সমললৈ যাওক

দীপিকা চিখলিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দীপিকা চিখলিয়া টোপীৱালা
Member of parliament, Lok Sabha
কাৰ্যকাল
১৯৯১  ১৯৯৬
পূৰ্বসূৰী Prakash Brahmbhatt
উত্তৰসূৰী Satyajitsinh Gaekwad
সমষ্টি বৰোডা
ব্যক্তিগত তথ্য
জন্ম
দীপ্তি চিখলিয়া

২৯ এপ্ৰিল, ১৯৬৫ (৬১ বছৰ)
বোম্বে, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী হেমন্ত টোপীৱালা
পেচা
  • অভিনেত্ৰী
  • ৰাজনীতি

দীপিকা চিখলিয়া টোপীৱালা (ইংৰাজী: Dipika Chikhlia Topiwala, জন্ম: ২৯ এপ্ৰিল ১৯৬৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক ৰামানন্দ সাগৰৰ জনপ্ৰিয় টেলিভিচন ধাৰাবাহিক ৰামায়ণ (১৯৮৭) -ত সীতা দেৱীৰ চৰিত্ৰত[1] আৰু ভাৰতীয় টেলিভিচন ধাৰাবাহিকত অভিনয় কৰাৰ বাবে অধিক জনা যায়।

তেওঁৰ প্ৰথম চলচ্চিত্ৰ ৰাজ কাপুৰৰ সৈতে “সুন মেৰী লেলা” (১৯৮৩) আৰু ৰাজেশ খান্নাৰ সৈতে কৰা তিনিখন চলচ্চিত্ৰ ক্ৰমে- ৰুপায় দস কৰোৰ, ঘৰ কা চিৰাগ আৰু খুডাই ৰ বাবে তেওঁক জনা যায়।[2] তেওঁ মাম্মোট্টীৰ সৈতে মালয়ালম ছবি "ইথিলে ইনিয়ুম ভাৰু (১৯৮৬) -ত অভিনয় কৰিছিল, লগতে তেওঁৰ কন্নড় হিট চলচ্চিত্ৰ আছিল শংকৰ নাগৰ সৈতে হসা জীৱন (১৯৯০) আৰু অমবাসীশ ৰ সৈতে ইন্দ্ৰজিৎ (১৯৮৯)। তেওঁ প্ৰভুৰ সৈতে তামিল হিট ছবি “নংগল” (১৯৯২) আৰু বঙালী হিট ছবি আশা অ’ ভালোবাসাপ্ৰসেনজীত চেটাৰ্জীৰ সৈতে অভিনয় কৰিছিল। তেওঁ গুজৰাটী চুপাৰষ্টাৰ নৰেশ কানোদিয়াৰ সৈতে “জোড়ে ৰহেজো ৰাজ” আৰু “লাজু লখন”ৰ দৰে গুজৰাটী চলচ্চিত্ৰত অভিনয় কৰিছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

চিখলিয়াই মুম্বাইৰ উপনগৰ পালী হিল অঞ্চলৰ বান্দ্ৰাত ডাঙৰ-দীঘল হৈছিল।

তেওঁ Shingar Bindi আৰু Toes cosmetics -ৰ মালিক[3] হেমন্ত টোপীৱালাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[4] তেওঁৰ সন্তান দুগৰাকীৰ নাম হৈছে- নিধি আৰু জুহি টোপীৱালা।[5]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বৰ্ষচলচ্চিত্ৰভাষাচৰিত্ৰটোকা
১৯৮৩সুন মেৰী লেলা (Sun Meri Laila)হিন্দী
১৯৮৫পাত্থাৰ (Paththar)হিন্দী
১৯৮৬চেখ (Cheekh)হিন্দী
১৯৮৬ভগৱান দাদাহিন্দীশান্তি
১৯৮৬ঘৰ সংসাৰহিন্দী
১৯৮৬ইথিলে ইনিয়ুম ভাৰু মালয়ালমপ্ৰিয়া
১৯৮৭ৰাত কে আন্ধেৰে মে (Raat Ke Andhere Mein)হিন্দীচেক্সী ৰচী
১৯৮৭চাজানৱা বৈৰি ভৈলে হামাৰ (Sajanwa Bairi Bhaile Hamar)ভোজপুৰী
১৯৮৯ইন্দ্ৰজিৎকন্নড়ঊষা
১৯৮৯ঘৰ কা চিৰাগহিন্দীআশা
১৯৮৯আশা অ’ ভালোবাসাবঙালীৰূপা
১৯৮৯য়ামাপাচাম (Yamapasam)তেলেগু
১৯৯০হসা জীৱনকন্নড়শংকৰ নাগৰ পত্নী সীতা
১৯৯০পেৰিয়া ইদাথু পিল্লাইতামিল
১৯৯১ কাল চক্ৰ (Kaala Chakra)কন্নড়
১৯৯১ব্ৰহ্মৰ্ষি বিশ্বামিত্ৰতেলেগু
১৯৯১ৰুপায় দস কৰোৰহিন্দীৰবীৰ চেক্ৰেটাৰী/হস্তিানপুৰৰ ৰাণী
১৯৯২নাঙালতামিল
১৯৯৪মায়োৰ প্ৰভাকৰ (Mayor Prabhakar)কন্নড়
১৯৯৪খুডাইহিন্দীপদ্মিনী ৰাজ আনন্দ
১৯৮৯জোড়ে ৰহেজো ৰাজ (Jode Rahejo Raj)গুজৰাটী
১৯৯২লাজু লখন (Laju Lakhan)গুজৰাটী
২০১৮গালিবহিন্দী
২০১৮নটসম্ৰাট (Natsamrat)গুজৰাট
২০১৯বালাহিন্দীসুশীলা মিশ্ৰা (পৰীৰ মাক)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]