জলকুঁৱৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
জলকুঁৱৰী
John William Waterhouse A Mermaid.jpg

জন ৱিলিয়াম ৱাটাৰহাউছৰ দ্বাৰা অংকিত এ মাৰমেইড (১৯০০).
শ্ৰেণী কিংবদন্তি
উপশ্ৰেণী জলভাগৰ আত্মা
দেশ গোলকীয়

লোককথা অনুসৰি জলকুঁৱৰী বা জলপৰী বা মৎস্যকন্যা (ইংৰাজী: Mermaid) হৈছে জলভাগত নিবাস কৰা একপ্ৰকাৰৰ জীৱ। দেহৰ নিম্নাংশ ফিছাৰে সৈতে মাছৰ আকৃতিধাৰী জলকুঁৱৰীৰ দেহৰ উৰ্দ্ধাংশ মানৱীৰ।[1] ইউৰোপ, এছিয়া আৰু আফ্ৰিকাৰ বিভিন্ন সংস্কৃতিৰ লোককথাসমূহত জলকুঁৱৰীৰ উপস্থিতি দেখা পোৱা যায়।

প্ৰাচীন এছিৰিয়াত দেৱী এটাৰ্গেটিছে দুৰ্ঘটনাক্ৰমে নিজৰ মানৱ প্ৰেমিকৰ প্ৰাণনাশ কৰাৰ বাবে লজ্জিত হৈ জলকুঁৱৰীৰ ৰূপ ধাৰণ কৰে। বানপানী, ধুমুহা, জাহাজ দুৰ্ঘটনা আৰু সলিল সামাধি আদি কোনো কোনো বিনাশকাৰী ঘটনাৰ সৈতে কেতিয়াবা জলকুঁৱৰীক জড়িত কৰা হয়। কোনো কোনো সময়ত তেওঁলোকক দয়ালু বা উপকাৰী ৰূপতো দেখা পোৱা যায়। এনে ক্ষেত্ৰত তেওঁলোকে হয়তো কোনো মানৱৰ প্ৰেমত পৰে নতুবা কাৰোবাক বৰদান দিয়ে।

জলকুঁৱৰীৰ সমকক্ষ পুংলিংগধাৰী প্ৰাণী হৈছে জলকোঁ‌ৱৰ। লোককথাসমূহৰ লগতে চিহ্নকলাত (ইংৰাজী: heraldry) সততে দেখা পোৱা জলকোঁ‌ৱৰৰ প্ৰাসংগিকতা বিভিন্ন ক্ষেত্ৰত জলকুঁৱৰীতকৈ কম হোৱা পৰিলক্ষিত হয়। তেওঁলোক স্ত্ৰী অৰ্থাৎ জলকুঁৱৰীসমূহৰ সৈতে একেলগে থাকে বুলি ধাৰণা কৰা হয়। দুয়োবিধ জীৱকে একেলগে জলমানৱ (ইংৰাজী: merfolk, merpeople) বুলি কোৱা হয়।

পশ্চিমীয়া দেশসমূহত জলকুঁৱৰীৰ ধাৰণাটো গ্ৰীক কিংবদন্তিৰ ছাইৰেনৰ দ্বাৰা প্ৰভাৱাম্বিত হোৱাৰ সম্ভাৱনা আছে। ছাইৰেনসমূহৰ অৰ্ধাংশ পক্ষী যদিও খ্ৰীষ্টিয়ান কালত তেওঁলোকক অৰ্ধ-মৎস্য ৰূপত চিত্ৰায়িত কৰা হয়। ইতিহাসত জলকুঁৱৰী দেখা পোৱাৰ উল্লেখ, যেনে কলম্বাছে কেৰিবিয়ান অভিযানৰ সময়ত দিয়া প্ৰতিবেদন সম্বন্ধে কোৱা হয় যে তেওঁ হয়তো মেনাটি (সামুদ্ৰিক গৰু) বা আন কোনো জলজ জীৱহে দেখা পাইছিল। জলকুঁৱৰীৰ উপস্থিতিৰ কোনো বিশ্বাসযোগ্য প্ৰমাণ এতিয়ালৈকে পোৱা হোৱা নাই যদিও জলকুঁৱৰী দেখা পোৱাৰ ঘটনাৰ প্ৰতিবেদন বৰ্তমান সময়তো লাভ কৰি থকা হৈছে।

