যশপাল শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যশপাল শৰ্মা
ব্যক্তিগত তথ্য
জন্ম ১১ আগষ্ট, ১৯৫৪
লুধিয়ানা, পঞ্জাব, ভাৰত
মৃত্যু ১৩ জুলাই, ২০২১ (৬৬ বছৰ)
নতুন দিল্লী, ভাৰত
বেটিং শৈলী সোঁ-হতীয়া
বলিং শৈলী সোঁ-হতীয়া মধ্যমীয়া ফাষ্ট
ভূমিকা বেটছমেন
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল ভাৰত
টেষ্ট অভিষেক (মুঠ খেল ১৪৫) ২ আগষ্ট ১৯৭৯ বনাম ইংলেণ্ড
অন্তিম টেষ্ট ৩ নৱেম্বৰ ১৯৮৩ বনাম ৱেষ্ট ইণ্ডিজ
ODI অভিষেক (মুঠ খেল ২৬) ১৩ অক্টোবৰ ১৯৭৮ বনাম পাকিস্তান
শেষ ODI ২৭ জানুৱাৰী ১৯৮৫ v ইংলেণ্ড
ODI shirt no. ৬৮
ঘৰুৱা দলৰ তথ্য
বছৰ দল
1973/74–1986/87 পঞ্জাব ক্ৰিকেট দল, ভাৰত
১৯৮৭/৮৮–১৯৮৯/৯০ হাৰিয়ানা ক্ৰিকেট দল
১৯৯১/৯২–১৯৯২/৯৩ ৰেলৱে ক্ৰিকেট দল
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা টেষ্ট ক্ৰিকেট এদিনীয়া আন্তঃৰাষ্ট্ৰীয় প্ৰথম শ্ৰেণীৰ ক্ৰিকেট LA
মুঠ খেল ৩৭ ৪২ ১৬০ ৭৪
ৰাণ ১,৬০৬ ৮৮৩ ৮,৯৩৩ ১,৮৫৯
বেটিং গড় ৩৩.৪৫ 28.48 ৪৪.৮৮ ৩৪.৪২
শতক/অৰ্ধশতক ২/৯ ০/৪ ২১/৪৬ ০/১২
সৰ্বোচ্চ ৰাণ ১৪০ ৮৯ ২০১(নট আউট) ৯১
বল ৩০ ২০১ ৩,৬৫০ ৫৬৮
উইকেট ৪৭ ১৩
বলিং গড় ১৭.০০ ১৯৯.০০ ৩৩.৭০ ৩৬.৭৬
এক ইনিংছত ৫টা উইকেট
এখন খেলত ১০টা উইকেট
শ্ৰেষ্ঠ বলিং ১/৬ ১/২৭ ৫/১০৬ ৪/৪১
কেচ্চ/ষ্টাম্পিং ১৬/- ১০/– ৯০/২ ২৮/১
উৎস: CricInfo, ১৩ জুলাই ২০২১ {{{year}}}

যশপাল শৰ্মা (এই শব্দটোৰ বিষয়ে pronunciation ; ১১ আগষ্ট ১৯৫৪ – ১৩ জুলাই ২০২১) এজন ভাৰতীয় আন্তঃ ৰাষ্ট্ৰীয় ক্ৰিকেট খেলুৱৈ। [1]৭০/৮০ৰ দশকৰ তেওঁ এজন বিধ্বংসী মিড্‌ল অৰ্ডাৰ বেটছ্মেন আছিল।[2] ১৯৮৩ চনত বিশ্বকাপ জয় কৰা ভাৰতীয় ক্ৰিকেট দল তেওঁ এজন সদস্য আছিল[3] তেওঁ ১৯৭৮ চনৰপৰা ১৯৮৫ চনলৈ ৩৭খন টেষ্ট মেচ, ৪২খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয়(ODI) খেলিছে। তেওঁৰ ভতিজাক চেতন শৰ্মাও এজন ক্ৰিকেট খেলুৱৈ। [4]

