আদ্ভিত্য (চলচ্চিত্ৰ)
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
| আদ্ভিত্য | |
|---|---|
| পৰিচালক | অৰিন্দম শৰ্মা |
| চিত্ৰনাট্য | অৰিন্দম শৰ্মা |
| কাহিনী | অৰিন্দম শৰ্মা |
| প্ৰযোজক | ব্ৰজেন্দ্ৰ নাথ শৰ্মা |
| অভিনয়ত | অৰ্ণৱ আয়ান প্ৰাঞ্জল শইকীয়া নিহা ৰাণী দাস |
| চিত্ৰগ্ৰহণকাৰী | অৰিন্দম শৰ্মা কৈলাশ দুৱাৰা নাচিৰুল হুছেইন |
প্ৰযোজনা কোম্পানী |
কৃষ্ণা ক্ৰাফ্ট প্ৰডাকচন্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেড |
মুক্তি |
৭ এপ্ৰিল, ২০২৩ |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
আদ্ভিত্য (ইংৰাজী: Advitya) হৈছে অৰিন্দম শৰ্মাৰ দ্বাৰা ৰচিত, পৰিচালিত আৰু কৃষ্ণা ক্ৰাফ্ট প্ৰডাকচন্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ বেনাৰত ব্ৰজেন্দ্ৰ নাথ শৰ্মাৰ দ্বাৰা প্ৰযোজিত অসমীয়া ছবিজগতৰ ইতিহাসৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ কল্পবিজ্ঞানৰ ভিত্তিত নিৰ্মাণ হোৱা ছুপাৰহিৰো অসমীয়া চলচ্চিত্ৰ। এই ছবিখনত অৰ্ণৱ আয়ান, প্ৰাঞ্জল শইকীয়া আৰু নিহা ৰাণী দাসে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখন পৰিচালক অৰিন্দম শৰ্মাৰ পৰিচালনাৰ প্ৰথম ছবি। ছবিখনে ৭ এপ্ৰিল ২০২৩ তাৰিখে অসমৰ ছবি গৃহত মুক্তি লাভ কৰিছিল।
নিৰ্মাণ
[সম্পাদনা কৰক]আদ্ভিত্যৰ বাবে মূল প্ৰযোজনা ২০১৮ চনত আৰম্ভ হৈছিল। চলচ্চিত্ৰখনৰ প্ৰথম অফিচিয়েল টিজাৰ ২০১৯ চনৰ জুনত মুক্তি দিয়া হৈছিল। নিৰ্মাতাসকলে ছবিখন সোনকালেই মুক্তি দিবলৈ আগবাঢ়িছিল। যদিও, শেষত গৈ ছবিখনে ২০২৩ বৰ্ষৰ এপ্ৰিল মাহৰ ৭ তাৰিখে অসমৰ ছবিগৃহত মুক্তি লাভ কৰে।
ডিজিটেল দুৰ্ঘটনা
[সম্পাদনা কৰক]একাধিক প্ৰণালীৰ বিফলতাৰ ফলত ছবিখনৰ নিৰ্মাতাসকলে আদ্ভিত্যৰ সকলো বেক-আপৰ সৈতে মূল দৃশ্যগ্ৰহণৰ দৃশ্যসমূহ হেৰুৱাইছিল। এই ঘটনাটোৱে প্ৰযোজক আৰু পৰিচালকক এটা ডাঙৰ আৱেগিক আৰু বিত্তীয় সংকটত পেলাইছিল।
নিৰ্মাণ 2.0
[সম্পাদনা কৰক]এই ডিজিটেল দুৰ্ঘটনাৰ পিছত, লিখক-পৰিচালক অৰিন্দম শৰ্মাই আৰম্ভণিৰে পৰা গোটেই ছবিখন পুনৰ প্ৰথমৰ পৰা দৃশ্যগ্ৰহণ কৰিবলৈ মন স্থিৰ কৰে। দ্য হিন্দুক দিয়া এক সাক্ষাৎকাৰত তেওঁ লগতে কয় যে নিহা ৰাণী দাস আৰু বিকাশ বৰাৰ বাহিৰে আন কোনোৱে আকৌ এবাৰ ছবিখনৰ অংশ হ'বলৈ সন্মত হোৱা নাই। নিহা ৰাণী দাস আৰু বিকাশ বৰাৰ বাহিৰে ছবিখনৰ সকলো অভিনেতা-অভিনেত্ৰীক সলনি কৰা হৈছে। আৰু অসমৰ টেলিভিশ্যন জগতৰ অভিনেতা অৰ্ণৱ আয়ান বোৰ্ডলৈ আহিল আৰু তেওঁক মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ কাষ্ট কৰা হৈছিল। পৰিচালকজনে আদ্ভিত্যৰ প্ৰযোজনা পৰ্যায় ২.0ত চলচ্চিত্ৰখনৰ চিত্ৰনাট্যত আৰু অধিক একচন চিকুৱেঞ্চ যোগ দিছিল। চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ ২০২০ চনৰ আৰম্ভণিতে আৰম্ভ হৈছিল। কিন্তু, কোভিড-১৯ লকডাউনে ২০২০ চনৰ মাৰ্চত চলচ্চিত্ৰখনৰ দ্বিতীয় পৰ্যায়ৰ দৃশ্যগ্ৰহণৰ সময়সূচীক প্ৰভাৱিত কৰিছিল যাৰ ফলত পৰিচালক আৰু প্ৰযোজকে কেইমাহমান অপেক্ষা কৰিবলগীয়া হৈছিল। তাৰপাছত, ২০২০ বৰ্ষৰ অক্টোবৰ আৰু নৱেম্বৰ মাহত আদ্ভিত্য ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিছিল। চলচ্চিত্ৰখনত ৩৫০ তকৈও অধিক ভি.