বিগত শতিকাসমূহত হেন্স খ্ৰীষ্টিয়ান এণ্ডাৰছনৰ সাধুকথা দ্য লিটল মাৰমেইডকে (১৮৩৬) আদি কৰি কলা আৰু সাহিত্যৰ বিভিন্ন সৃষ্টিসমূহত জলকুঁৱৰী বিষয়টো জনপ্ৰিয় হিচাপে পৰিগণিত হৈছে।

মূল[সম্পাদনা কৰক]

গ্ৰীক কিংবদন্তি, বিশেষকৈ ওডিছীৰ ছাইৰেন হৈছে এনে এক জীৱ যাৰ শৰীৰৰ অৰ্ধাংশ পক্ষীৰ আৰু অৰ্ধাংশ নাৰীৰ। এই ৰূপটো ক্ৰমান্বয়ে সলনি হৈ ছাইৰেন মাছৰ ফিছাৰে সৈতে এক নাৰীৰূপী জীৱলৈ পৰ্যবসিত হয়। এই পৰিৱৰ্তন সম্ভৱতঃ হেলেনীয় যুগতে আৰম্ভ হয়। [3] কিন্তু পৰৱৰ্তী খ্ৰীষ্টান 'বেষ্টিয়েৰি' অৰ্থাৎ জীৱ-জন্তুকেন্দ্ৰিক কাহিনীসমূহত ছাইৰেনৰ জলকুঁৱৰীসদৃশ চিত্ৰায়নৰ স্পষ্ট প্ৰমাণ পোৱা যায়। [2][lower-alpha 1]

হোমাৰৰ ছাইৰেনসমূহৰ কিছু বৈশিষ্ট্য যেনে পুৰুষক প্ৰলোভিত কৰা আৰু সুৱদী গীত আদিক জলকুঁৱৰীৰ সৈতে সংযুক্ত কৰা হৈছে। [2]

জলকুঁৱৰীৰ মূল সম্পৰ্কে আন কিছুমান প্ৰকৃতিবাদী মতবাদো পোৱা যায়। এই মতবাদসমূহৰ মতে কোনো লোকে মেনাটি, ডুগং (বৃহৎ স্তন্যপায়ী উদ্ভিদভোজী সামুদ্ৰিক প্ৰাণীবিশেষ) অথবা ছীলৰ (সামুদ্ৰিক প্ৰাণী) দৰ্শনৰ পৰাও জলকুঁৱৰীৰ কাহিনীৰ উৎপত্তি হ'ব পাৰে। [5][6]

লোককথা আৰু কিংবদন্তি[সম্পাদনা কৰক]

মেচ'পটেমিয়া আৰু উত্তৰ মেডিটেৰেনিয়ান[সম্পাদনা কৰক]

মেচ'পটেমিয়াৰ পৌৰাণিক বেবিলনৰ সময়ৰ পৰা শিল্পকলাসমূহত মাছৰ ফিছা আৰু শৰীৰৰ উৰ্দ্ধাংশ মানৱাকৃতিৰ জীৱৰ চিত্ৰণ দেখা যায়।[7] এই চিত্ৰণসমূহ ঘাইকৈ জলকোঁ‌ৱৰ যদিও কোনো সময়ত জলকুঁৱৰীৰো উপস্থিতি দেখা যায়।[7] সম্বৱতঃ জলকুঁৱৰীসকলৰ নাম আছিল কুলিল্টো। ইয়াৰ অৰ্থ হৈছে মৎস্য-মানৱী।[7] এই প্ৰতিকৃতিসমূহ সুৰক্ষা প্ৰদানকাৰী আকৃতি হিচাপে নৱ-এছিৰিয়ান কলাসমূহত ব্যৱহাৰ কৰা হৈছিল।[7]

