ৰামায়ণৰ পাত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰাচীন ভাৰতৰ দুখন প্ৰধান সংস্কৃত মহাকাব্যৰ ভিতৰত এখন হৈছে ৰামায়ণ। ইয়াক বাল্মীকি ৰচনা কৰিছিল। এইখন মহাকাব্যত দেখা পোৱা গুৰুত্বপূৰ্ণ চৰিত্ৰবোৰ হ’ল-

অ/ঔ[সম্পাদনা কৰক]

অগস্ত্য[সম্পাদনা কৰক]

অগস্ত্য (সংস্কৃত: अगस्त्य) হৈছে প্ৰাচীন ভাৰতৰ এগৰাকী ঋষি।[1] ভাৰতীয় সংস্কৃতিৰ মতে তেওঁ এজন প্ৰখ্যাত আৰু প্ৰভাৱশালী বহু ভাষাৰ জ্ঞান থকা বিদগ্ধ পণ্ডিত। অগস্ত্য আৰু তেওঁৰ সহধৰ্মিণী লোপামুদ্ৰাসংস্কৃত ভাষাঋকবেদৰ শ্লোক ১.১৬৫ ৰ পৰা ১.১৯১ আৰু অন্যান্য বৈদিক সাহিত্যৰ ৰচনা কৰিছিল।[1][2][3]

অঞ্জনা[সম্পাদনা কৰক]

অঞ্জনা (সংস্কৃত: अञ्जना) হৈছে ৰামায়ণৰ নায়কসমূহৰ অন্যতম হনুমানৰ মাতৃ। তেওঁক অঞ্জনী বা অঞ্জলী নামেৰেও জনা যায়। তেওঁ আছিল এগৰাকী অপ্সৰা আৰু কপিকুলৰ এজন মুখিয়াল কেশৰীৰ সহধৰ্মিণী। তেওঁক ভাৰতৰ কোনো কোনো অঞ্চলত পৰিয়ালৰ দেৱী হিচাপে পূজা কৰা হয়।

অক্ষয়কুমাৰ[সম্পাদনা কৰক]

অক্ষয়কুমাৰ বা অক্ষকুমাৰ (ইংৰাজী: Akṣayakumāra, সংস্কৃত: अक्षयकुमार) ৰাৱণৰ কনিষ্ঠ পুত্ৰ[4] তথা মেঘনাদৰ ভাতৃ আছিল। তেওঁক অক্ষয় বা অক্ষ নামেৰেও জনা যায়৷ ৰামায়ণত হনুমানে সীতাৰ সৈতে বাৰ্তালাপ কৰাৰ পিছত যেতিয়া অশোক বন ধ্বংস কৰিবলৈ আৰম্ভ কৰে তেতিয়া ৰাৱণে অশোকবন ৰক্ষাৰ্থে অক্ষয়কুমাৰক ৰাক্ষস সেনাৰ মুৰব্বী হিচাপে তালৈ পঠিয়াইছিল। মাত্ৰ ষোল্ল বছৰ বয়সতে তেওঁৰ দেউতাক ৰাৱণৰ আদেশ মৰ্মে তেওঁ ৰথত উঠি যুদ্ধলৈ যায়। তেওঁ হনুমানক লক্ষ্যভেদ কৰি বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰে যুদ্ধ কৰিছিল। হনুমানে যুৱ ৰাজকুমাৰৰ বীৰত্ব আৰু দক্ষতাৰ প্ৰতি আকৃষ্ট হ’লেও শেষত হনুমানে তেওঁক হত্যা কৰিছিল।

অঙ্গদ[সম্পাদনা কৰক]

অংগদ বা অঙ্গদ (সংস্কৃত: अङ्गदः অংগ দাতা) হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত এটা বান্দৰ চৰিত্ৰ, যিয়ে ৰামক তেওঁৰ পত্নী সীতাক বিচাৰি উলিওৱাত আৰু তেওঁৰ হৰণকাৰী ৰাৱণৰ সৈতে যুঁজ দিয়াত সহায় কৰিছিল। পিছত তেওঁ কিষ্কিন্ধা ৰ ৰজা হিচাপে মুকুট পৰিধান কৰে।[5]

অতিকায়[সম্পাদনা কৰক]

অতিকায় মহাকাব্য ৰামায়ণৰ এজন দৈত্য চৰিত্ৰ। ৰামায়ণ মহাকাব্যত আতিকায় ৰাৱণ আৰু তেওঁৰ পত্নী মন্দোদৰীৰ পুত্ৰ বুলি উল্লেখ আছে।[6] অৱশ্যে মহাকাব্যখনৰ কিছুমান সংস্কৰণত তেওঁক ৰাৱণৰ দ্বিতীয় পত্নী ধন্যমালিনীৰ পুত্ৰ বুলি উল্লেখ কৰা হৈছে।[7] আতিকয়া মেঘানাদৰ সৰু ভায়েক আছিল আৰু অত্যন্ত শক্তিশালী আছিল।

ইন্দ্ৰজিৎ[সম্পাদনা কৰক]

ইন্দ্ৰজিৎ বা মেঘনাদ হৈছে লংকাৰ ৰাজকুমাৰ আৰু ইন্দ্ৰৰ নগৰী অৰ্থাৎ ইন্দ্ৰলোকৰ বিজেতা। পৌৰাণিক হিন্দু সাহিত্যসমূহত তেওঁক মহানতম যোদ্ধাসমূহৰ এজন বুলি স্বীকৃতি দিয়া হৈছে। ৰামায়ণত ইন্দ্ৰজিতৰ উল্লেখ তথা বৰ্ণনা পোৱা যায়। ৰাম আৰু ৰাৱণৰ যুদ্ধত ইন্দ্ৰজিতে সক্ৰিয় আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। গুৰু শুক্ৰাচাৰ্যৰ পৰা তেওঁ বিভিন্ম দৈৱিক অস্ত্ৰ-শস্ত্ৰ লাভ কৰিছিল। তেওঁ স্বৰ্গৰ দেৱতাসকলকো পৰাজিত কৰিছিল।[8] ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰি তেওঁ একেদিনাই ৬৭০ নিযুত বানৰ সেনাক নিধন কৰি বানৰ জাতিক প্ৰায় নিঃশেষ কৰাৰ উপক্ৰম কৰিছিল। ৰামায়ণৰ বৰ্ণনা অনুসৰি পৃথিৱীৰ কোনো যোদ্ধাই এই সংখ্যা স্পৰ্শ কৰিব পৰা নাছিল।[8][9]

উৰ্মিলা[সম্পাদনা কৰক]

উৰ্মিলা (সংস্কৃত: ऊर्मिला) হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰামৰ সৰু ভায়েক লক্ষ্মণৰ পত্নী।

ক/ঙ[সম্পাদনা কৰক]

কুশধ্বজ[সম্পাদনা কৰক]

ৰজা কুশধ্বজ( তেওঁ কুশদ্ভোজন নামেও পৰিচিত), অছিল ৰজা জনকৰ অনুজ ভাতৃ। কুশধ্বজৰ দুগৰাকী কন্যাসন্তান আছিল ক্ৰমে মাণ্ডৱী আৰু শ্ৰুতকীৰ্তি। তেওঁলোক দুগৰাকীৰ যথাক্ৰমে অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ আৰু ৰামৰ অনুজ ভৰত আৰু শত্ৰুঘ্নৰে বিবাহ সম্পন্ন হয়।[10][11]

কবন্ধ[সম্পাদনা কৰক]

কবন্ধ (ইংৰাজী: Kabandha) এগৰাকী ৰাক্ষস আছিল৷ তেওঁক শ্ৰীৰামে হত্যা কৰি অভিশাপৰ পৰা মুক্ত কৰিছিল৷

কৈকেষী[সম্পাদনা কৰক]

কৈকেষী বা কৈকসী (ইংৰাজী: Kaikeshi বা Kaikashi) আছিল ঋষি বিশ্ৰবাৰ পত্নী আৰু ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু শূৰ্পনখাৰ মাতৃ। তেওঁ ৰাক্ষক ৰজা সুমালীৰ কন্যা আছিল৷[12]

কেৱট[সম্পাদনা কৰক]

কেৱট (ইংৰাজী: Kewat)[13] হিন্দু মহাকাব্য ৰামায়ণৰ এটি চৰিত্ৰ৷ বনবাসৰ সময়ত তেৱেঁ ৰাম, সীতা আৰু লক্ষ্মণক নাৱত তুলি লৈ গংগা নদী পাৰ কৰাই দিছিল৷[14][15] এই কাহিনীটো ৰামায়ণৰ অযোধ্যা কাণ্ডত বৰ্ণিত আছে৷[16]

