সমললৈ যাওক

নলকুবেৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নলকুবেৰ
বাসনাৰ দেৱতা[1]

নলকুবেৰ আৰু মণিভদ্ৰক কৃষ্ণই শাপমুক্ত কৰাৰ দৃশ্য
অন্য নাম কুবেৰপুত্ৰ, ময়ূৰাজ, কামযক্ষ[2]
সম্পৰ্ক দেৱতা, যক্ষ
নিবাস অলকাপুৰী
মন্ত্ৰ ওঁম কুবেৰপুত্ৰ কামযক্ষ নলকুবেৰ নমঃ
অস্ত্ৰ ধনু-কাঁড়
প্ৰতীক কাজু[3]
বাৰ সোমবাৰ
সঙ্গী ৰম্ভা, সোমপ্ৰভা
সহোদৰ মণিভদ্ৰ
বাহন ভাটৌ

নলকুবেৰ (সংস্কৃত: नलकूबर) হৈছে হিন্দু আৰু বৌদ্ধ আখ্যানসমূহৰ যক্ষৰাজ কুবেৰৰ (বৈশ্ৰৱণ বুলিও জনা যায়) পুত্ৰ তথা মণিগ্ৰীৱৰ (মণিভদ্ৰ) ভাতৃ। তেওঁ অপ্সৰা ৰম্ভা আৰু ৰত্নমালাৰ স্বামী হিন্দু আৰু বৌদ্ধ সাহিত্যত নলকুবেৰক প্ৰায়ে যৌনতাৰ দিশেৰে কূটকৌশলী ব্যক্তি হিচাপে দেখা যায়।

নাম[সম্পাদনা কৰক]

বিভিন্ন সংস্কৃত আৰু প্ৰাকৃত গ্ৰন্থত কুবেৰৰ পুত্ৰক "নলকুবেৰ", "নলকুৱল", "ময়ূৰাজ", "নৰকুবেৰ", আৰু "নটকুবেৰ" নামেৰে বৰ্ণনা কৰা হৈছে। চীনা সাহিত্যত তেওঁক "নাঝা" আৰু পিছলৈ "নেঝা" নামেৰে জনা যায়। ই হৈছে "নলকুবেৰ" শব্দৰ সংক্ষিপ্ত লিপ্যন্তৰ।[4]

কিংবদন্তি[সম্পাদনা কৰক]

হিন্দু ধৰ্ম[সম্পাদনা কৰক]

ৰামায়ণ[সম্পাদনা কৰক]

ৰামায়ণত নলকুবেৰৰ প্ৰথম পত্নী ৰম্ভাক ৰাৱণে যৌন নিৰ্যাতন চলাইছিল। বাল্মিকী ৰামায়ণত নলকুবেৰে ৰাৱণক অভিশাপ দিয়ে যে তেওঁ কেতিয়াও আন এগৰাকী ৰমণীৰ কাষ চাপিব নোৱাৰিব যদিহে তেওঁ সেই প্ৰেমৰ অংশীদাৰ নহয়। যদি তেওঁক প্ৰেম নকৰা যিকোনো নাৰীৰ ওপৰত তেওঁ হিংসা কৰে, তেন্তে তেওঁৰ মূৰটো সাত টুকুৰা হ'ব।[5] এই অভিশাপে ৰাৱণে অপহৰণ কৰাৰ পিছত ৰামৰ পত্নী সীতাৰ সতীত্ব ৰক্ষা কৰিছিল।[6][7]

ভাগৱত পুৰাণ[সম্পাদনা কৰক]

কৃষ্ণই কুবেৰ ভাতৃদ্বয়ক অভিশাপৰ পৰা মুক্ত কৰিছে।

ভাগৱত পুৰাণত, নলকুবেৰ আৰু তেওঁৰ ভাতৃ মণিগ্ৰীৱ, নাৰদ ঋষিৰ দ্বাৰা অভিশপ্ত হৈ গছলৈ পৰিণত হয়।[8] পিছত শিশু কৃষ্ণই তেওঁলোকক মুক্ত কৰে।

