মণিভদ্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মণিভদ্ৰ
সম্পত্তিৰ অধিষ্ঠাতা

যক্ষ মণিভদ্ৰ
সম্পৰ্ক মণিগ্ৰীৱ, কুবেৰপুত্ৰ, যক্ষযুৱৰাজ, যক্ষুপতি
নিবাস অলকাপুৰী
মন্ত্ৰ ওঁম যশপতি কুবেৰ পুত্ৰ মণিভদ্ৰ নমঃ
অস্ত্ৰ যাঠী
প্ৰতীক শক্তি
সঙ্গী গন্ধৰ্বকুমাৰী
সহোদৰ নলকুবেৰ
বাহন নেউল

মণিভদ্ৰ বা মণিগ্ৰীৱ হৈছে এজন অন্যতম প্ৰধান যক্ষ৷ তেওঁ প্ৰাচীন ভাৰতৰ জনপ্ৰিয় দেৱতা আছিল। তেওঁ ধন-সম্পত্তিৰ অধিষ্ঠাতা যক্ষৰাজ কুবেৰৰ পুত্ৰ আৰু নলকুবেৰৰ ভ্ৰাতৃ। নাৰদৰ দ্বাৰা শাপগ্ৰস্ত হৈ তেওঁ নলকুবেৰৰ সৈতে যমজ অৰ্জুন গছৰ ৰূপ পাইছিল। পিছলৈ শিশু কৃষ্ণৰ স্পৰ্শত দুয়ো মুক্তিলাভ কৰে।

চিত্ৰায়ন[সম্পাদনা কৰক]

যক্ষ মণিভদ্ৰৰ কেইবাটাও সুপৰিচিত প্ৰতিমূৰ্তি উদ্ধাৰ কৰা হৈছে।[1] ইয়াৰে আটাইতকৈ পুৰণি দুই প্ৰতিকৃতি হ'ল:

পৰ্খামৰ যক্ষ মণিভদ্ৰ[সম্পাদনা কৰক]

মথুৰাৰ ওচৰৰ পৰ্খামৰ যক্ষ মণিভদ্ৰৰ (খ্ৰীষ্টপূৰ্ব ২০০ – খ্ৰীষ্টপূৰ্ব ৫০)[2] মূৰ্তিটোৰ উচ্চতা ২.৫৯ মিটাৰ। শৈলী আৰু শিলালিপিৰ পুৰাতাত্ত্বিক বিশ্লেষণৰ ভিত্তিত এই মূৰ্তিটো খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ মাজভাগৰ বুলি ঠাৱৰ কৰা হৈছে।[3] শিলালিপিত লিখা আছে, "কুনিকাৰ শিষ্য গোমিটকৰ দ্বাৰা নিৰ্মিত। আঠজন ভাতৃ, মণিভদ্ৰ মণ্ডলীৰ ("পুগা") সদস্যই স্থাপন কৰা।" এই শিলালিপিটোৱে ইংগিত দিয়ে যে মূৰ্তিটোৱে যক্ষ মণিভদ্ৰক প্ৰতিনিধিত্ব কৰে।[4] জন বৰ্ডমেনৰ মতে এই পোছাকৰ আৰ্হি গ্ৰীক শিল্পৰ পৰা আহৰণ কৰা হৈছে। একেধৰণৰ মূৰ্তিৰ বৰ্ণনা কৰি জন বৰ্ডমেনে লিখিছে:, "ইয়াৰ কোনো স্থানীয় পূৰ্বসূৰী নাই আৰু দেখাত গ্ৰীক লেট আৰ্কাইক পদ্ধতিৰ দৰেই।"[5]

পদ্মৱতী পাৱায়ৰ যক্ষ মণিভদ্ৰ[সম্পাদনা কৰক]