জীৱনৰ প্ৰথমছোৱা[সম্পাদনা কৰক]

১৯৭২ চনত জম্বু আৰু কাশ্মীৰ স্কুলৰ বিপক্ষে পঞ্জাব স্কুলৰ হৈ ২৬০ ৰাণ কৰি যশপাল শৰ্মা প্ৰথম লোকচক্ষুলৈ আহে।[4] দুবছৰৰৰ ভিতৰতে তেওঁ ৰাজ্যিক দলত খেলিবলৈ সুযোগ লাভ কৰে আৰু নৰ্থ জ'ন দলৰ সদস্য ৰূপে ৱিঝী ট্ৰফী জয় কৰে।[5] প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত প্ৰথমবাৰৰ বাবে দুলীপ ট্ৰফীত তেওঁ সৰ্ব্বোচ ১৭৩ ৰাণ কৰিছিল। [5]

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ[সম্পাদনা কৰক]

ইৰাণী ট্ৰফীত কৰা ৯৯ ৰাণেৰে যশপাল শৰ্মাই ভাৰতীয় দলত তেওঁৰ স্থান নিশ্চিত কৰিছিল আৰু তাৰ কিছু সপ্তাহ পিছতে পাকিস্তান টুৰলৈ যোৱা ভাৰতীয় দলৰ অংশ হৈছিল। এইদৰে পাকিস্তানৰ বিৰুদ্ধে ১৯৭৮ চনৰ ১৩ অক্টোবৰ তাৰিখে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যশপাল শৰ্মাৰ অভিষেক ঘটিছিল[6] টেষ্ট ক্ৰিকেটত তেওঁৰ অভিষেক ঘটিছিল ১৯৭৯ চনৰ ২ আগষ্ট তাৰিখে, ইংলেণ্ডৰ বিৰুদ্ধে ল'ৰ্ডচত।[7]

অৱসৰ[সম্পাদনা কৰক]

ক্ৰিকেটৰপৰা অৱসৰ লোৱাৰ পাছত তেওঁ আম্পায়াৰ হিচাপে আৰু ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ নিৰ্বাচক হিচাপে কাম কৰিছিল।[8] বি বি চি আইৰ বিভিন্ন পদত তেওঁ অধিষ্ঠিত হৈছিল।

মৃত্যু[সম্পাদনা কৰক]

২০২১ চনৰ ১৩ জুলাই তাৰিখে, ৬৬ বছৰ বয়ত হৃদক্ৰিয়া বন্ধ হৈ যশপাল শৰ্মাৰ আকস্মিক মৃত্যু ঘটে।[9][10]

প্ৰাপ্তি[সম্পাদনা কৰক]

২০০০ চনত, 'দ্য বৰ্ড অৱ কণ্ট্ৰল ফ'ৰ ক্ৰিকেট ইন ইণ্ডিয়া'ই যশপাল শৰ্মাৰ সন্মানাৰ্থে এখন দিবা/নৈশ বেনিফিট ক্ৰিকেট খেলৰ আয়োজন কৰে।.[11]

জনপ্ৰিয় মাধ্যমত[সম্পাদনা কৰক]

লৰ্ডচত ভাৰতীয় ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰা ঘটনাটিৰ ভিত্তিত নিৰ্মিত এইট্টি থ্ৰী নামৰ এখন বলিউডী চলচ্চিত্ৰ ২০২১ চনত মুক্তি দিয়াৰ বাবে সাজু কৰি তোলা হৈছে। চিনেমাখনত যতীন সৰ্ণই যশপাল শৰ্মাৰ নাম ভূমিকাত অভিনয় কৰিছে। ছবিখন ক্ৰমে কবীৰ খান আৰু অনুৰাগ কাশ্যপে পৰিচালনা আৰু প্ৰযোজনা কৰিছে। [12][13]