নলকুবেৰ আৰু মণিগ্ৰীৱে নগ্ন হৈ গংগাত অপ্সৰাসকলৰ সৈতে জলকেলি কৰি আছিল। সেই সময়তে বিষ্ণুক দেখা কৰি সেইফালেৰে নাৰদ পাৰ হৈ গৈছিল। নাৰদক দেখা পাই কুমাৰীসকলে নিজকে বস্ত্ৰৰে আৱৰিলে। আনহাতে নলকুবেৰ আৰু মণিগ্ৰীৱে অত্যধিক মদ্যপান কৰাৰ ফলত নাৰদক দেখা নাপালে আৰু বিবস্ত্ৰ হৈয়েই থাকিল। কিছুমান সংস্কৰণৰ মতে নাৰী আৰু মদ অত্যধিক ভোগ কৰাৰ ফলত তেওঁলোকৰ জীৱন নষ্ট কৰাৰ বাবে নাৰদে পুতৌ কৰে। তেওঁলোকোক নিজৰ ভুল উপলব্ধি কৰাত সহায় কৰিবলৈ নাৰদে তেওঁলোকক দুজোপা অৰ্জুন গছলৈ ৰূপান্তৰিত হ'বলৈ অভিশাপ দিলে। নাৰদে কামনা কৰিছিল যে ভাতৃদ্বয়ে বহু বছৰৰ পাছত কৃষ্ণক লগ পাওক, যি তেওঁলোকক অভিশাপৰ পৰা মুক্ত কৰিবলৈ সক্ষম হ’ব। আন কিছুমান বিৱৰণীত কোৱা হৈছে যে দুই ভাতৃৰ মৰ্যাদা আৰু সন্মানৰ অভাৱত নাৰদ ইমানেই ক্ষুণ্ণ হৈছিল যে তেওঁ তেওঁলোকক অভিশাপ দি গছত পৰিণত কৰিছিল। ভাতৃদ্বয়ে নাৰদক অনুৰোধ কৰাৰ পিছত তেওঁ ক'লে যে কৃষ্ণই তেওঁলোকক স্পৰ্শ কৰিলে তেওঁলোকক মুক্তি পাব।[9][10]

বহু বছৰৰ পাছত শিশু কৃষ্ণৰ তোলনীয়া মাতৃ যশোদাই মাটি খাব নোৱাৰাকৈ কৃষ্ণক উড়ালত বান্ধি থৈছিল। কৃষ্ণই উড়ালটো অৰ্জুন গছৰূপী নলকুবেৰ আৰু মণিগ্ৰীৱৰ মাজেৰে তানি নিয়ে আৰু তাক উভালি পেলোৱাত দুই ভাতৃয়ে নিজৰূপ লাভ কৰে। তাৰ পিছত ভাতৃদ্বয়ে কৃষ্ণক শ্ৰদ্ধাঞ্জলি জনাই পূৰ্বৰ ভুলৰ বাবে ক্ষমা খুজি প্ৰস্থান কৰে।[11]

বৌদ্ধ ধৰ্ম[সম্পাদনা কৰক]

কাকতি জাতকৰ কাহিনী অনুযায়ী নলকুবেৰ (নটকুবেৰ) বেনাৰস ৰজাৰ দৰবাৰৰ সংগীতজ্ঞ আছিল। ৰজাৰ পত্নী ৰাণী কাকতিক গৰুড় ৰজাই অপহৰণ কৰাৰ পিছত বেনাৰস ৰজাই নাটকুবেৰক তেওঁৰ সন্ধান কৰিবলৈ পঠিয়ায়। নটকুবেৰে গৰুড় ৰজাৰ পাখিৰ মাজত লুকাই থাকি তেওঁৰ বাহ পায়গৈ। তেওঁ আহি পোৱাৰ পিছত নটকুবেৰে ৰাণী কাকতিৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰে। ইয়াৰ পিছত নটকুবেৰে গৰুড়ৰ ডেউকাত বেনাৰসলৈ উভতি আহি কাকতিৰ সৈতে হোৱা অভিজ্ঞতাৰ কথাৰে এটা গীত ৰচনা কৰে। গৰুড়ে গীতটো শুনি বুজি পায় যে তেওঁক প্ৰতাৰণা কৰা হৈছে। তেতিয়া তেওঁ কাকতিক ঘৰলৈ ঘূৰাই আনি স্বামীৰ ওচৰলৈ আনে।[12]