পাৱায়ত মণিভদ্ৰৰ প্ৰতিমূৰ্তি
পাৱায়ত মণিভদ্ৰৰ প্ৰতিমূৰ্তিৰ আধাৰত শিলালিপি।
  • পদ্মাৱতী পাৱায়ৰ যক্ষ মণিভদ্ৰ ৷ প্ৰতিমূৰ্তিৰ তলত থকা শিলালিপিত মণিভদ্ৰ উপাসকৰ এটা দলৰ কথা উল্লেখ আছে।

দুয়োটা ভাস্কৰ্য্য সাধাৰণ মানৱ শৰীৰৰতকৈ ডাঙৰ। ইয়াক মৌৰ্য বা শুংগ যুগৰ বুলি ধাৰণা কৰা হয়। ৰাম কিংকৰ বেইজে প্ৰেৰণা হিচাপে পৰ্খাম যক্ষক ব্যৱহাৰ কৰি বৰ্তমান দিল্লীৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সন্মুখত স্থিত যক্ষৰ প্ৰতিমূৰ্তি খোদিত কৰিছিল৷[6]

হিন্দু ধৰ্ম[সম্পাদনা কৰক]

মণিভদ্ৰ কুবেৰ আৰু তেওঁৰ পত্নী ভদ্ৰাৰ পুত্ৰ ৷ তেওঁৰ নলকুবেৰ নামৰ এজন ভাতৃ আছিল ৷ ৰামায়ণত মণিভদ্ৰই লংকা ৰক্ষাৰ বাবে ৰাৱণৰ লগত যুদ্ধ কৰিছিল যদিও বিফল হৈছিল।[7] মহাভাৰতত কুবেৰৰ সৈতে মণিভদ্ৰক যক্ষৰ প্ৰধান বুলি উল্লেখ কৰা হৈছে। অৰ্জুনে তেওঁক পূজা কৰিছিল।[8] ভাগৱততব্দুই ভাতৃৰ বিষয়ে এটা কাহিনী বৰ্ণনা কৰা হৈছে। এবাৰ মণিভদ্ৰ আৰু নলকুবেৰে গংগা নদীত নিজ নিজ পত্নী বা অপ্সৰাৰ সৈতে জলকেলি কৰি আছিল। তেওঁলোকে সুৰাপান কৰি বস্ত্ৰহীন অৱস্থাত আছিল। যেতিয়া দেৱৰ্ষি নাৰদ সেইফালেৰে পাৰ হৈ যায় তেতিয়া মহিলাসকলে নিজকে বস্ত্ৰাবৃত কৰে যদিও যক্ষ ভাতৃদ্বয়ে সুৰাপান কৰি স্ব-গৰিমা গাবলৈ ধৰে। নাৰদে তেওঁলোকক শিক্ষা দিবলৈ দুয়োকে অৰ্জুন গছলৈ পৰিণত কৰি বিষ্ণু অৱতাৰৰ দ্বাৰা মুক্ত হ’বলৈ অভিশাপ দিয়ে। দ্বাপৰ যুগত শিশু কৃষ্ণক মাটি খোৱাৰ শাস্তি হিচাপে মাতৃ যশোদাই উৰালত বান্ধিছিল।[9] কৃষ্ণই উৰালেৰে গছ দুজোপা উভালি নলকুবেৰ আৰু মণিগ্ৰীৱক অভিশাপৰ পৰা মুক্ত কৰে।

অন্যান্য কিংবদন্তি[সম্পাদনা কৰক]

মণিভদ্ৰক নামৰ আন এক ব্যক্তিক শিৱৰ অৱতাৰ বুলিও উল্লেখ কৰা হৈছে যাক তেওঁ ক্ৰোধান্বিত হ'লে যুদ্ধৰ বাবে আহ্বান কৰিছিল। মণিভদ্ৰই শিৱৰ আন এক অৱতাৰ বীৰভদ্ৰৰ সৈতে জলন্ধৰৰ সৈন্যক ধ্বংস কৰিছিল।[10] শিৱৰ অৱতাৰ আৰু যক্ষপ্ৰধান একেগৰাকী মণিভদ্ৰ হ’ব পাৰে যদিও তাৰ কোনো নিশ্চিতি নাই। মণিভদ্ৰ সমুদ্ৰ যাত্ৰী, বিশেষকৈ দূৰৈৰ দেশত ব্যৱসায়ৰ বাবে সাগৰলৈ ওলাই অহা বণিকসকলৰো দেৱতা।