কুম্ভকৰ্ণ[সম্পাদনা কৰক]

কুম্ভকৰ্ণ (সংস্কৃত: कुम्भकर्ण) হৈছে বিখ্যাত হিন্দু মহাকাব্য ৰামায়ণৰ এজন প্ৰখ্যাত ৰাক্ষস আৰু ৰাৱণৰ এজন কনিষ্ঠ ভ্ৰাতৃ। বিশালাকায় শৰীৰ আৰু অসাধাৰণ ক্ষুধাৰ গৰাকী কুম্ভকৰ্ণক প্ৰাচীন হিন্দু পুৰাণত এজন সৎ চৰিত্ৰৰ ব্যক্তি আৰু মহান যোদ্ধা বুলি বৰ্ণনা কৰা হৈছে। ৰামায়ণৰ যুদ্ধৰ সময়ত কেৱল নিজৰ শক্তি দেখুৱাবলৈকে তেওঁ বহুতো বান্দৰ হত্যা আৰু ভক্ষণ কৰিছিল। তেওঁক ধাৰ্মিক আৰু বুদ্ধিমান বুলি গণ্য কৰা হৈছিল। তেওঁ এজন অতুলনীয় যোদ্ধাও আছিল কিয়নো দেৱৰাজ ইন্দ্ৰৰ সৈতে হোৱা যুদ্ধত কুম্ভকৰ্ণৰেই জয় হৈছিল।

কুশ[সম্পাদনা কৰক]

কুশ (সংস্কৃত: कुश) [17] আৰু তেওঁৰ যমজ ভাতৃ লৱ, ৰাম আৰু সীতাৰ সন্তান আছিল। [18] তেওঁলোকৰ কাহিনী হিন্দু মহাকাব্য, ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণত বৰ্ণনা কৰা হৈছে। কোৱা হয় যে তেওঁলোকৰ মাতৃৰ দৰে লৱ বগা-সোণালী বৰণৰ আছিল, আনহাতে কুশ তেওঁলোকৰ দেউতাকৰ দৰে ক'লা বৰণৰ আছিল।

গংগা দেৱী[সম্পাদনা কৰক]

গঙ্গা বা গংগা (সংস্কৃত: गंगा Gaṅgā, থাই: คงคา Khongkha) গঙ্গা নদীৰ মূৰ্তিস্বৰূপ এক হিন্দু দেৱী। হিন্দুধৰ্মত এই দেৱী বিশেষ গুৰুত্বপূৰ্ণ স্থানৰ অধিকাৰিণী। হিন্দুসকলে বিশ্বাস কৰে যে গঙ্গাত স্নান কৰিলে সমস্ত পাপ খণ্ডন হয় আৰু জীৱই মুক্তিলাভ কৰে। অনেকে আত্মীয়স্বজনৰ দেহাৱশেষ বহু দূৰদূৰণিৰ পৰা কঢ়িয়াই আনি গঙ্গাত বিসৰ্জন দিয়ে; তেওঁলোকে ধৰি লয় যে, ইয়াৰ ফলত মৃত ব্যক্তিৰ আত্মাই স্বৰ্গলৈ গমন কৰে। গঙ্গাৰ তীৰবৰ্তী বহু স্থান হিন্দু বিশ্বাস অনুযায়ী পবিত্ৰ। ইয়াৰ মাজত আছে হৰিদ্বাৰ, এলাহাবাদ, বাৰাণসী, নবদ্বীপ, গঙ্গাসাগৰ প্ৰভৃতি। থাইলেণ্ডৰ লয় ক্ৰাথং উৎসৱত পুণ্যাৰ্থীসকলে নদীত বন্তিযুক্ত সৰু সৰু নৌকা উটুৱাই বুদ্ধ আৰু গঙ্গা দেৱীক শ্ৰদ্ধা জনায়।

চ/ঞ[সম্পাদনা কৰক]

জাম্বৱন্ত[সম্পাদনা কৰক]

জাম্বৱন বা জাম্বৱন্ত হৈছে মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ, সেই অনুসৰি তেওঁ ভালুকৰ ঐশ্বৰিক ৰজা, যাক ব্ৰহ্মা দেৱতাই লংকাৰ ৰজা ৰাৱণৰ বিৰুদ্ধে তেওঁৰ হোৱা সংগ্ৰামত ৰামক সহায় কৰিবলৈ সৃষ্টি কৰিছিল।[19] জাম্বৱন্ত ভাৰতীয় মহাকাব্য পৰম্পৰাত এবিধ এছিয়ান ক'লা ভালুক বা শ্লথ ভালুক, অৱশ্যে আন কিছু শাস্ত্ৰত তেওঁক বান্দৰ বুলিও বৰ্ণনা কৰা হৈছে।[19]

জনক[সম্পাদনা কৰক]

জনক (সংস্কৃত: जनकः) প্ৰাচীন ভাৰতৰ মিথিলা অঞ্চলত অৱস্থিত বিদেহ ৰাজ্যৰ ৰজা আছিল। তেওঁৰ শাসনকাল আনুমানিক ভাৱে খীষ্ট্ৰপূৰ্ব অষ্টম অথবা সপ্তম শতিকাত আছিল বুলি ঠাৱৰ কৰা হৈছে।[20] বিদেহ ৰাজ্যৰ অধিপতিসকলক জনক নামেৰে জনা গৈছিল। অৰ্থাৎ জনক বিদেহ ৰাজ্যৰ অধীশ্বৰসকলৰ কৌলিক খিতাপ। জনক নামৰ এক বা একাধিক ৰজাৰ উল্লেখ ৰামায়ণ, মহাভাৰত, উপনিষদ আৰু পুৰাণত পোৱা যায়।

জটায়ু[সম্পাদনা কৰক]

জটায়ু (সংস্কৃত: जटायु) হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত শগুণ বা ঈগলৰূপী এক অৰ্ধদেৱতা। তেওঁ অৰুণ আৰু শ্যেনীৰ কনিষ্ঠ সন্তান আৰু সম্পাতিৰ ভ্ৰাতৃ। জটায়ু ৰামৰ পিতৃ দশৰথৰ পুৰণি বন্ধু।[21]

ত/ন[সম্পাদনা কৰক]

তাৰা[সম্পাদনা কৰক]

তাৰা (সংস্কৃত: तारा) (আক্ষৰিক অৰ্থত তৰা[22]) হৈছে ৰামায়ণত বৰ্ণিত কিষ্কিন্ধাৰ ৰাণী আৰু বানৰৰাজ বালিৰ সহধৰ্মিণী। বালিৰ মৃত্যুৰ পিছত তাৰা সুগ্ৰীৱৰ সৈতে বিবাহত বহে।

তাড়কা[সম্পাদনা কৰক]

তাড়কা (সংস্কৃত: ताड़का) বা তাতকা মহাকাব্য ৰামায়ণৰ এক ৰাক্ষসী চৰিত্ৰ। তেওঁৰ সন্তান মাৰিচ আৰু সুবাহুৰ সৈতে তেওঁ অৰণ্যত যজ্ঞ কৰা ঋষিক হাৰাশাস্তি আৰু আক্ৰমণ কৰিছিল। অৱশেষত তেওঁলোকক মহৰ্ষি বিশ্বমিত্ৰৰ নিৰ্দেশত ৰাম আৰু লক্ষ্মণে হত্যা কৰিছিল।[23][24]

ত্ৰিজঁ‌টা[সম্পাদনা কৰক]

ত্ৰিজঁটা (সংস্কৃত: त्रिजटा) হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ এগৰাকী ৰক্ষী যাক লংকাৰ অধিপতি ৰাৱণে অপহৰণ কৰা সীতাক ৰক্ষা কৰাৰ দায়িত্ব দিয়া হৈছে।[25] ৰামায়ণৰ পৰৱৰ্তী অভিযোজনত ত্ৰিজঁটাক ৰাৱণৰ ভ্ৰাতৃ বিভীষণৰ কন্যা বুলি বৰ্ণনা কৰা হৈছে।

ত্ৰিশিৰা[সম্পাদনা কৰক]

