পুথিভঁৰাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

পুথিভঁৰাল (ইংৰাজী: Library) হৈছে এনে এক অনুষ্ঠান বা প্ৰতিষ্ঠান য'ত জ্ঞান-বিজ্ঞান, বুৰঞ্জী, দৰ্শন, সাহিত্য, কলা, গল্প-উপন্যাস, জীৱনী আদি নানা তৰহৰ ন-পুৰণি পুথি আৰু আলোচনী, বাতৰি কাকত আদি পঢ়াৰ কাৰণে সংগ্ৰহ আৰু সংৰক্ষণ কৰি ৰখা হয়। পুথিভঁৰালক গ্ৰন্থাগাৰো বোলা হয়। পুথি য'ত ভৰাই মজুত কৰি ৰখা হয়, সেয়ে পুথিভঁৰাল আৰু গ্ৰন্থসমূহ সংগ্ৰহ কৰি যি আগাৰ বা গৃহত ৰখা হয়, সেয়ে গ্ৰন্থাগাৰ। গ্ৰন্থাগাৰৰ ইংৰাজী প্ৰতিশব্দ ’Library’ৰ উৎপত্তি হৈছে লেটিন শব্দ 'Liber' ৰ পৰা৷[1] সাধাৰণতে দুই ধৰণৰ - ব্যক্তিগত ‘ঘৰুৱা পুথিভঁৰাল আৰু ৰাজহুৱা পুথিভঁৰাল। পণ্ডিত, বিদ্যানুৰাগী আৰু অধ্যয়নপ্ৰিয় মানুহবোৰে নিজৰ অভীৰুচি মতে নিজক লগা পুথি-পাঁজি, আলোচনী, বাতৰি কাকত আদি সংগ্ৰহ কৰি ৰাখে। এয়াই হ’ল ঘৰুৱা পুথিভঁৰাল। এই পুথিভঁৰালৰ সুযোগ সকলোৱে নাপায় আৰু ইয়াত সকলো ধৰণৰ পুথিও নাথাকে। ৰাজহুৱা পুথিভঁৰালসমূহত সকলো বিধৰ পুথি ৰখা হয় আৰু সকলোৰে কাৰণে ইয়াৰ দুৱাৰ মুকলি থাকে। আমাৰ স্কুল-কলেজ আৰু বিশ্ববিদ্যালয়বোৰত একোটা পুথিভঁৰাল আছে। ইয়াৰ সুযোগ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে ল’ব পাৰে। ইয়াৰ উপৰিও ন্যায়ালয়, সচিবালয়, বিধানসভা আদিৰ নিচিনা চৰকাৰী অনুষ্ঠানসমূহৰে নিজা নিজা পুথিভঁৰাল আছে। ৰাজহুৱা পুথি ভঁৰালবোৰৰ কিছুমান চৰকাৰদ্বাৰা সম্পূৰ্ণৰূপে পৰিচালিত, কিছুমান ৰাইজৰদ্বাৰা চৰকাৰী সাহায্যত পৰিচালিত আৰু কিছুমান সম্পূৰ্ণভাৱে ৰাইজৰ দ্বাৰা স্থাপিত আৰু পৰিচালিত। স্কুল-কলেজৰ পুথিভঁৰালবোৰ ছাত্ৰৰ মাচুল আৰু চৰকাৰী সাহায্যৰদ্বাৰাই স্থাপিত আৰু স্কুল-কলেজ কৰ্তৃপক্ষ বা ছাত্ৰ-সভাৰ দ্বাৰাই পৰিচালিত হয়। চলন্ত পুথিভঁৰাল বুলি আৰু এবিধ পুথিভঁৰালো আছে। জনসাধাৰণৰ মাজত শিক্ষা প্ৰচাৰৰ কাৰণে আৰু অধ্যয়নৰ অনুৰাগ জন্মাবৰ বাবে চৰকাৰৰদ্বাৰা ইয়াৰ পৰিচালনা কৰা হয়।

পুথিভঁৰালৰ ইতিহাস নথিপত্ৰৰ সংগ্ৰহ সংগঠিত কৰাৰ প্ৰথম প্ৰচেষ্টাৰে আৰম্ভ হৈছিল। [2] [3]

পুথিভঁৰালৰ ইতিহাস[সম্পাদনা কৰক]