এফ.এক্স (VFX) শ্বট আছে। ছবিখনৰ দৃশ্যগ্ৰহণ পৰিচালক অৰিন্দম শৰ্মাৰ লগতে কৈলাস দুৱৰা আৰু নাচিৰুল হুছেইনে কৰিছিল।
সংগীত
[সম্পাদনা কৰক]ছবিখনত থকা দুটি গীতত কণ্ঠদান কৰিছে ক্ৰমে দীক্ষু শৰ্মা আৰু সঞ্চিতা শৰ্মাই।
মুক্তি
[সম্পাদনা কৰক]ছবিখনে ২০২৩ বৰ্ষৰ ৭ এপ্ৰিল তাৰিখে অসমৰ ছবিগৃহত মুক্তি লাভ কৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- BookMyShow https://in.bookmyshow.com/movies/kalaburagi-gulbarga/advitya/ET00355300
- আদ্ভিত্য (চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- আধিকাৰিক ৱেবছাইট
- ↑ ""Director Arindam Sharma's exclusive interview with Pratidin Times"". Archived from the original on 2021-07-14. https://web.archive.org/web/20210714235026/https://www.pratidintime.com/tete-e-tete-with-assams-first-superhero-creator/amp/.
- ↑ ""Arindam Sharma's directorial Advitya is all set to release"". https://www.thehindu.com/entertainment/movies/assams-fictional-superhero-advitya-all-set-to-hit-the-screens-in-fancy-outfit-without-mask/article34564328.ece.
- ↑ ""The Times of India: First film on Assamese superhero "Advitya" all set to wow audience"". https://www.facebook.com/photo?fbid=853223175404033&set=a.214300179296339.
- ↑ ""Asam Bani E-paper: ন-চিন্তাৰে অসমীয়া চলচিত্ৰত নৱ্য় সংযোজন "আদ্ভিত্য়" - কল্য়াণ কুমাৰ কলিতা"". Archived from the original on 2016-01-14. https://web.archive.org/web/20160114075411/https://http/.
- ↑ ""পূ্ৰ্বদিশ: কল্প বিজ্ঞানৰ কাহিনীৰে এক ব্যতিক্ৰমধৰ্মী ছিব ‘আদ্ভিত্য’"". Archived from the original on 2022-01-11. https://web.archive.org/web/20220111130755/https://purbodix.com/2021/06/06/%e0%a6%95%e0%a6%b2%e0%a7%8d%e0%a6%aa-%e0%a6%ac%e0%a6%bf%e0%a6%9c%e0%a7%8d%e0%a6%9e%e0%a6%be%e0%a6%a8%e0%a7%b0-%e0%a6%95%e0%a6%be%e0%a6%b9%e0%a6%bf%e0%a6%a8%e0%a7%80%e0%a7%b0%e0%a7%87-%e0%a6%8f/.
- ↑ ""চলিত বৰ্ষৰ শেষৰ ফালে “আদ্ভিত্য”; উৎসাহিত দৰ্শকোঃ"". https://rupaliparda.com/archives/26126.
- ↑ ""নতুন ট্ৰিটমেন্টৰ আদ্ভিত্য়"". Archived from the original on 2022-07-06. https://web.archive.org/web/20220706165025/https://dainikasam.assamtribune.com/full-page-pdf/epaper/pdf/2021/06/25/dainik-asam/2375/epaper-page-14?infinitescroll=1#&gid=pswgname0&pid=1.