ত্ৰিশিৰা (সংস্কৃত: : त्रिशिर, যাৰ তিনিটা মূৰ আছে।) এজন দৈত্য (ৰাক্ষস) আছিল, আৰু তেওঁৰ প্ৰসংগ ৰামায়ণত উল্লেখ পোৱা যায়। তেওঁ ৰাৱণৰ ছয়জন পুত্ৰৰ ভিতৰত এজন আছিল। তেওঁৰ আন ভাতৃসকল আছিল মেঘনাদ অতিকায়, অক্ষয়কুমাৰ, নৰান্তক আৰু দেৱান্তক[26]

দশৰথ[সম্পাদনা কৰক]

দশৰথ (সংস্কৃত: दशरथ) হৈছে ৰামায়ণ আৰু বিষ্ণু পুৰাণত বৰ্ণিত কোশল দেশৰ ৰজা আৰু ৰামৰ পিতৃ। তেওঁৰ ৰাজধানীৰ নাম অযোধ্যা। তেওঁ আছিল ৰজা অজ আৰু ৰাণী ইন্দুমতীৰ পুত্ৰ। তেওঁৰ তিনিগৰাকী ভাৰ্যা আছিল। তেওঁলোক হৈছে কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা। তেওঁলোকৰ গৰ্ভত দশৰথৰ ঔৰষত ৰাম, ভৰত, লক্ষ্মণ আৰু শত্ৰুঘ্নৰ জন্ম হয়।

দেৱান্তক[সম্পাদনা কৰক]

দেৱান্তক ৰাৱণৰ পুত্ৰ আছিল৷ তেওঁক হনুমানে বধ কৰিছিল৷

ধন্যমালিনী[সম্পাদনা কৰক]

হিন্দু শাস্ত্ৰত ধন্যমালিনী (ইংৰাজী: Dhanyamalini) ৰাৱণৰ দ্বিতীয়গৰাকী পত্নী আছিল। তেওঁ এগৰাকী নম্ৰ আৰু যত্নশীল মহিলা আছিল। তেওঁৰ প্ৰকৃত পৰিচয় অজ্ঞাত যদিও কিছুমান কাহিনীয়ে তেওঁক মায়াসুৰৰ জীয়ৰী আৰু মন্দোদৰীৰ ভগ্নী বুলি উল্লেখ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন] ধন্যমালিনী আৰু ৰাৱণৰ পুত্ৰ চাৰিগৰাকী; নৰান্তক-দেৱান্তক আৰু ত্ৰিশিৰা

নল[সম্পাদনা কৰক]

নল (সংস্কৃত: नल),হিন্দু মহাকাব্য ৰামায়ণৰ এক বানৰ চৰিত্ৰ। সেই অনুসাৰে তেওঁ আছিল দেৱশিল্পী বিশ্বকৰ্মাৰ পুত্ৰ, যাৰ নামৰ আক্ষৰিক অৰ্থ শ্বেতপদ্ম বা বগা পদুম ফুল। বিশ্বকৰ্মাৰ পুত্ৰ হিচাপে তেওঁ আছিল বানৰৰূপী। তেওঁ ৰামায়ণৰ মুখ্য চৰিত্ৰ ৰামৰ লংকা গমনৰ সুবিধাৰ হেতু সমুদ্ৰৰ ওপৰত নিৰ্মিত ভাৰতৰ দক্ষিণ দিশে অৱস্থিত ৰামেশ্বৰমৰ পৰা লঙ্কাৰ ( বৰ্তমানৰ শ্ৰীলঙ্কা ৰাষ্ট্ৰ) মান্নাৰ অবধি বিস্তৃত বিশাল এক সেতু নিৰ্মাণৰ অন্যতম পৰিকল্পক আছিল।[27][25] এই সেতু খনক নল সেতু বুলিও জনা যায়।[28] একাধিক সংস্কৰণভেদে এই ৰামসেতু নিৰ্মাণত ৰামৰ বানৰ সেনাৰ মাজত এক প্ৰযৌক্তিক বানৰ তথা নলৰ ভ্ৰাতা নীলৰ নামো উল্লেখ পোৱা যায়। নলক বানৰ সকলৰ স্থাপত্যশিল্পী হিচাপে উল্লেখ কৰা হয়। ৰামায়ণৰ লংকাকাণ্ডত নল আৰু নীল উভয়কেই ৰামৰ পক্ষে লঙ্কাৰ ৰজা ৰাৱণৰ বিৰুদ্ধে যুদ্ধ কৰা বুলি উল্লেখ আছে।

নৰান্তক[সম্পাদনা কৰক]

নৰান্তক ৰাৱণৰ পুত্ৰ আছিল৷ তেওঁক অংগদে বধ কৰিছিল৷

নীল[সম্পাদনা কৰক]

নীল হৈছে হিন্দু মহাকাব্য ৰামায়ণ ৰ এক বান্দৰ চৰিত্ৰ। সেই অনুসাৰে নীল আছিল দেৱতা অগ্নিৰ পুত্ৰ, যাৰ নামৰ আক্ষৰিক অৰ্থ নীলা বৰণ। মহাকাব্য ৰামায়ণত স্পষ্ট উল্লেখ পোৱা যায় যে বিষ্ণুৰ অৱতাৰ, অযোধ্যাৰ ৰজা দশৰথৰ জ্যেষ্ঠ পুত্ৰ ৰাম পিতৃবাক্য পালনাৰ্থে বনবাসলৈ যোৱাত বনতেই তেওঁৰ স্ত্ৰী সীতালংকাৰ ৰাক্ষস ৰজা ৰাৱণে অপহৰণ কৰে। সীতাৰ অনুসন্ধানকালত বানৰৰাজ সুগ্ৰীৱৰ সৈতে তেওঁৰ মিত্ৰতা হয় আৰু তেওঁ বানৰসকলৰ সহায়ত বানৰসেনা তৈয়াৰ কৰে। নীল আছিল এই বানৰদলৰ গোষ্ঠীপ্ৰধান।[29] তেওঁ অছিল কিষ্কিন্ধ্যাৰ বানৰৰাজ সুগ্ৰীৱৰ বানৰসেনাৰ অধিনায়ক। ৰাম ৰাৱণৰ যুদ্ধত ৰামৰ পক্ষে বানৰসেনাৰ সেনাধ্যক্ষৰ দায়িত্ব লয় আৰু লঙ্কাৰ ৰজা ৰাৱণৰ পক্ষে যুদ্ধত অংশ লোৱা একাধিক ৰাক্ষসক নিধন কৰে।

প/ম[সম্পাদনা কৰক]

পৰশুৰাম[সম্পাদনা কৰক]

পৰশুৰাম (সংস্কৃত: परशुराम) হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ। তেওঁক ৰাম জমদগ্ন্য, ৰাম ভাৰ্গৱ বা বীৰৰাম নামেৰেও জনা যায়।[30] তেওঁক কলি যুগৰ অন্তত বিষ্ণুৰ দশম অৱতাৰ অৰ্থাৎ কল্কিৰ গুৰুৰূপে আৱিৰ্ভাৱ ঘটিব লগা চিৰঞ্জীৱিসকলৰ এজন বুলি ধৰা হয়। তেওঁৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ ভিতৰত আগ্ৰাসী ভাব, ৰণনিপুণতা, বীৰত্ব, নিৰ্মলতা, জ্ঞান আৰু ধৈৰ্য অন্যতম।

প্ৰহস্ত[সম্পাদনা কৰক]

হিন্দু মহাকাব্য ৰামায়ণ অনুসৰি প্ৰহস্ত (ইংৰাজী: Prahasta, সংস্কৃত: प्रहस्त) আছিল লংকাৰ ৰজা ৰাৱণৰ সেনাৰ মুখ্য কমাণ্ডাৰ তথা এগৰাকী শক্তিশালী ৰাক্ষস যোদ্ধা। তেওঁ সুমালী আৰু কেতুমতীৰ পুত্ৰ আছিল।[31] পৰজনমত তেওঁ মহাভাৰতদুৰ্যোধনৰ বিশ্বস্ত সহযোগী পুৰোচন নামেৰে জন্মলাভ কৰে, যিয়ে পৰৱৰ্তী সময়ত দুৰ্যোধন আৰু তেওঁৰ দুষ্ট পৰামৰ্শদাতা শকুনিৰ আদেশত লক্ষগ্ৰাহ সৃষ্টি কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

পুলস্ত্য[সম্পাদনা কৰক]

পৌৰাণিক হিন্দু কাহিনী অনুসৰি পুলস্ত্য (হিন্দী: पुलस्त्य; ইংৰাজী: Pulastya) আছিল ব্ৰহ্মাৰ দশ মানস পুত্ৰ তথা দশ প্ৰজাপতিৰ এজন[32] আৰু তেওঁ আছিল এজন সপ্তৰ্ষিৰ (সাতজন মহা ঋষি) প্ৰথম মানৱতাৰ।[33]