পুথিভঁৰালৰ যথেষ্ট পুৰণি ইতিহাস আছে৷ ক’ব পাৰি, মানৱ সভ্যতাই জ্ঞানোন্মেষৰ দিশে আগবঢ়াৰ লগে লগে পুথিভঁৰাল স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল৷ প্ৰাচীন কালত বিশ্বৰ বিভিন্ন স্থানত পুথিভঁৰাল স্থাপনৰ প্ৰমাণ পোৱা গৈছে৷ খ্ৰী:পূ: ২২৫০ চনত স্থাপিত হোৱা ছিৰিয়াএবলাৰ নামৰ পুথিভঁৰালটোকে এতিয়ালৈকে বিশ্বৰ আটাইতকৈ পুৰণি পুথিভঁৰাল হিচাপে মানি লোৱা হৈছে৷ মাটিৰ ফলিত লিখা প্ৰায় সাত লাখ কিতাপ এই পুথিভঁৰালটোত জমা কৰা আছিল৷ খ্ৰী: পূ: ২৫০ চনত ইজিপ্তআলেকজেন্দ্ৰিয়াত স্থাপিত হোৱা পুথিভঁৰালটোতো প্ৰায় সাতলাখ কিতাপ সংগৃহীত কৰা আছিল৷ এই কিতাপসমূহ পেপিৰাচ নামে গছৰ বাকলিত লিখা হৈছিল৷ এই গ্ৰন্থাগাৰ বা পুথিভঁৰালটো খ্ৰী:পূ: ৪৭ চনলৈকে আছিল৷ ভাৰতৰ তক্ষশীলা আৰু নালন্দা বিশ্ববিদ্যালয়তো বৃহৎ বৃহৎ পুথিভঁৰাল থকাৰ কথা জনা যায়৷ আধুনিক যুগত ভাৰতত প্ৰথমটো পুথিভঁৰাল স্থাপন কৰা হৈছিল ১৬৯৮ খ্ৰীষ্টাব্দত, কলিকতাত৷ কলিকতাত থকা জাতীয় গ্ৰন্থাগাৰ National Libraryটোৱেই বৰ্তমান ভাৰতৰ সৰ্ববৃহৎ পুথিভঁৰাল আৰু ইয়াত দুই নিযুততকৈয়ো অধিক কিতাপ আৰু পুস্তিকা আছে৷ বৰ্তমান বিশ্বৰ সৰ্ববৃহৎ পুথিভঁৰালটো হৈছে আমেৰিকাৱাশ্বিংটনত অৱস্থিত The Library of Congress নামৰ পুথিভঁৰালটো৷[4] অসমতো শংকৰদেৱ আৰু মাধবদেৱ গ্ৰন্থ সংৰক্ষণ আৰু চৰ্চাৰ বাটকটীয়া আছিল৷ মাধবদেৱে পুথি পুনৰ্লিখন আৰু সংৰক্ষণৰ বাবে শিষ্যসকলক শিক্ষা দিছিল৷[5] চৰকাৰী পৃষ্ঠপোষকতাত অসমত ১৯০৩ চনত ৰাজহুৱা পুথিভঁৰালৰ ব্যৱস্থা কৰি তেতিয়াৰ ৰাজধানী শ্বিলঙত এটা পুথিভঁৰাল স্থাপন কৰিছিল৷ পৰৱৰ্তীকালত ধুবুৰী, গুৱাহাটী, নগাঁও, তেজপুৰ, যোৰহাট, ডিব্ৰুগড় আৰু শিলচৰত সাতটা জিলা পুথিভঁৰাল স্থাপন কৰা হয়৷ স্বাধীন ভাৰতত কেন্দ্ৰীয় চৰকাৰে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ যোগেদি “পুথিভঁৰাল সেৱাৰ উন্নয়ন’’ নামৰ এখন আঁচনি গ্ৰহণ কৰে আৰু অসমত এই আঁচনিৰ জৰিয়তে ১৯৫৪ চনত ৰাজহুৱা পুথিভঁৰালৰ ব্যৱস্থা কৰে৷ ১৯৭৩ চনত শ্বিলঙৰ পৰা ৰাজধানী স্থানান্তৰ কৰাৰ সমান্তৰালকৈ শ্বিলঙৰ কেন্দ্ৰিয় পুথিভঁৰালটো গুৱাহাটীলৈ স্থানান্তৰ কৰা হয় আৰু গুৱাহাটীৰ জিলা পুথিভঁৰালৰ লগত সংলগ্ন কৰি ৰখা হয়৷ বৰ্তমান অসমত পুথিভঁৰাল সঞ্চালকালয়ৰ অধীনত ২৭টা জিলা পুথিভঁৰাল, ১৬টা মহকুমা পুথিভঁৰাল, ৪টা শাখা পুথিভঁৰাল, ১টা শিশু পুথিভঁৰাল আৰু ২০৪টা গ্ৰাম্য পুথিভঁৰাল আছে৷[6] পুথিভঁৰাল বিজ্ঞানৰ পিতৃস্বৰূপ ড° শিৱালী ৰামমৃত ৰংগনাথনএ মাদ্ৰাছ প্ৰদেশত বৰ্তমান চেন্নাইত ১৯২৮ চনত এটি পুথিভঁৰাল স্থাপন কৰে আৰু তেওঁৰ চেষ্টাতে ভাৰতৰ ১৯খন ৰাজ্যত পুথিভঁৰাল আইন প্ৰয়োগ কৰা হৈছে৷[7]