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "India's Yashpal Sharma dies aged 66" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/story/india-s-yashpal-sharma-dies-aged-66-1269479। আহৰণ কৰা হৈছে: 13 July 2021. 
  2. "Yashpal Sharma". ESPN Cricinfo. http://www.espncricinfo.com/ci/content/player/36075.html। আহৰণ কৰা হৈছে: 27 April 2020. 
  3. "India's 1983 World Cup hero Yashpal Sharma dies of cardiac arrest". The Times of India. 13 July 2021. https://timesofindia.indiatimes.com/sports/cricket/news/indias-1983-world-cup-hero-yashpal-sharma-dies-of-cardiac-arrest/articleshow/84368910.cms। আহৰণ কৰা হৈছে: 13 July 2021. 
  4. 4.0 4.1 "Yashpal Sharma: 12 facts about India's World Cup 1983 hero" (en-US ভাষাত). Cricket Country. 2015-08-11. https://www.cricketcountry.com/articles/yashpal-sharma-12-facts-about-indias-world-cup-1983-hero-506876। আহৰণ কৰা হৈছে: 2021-07-13. 
  5. 5.0 5.1 "Former India cricketer Yashpal Sharma dies of heart attack" (en ভাষাত). The Indian Express. 2021-07-13. https://indianexpress.com/article/sports/cricket/former-india-cricketer-yashpal-sharma-dies-of-heart-attack-7402120/। আহৰণ কৰা হৈছে: 2021-07-13. 
  6. "Full Scorecard of India vs Pakistan 2nd ODI 1978/79 - Score Report | ESPNcricinfo.com" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/series/india-tour-of-pakistan-1978-79-62330/pakistan-vs-india-2nd-odi-64166/full-scorecard। আহৰণ কৰা হৈছে: 2021-07-13. 
  7. "Full Scorecard of India vs England 2nd Test 1979 - Score Report" (en ভাষাত). ESPNcricinfo.com. https://www.espncricinfo.com/series/india-tour-of-england-1979-62284/england-vs-india-2nd-test-63238/full-scorecard। আহৰণ কৰা হৈছে: 2021-07-13. 
  8. "Yashpal Sharma Profile - ICC Ranking, Age, Career Info & Stats" (en ভাষাত). Cricbuzz. https://www.cricbuzz.com/profiles/3839/yashpal-sharma। আহৰণ কৰা হৈছে: 2021-07-13. 
  9. "World Cup winner Yashpal Sharma passes away aged 66" (en ভাষাত). Cricbuzz. https://www.cricbuzz.com/cricket-news/118178/world-cup-winner-yashpal-sharma-passes-away-aged-66। আহৰণ কৰা হৈছে: 2021-07-13. 
  10. "India's 1983 World Cup hero Yashpal Sharma dies of cardiac arrest" (en-IN ভাষাত). The Hindu. 2021-07-13. ISSN 0971-751X. https://www.thehindu.com/sport/indias-1983-world-cup-hero-yashpal-sharma-dies-of-cardiac-arrest/article35294032.ece. 
  11. "Leading players for Yashpal Sharma benefit match" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/story/leading-players-for-yashpal-sharma-benefit-match-90110। আহৰণ কৰা হৈছে: 2021-07-13. 
  12. "Sacred Games actor Jatin Sarna to play Yashpal Sharma in 83" (en ভাষাত). The Indian Express. 2 April 2019. https://indianexpress.com/article/entertainment/bollywood/sacred-games-jatin-sarna-83-yashpal-sharma-5654771/। আহৰণ কৰা হৈছে: 21 March 2021. 
  13. "'83: Jatin Sarna as Yashpal Sharma looks fearless; see". The Asian Age. 14 January 2020. https://www.asianage.com/entertainment/bollywood/140120/83-jatin-sarna-as-yashpal-sharma-looks-fearless-see.html। আহৰণ কৰা হৈছে: 21 March 2021.