সুভন্নমচ্ছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুভন্নমচ্ছ

থাইলেণ্ডৰ বেংককৰ ৱাট ফ্ৰা কাওত সুভন্নমচ্ছ আৰু হনুমানৰ এক চিত্ৰ
তথ্য
পৰিয়াল হনুমান (পতি), মচ্ছনু (পুত্ৰ), ৰাৱণ (পিতৃ).

সুভন্নমচ্ছ (থাই: สุพรรณมัจฉา) বা সুৱৰ্ণমৎস্য (সংস্কৃত: सुवर्णमत्स्य) হৈছে থাই ভাষাৰ লগতে দক্ষিণ-পূব এছিয়াৰ বিভিন্ন ৰামায়ণ সংস্কৰণত উল্লিখিত টছাকনাথ বা ৰাৱণৰ জীয়ৰী। সুৱৰ্ণমৎস্যৰ আক্ষৰিক অৰ্থ হৈছে সোণোৱালী মাছ।[1] তেওঁ হৈছে জলকুঁৱৰীসকলৰ এক ৰাজকুমাৰী। যেতিয়া হনুমানে ৰাম আৰু বানৰ বাহিনীৰ সৈতে সমুদ্ৰক অতিক্ৰম কৰি লংকালৈ যাবলৈ সেতু নিৰ্মাণ কৰিবলৈ লয় তেতিয়া সুভন্নমচ্ছই এই পৰিকল্পনা বিফল কৰিবলৈ চেষ্টা কৰে।[2]

থাই লোককথাত সুভন্নমচ্ছ এক জনপ্ৰিয় চৰিত্ৰ আৰু ওলোমাই ৰখা তেওঁৰ প্ৰতিকৃতিয়ে দোকান-পোহাৰ আৰু আবাসগৃহলৈ সৌভাগ্য কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়।

থাইলেণ্ডৰ নথাবুৰিৰ এখন নৈপৰীয়া দোকানত সৌভাগ্য কঢ়িয়াই আনিব বুলি ৰখা সুভন্নমচ্ছৰ প্ৰতিকৃতি

আখ্যান[সম্পাদনা কৰক]

ৰামায়ণৰ থাই আৰু অন্যান্য দক্ষিণ-এছিয় সংস্কৰণসমূহত পোৱা যায় যে যেতিয়া ৰাৱণে জনকনন্দিনী সীতাক হৰণ কৰি লংকালৈ লৈ যায় তেতিয়া সীতাৰ স্বামী তথা অযোধ্যাৰ ৰাজকুমাৰ দশৰথনন্দন ৰামে হনুমানসহিত লংকালৈ যাবৰ বাবে এক পথ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লয়। সেইমতে এখন সেতু নিৰ্মাণ কৰোঁতে হনুমানে এই কথা আৱিষ্কাৰ কৰে যে সমুদ্ৰৰ জলকুঁৱৰীসমূহে এই কাৰ্যত বিঘিনি প্ৰদান কৰিছে। ইয়াৰ কাহিনীভাগ থূলমূলকৈ এনেধৰণৰ:

সীতা লংকাত বন্দীনী হৈ থকাৰ সম্ভেদ হনুমানে আহি ৰামক দিয়ে আৰু তেওঁলোকে সমুদ্ৰ অতিক্ৰম কৰি লংকালৈ যাবলৈ এক সেতু নিৰ্মাণৰ পৰিকল্পনা কৰে। হনুমানে বানৰ সেনাক একত্ৰিত কৰি এই সেতুবন্ধনৰ কাম আৰম্ভ কৰে আৰু বৃহদাকাৰ শিল নিক্ষেপ কৰি এই সেতুৰ ভেটি নিৰ্মাণ কৰাত লাগে। কিছুদিনৰ পিছত বানৰ সেনাই লক্ষ্য কৰে যে প্ৰতিদিনে নিক্ষেপ কৰা শিলসমূহ দ্বিতীয় দিনা অন্তৰ্ধান হৈ যায়। তেওঁলোকে হনুমানক মাতি আনি এই বিষয়ে জনায়। তেতিয়া হনুমানে তেওঁৰ সৈতে কেইজনমান সহচৰ লৈ সমুদ্ৰগৰ্ভলৈ যায় আৰু বাকীসকলক সেতুবন্ধনৰ কাম অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে।

সমুদ্ৰৰ তলিত হনুমানে দেখা পায় যে সেই ঠাই বহুতো জলকুঁৱৰীৰ বিচৰণস্থল আৰু তেওঁলোকে বনৰ সেনাই নিক্ষেপ কৰা শিলবোৰ আঁ‌তৰাই পেলায়। তেতিয়া হনুমানে তেওঁলোকৰ দলনেত্ৰীৰ সন্ধান কৰে আৰু এগৰাকী সুন্দৰী জলকুঁৱৰীয়ে সকলো কামৰ তত্ত্বাৱধান কৰি থকা দেখা পায়। হনুমানে তেওঁৰ কাষ চাপিবলৈ চেষ্টা কৰে যদিও তেওঁ হনুমানক কৌশলেৰে এৰাই চলে। আনকি হনুমানে তেওঁক আক্ৰমণ কৰাৰ প্ৰচেষ্টাও বিফল হয়।

ক্ৰমশঃ হনুমানে অনুভৱ কৰে যে জলকুঁৱৰীগৰাকীৰ প্ৰতি তেওঁৰ মনত প্ৰেমভাৱে খোপনি পুতিছে। সেয়ে তেওঁ নীৰৱে জলকুঁৱৰীগৰাকীৰ কাষ চাপি প্ৰেম নিবেদন কৰে আৰু অৱশেষত সমুদ্ৰগৰ্ভত তেওঁলোক মিলিত হয়।