মহাভাৰতৰ অনুসৰি, ৰাক্ষসকুল আৰু কিন্নৰকুল উভয়ে আছিল মুনি পুলস্ত্যৰ সন্তান।

বালি[সম্পাদনা কৰক]

বালি (সংস্কৃত: वाली), হিন্দু মহাকাব্য ৰামায়ণকিষ্কিন্ধাৰ ৰজা আছিল। তেওঁ সুগ্ৰীৱৰ জ্যেষ্ঠ ভাতৃ আৰু অংগদৰ পিতৃ, বৃক্ষৰাজৰ জৈৱিক পুত্ৰ তাৰাৰ স্বামী আছিল। তেওঁক বিষ্ণুৰ অৱতাৰ ৰামৰ দ্বাৰা হত্যা কৰা হৈছিল। ত্ৰেতা যুগৰ সময়ত বালি অজেয় আছিল। বালিয়ে ৰাৱণৰ দৰে কেইজনমান মহান যোদ্ধাক পৰাজিত কৰিছিল।

বাল্মীকি[সম্পাদনা কৰক]

বাল্মীকি সংস্কৃত ভাষাৰ এজন বৰেণ্য কবি, আৰু ৰামায়ণ মহাকাব্যৰ ৰচয়িতা। ৰামায়ণ খ্ৰীষ্টপূৰ্ব পাঁচৰ পৰা এক শতিকাৰ সময়চোৱাত লিখা হৈছিল।[34][35] ৰামায়ণৰ পাততে বাল্মীকিৰ নাম উল্লেখ থকা পোৱা যায়।[36] তেওঁক আদিকবি বুলিও জনা যায়।

বিভীষণ[সম্পাদনা কৰক]

বিভীষণ হৈছে ৰামায়ণত বৰ্ণিত লংকাৰ অধিপতি ৰাৱণৰ কনিষ্ঠ ভ্ৰাতৃ।[37] নিজে ৰাক্ষস হোৱা স্বত্বেও বিভীষণে ৰাৱণক পৰিত্যাগ কৰি ৰামৰ পক্ষ লৈছিল। ৰাৱণ বধৰ পিছত ৰামে বিভীষণক লংকাৰ ৰজা পাতে।

বিশ্ৰবা[সম্পাদনা কৰক]

ঋষি বিশ্ৰবা (ইংৰাজী: Vishrava) হ’ল ব্ৰহ্মাৰ পুত্ৰ ঋষি পুলস্ত্য (সংস্কৃত : पुलस्त्य)ৰ পুত্ৰ আৰু অগস্ত্য মুনিৰ ভাই।[38]হিন্দু ধৰ্মগ্ৰন্থ ৰামায়ণত উল্লিখিত ঋষি বিশ্ৰবা আছিল মুনিসকলৰ মাজৰ অতি গুৰুত্বপূৰ্ণ ঋষি। তেওঁ তপস্যাৰ বলত বিশেষ ক্ষমতাৰ অধিকাৰী হৈছিল। ভৰদ্বাজ মুনি ঋষি বিশ্ৰবাৰ প্ৰতি আকৃষ্ট হৈ স্ত্ৰী স্বৰূপ নিজ কন্যা দেৱবৰ্ণিনীক অৰ্পণ কৰিছিল। দেৱবৰ্ণিনীৰ ঔৰসত কুবেৰৰ জন্ম হয়।[39] কুবেৰ আছিল স্বৰ্ণলংকাৰ (লংকা) প্ৰকৃত ৰজা তথা ধন ঐশ্বৰ্যৰ ৰজা।[38][40]

ভৰত[সম্পাদনা কৰক]

ভৰত হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত এক চৰিত্ৰ। তেওঁ ৰামৰ সতীয়া ভ্ৰাতৃ আৰু দশৰথ তথা কৈকেয়ীৰ পুত্ৰ।

মাল্যবান[সম্পাদনা কৰক]

মাল্যবান ইংৰাজী: Malyavan লংকাৰ সম্ৰাট ৰাৱণৰ মুখ্য ৰাজকীয় উপদেষ্টা আছিল। মাল্যবান লংকাৰ বৌদ্ধিক আৰু ৰাজকীয় বৃত্তৰ ভিতৰত এক সন্মানীয় ব্যক্তি আছিল। তেওঁ আছিল সুকেশৰ পুত্ৰ আৰু সুমালী আৰু মালীৰ ভাই তথা ৰাৱণৰ ককা৷

মাণ্ডৱী[সম্পাদনা কৰক]

মাণ্ডৱী হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰজা কুশধ্বজ আৰু ৰাণী চন্দ্ৰভাগাৰ কন্যা তথা[41] ৰামৰ ভায়েক ভৰতৰ পত্নী আছিল। মাণ্ডৱী আছিল সংকস্য (বৰ্তমানৰ সপ্তৰী জিলাৰ ৰাজবিৰাজ অঞ্চল)ৰ ৰাজকুমাৰী আৰু ৰজা কুশধ্বজৰ জীয়েক। তেওঁ মহালক্ষ্মীৰ ফুলৰ অৱতাৰ আছিল। মাণ্ডৱীৰ শ্ৰুতকীৰ্তি নামৰ এগৰাকী সৰু ভগ্নী আছিল।[42]

মন্দোদৰী[সম্পাদনা কৰক]

মন্দোদৰী (সংস্কৃত: मंदोदरी (আক্ষৰিক অৰ্থত সুকোমল উদৰৰ গৰাকী[43]) হৈছে লংকাৰ অধিপতি ৰাৱণৰ সহধৰ্মিণী। ৰামায়ণৰ বৰ্ণনা অনুসৰি মন্দোদৰী আছিল অতীৱ সুন্দৰী, নিৰ্মল আৰু ধাৰ্মিক প্ৰকৃতিৰ। হিন্দু ধৰ্ম অনুসৰি তেওঁ পঞ্চকন্যাৰ অন্যতম। পঞ্চকন্যাৰ নাম ল'লে পাপ খণ্ডন হয় বুলি বিশ্বাস কৰা হয়।

মায়াসুৰ[সম্পাদনা কৰক]

মায়াসুৰ বা ময়াসুৰ (मयासुर) হিন্দু শাস্ত্ৰত বৰ্ণিত অসুৰ, দেৱতা আৰু ৰাক্ষস জাতিৰ এজন মহান প্ৰাচীন ৰজা আছিল। মায়া তেওঁৰ উজ্জ্বল স্থাপত্যৰ বাবে জনাজাত আছিল। মহাভাৰতত বৰ্ণিত মায়াসভা বা ভ্ৰমৰ কক্ষ - তেওঁৰ নামেৰে নামকৰণ কৰা হৈছিল।

মন্থৰা[সম্পাদনা কৰক]

মন্থৰা (ইংৰাজী: Manthara) ৰামায়ণৰ এক চৰিত্ৰ। তেওঁ অযোধ্যাৰ ৰজা দশৰথৰ দ্বিতীয় পত্নী ৰাণী কৈকেয়ীৰ দাসী আছিল। তেওঁ দেখাত কুঁজা আছিল। তেওঁ ৰাণী কৈকেয়ীক সন্মত কৰিছিল যে মহাৰাজৰ সিংহাসন তেওঁৰ পুত্ৰ ভৰত হে আচল উত্তৰাধিকাৰী আৰু তেওঁৰ সতীয়া পুত্ৰ ৰাজকুমাৰ ৰামক ৰাজ্যৰ পৰা নিৰ্বাসিত কৰা উচিত।[44]

য/ৱ[সম্পাদনা কৰক]

ৰাম[সম্পাদনা কৰক]