গ্ৰাম্য পুথিভঁৰাল[সম্পাদনা কৰক]

আধুনিক অসমত পুথিভঁৰাল আন্দোলনৰ নেতৃত্ব দিছিল, কুমুদেশ্বৰ বৰঠাকুৰে৷ তেওঁৰ যত্নতে গুৱাহাটীত গ্ৰন্থপ্ৰেমিকসকলৰ মাজত অধিৱেশন পাতি ১৯৩৮ চনত অসম পুথিভঁৰাল সংঘ প্ৰতিষ্ঠা কৰা হয়৷[8]তেওঁৰ যত্নতে কুৰি শতিকাৰ পঞ্চাশৰ পৰা সত্তৰৰ দশকলৈকে অসমৰ গাঁও অঞ্চলত “গ্ৰাম্য পুথিভঁৰাল’’ স্থাপনৰ জোৱাৰ৷ উঠে৷[9] ১৯৮৫ চনৰ ২৭ জানুৱাৰীত অসমৰ গ্ৰাম্য পুথিভঁৰালসমূহক একত্ৰিত কৰি “সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সংস্থা’’ গঠন কৰা হয়৷ এই সংস্থাই ’পঠন’ জনপ্ৰিয় কৰাৰ উদ্দেশ্যে ২০০৮ চনৰ পৰা কৃষ্ণকান্ত সন্দিকৈৰ জন্মদিনত “পঢ়ুৱৈ দিৱস’’ পালন কৰাৰ উপৰি “পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ বঁটা’’ প্ৰদান কৰি আহিছে৷[10]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. গ্ৰন্থাগাৰৰ ইতিবৃত্ত, মিতালী ভট্টাচাৰ্য, সাধক, শ্ৰী শ্ৰীমাধবদেৱ পুথিভঁৰালৰ শতবাৰ্ষিকী মহোৎসৱৰ স্মৃতিগ্ৰন্থ৷ পৃ;নং;২০, সম্পাদক: ড° ৰাতুল পাঠক,২০১৭
  2. "The history of libraries". Britannica. May 2020. https://www.britannica.com/topic/library/The-history-of-libraries। আহৰণ কৰা হৈছে: 29 January 2021. 
  3. পুথিভঁৰাল - অসমীয়া ৰচনা
  4. এটা ভাল কাম কৰোঁ আহক, অশ্বিনী দাস, সাধক, শ্ৰী শ্ৰীমাধবদেৱ পুথিভঁৰালৰ শতবাৰ্ষিকী মহোৎসৱৰ স্মৃতিগ্ৰন্থ৷ পৃ;নং;১৪০, সম্পাদক: ড° ৰাতুল পাঠক,২০১৭
  5. ,The Three Libraries Of Sundaridiya Satra, Dr. Haricharan Das, সাধক, শ্ৰী শ্ৰীমাধবদেৱ পুথিভঁৰালৰ শতবাৰ্ষিকী মহোৎসৱৰ স্মৃতিগ্ৰন্থ৷ পৃ;নং;৩৯, সম্পাদক: ড° ৰাতুল পাঠক,২০১৭
  6. অসমত ৰাজহুৱা পুথিভঁৰাল সেৱা : এক চমু অৱলোকন, ড° নৱজ্যোতি দাস সাধক, শ্ৰী শ্ৰীমাধবদেৱ পুথিভঁৰালৰ শতবাৰ্ষিকী মহোৎসৱৰ স্মৃতিগ্ৰন্থ৷ পৃ;নং;৩০, সম্পাদক: ড° ৰাতুল পাঠক,২০১৭
  7. গ্ৰন্থ, গ্ৰন্থাগাৰ আৰু পঢ়ুৱৈ সমাজ : এক চমু অৱলোকন, ড° ভূপেন্দ্ৰনাথ শৰ্মা , সাধক, শ্ৰী শ্ৰীমাধবদেৱ পুথিভঁৰালৰ শতবাৰ্ষিকী মহোৎসৱৰ স্মৃতিগ্ৰন্থ৷ পৃ;নং;১৭, সম্পাদক: ড° ৰাতুল পাঠক,২০১৭
  8. শৰ্মা, ভূপেন (২০১৫). "মনপুৰ মৌচন্দা". অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশনৰ স্মাৰক গ্ৰন্থ: ২৩২. 
  9. গ্ৰাম্য পুথিভঁৰাল- তাহানি আৰু এতিয়া, ড° প্ৰাণজিৎ হাজৰিকা, অসমীয়া খবৰ, পৃ:নং; ৪, ১২ আগষ্ট, ২০২২
  10. কলংপাৰ,অসমীয়া সাপ্তাহিক, ২০ জুলাই, ২০২২