ডিমেট্ৰিয়াছ তৃতীয়ৰ এক মুদ্ৰাত খোদিত অৰ্ধ-মৎস্যৰূপী এটাৰ্গেটিছ।

১০০০ খ্ৰীষ্টপূৰ্বত এছিৰিয়াত লোককথাৰ জলকুঁৱৰীৰ প্ৰথম আৱিৰ্ভাৱ হয়। এছিৰিয়াৰ ৰাণী ছেমিৰামিছৰ মাতৃ দেৱী এটাৰ্গেটিছ এজন মানৱৰ (ভেঁ‌ড়াৰখীয়া) প্ৰেমত পৰে আৰু দুৰ্ঘটনাবশতঃ এটাৰ্গিছৰ হাততেই তেওঁৰ প্ৰেমিকৰ প্ৰাণ নাশ হয়। এটাৰ্গেটিছে এই ঘটনাৰ ফলত লজ্জিত হৈ এটা হ্ৰদত জাপ দিয়ে আৰু এক মৎস্যৰ ৰূপ লয়। কিন্তু হ্ৰদৰ পানীয়ে তেওঁৰ দৈৱিক সৌন্দৰ্যক ঢাকি ৰাখিব পৰা নাছিল। ইয়াৰ পিছত দেৱীগৰাকীয়ে কঁ‌কাললৈকে মানৱী আৰু নিম্নাংশ মাছৰ আকৃতিৰে জলকুঁৱৰীৰ ৰূপ লয়। এটাৰ্গেটিছৰ প্ৰাৰম্ভিক চিত্ৰায়নসমূহত বেবিলনৰ দেৱতা ইআৰ দৰে তেওঁক মানৱী শিৰ আৰু হাতেৰে সৈতে এজনী মাছৰ ৰূপত উপস্থাপন কৰা হৈছে।[8] গ্ৰীকসকলে এটাৰ্গেটিছক ডাৰ্কেটো নামেৰে চিহ্নিত কৰিছিল।[9] মিলেছিয়ান দাৰ্শনিক এনাক্সিমেণ্ডাৰে ৫৪৬ খ্ৰীষ্টপূৰ্বৰ আগেয়েই এই কথা কৈছিল যে মানৱ জাতি কোনো জলজ জন্তুৰ পৰা উদ্ভৱ হোৱা। অন্যথা, মানুহৰ দৰে দীৰ্ঘদিন ধৰি কেঁ‌চুৱা অৱস্থাত থকা এক জীৱ বৰ্তি নাথাকিলেহেঁ‌তেন।[10][11]

নেচাৰেল হিষ্টৰী শীৰ্ষক গ্ৰন্থত প্লাইনি দ্য এল্ডাৰে গাউলৰ উপকূলত জলকুঁৱৰীৰ দৰ্শনৰ কেইবাটাও ঘটনাৰ বৰ্ণনা কৰিছে। তেওঁৰ বৰ্ণনা অনুসৰি জলকুঁৱৰীসমূহৰ দেহ বাকলিৰে ঢাক খাই থাকে আৰু সমুদ্ৰই ইহঁ‌তৰ মৃতদেহ প্ৰায়েই পাৰলৈ উটুৱাই আনে। তেওঁৰ মন্তব্যবনুসৰি গাউলৰ শাসকে সম্ৰাট অগাষ্টাছলৈ এই কথা জনাই এখন পত্ৰও লিখিছিল।[12]

এহেজাৰ এনিশাৰ সাধু[সম্পাদনা কৰক]

আৰৱীয় লোককথা বা এহেজাৰ এনিশাৰ সাধুৰ সংকলনৰ (ইংৰাজী: One Thousand and One Nights) বহুকেইটা সাধুত জলমানৱৰ উল্লেখ পোৱা যায়।[13] অন্য সংস্কৃতিত বৰ্ণিত জলকুঁৱৰীৰ এক বিপৰীত ৰূপ এই সাধুসমূহত দেখা যায়। ইয়াৰ জলমানৱসমূহ শাৰীৰিক গঠনৰ ফালৰ পৰা ভূ-ভাগৰ মানৱৰ সৈতে একেই। অৱশ্যে তেওঁলোকৰ জলভাগৰ মাজত শ্বাস ল'ব পৰা আৰু বসবাস কৰিব পৰাৰ ক্ষমতা থাকে। ভূ-ভাগৰ মানৱৰ সৈতেও তেওঁলোকে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে আৰু এনে সম্পৰ্কৰ ফলত জন্ম হোৱা সন্তানৰো জলভাগত বাস কৰাৰ ক্ষমতা থাকে।[13]