ৰাম বা ৰামা বা ৰামচন্দ্ৰ (সংস্কৃত: राम) হ'ল হিন্দু দেৱতা বিষ্ণুৰ সপ্তম অৱতাৰ[45] হিন্দু ধৰ্মগ্ৰন্থবোৰত তেওঁক অযোধ্যাৰ ৰজা বুলি উল্লেখ আছে। সপ্তম অৱতাৰ ৰাম আৰু অষ্টম অৱতাৰ কৃষ্ণ হ'ল বিষ্ণুৰ অৱতাৰবোৰৰ ভিতৰত সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ। হিন্দু ধৰ্মত তেওঁ এজন জনপ্ৰিয় দেৱতা। ভাৰত আৰু নেপাল দেশত তেওঁৰ পূজাৰ বহুল প্ৰচলন দেখা যায়। হিন্দু ধৰ্মৰ ৰাম উপাসনা-কেন্দ্ৰিক সম্প্ৰদায়বোৰত ৰামক বিষ্ণুৰ অৱতাৰ নামানি সৰ্বোচ্চ ঈশ্বৰ হিচাপে মান্য কৰাৰ প্ৰৱণতা দেখা যায়। ৰামে সূৰ্যবংশত (ইক্ষ্বাকু বংশ বা পৰৱৰ্তীকালত উক্ত বংশৰ ৰজা ৰঘুৰ নামানুসাৰে ৰঘুবংশ নামে পৰিচিত) জন্মগ্ৰহণ কৰিছিল। ৰামৰ এটি বিশেষ মূৰ্তিত তেওঁৰ ওচৰত তেওঁৰ ভাতৃ লক্ষ্মণ, স্ত্ৰী সীতা আৰু ভক্ত হনুমানক দেখা যায়। এই মূৰ্তিকে বোলা হয় "ৰাম পৰিবাৰ"। হিন্দু মন্দিৰত এই "ৰাম পৰিবাৰ" মূৰ্তিৰ পূজাই বেছিকৈ হোৱা দেখা যায়।[46][47]

ৰাৱণ[সম্পাদনা কৰক]

ৰাৱণ (ইংৰাজী: Ravana) হৈছে তুলসীদাস ৰচিত ৰামচৰিত মানস, মহাকবি বাল্মিকীৰামায়ণ, ৰামায়ণৰ সমস্ত সংস্কৰণ, বিষ্ণু পুৰাণ, হিন্দু মহাকাব্যসমূহত বৰ্ণনা কৰা লংকা (বৰ্তমানৰ শ্ৰীলংকা)-ৰ ৰজা। তেওঁৰ দহটা মূৰ থকাৰ কাৰণে তেওঁক দহ মুখীয়া ৰাৱণ বা দশানন (দশ=দহ, আনন=মুখ; দশানন বি. (সং.) “দশমুখ”) বুলিও জনা যায়।[39][48]

লক্ষ্মণ[সম্পাদনা কৰক]

লক্ষ্মণ (সংস্কৃত: लक्ष्मण) (আক্ষৰিক অৰ্থত যাৰ ভাগ্যশালীৰ লক্ষণ আছে) লখন হৈছে ৰামায়ণৰ মূল চৰিত্ৰ ৰামৰ ভ্ৰাতৃ। তেওঁক সৌমিত্ৰ, ৰামানুজ আৰু ভৰতানুজ নামেৰেও জনা যায়। তেওঁ শত্ৰুঘ্নৰ যঁ‌মজ ভ্ৰাতৃ।

লৱ[সম্পাদনা কৰক]

লৱ (সংস্কৃত: लव) [17] আৰু তেওঁৰ যমজ ভাতৃ কুশ, ৰাম আৰু সীতাৰ সন্তান আছিল। [18] তেওঁলোকৰ কাহিনী হিন্দু মহাকাব্য, ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণত বৰ্ণনা কৰা হৈছে। কোৱা হয় যে তেওঁলোকৰ মাতৃৰ দৰে তেওঁ বগা-সোণালী বৰণৰ আছিল, আনহাতে কুশ তেওঁলোকৰ দেউতাকৰ দৰে ক'লা বৰণৰ আছিল।

লৱই লৱপুৰী (আধুনিক লাহোৰ চহৰ), [49] [50]প্ৰতিষ্ঠা কৰিছিল বুলি কোৱা হয় আৰু তেওঁৰ নামেৰেই ঠাইখন নামকৰণ কৰা হৈছে।[51]

শ/হ[সম্পাদনা কৰক]

সম্পাতি[সম্পাদনা কৰক]

বৈদিক গ্ৰন্থসমূহত সম্পাতি (ইংৰাজী: सम्पाति) হৈছে অৰুণ আৰু শ্যেনীৰ জ্যেষ্ঠ সন্তান তথা জটায়ুৰ ভ্ৰাতৃ।[52] তেওঁৰ অৱয়ব এক শগুনৰ দৰে। ব্ৰহ্ম পুৰাণৰ মতে, বব্ৰু নামেৰে সম্পাতিৰ এক পুত্ৰ আছে যি অতি বেগবান আৰু খাতিমান। শৈশৱ কালতে সম্পাতিয়ে নিজৰ ডেউকা দুখন হেৰুৱায়।

শান্তা[সম্পাদনা কৰক]

শান্তা হিন্দু মহাকাব্য ৰামায়ণৰ এটা চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰজা দশৰথ আৰু কৌশল্যাৰ জীয়ৰী আছিল। পিছত তেওঁক অংগ প্ৰদেশৰ ৰজা ৰোমাপদে তুলি লৈছিল।

শত্ৰুঘ্ন[সম্পাদনা কৰক]

শত্ৰুঘ্ন (সংস্কৃত: शत्रुघ्न) হৈছে ৰামৰ কনিষ্ঠ ভ্ৰাতৃ আৰি দশৰথ তথা সুমিত্ৰাৰ পুত্ৰ। তেওঁ লক্ষ্মণৰ যমজ ভ্ৰাতৃ। শত্ৰুঘ্নক ৰিপুদমন নামেৰেও জনা যায়। বাল্মীকি ৰামায়ণৰ মতে শত্ৰুঘ্ন বিষ্ণুৰ অৱতাৰ ৰামৰেই অংশ। মহাভাৰতৰ বিষ্ণু সহস্ৰনামত শত্ৰুঘ্নৰ স্থান ৪১২।

শিৱ[সম্পাদনা কৰক]

শিৱ (সংস্কৃত: शिव; আক্ষৰিক অৰ্থ "শুভ" বা "মঙ্গল") এজন হিন্দু দেৱতা। তিনি ত্ৰিমূৰ্তিৰ (হিন্দুসকলৰ মতে তিনিটা বিশেষ প্ৰাথমিক দৈৱসত্তা) অন্যতম। ত্ৰিমূৰ্তিৰ শিৱ হৈছে ধ্বংসৰ প্ৰতীক।[53] হিন্দুধৰ্মৰ শৈৱ শাখা সম্প্ৰদায়ৰ মতে, শিৱই হ’ল সৰ্বোচ্চ ঈশ্বৰ।[54] যিসকল হিন্দুধৰ্মাবলম্বীয়ে শিৱকেই প্ৰধান দেৱতা বুলি জ্ঞান কৰে তেখেতৰ পূজা কৰে, তেখেতসকল "শৈৱ" নামে পৰিচিত।[55] বিষ্ণু-পূজক বৈষ্ণৱ বা দেৱী-পূজক শাক্তসকলৰ অনুসৰি শৈৱধৰ্মও হিন্দুধৰ্মৰ অন্যতম প্ৰধান শাখাসম্প্ৰদায়।[54]

শ্ৰুতকীৰ্তি[সম্পাদনা কৰক]

শ্ৰুতকীৰ্তি হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰজা কুশধ্বজ আৰু ৰাণী চন্দ্ৰভাগাৰ কন্যা তথা[56] ৰামৰ সৰু ভায়েক শত্ৰুঘ্নৰ পত্নী আছিল। শ্ৰুতকীৰ্তি আছিল সংকস্যৰ ৰাজকুমাৰী আৰু ৰজা কুশধ্বজৰ সৰু জীয়েক। তেওঁ মহালক্ষ্মীৰ ফুলৰ অৱতাৰ আছিল। শ্ৰুতকীৰ্তিৰ মাণ্ডবী নামৰ এগৰাকী ডাঙৰ ভগ্নী আছিল।[57]

শূৰ্পনখা[সম্পাদনা কৰক]

শূৰ্পনখা (সংস্কৃত: शूर्पणखा) হৈছে ৰামায়ণত বৰ্ণিত এক ৰাক্ষসী। তেওঁৰ আন এটা নাম মীনাক্ষী। তেওঁ লংকাধিপতি ৰাৱণৰ কনিষ্ঠ ভগ্নী আৰু ঋষি বিশ্ৰবা তথা ৰাক্ষসী কৈকেষীৰ জীয়ৰী। মূল বাল্মীকি ৰামায়ণত শূৰ্পনখাৰ ভূমিকা সৰু যদিও গুৰুত্বপূৰ্ণ।[58]

সীতা[সম্পাদনা কৰক]