তান্ত্ৰিক গুৰুসকলে নলকুবেৰক কুবেৰৰ যক্ষ সৈন্যৰ সেনাপতি হিচাপে আহ্বান কৰিছিল। তান্ত্ৰিক গ্ৰন্থ "মহাময়ূৰীবিদ্যাৰাজনী"ত তেওঁৰ উল্লেখ পোৱা যায়, য'ত তেওঁক বীৰ যক্ষ সেনাপতি হিচাপে চিত্ৰিত কৰা হৈছে। ইয়াত সৰ্প দংশন নিৰাময়ৰ উপায় হিচাপে নলকুবেৰৰ নাম লোৱা হৈছে। "মহাময়ূৰীবিদ্যাৰাজনী" আৰু "আমোঘ-পাশ"ৰ কিছুমান সংস্কৰণে নলকুবেৰক "মহাযক্ষ সেনাপতি" উপাধি প্ৰদান কৰে।[13] নলকুবেৰৰ নাম আন দুখন তান্ত্ৰিক গ্ৰন্থত উল্লেখ আছে।[14]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Discussion with Indian NorthernEastern Mythologyist Samwel Debbarma
  2. Discussion with Indian NorthernEastern Mythologyist Samwel Debbarma
  3. Discussion with Indian NorthernEastern Mythologyist Samwel Debbarma
  4. Shahar, Meir (2014). "Indian Mythology and the Chinese Imagination: Nezha, Nalakubara, and Krshna". In John Kieschnick and Meir Shahar. India in the Chinese Imagination. University of Pennsylvania Press. পৃষ্ঠা. 27. ISBN 978-0-8122-4560-8. 
  5. "Ramayana of Valmiki, Book 7: Uttara kanda: Chapter 26". Wisdom Library. https://www.wisdomlib.org/hinduism/book/the-ramayana-of-valmiki/d/doc424792.html. 
  6. "Blush.me". Archived from the original on 2021-01-20. https://web.archive.org/web/20210120124248/http://www.blush.me/unwind/rambha-apsara-raped-ravana/। আহৰণ কৰা হৈছে: 2023-04-28. 
  7. Puranic Encyclopedia: a comprehensive dictionary with special reference to the epic and Puranic literature, Vettam Mani, Motilal Banarsidass, Delhi, 1975, p. 519.
  8. Parmeshwaranand (2001). Encyclopaedic Dictionary of Puranas, Volume 1. ISBN 9788176252263. https://books.google.com/books?id=QxPCBCk3wVIC&q=nalakubara&pg=PA902। আহৰণ কৰা হৈছে: 9 May 2014. 
  9. Prabhupada, His Divine Grace A. C. Bhaktivedanta Swami; Prabhupada, Disciples of His Divine Grace A. C. Bhaktivedanta Swami (1977-12-31) (en ভাষাত). Srimad-Bhagavatam, Tenth Canto: The Summum Bonum. The Bhaktivedanta Book Trust. ISBN 978-91-7149-643-0. https://books.google.com/books?id=oohOCgAAQBAJ&q=nalakuvara&pg=PT656. 
  10. www.wisdomlib.org (2019-01-28). "Story of Nalakūbara" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc241787.html। আহৰণ কৰা হৈছে: 2022-10-23. 
  11. Shahar, Meir (2014). "Indian Mythology and the Chinese Imagination: Nezha, Nalakubara, and Krshna". In John Kieschnick and Meir Shahar. India in the Chinese Imagination. University of Pennsylvania Press. পৃষ্ঠা. 35. ISBN 978-0-8122-4560-8. 
  12. Malalasekera, G.P. (September 2003). Dictionary of Pali Proper Names, Vol. 1. পৃষ্ঠা. 559. ISBN 9788120618237. https://books.google.com/books?id=LEn9i9pnRHEC&q=kakati+jataka&pg=PA559। আহৰণ কৰা হৈছে: 9 May 2014. 
  13. Shahar, Meir (2014). "Indian Mythology and the Chinese Imagination: Nezha, Nalakubara, and Krshna". In John Kieschnick and Meir Shahar. India in the Chinese Imagination. University of Pennsylvania Press. পৃষ্ঠা. 27–29. ISBN 978-0-8122-4560-8. 
  14. Shahar, Meir (2014). "Indian Mythology and the Chinese Imagination: Nezha, Nalakubara, and Krshna". In John Kieschnick and Meir Shahar. India in the Chinese Imagination. University of Pennsylvania Press. পৃষ্ঠা. 27. ISBN 978-0-8122-4560-8.