দক্ষিণ-পূব এছিয়া[সম্পাদনা কৰক]

সুভন্নমচ্ছ আৰু হনুমান, বেংককৰ ৱাট ফ্ৰা কেউত।

থাইলেণ্ডৰ থাই ভাষা তথা দক্ষিণ-পূব এছিয়াৰ অন্যান্য ভাষাৰ ৰামায়ণৰ সংস্কৰণসমূহত সুভন্নমচ্ছ (সংস্কৃত: सुवर्णमत्स्य) নামৰ টছাকান্থৰ (ৰাৱণ) এগৰাকী দুহিতাৰ বৰ্ণনা পোৱা যায়।[14] সুৱৰ্ণমচ্ছ হৈছে এগৰাকী জলকুঁৱৰীৰূপী ৰাজকুমাৰী। তেওঁ হনুমানলংকালৈ সেঁ‌তু নিৰ্মাণ কৰাত বাধা দিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ হনুমানৰ প্ৰেমত পৰে।[15] তেওঁ থাই লোক-সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ।[16]

কম্বোডিয়াত তেওঁক সুৱন্ন মচ্ছ নামেৰে জনা যায় আৰু ই স্থানীয় দৰ্শকৰ এক জনপ্ৰিয় চৰিত্ৰ।[17]

ইণ্ডোনেচিয়াৰ জাভানীজ সংস্কৃতিত ঞাই ৰোৰো কিডুল নামৰ সামুদ্ৰিক দেৱী তথা দাক্ষিণাত্যৰ সাগৰৰ ৰাণীৰ উপস্থিতি দেখা পোৱা যায়। তেওঁৰ বিভিন্ন ৰূপ আছে। জলকুঁৱৰীৰ ৰূপত দেৱীৰ নাম ঞাই ব্লোৰং।[18]

ফিলিপাইনছৰ থলুৱা জনগোষ্ঠীসমূহৰ মাজত জলকুঁৱৰীৰ ধাৰণাটো ভিন ভিন হোৱা দেখা যায়। পেংগাছিনিজসকলৰ মাজত প্ৰচলিত কাহিনী অনুসৰি, সমুদ্ৰৰ ৰাণী জলকুঁৱৰী বিনালাটংগানে এজন মানৱক বিবাহ কৰায় আৰু এসময়ত মানৱ সমাজৰ ওপৰত ৰাজত্ব কৰে।[19] ইলোকানোসকলৰ মতে প্ৰথমগৰাকী ছেৰেনা আৰু লিটাঅ'ৰ (জলদেৱতা) পৰা জলকুঁৱৰীৰ জন্ম হয়।[19] বিকোলানোসকলে জলকুঁৱৰীক মেগিণ্ডাৰা বুলি কয়। তেওঁলোক সুৱদী কণ্ঠ আৰু হিংস্ৰ স্বভাৱৰ বাবে জনাজাত।[20] মেম্বুবুনো হৈছে ছম্বালসকলৰ জলকুঁৱৰী আৰু তেওঁলোকৰ দুখন ফান থাকে। এই আটাইবোৰ জনগোষ্ঠীৰ মাজতে জলকুঁৱৰীক বুজাবলৈ ছাইৰেনা শব্দটো প্ৰচলিত। [21]

টোকা[সম্পাদনা কৰক]

