদেৱ বঁটা বিজয়ীসকল

[সম্পাদনা কৰক]
নং চন বিজয়ী[4]
১৯৮৬কীৰ্তিনাথ হাজৰিকা
১৯৮৭ভূপেন হাজৰিকা
১৯৮৮সত্যজিত ৰায়
১৯৮৯মহেশ্বৰ নেওগ
১৯৯০কপিলা বাৎসায়ন
১৯৯১সত্যেন্দ্ৰনাথ শৰ্মা
১৯৯২ৰামচন্দ্ৰ নাৰায়ণ দণ্ডেকাৰ
১৯৯৩সত্যপ্ৰসাদ বৰুৱা আৰু গাংগুৱাই হাংগল
১৯৯৪মহেন্দ্ৰ বৰা
১০১৯৯৫চৈয়দ আব্দুল মালিক
১১১৯৯৬ভবেশ চন্দ্ৰ সান্যাল
১২১৯৯৭কেলুচৰণ মহাপাত্ৰ
১৩১৯৯৮ভবেন্দ্ৰ নাথ শইকীয়া
১৪১৯৯৯আমজাদ আলী খান
১৫২০০০সোণাৰাম চুতীয়া
১৬২০০১আচাৰ্য ইলাৰাম দাস
১৭২০০২ইন্দিৰা মিৰি
১৮২০০৩হবিব তনবীৰ
১৯২০০৪নাৰায়ণ দেৱ গোস্বামী আৰু পাৰবীন চুলতানা
২০২০০৫বি. জি. ভাৰ্গিজ
২১২০০৬কেশৱানন্দ দেৱগোস্বামী
২২২০০৭হোমেন বৰগোহাঞি
২৩২০০৮শৰ্মিলা ঠাকুৰ
২৪২০১১কনকসেন ডেকা
২৫২০১৪এম. এল. ভৰতপাণ্ডে
২৬২০১৭[5]বশিষ্ঠ দেৱ শৰ্মা
২৭২০২০[2]ভৱপ্ৰসাদ চলিহা
২৮ ২০২৩ সোণাল মানসিং

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 কথা গুৱাহাটী, সপ্তম সংখ্যা, অক্টোবৰ-নবেম্বৰ, ২০০৪
  2. 1 2 3 Sentinel Digital Desk (2021-01-04). "CM Sonowal presents Srimanta Sankardev Award to Prof. Bhavaprasad Chaliha". দ্যা ছেণ্টিনেল. https://www.sentinelassam.com/guwahati-city/cm-sonowal-presents-srimanta-sankardev-award-to-prof-bhavaprasad-chaliha-519297.
  3. অসমৰ খ্যাতিমান ব্যক্তিসকলৰ পবিত্ৰ স্মৃতিত দিয়া পুৰস্কাৰ সমূহ Archived 2022-06-26 at the Wayback Machine, সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালকালয়, অসম চৰকাৰ, আহৰণ: ৫ জানুৱাৰী ২০২১
  4. কথা গুৱাহাটী, সপ্তম সংখ্যা, অক্টোবৰ-নবেম্বৰ, ২০০৪
  5. "Satriya exponent Basistha Dev Sarma gets Srimanta Sankardev Award". NorthEast Now. https://nenow.in/north-east-news/assam/satriya-exponent-basistha-dev-sarma-gets-srimanta-sankardev-award.html.