বৌদ্ধ ধৰ্ম[সম্পাদনা কৰক]

সম্যুক্ত নিকায়ত মণিভদ্ৰই মগধৰ মণিমালা চৈত্যত বাস কৰা বুলি কোৱা হৈছে৷[11]

জৈন ধৰ্ম[সম্পাদনা কৰক]

মণিভদ্ৰক যক্ষ হিচাপে বিশেষকৈ তপ গচ্ছাৰ সৈতে জড়িত জৈনসকলে পূজা কৰে৷ মণিভদ্ৰ যক্ষ গুজৰাটৰ জৈনসকলৰ মাজত জনপ্ৰিয় অৰ্ধদেৱতা।[12] সাধাৰণ উপস্থাপনত তেওঁক বহু দন্তযুক্ত হস্তী ঐৰাৱতৰ সৈতে দেখুওৱা হৈছে।[13][14]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Yaksha cult and iconography, Ram Nath Misra, Munshiram Manoharlal, 1981
  2. Costumes & Ornaments As Depicted in the Early Sculpture of Gwalior Museum By Sulochana Ayyar, Mittal Publications, Dec 1, 1987, p. 29
  3. Luders, Heinrich (1961). Mathura Inscriptions. পৃষ্ঠা. 179. https://archive.org/details/in.ernet.dli.2015.201093. 
  4. "A History of Ancient and Early Medieval India: From the Stone Age to the 12 the century" by Upinder Singh p.365
  5. Bharut Yavana (John Boardman, "The Diffusion of Classical Art in Antiquity", Princeton University Press, 1993, p.112.)
  6. Of Art, Central Banks, and Philistines, RBI History Project, http://www.rbi.org.in/History/Mis_Ane_OfArtCentralBankers.html Archived 2009-01-16 at the Wayback Machine
  7. Ramayana: King Rama's Way, William Buck, Barend A. Van Nooten, Shirley Triest, University of California Press, Nov 1, 2000, p. 32–33
  8. Hinduism: An Alphabetical Guide, Roshen Dalal, Penguin Books India, Oct 5, 2011, p. 240
  9. Prabhupada, His Divine Grace A. C. Bhaktivedanta Swami; Prabhupada, Disciples of His Divine Grace A. C. Bhaktivedanta Swami (1977-12-31) (en ভাষাত). Srimad-Bhagavatam, Tenth Canto: The Summum Bonum. The Bhaktivedanta Book Trust. ISBN 978-91-7149-643-0. https://books.google.com/books?id=oohOCgAAQBAJ&q=nalakuvara&pg=PT656. 
  10. "Hindu Mythology, Vedic and Puranic: Part III. The Inferior Deities: Chapter VI. The Asuras". http://www.sacred-texts.com/hin/hmvp/hmvp43.htm. 
  11. THE DHĀRANI OF THE EXALTED MANIBHADRA Archived 2 July 2012 at the Wayback Machine, Translated from Tibetan by Erick Tsiknopoulos
  12. Yakshraj Shree Manibhadradev, Nandlal B Devluk, Arihant Prakashan, 1997
  13. Kristi L. Wiley (17 June 2009). The A to Z of Jainism. Scarecrow Press. পৃষ্ঠা. 138. ISBN 978-0-8108-6337-8. https://books.google.com/books?id=cIhCCwAAQBAJ&pg=PA138. 
  14. Shah, U. P. (September–December 1982). "Minor Jaina deities". Journal of the Oriental Institute (Baroda: Oriental Institute, Maharaja Sayajirao University of Baroda) খণ্ড XXXII (1–2): 97–98. https://books.google.com/books?id=YeINAAAAYAAJ. 
উৎসসমূহ