সীতা হিন্দু মহাকাব্য ৰামায়ণৰ কেন্দ্ৰীয় নাৰী চৰিত্ৰ আৰু মিথিলা ৰাজ্যৰ ৰজা জনকৰ পুত্ৰী। তেওঁৰ অন্য নাম বৈদেহী, জানকী, মৈথেলী, ভূমিজা। সীতাক হিন্দু ধৰ্মৰ ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ অৱতাৰ বুলি বিশ্বাস কৰা হয়। হিন্দুসকলৰ প্ৰধান পূজ্য দেৱতা বিষ্ণুৰ ৰাম অৱতাৰৰ সময়ত লক্ষ্মী দেৱীয়ে সীতা ৰূপে অৱতাৰ গ্ৰহণ কৰে আৰু ৰামৰ পত্নী হয়। সীতাক আদৰ্শ হিন্দু নাৰীচৰিত্ৰৰ প্ৰতীক হিচাপে মান্যতা প্ৰদান কৰা হয়। পতিব্ৰত ধৰ্ম পালন, আত্মবলিদান, অদম্য সাহস আৰু পৱিত্ৰতাৰ বাবে সীতা হিন্দু নাৰী সকলৰ আদৰ্শ চৰিত্ৰ।

সুকেশ[সম্পাদনা কৰক]

সুকেশ (ইংৰাজী: Sukesa) লংকাৰ ৰাক্ষক ৰজা আছিল৷ তেওঁ গন্ধৰ্ব ৰাজকুমাৰী মণিমায়াক বিবাহ কৰাইছিল৷ তেওঁৰ তিনিটা সন্তান আছিল ক্ৰমে- সুমালী, মাল্যবান আৰু মালী

সুগ্ৰীৱ[সম্পাদনা কৰক]

সুগ্ৰীৱ (সংস্কৃত: सुग्रीव, 'সুন্দৰ ডিঙি') হিন্দু মহাকাব্য ৰামায়ণৰ এক বানৰ চৰিত্ৰ। সেই অনুসৰি তেওঁ বালিৰ সৰু ভায়েক আছিল। সুগ্ৰীৱে বালিক পৰাভূত কৰি কিষ্কিন্ধা, বানৰ ৰাজ্যৰ শাসক হিচাপে সফল হৈছিল। [59] ৰুমা তেওঁৰ পত্নী আছিল। তেওঁ হিন্দু দেৱতা সূৰ্য্যৰ পুত্ৰ আছিল। ভানৰৰ ৰজা হিচাপে সুগ্ৰীৱে ৰাক্ষস ৰজা ৰাৱণৰ হাতৰ পৰা ৰাম পত্নী সীতাক মুক্ত কৰাৰ অন্বেষণত ৰামক সহায় কৰিছিল।

সুবাহু[সম্পাদনা কৰক]

সুবাহু (সংস্কৃত: सुबाहु Subāhu, তামিল: சுபாகு Cupāku) ৰামায়ণত বৰ্ণিত এটা ৰাক্ষস চৰিত্ৰ আছিল। তেওঁ আৰু তেওঁৰ মাক তাড়কাই জংঘলৰ মুনিসকলক, বিশেষকৈ বিশ্বামিত্ৰৰ যজ্ঞ স্থলীত, মাংস আৰু তেজ ছটিয়াই তেওঁলোকৰ যজ্ঞত ব্যাঘাত জন্মাই হাৰাশাস্তি কৰাত অপৰিসীম আনন্দ লাভ কৰিছিল।[60]

সুলোচনা[সম্পাদনা কৰক]

সুলোচনা (সংস্কৃত: सुलोचना; তেওঁ, যাৰ চকু ধুনীয়া) সৰ্পৰাজ শেষনাগৰ কন্যা আছিল আৰু ৰাৱণৰ জ্যেষ্ঠ পুত্ৰ মেঘানাদ (ইন্দ্ৰজিৎ)ৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷[61] বাল্মীকি ৰামায়ণত সুলোচনাৰ কোনো উল্লেখ পোৱা নাযায়, অৱশ্যে ইয়াৰ পৰৱৰ্তী সংস্কৰণসমূহত তেওঁৰ উল্লেখ আছে।[62] মেঘনাদ বধ কাব্য নামৰ বেলাডত উল্লেখ কৰা প্ৰমিলাক ইন্দ্ৰজিৎৰ পত্নী বুলি কোৱা হয়। সেয়েহে, এইটো যুক্তিসঙ্গতভাৱে ধৰি ল'ব পাৰি যে সুলোচনাকে প্ৰমিলা বুলিও জনা গৈছিল।

সুমালী[সম্পাদনা কৰক]

সুমালী (ইংৰাজী: Sumali) ৰাক্ষক ৰজা সুকেশ আৰু গন্ধৰ্ব ৰাজকুমাৰী দেৱৱতীৰ সন্তান আছিল।[63] তেওঁৰ দুজন ভাই আছিল মাল্যবান আৰু মালী। সুমালী কেতুমতীক বিবাহ কৰাইছিল। তেওঁৰ ১০গৰাকী পুত্ৰ আছিল ক্ৰমে- (প্ৰহস্ত, অকম্পন, বিকট, কালিকামুখা, ধুমৰক্ষ, দণ্ড, সুপ্ৰস্ব, সংৰাদি, প্ৰঘাস (Praghasa) আৰু ভাস্কৰ্ণ) আৰু ৪গৰাকী কন্যা ক্ৰমে- ৰাকা (Raka), পুষ্পটকতা (Puspotkata), কৈকেষী আৰু কুম্ভনাশী। তেওঁৰ কন্যা কৈকেষী ঋষি বিশ্ৰবাৰ সৈতে বিবাহ হয় যাৰ ঔৰসত তিনি পুত্ৰ যথাক্ৰমে ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু এটি কন্যা শূৰ্পনখাৰ জন্ম হয়।[64][65]

সুমিত্ৰা[সম্পাদনা কৰক]

সুমিত্ৰা (সংস্কৃত: सुमित्रा) হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ অযোধ্যাৰ ৰজা দশৰথৰ দ্বিতীয় সহধৰ্মিনী আৰু ৰাণী। [66] ৰামায়ণত উল্লেখ কৰা অনুসৰি তেওঁ যমজ সন্তান লক্ষ্মণ আৰু শত্ৰুঘ্নৰ মাতৃ।[67]

শ্ৰৱণ কুমাৰ[সম্পাদনা কৰক]

শ্ৰৱণ কুমাৰ হৈছে ৰামায়ণৰ এটি চৰিত্ৰ। তপস্বী দম্পতী শান্তণু আৰু মলয়াৰ পুত্ৰ। শ্ৰৱণৰ মাক দেউতাক উভয়ৰে দৃষ্টি শক্তি ক্ষীণ আছিল, পিছলৈ গৈ তেওঁলোক একেবাৰে অন্ধ হৈ পৰে। শ্ৰৱণ কুমাৰ পূৰ্বজন্মত ৰাজকোঁৱৰ আছিল। শাপৰ ফলত তেওঁ অন্ধমুনিৰ পুত্ৰ হৈ জন্ম লয়।

হনুমান[সম্পাদনা কৰক]

হনুমান (সংস্কৃত: हनुमान) হিন্দু শাস্ত্ৰ গ্ৰন্থত বৰ্ণিত দেৱতা। তেওঁ পৱন দেৱৰ পুত্ৰ। হিন্দু ধৰ্মগ্ৰন্থ ৰামায়ণত হনুমানৰ বিস্তাৰিত বৰ্ণনা পোৱা যায়। এই ধৰ্মগ্ৰন্থত তেওঁক মহাবলশালী, পৰাক্ৰমী, পৰম চতুৰ দেৱতাৰূপে বৰ্ণনা কৰা হৈছে। তেওঁক ভগৱান শ্ৰীবিষ্ণুৰ সপ্তম অৱতাৰ শ্ৰীৰামৰ পৰম ভক্ত বুলি জনা যায়। শৈশৱ কালত তেওঁ ৰক্তিম বৰণীয়া সূৰ্যক ফল বুলি বিবেচনা কৰি ভক্ষণ কৰাৰ বাবে আকাশমাৰ্গত যাত্ৰা কৰিছিল। সূৰ্যদেৱ হনুমানৰ অভিসন্ধি উপলদ্ধি কৰি গদাৰে হনুমানক প্ৰহাৰ কৰি ভূতলশায়ী কৰিছিল।

হবিৰ্ভূ[সম্পাদনা কৰক]

