সুৰেন দাস মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুৰেন দাস মহাবিদ্যালয়
Suren Das College Logo.png
স্থাপিত ১৯৭৯
ধৰণ ৰাজহুৱা
অধ্যক্ষ ড° হিৰণ্য শৰ্মা
স্থান হাজো, কামৰূপ জিলা, অসম, ভাৰত
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়
ৱেবছাইট surendascollege.com

সুৰেন দাস মহাবিদ্যালয় (ইংৰাজী: Suren Das College) হৈছে ১৯৭৯ চনত স্থাপিত অসমকামৰূপ জিলাৰ হাজোত অৱস্থিত এখন সাধাৰণ স্নাতক মহলাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1] এই মহাবিদ্যালয়খনে কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰীৰ পাঠ্যক্ৰম আগবঢ়ায়। মহাবিদ্যালয়খনত কামৰূপৰ আটাইতকৈ ডাঙৰ চেমিনাৰ হলটো আছে। ১৯৭৯ চনত হাজোৰ স্থানীয় লোকসকলৰ সহযোগত সুৰেন দাসে মহাবিদ্যালয়খন আৰম্ভ কৰিছিল। ড° হিৰণ্য শৰ্মা হৈছে মহাবিদ্যালয়খনৰ অধ্যক্ষ।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]