  1. গ্ৰীক 'বেষ্টিয়েৰি'ৰ প্ৰাচীনতম নিদৰ্শন বা দ্বিতীয় শতিকাৰ 'ফিজিঅ'লোগাছ'সমূহত ছাইৰেনক এক পক্ষী-মানৱী হিচাপে চিত্ৰিত কৰ হৈছে। কিন্তু নৱম শতিকাৰ এক 'বেষ্টিয়েৰি'ত এইসমূহক জলকুঁৱৰীৰ ৰূপত চিত্ৰিত কৰা হৈছে। কোনো কোনো সময়ত চিত্ৰসমূহত জলকুঁৱৰীক তুলি ধৰা হৈছে যদিও ইয়াৰ বিপৰীতে লেখনিত পক্ষী-মানৱীৰহে বৰ্ণনা আছে।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Mermaid". Dictionaries. Oxford. http://oxforddictionaries.com/definition/mermaid?q=mermaid। আহৰণ কৰা হৈছে: 16 April 2012. 
  2. 2.0 2.1 2.2 Waugh (1960), পৃষ্ঠা. 78–79.
  3. ৱাওৱে ২৫০ খ্ৰীষ্টপূৰ্বৰ পোৰামাটিৰে নিৰ্মিত এক "বিলাপ কৰি থকা ছাইৰেন"ৰ ভগ্নাংশৰ কথা উল্লেখ কৰিছে। [2]
  4. Bain, Frederika (2017). The Tail of Melusine: Hybridity, Mutability, and the Accessible Other. Brill Publishers. পৃষ্ঠা. 24. ISBN 9789004355958. https://books.google.com/books?id=xSk_DwAAQBAJ&pg=PA24. 
  5. Waugh (1960), পৃষ্ঠা. 77–78.
  6. Jøn, A. Asbjørn (1978), Dugongs and Mermaids, Selkies and Seals, p. 95, https://www.researchgate.net/publication/280883413 
  7. 7.0 7.1 7.2 7.3 Black, Jeremy; Green, Anthony (1992). Gods, Demons and Symbols of Ancient Mesopotamia: An Illustrated Dictionary. The British Museum Press. পৃষ্ঠা. 131–132. ISBN 0-7141-1705-6. 
  8. Rostovtseff, M. (January 1933). "Hadad and Atargatis at Palmyra". American Journal of Archaeology খণ্ড 37 (1): 58–63. doi:10.2307/498042. 
  9. Strabo 16.785; Pliny, Natural History 5.81.
  10. Evans, James. "Anaximander". Encyclopædia Britannica. https://www.britannica.com/biography/Anaximander। আহৰণ কৰা হৈছে: 14 January 2020. 
  11. Bell, Jacob (30 March 2019). "Evolutionary Theory in Ancient Greece & Rome". Classical Wisdom Weekly. https://classicalwisdom.com/philosophy/evolutionary-theory-in-ancient-greece-rome/। আহৰণ কৰা হৈছে: 14 January 2020. 
  12. Hansen, William (2017). The Book of Greek & Roman Folktales, Legends & Myths. প্ৰকাশক Princeton, New Jersey: Princeton University Press. পৃষ্ঠা. 169–170. ISBN 9780691170152. 
  13. 13.0 13.1 Irwin, Robert (2003). One Thousand and One Nights: A Companion. Tauris Parke Paperbacks. পৃষ্ঠা. 209. ISBN 1-86064-983-1. 
  14. Satyavrat Sastri (2006). Discovery of Sanskrit Treasures: Epics and Puranas. Yash Publications. পৃষ্ঠা. 77. ISBN 978-81-89537-04-3. https://books.google.com/books?id=seljAAAAMAAJ। আহৰণ কৰা হৈছে: 24 July 2012. 
  15. S.N. Desai (2005). Hinduism in Thai Life. Popular Prakashan. পৃষ্ঠা. 135. ISBN 978-81-7154-189-8. https://books.google.com/books?id=VmsKr7lqTjwC&pg=PA135। আহৰণ কৰা হৈছে: 24 July 2012. 
  16. Sastri, Satyavrat (1982). Studies in Sanskrit and Indian culture in Thailand. Parimal Publications. পৃষ্ঠা. 63. https://books.google.com/books?id=TUM3AAAAIAAJ. 
  17. Le Reamker – Description of Ream Ker in French
  18. Robson, Stuart. The Kraton, KITLV Press 2003, Leiden, আই.এচ.বি.এন. 90-6718-131-5, p. 77
  19. 19.0 19.1 The Beyer Ethnographic Series
  20. Bikol Beliefs and Folkways: A Showcase of Tradition. Nasayao, 2010
  21. Philippine Demonological Legends and Their Cultural Bearings, Maximo Ramos, Phoenix Publishing 1990