হবিৰ্ভূ বা মনিনী (হিন্দী: हविर्भू) আছিল কৰ্দম ঋষি আৰু দেৱহুতীৰ চতুৰ্থী কন্যা আৰু ঋষি পুলস্ত্যৰ পত্নী। তেওঁ ঋষি বিশ্ৰবা আৰু ঋষি অগস্ত্যৰ মাতৃ আছিল।[68][69]

লগতে চাওঁক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Wendy Doniger (1981). The Rig Veda: An Anthology : One Hundred and Eight Hymns, Selected, Translated and Annotated. Penguin Books. পৃষ্ঠা. 167–168. ISBN 978-0-14-044402-5. https://archive.org/details/rigvedapenguincl00anon. 
  2. Richard S Weiss 2009, পৃষ্ঠা. 49–51.
  3. Roshen Dalal 2010, পৃষ্ঠা. 7–8.
  4. Agarwal, Shashi (1977) (hi ভাষাত). Maithilīśaraṇa Gupta ke kāvya kī antarkathāoṃ ke śrota. Hindī Sāhitya Sammelana. https://books.google.co.in/books?id=qAIKAQAAIAAJ&q=%E0%A4%85%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%AF%E0%A4%95%E0%A5%81%E0%A4%AE%E0%A4%BE%E0%A4%B0+%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%A3&dq=%E0%A4%85%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%AF%E0%A4%95%E0%A5%81%E0%A4%AE%E0%A4%BE%E0%A4%B0+%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%A3&hl=en&sa=X&ved=0ahUKEwixgsSqj8TcAhWRulMKHUtIADwQ6AEINjAC। আহৰণ কৰা হৈছে: 16 July 2021. 
  5. "Who was Angad? What is Angad's role in Ramayana?" (en ভাষাত). www.timesnownews.com. https://www.timesnownews.com/spiritual/religion/article/who-was-angad-what-is-angads-role-in-ramayana/578108। আহৰণ কৰা হৈছে: 2020-08-03. 
  6. James G. Lochtefeld (2002). The Illustrated Encyclopedia of Hinduism: A-M. The Rosen Publishing Group. পৃষ্ঠা. 69. ISBN 978-0-8239-3179-8. https://books.google.com/books?id=5kl0DYIjUPgC&pg=PA69. 
  7. https://books.google.co.in/books?id=YmUOAAAAYAAJ&q=atikaya+dhanyamalini&dq=atikaya+dhanyamalini&hl=en&sa=X&ved=2ahUKEwjug4XQ-cXuAhUXqksFHQvYCD8Q6AEwA3oECAUQAg
  8. 8.0 8.1 C. G. Uragoda (2000). Traditions of Sri Lanka: A Selection with a Scientific Background. Vishva Lekha Publishers. ISBN 978-955-96843-0-5. https://books.google.com/books?id=BOmAAAAAMAAJ. 
  9. George M. Eberhart (1 January 2002). Mysterious Creatures: A Guide to Cryptozoology. ABC-CLIO. পৃষ্ঠা. 388. ISBN 978-1-57607-283-7. https://books.google.com/books?id=z9gMsCUtCZUC&pg=PA388. 
  10. H. L. Luthra (1988). Tales from Kalidasa. Ediciones Gamma S.A.. পৃষ্ঠা. 15. ISBN 9788120902282. https://books.google.com/books?id=rEWaSju1rVsC&q=Kushadhwaja&pg=PA15. 
  11. Lakshmi Lal (1988). The Ramayana. Orient Longman. পৃষ্ঠা. 20. ISBN 9780861318056. https://books.google.com/books?id=FHPXAAAAMAAJ&q=Kushadhwaja. 
  12. "Know interesting things about Ravana" (English ভাষাত). News Track. 2020-04-16. https://english.newstracklive.com/news/unknown-interesting-hidden-mythological-facts-ramayana-interesting-facts-about-ravan-sc93-nu612-ta612-ta294-1085188-1.html। আহৰণ কৰা হৈছে: 2020-07-02. 
  13. https://www.patrika.com/festivals/kewat-jayanti-2019-in-hindi-4572142/
  14. https://www.amarujala.com/uttarakhand/champawat/kevat-took-ram-sita-and-laxman-to-river-shore
  15. https://www.jagran.com/uttar-pradesh/varanasi-city-14764902.html
  16. https://www.telegraphindia.com/india/pm-narendra-modi-to-cherish-all-his-life-worship-by-washing-feet/cid/1685504
  17. 17.0 17.1 "Lohana History". http://www.lcuk.org.uk/history.htm। আহৰণ কৰা হৈছে: 14 November 2010. 
  18. 18.0 18.1 Chandra Mauli Mani (2009). Memorable Characters from the Rāmāyaṇa and the Mahābhārata. Northern Book Centre. পৃষ্ঠা. 77–. ISBN 978-81-7211-257-8. https://books.google.com/books?id=0xludqcKE4IC&pg=PA77. 
  19. 19.0 19.1 Patricia Turner, Charles Russell Coulter. Dictionary of ancient deities. 2001, page 248
  20. Raychaudhuri 2006, পৃষ্ঠা. 41–52.
  21. Bhalla, Prem P. (2017-08-22) (en ভাষাত). ABC of Hinduism. Educreation Publishing. https://books.google.com/books?id=DN4xDwAAQBAJ&pg=PA132&dq=Shyeni+Jatayu#q=Shyeni. 
  22. Lefeber p. 234
  23. Gibbs, Laura. "Mythology and Folklore UN-Textbook: Ramayana: Vishwamitra, Rama's Teacher". Mythology and Folklore UN-Textbook. http://mythfolklore.blogspot.com/2014/07/ramayana-vishwamitra-ramas-teacher.html। আহৰণ কৰা হৈছে: 2019-12-26. 
  24. "Rama and Lakshmana Slay the mighty tataka". The New Indian Express. https://www.newindianexpress.com/lifestyle/spirituality/2018/apr/28/rama-and-lakshmana-slay-the-mighty-tataka-1806617.html। আহৰণ কৰা হৈছে: 2020-09-05. 
  25. 25.0 25.1 Mani, Vettam (1975). Puranic Encyclopaedia: A Comprehensive Dictionary With Special Reference to the Epic and Puranic Literature. প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 519. ISBN 0-8426-0822-2. https://archive.org/details/puranicencyclopa00maniuoft. 
  26. Mittal, J. P. (2006) (en ভাষাত). History Of Ancient India (a New Version) : From 7300 Bb To 4250 Bc. Atlantic Publishers & Dist. ISBN 978-81-269-0615-4. https://books.google.com/books?id=b7gOBW8oDFgC&q=Trishara&pg=PA200. 
  27. Swamy p. 43
  28. Nanditha Krishna (1 May 2014). Sacred Animals of India. Penguin Books Limited. পৃষ্ঠা. 246. ISBN 978-81-8475-182-6. https://books.google.com/books?id=DF_af8_547EC&pg=PT246. 
  29. Mani, Vettam (1975). Puranic Encyclopaedia: A Comprehensive Dictionary With Special Reference to the Epic and Puranic Literature. প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 538. ISBN 0-8426-0822-2. https://archive.org/details/puranicencyclopa00maniuoft. 
  30. Julia Leslie (2014). Myth and Mythmaking: Continuous Evolution in Indian Tradition. Taylor & Francis. পৃষ্ঠা. 63–66 with footnotes. ISBN 978-1-136-77888-9. https://books.google.com/books?id=Z7LKAgAAQBAJ&pg=PA63. 
  31. Mittal, J. P. (2006) (en ভাষাত). History Of Ancient India (a New Version) : From 7300 Bb To 4250 Bc. Atlantic Publishers & Dist. ISBN 978-81-269-0615-4. https://books.google.com/books?id=b7gOBW8oDFgC&q=Prahasta&pg=PA200. 
  32. Kisari Mohan Ganguli (1883 - 1896). "The Mahabharata". Sacred texts. http://www.sacred-texts.com/hin/m02/m02011.htm. 