পিছত যেতিয়া হনুমানে এই বিষয়ে জানিব বিচাৰে যে কিয় তেওঁলোকে শিলবোৰ স্থানান্তৰ কৰিছে তেতিয়া জলকুঁৱৰীয়ে জানিবলৈ দিয়ে যে তেওঁৰ নাম সুভন্নমচ্ছ (সুৱৰ্ণমৎস্য)। তেওঁ ৰাৱণৰ দুহিতা। ৰাৱণে হনুমানৰ বানৰ সেনাক যেতিয়া সেতু বান্ধি থকা দেখা পায় তেতিয়া সুভন্নমচ্ছক এই কাৰ্যত বাধা দিবলৈ নিৰ্দেশ দিয়ে। তেতিয়া হনুমানে তেওঁক এই কথা ভাঙি-পাতি বুজাই কয় যে ৰাৱণে ৰামৰ সহধৰ্মিণী সীতাক হৰণ কৰি নিছে। সেয়েহে তেওঁলোকে সীতাক উদ্ধাৰ কৰিবৰ নিমিত্তে লংকালৈ যাবলৈ সেতু নিৰ্মাণ কৰিছে।

তেতিয়া সুভন্নমচ্ছই অঙ্গীকাৰ কৰে যে তেওঁ সেতু বন্ধা কাৰ্যত আৰু বাধা প্ৰদান নকৰে আৰু স্থানান্তৰ কৰা আটাইবোৰ শিল পুনৰ ঘূৰাই দিয়ে।[3]

মচ্ছনু[সম্পাদনা কৰক]

মচ্ছনু আৰু হনুমানৰ যুদ্ধ।

হনুমানৰ ঔৰষত সুভন্নমচ্ছৰ এক পুত্ৰৰ জন্ম হয়। তেওঁৰ নাম ৰখা হয় মচ্ছনু। তেওঁৰ শৰীৰৰ উপৰিভাগ আছিল বানৰৰ আকৃতিৰ আৰু নিম্নাংশ মৎস্যৰ আকৃতিৰ। ৰামায়ণৰ বিভিন্ন সংস্কৰণৰ মতে মচ্ছনুৱে লংকাৰ যুদ্ধত ৰাৱণৰ পক্ষত যুঁজ দিছিল। সমুখ-সমৰত হনুমানে মচ্ছনুক গদাৰে প্ৰহাৰ কৰিবলৈ লওঁতেই আকাশবাণী হয় যে যাক তেওঁ আঘাত কৰিবলৈ ওলাইছে সেয়া সুভন্নমচ্ছৰ গৰ্ভজাত তেওঁৰ নিজৰেই পুত্ৰ। তেতিয়া পিতা-পুত্ৰই ইজনে সিজনৰ পৰিচয় পায়।[4][5] আন এক সংস্কৰণৰ মতে মৈয়াৰবে (মহীৰাৱণ) ৰাম-লক্ষ্মণক পাতালপুৰীলৈ হৰণ কৰি নিয়ে। সেই ঠাইৰ প্ৰহৰী মচ্ছনুৰ সৈতে হনুমানৰ যুদ্ধ হয় আৰু তেতিয়াই মচ্ছনুৱে নিজকে হনুমানৰ পুত্ৰ বুলি পৰিচয় দিয়ে।[6][7][8]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Satyavrat Sastri (2006). Discovery of Sanskrit Treasures: Epics and Puranas. Yash Publications. পৃষ্ঠা. 77. ISBN 978-81-89537-04-3. https://books.google.com/books?id=seljAAAAMAAJ। আহৰণ কৰা হৈছে: 2012-07-24. 
  2. S.N. Desai (2005). Hinduism in Thai Life. Popular Prakashan. পৃষ্ঠা. 135. ISBN 978-81-7154-189-8. https://books.google.com/books?id=VmsKr7lqTjwC&pg=PA135। আহৰণ কৰা হৈছে: 2012-07-24. 
  3. "Suvannamaccha". Mermaid.fandom.com. https://mermaid.fandom.com/wiki/Suvannamaccha। আহৰণ কৰা হৈছে: 26 September 2021. 
  4. [1]
  5. [2]
  6. The Ramayana and the Malay shadow-play by Amin Sweeney, Vālmīki. Penerbit Universiti Kebangsaan Malaysia. 1972. পৃষ্ঠা. 238, 246, 440. https://books.google.com/books?id=qGrYAAAAMAAJ&q=Macchanu&dq=Macchanu&hl=en&sa=X&ei=SdqXUK6mAoP5rQfI9IH4Aw&ved=0CEEQ6AEwBw. 
  7. Satya sudhā, a critical evaluation of Dr. Satya Vrat Shastri's creative works by Satya Vrat Varma. Eastern Book Linkers. 1991. পৃষ্ঠা. 190, 205, 214. https://books.google.com/books?id=9vxjAAAAMAAJ&q=Macchanu&dq=Macchanu&hl=en&sa=X&ei=SdqXUK6mAoP5rQfI9IH4Aw&ved=0CDUQ6AEwAw. 
  8. Śrīrāmakīrtimahākāvyam: Thāirāmakathāmāśritya praṇītamabhinavaṃ Saṃskr̥tamahākāvyam by Satyavrat Sastri. Mūlāmala Sacadeva Pratiṣṭhānam. 1990. পৃষ্ঠা. xvi,224, 282. https://books.google.com/books?id=A6QtAAAAMAAJ&q=Macchanu&dq=Macchanu&hl=en&sa=X&ei=SdqXUK6mAoP5rQfI9IH4Aw&ved=0CDIQ6AEwAg.