  33. Inhabitants of the Worlds Mahanirvana Tantra, translated by Arthur Avalon, (Sir John Woodroffe), 1913, Introduction and Preface. The Rishi are seers who know, and by their knowledge are the makers of shastra and "see" all mantras. The word comes from the root rish Rishati-prapnoti sarvvang mantrang jnanena pashyati sangsaraparangva, etc. The seven great Rishi or saptarshi of the first manvantara are Marichi, Atri, Angira, Pulaha, Kratu, Pulatsya, and Vashishtha. In other manvantara there are other saptarishi. In the present manvantara the seven are Kashyapa, Atri, Vashishtha, Vishvamitra, Gautama, Jamadagni, Bharadvaja. To the Rishi the Vedas were revealed. Vyasa taught the Rigveda so revealed to Paila, the Yajurveda to Vaishampayana, the Samaveda to Jaimini, Atharvaveda to Samantu, and Itihasa and Purana to Suta. The three chief classes of rishi are the Brahmarshi, born of the mind of Brahma, the Devarshi of lower rank, and Rajarshi or Kings who became rishi through their knowledge and austerities, such as Janaka, Ritaparna, etc. Thc Shrutarshi are makers of Shastras, as Sushruta. The Kandarshi are of the Karmakanda, such as Jaimini.
  34. "All Indian life is here". The Guardian. 23 August 2008. http://www.theguardian.com/artanddesign/2008/aug/23/art.ramayana। আহৰণ কৰা হৈছে: 27 April 2015. ""Read 5th Paragraph"" 
  35. "Sri Aurobindo on the Indian Epic Ramayana" (PDF). University of West Floridauwf.edu. পৃষ্ঠা: 2. http://uwf.edu/lgoel/documents/asriaurobindoonindianepicramayana.pdf। আহৰণ কৰা হৈছে: 27 April 2015. "read end paragraph of page 2" 
  36. Valmiki, Robert P. Goldman (1990). The Ramayana of Valmiki: An Epic of Ancient India. 1. Princeton University Press. পৃষ্ঠা. 14–15. ISBN 0-691-01485-X. 
  37. "Ravana | King Ravana - Viral Sri Lanka". 3 January 2020. https://www.viralsrilanka.com/ravana/। আহৰণ কৰা হৈছে: 24 January 2020. 
  38. 38.0 38.1 "Encyclopedia for Epics of Ancient India". http://www.mythfolklore.net/india/encyclopedia/visravas.htm। আহৰণ কৰা হৈছে: ১৫ মে ২০২০. 
  39. 39.0 39.1 Amazing Facts About Ravana | url=https://m.jagranjosh.com/general-knowledge/10-amazing-facts-about-ravana-1469597380-1 | আহৰণ কৰা হৈছে: ১৫ মে ২০২০
  40. "Sage Vishrava Pulastya". https://www.geni.com/people/Sage-Vishrava-Pulastya/6000000008023564660। আহৰণ কৰা হৈছে: ১৫ মে ২০২০. 
  41. Dawar, Sonalini Chaudhry (2006) (en ভাষাত). Ramayana, the Sacred Epic of Gods and Demons. Om Books International. ISBN 9788187107675. https://books.google.com/books?id=NxFPAQAAMAAJ&q=Shrutakirti. 
  42. Prakāśa, Veda; Guptā, Praśānta (1998) (en ভাষাত). Vālmīkī Rāmāyaṇa. Ḍrīmalaiṇḍa Pablikeśansa. ISBN 978-81-7301-254-9. https://books.google.com/books?id=MXfXAAAAMAAJ&q=Shrutakirti+Mandavi. 
  43. Rāmopākhyāna: the story of Rāma in the Mahābhārata p.429
  44. Mani 2015.
  45. Ganguly, S. (2003). "The Crisis of Indian Secularism". Journal of Democracy খণ্ড 14 (4): 11–25. doi:10.1353/jod.2003.0076. https://muse.jhu.edu/journals/journal_of_democracy/v014/14.4ganguly.html। আহৰণ কৰা হৈছে: 2008-04-12. 
  46. http://www.hindutemplede.com/index.php?option=com_content&view=article&id=59
  47. http://translate.google.com/#hi/en/%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%BE%E0%A4%B0
  48. দশাননৰ অৰ্থ | উৎস=হেমকোষ | প্ৰণেতা=হেমচন্দ্ৰ বৰুৱা | পৃষ্ঠা=৫৪৭ আৰু ৫৪৮ | সংস্কৰণ=ত্ৰয়োদশ সংস্কৰণ ২০০৭| আহৰণ কৰা হৈছে=১৫ মে ২০২০
  49. Bombay Historical Society (1946). Annual bibliography of Indian history and Indology, Volume 4. পৃষ্ঠা. 257. https://books.google.com/books?id=FAS2AAAAIAAJ. 
  50. Baqir, Muhammad (1985). Lahore, past and present. B.R. Pub. Corp. পৃষ্ঠা. 19–20. https://books.google.com/books?id=-pAcAAAAMAAJ&q=Lahore+Lava&dq=Lahore+Lava। আহৰণ কৰা হৈছে: 2009-05-29. 
  51. Masudul Hasan (1978). Guide to Lahore. Ferozsons. 
  52. Dalal, Roshen (2010) (en ভাষাত). Hinduism: An Alphabetical Guide. Penguin Books India. ISBN 978-0-14-341421-6. https://books.google.com/books?id=DH0vmD8ghdMC&pg=PA357&dq=Shyeni+Sampati#q=Shyeni%20Sampati. 
  53. Zimmer (1972) p. 124.
  54. 54.0 54.1 Flood (1996), p. 17.
  55. Tattwananda, p. 45.
  56. Dawar, Sonalini Chaudhry (2006) (en ভাষাত). Ramayana, the Sacred Epic of Gods and Demons. Om Books International. ISBN 9788187107675. https://books.google.com/books?id=NxFPAQAAMAAJ&q=Shrutakirti. 
  57. Prakāśa, Veda; Guptā, Praśānta (1998) (en ভাষাত). Vālmīkī Rāmāyaṇa. Ḍrīmalaiṇḍa Pablikeśansa. ISBN 978-81-7301-254-9. https://books.google.com/books?id=MXfXAAAAMAAJ&q=Shrutakirti+Mandavi. 
  58. Johnson, W.J. (2009). A Dictionary of Hinduism (1st সম্পাদনা). প্ৰকাশক Oxford: Oxford University Press. doi:10.1093/acref/9780198610250.001.0001. ISBN 9780191726705. 
  59. Bhimrao Ramji Ambedkar (1979). Dr. Babasaheb Ambedkar, Writings and Speeches: Riddles in Hinduism. Education Department, Government of Maharashtra. https://books.google.co.in/books?id=rJX2d-c4oaYC&dq=sugriva+vali+kishkindha. 
  60. Gita Jnana Brahmacharini Sharanya Chaitanya (1 July 2018). "Rama Brings Ahalya Back to Her Living Form". The New Indian Express. http://www.newindianexpress.com/lifestyle/spirituality/2018/jul/01/rama-brings-ahalya-back-to-her-living-form-1835161.html. 
  61. Das 2005.
  62. Singh, Avadhesh K. (2007) (en ভাষাত). Rāmāyaṇa Through the Ages: Rāma, Gāthā in Different Versions. D.K. Printworld. ISBN 978-81-246-0416-8. https://books.google.com/books?id=hzdoAAAAMAAJ&q=sulocan%C4%81+Indraj%C4%ABt. 
  63. http://ancientvoice.wikidot.com/src-vrm:ram7-5.
  64. Mittal, J. P. (2006) (en ভাষাত). History Of Ancient India (a New Version) : From 7300 Bb To 4250 Bc. Atlantic Publishers & Dist. ISBN 978-81-269-0615-4. https://books.google.com/books?id=b7gOBW8oDFgC&q=sumali+ravana&pg=PA200. 
  65. Mittal, J. P. (2006) (en ভাষাত). History Of Ancient India (a New Version) : From 7300 Bb To 4250 Bc. Atlantic Publishers & Dist. ISBN 978-81-269-0615-4. https://books.google.com/books?id=b7gOBW8oDFgC&q=sumali+ten&pg=PA200. 
  66. Dasharatha's third Queen, Charanamrit.com, 2012-06-19, http://www.charanamrit.com/gods/sumitra_2247 
  67. Mani, Vettam (1975). Puranic Encyclopaedia: A Comprehensive Dictionary With Special Reference to the Epic and Puranic Literature. প্ৰকাশক Delhi: Motilal Banarsidass. ISBN 978-0-8426-0822-0. https://archive.org/details/puranicencyclopa00maniuoft. 
  68. "Srimad-Bhagavatam". https://vaniquotes.org/wiki/Pulastya_begot_in_his_wife,_Havirbhu,_one_son_of_the_name_Agastya,_who_in_his_next_birth_became_Dahragni._Besides_him,_Pulastya_begot_another_very_great_and_saintly_son,_whose_name_was_Visrava। আহৰণ কৰা হৈছে: ১৫ মে ২০২০. 
  69. "Kuber". https://www.manuscrypts.com/myth/2011/08/25/kuber/। আহৰণ কৰা হৈছে: ১৫ মে ২০২০.